< এজেকিয়েল 6 >
1 ১ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু তেওঁ ক’লে,
Og Herrens Ord kom til mig, og han sagde:
2 ২ “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ফাললৈ মুখ কৰি সেইবোৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
Du Menneskesøn! ret dit Ansigt imod Israels Bjerge, og spaa imod dem,
3 ৩ আৰু কোৱা, ‘হে ইস্ৰায়েলৰ পৰ্বতবোৰ, প্ৰভু যিহোৱাৰ বাক্য শুনা; প্ৰভু যিহোৱাই পৰ্বত, উপপৰ্বত, জুৰি বৈ যোৱা ঠাই আৰু উপত্যকাবোৰক এই কথা কৈছে, চোৱা, মই, ময়েই তোমাৰ অহিতে তৰোৱাল অনাম আৰু তোমালোকৰ ওখ ঠাইবোৰ বিনষ্ট কৰিম।
og sig: Israels Bjerge! hører den Herre, Herres Ord: Saa siger den Herre, Herre til Bjergene og til Højene, til Strømmene og til Dalene: Se, jeg vil føre Sværd over eder og ødelægge eders Høje.
4 ৪ তাতে তোমালোকৰ যজ্ঞবেদীবোৰ ধ্বংস কৰা হ’ব আৰু তোমালোকৰ সূৰ্যমূর্তিবোৰ ভঙা হ’ব আৰু মই তোমালোকৰ হত লোকসকলক তোমালোকৰ মুৰ্ত্তিবোৰৰ আগত পেলাম।
Og eders Altre skulle ødelægges, og eders Solbilleder sønderknuses, og jeg vil lade eders saarede falde foran eders Afguder.
5 ৫ আৰু মই ইস্ৰায়েলৰ সন্তান সকলৰ শৱ তেওঁলোকৰ মুৰ্ত্তিবোৰৰ আগত ৰাখিম আৰু তোমালোকৰ যজ্ঞ-বেদিবোৰৰ চাৰিওফালে তোমালোকৰ হাড়বোৰ সিচঁৰিত কৰিম।
Og jeg vil lægge Israels Børns døde Kroppe foran deres Afguder og adsprede eders Ben trindt omkring eders Altre.
6 ৬ তোমালোকৰ যজ্ঞবেদীবোৰ উচ্ছন্ন আৰু ধ্বংস হ’বৰ কাৰণে আৰু তোমালোকৰ হাতৰ কাৰ্যবোৰ লোপ পাবৰ কাৰণে তোমালোকৰ আটাই বাসস্থানত, নগৰবোৰ উচ্ছন্ন আৰু ওখ ঠাইবোৰ ধ্বংস কৰা হ’ব।
Overalt, hvor I bo, skulle Stæderne ødelægges og Højene blive øde, paa det at eders Altre kunne ødelægges og blive øde og eders Afguder sønderknuses og forsvinde og eders Solbilleder omhugges og eders Gerninger udslettes.
7 ৭ আৰু তোমালোকৰ মাজত লোক হত হৈ পৰিব; আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Og saarede skulle falde midt iblandt eder, og I skulle fornemme, at jeg er Herren.
8 ৮ তথাপি, যেতিয়া দেশবোৰৰ মাজত তোমালোক ছিন্ন-ভিন্ন হ’বা, তেতিয়া তৰোৱালৰ পৰা ৰক্ষা পোৱা তোমালোকৰ কেতবোৰ লোক যেন জাতিবোৰৰ মাজত হ’ব, এই কাৰণে মই এক অৱশিষ্ট ভাগ এৰিম।
Men jeg vil lade en Levning blive tilovers, idet der iblandt Hedningerne skulle være nogle af eder, som ere undkomne fra Sværdet, naar I blive adspredte i Landene.
9 ৯ আৰু মোৰ পৰা আঁতৰ হোৱা তেওঁলোকৰ বেশ্যালী মন আৰু তেওঁলোকৰ মুৰ্ত্তিৰ পাছে পাছে ব্যভিচাৰী হৈ যোৱা তেওঁলোকৰ চকু যেতিয়া মই দমন কৰিম, তেতিয়া তোমালোকৰ ৰক্ষা পোৱা লোকসকলে তেওঁলাকক বন্দী কৰি নিয়া জাতিবোৰৰ মাজত মোক সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ আটাই ঘিণলগীয়া বস্তুৰ সম্পৰ্কে তেওঁলোকে কৰা মন্দ কাৰ্যৰ বাবে নিজৰ দৃষ্টিত নিজক ঘিণ কৰিব।
Og de undkomne af eder skulle komme mig i Hu iblandt Hedningerne, hvorhen de ere bortførte som Fanger, naar jeg faar knækket deres bolerske Hjerte, som var afveget fra mig, og deres bolerske Øjne, som saa efter deres Afguder; og de skulle væmmes ved sig selv over de onde Ting, som de have gjort efter alle deres Vederstyggeligheder.
10 ১০ আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব। মই যে তেওঁলোকলৈ এই অমঙ্গল কৰিম, ইয়াক মই বৃথা কোৱা নাই।
Og de skulle fornemme, at jeg er Herren; jeg har ikke talt uden Grund om at paaføre dem denne Ulykke.
11 ১১ প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দি আৰু মাটিত ভৰি মাৰি ইস্ৰায়েলৰ-বংশৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাবে “হায় হায়” কৰা! কিয়নো তেওঁলোক তৰোৱাল, আকাল আৰু মহামাৰীত পতিত হ’ব।
Saa siger den Herre, Herre: Slaa i din Haand og stamp med din Fod, og sig ak over alle Israels Hus's slemme Vederstyggeligheder, at de maa falde ved Sværdet, ved Hungeren og ved Pesten.
12 ১২ দূৰৈত থকা লোক মহামাৰীত মৰিব, ওচৰত থকা লোক তৰোৱালত পতিত হ’ব আৰু নগৰত অৱশিষ্ট থাকি অৱৰুদ্ধ হোৱা লোক আকালত মৰিব; এইদৰে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰিম।
Den, som er langt borte, skal dø ved Pesten, og den, som er nær, skal falde for Sværdet, men den overblevne og bevarede skal dø af Hungeren; og jeg vil fuldkomme min Harme imod dem.
13 ১৩ য’ত তেওঁলোকে নিজ নিজ দেৱতাৰ উদ্দেশ্যে সুগন্ধি দ্ৰব্য উৎসৰ্গ কৰিছিল, সেই ওখ গিৰিত, আটাই পৰ্ব্বতৰ টিঙত, প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত আৰু প্ৰত্যেক জোপোহা এলোন গছৰ তলত, তেওঁলোকৰ যজ্ঞবেদীৰ চাৰিওফালে থকা নিজ মুৰ্তিৰ মাজত যেতিয়া তেওঁলোকৰ হত লোকসকল পৰি থাকিব, তেতিয়া মই যে যিহোৱা, তাক তোমালোকে জানিবা!
Og I skulle fornemme, at jeg er Herren, naar deres saarede ligge midt iblandt deres Afguder, trindt omkring deres Altre, paa alle fremragende Høje, paa alle Bjergenes Toppe og under alle grønne Træer og under alle løvrige Terebinther, hvor de ofrede Vellugt til alle deres Afguder.
14 ১৪ আৰু মই তেওঁলোকৰ অহিতে মোৰ হাত মেলি, অৰণ্যৰ পৰা দিব্লালৈকে তেওঁলোকৰ দেশৰ আটাই বাসস্থান ধ্বংস আৰু উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
Og jeg vil udrække min Haand over dem og gøre Landet til en Ødelæggelse og et Øde fremfor Dibla's Ørk, overalt hvor de bo; og de skulle fornemme, at jeg er Herren.