< এজেকিয়েল 5 >
1 ১ “আৰু হে মনুষ্য সন্তান, তুমি এখন চোকা তৰোৱাল লোৱা; তুমি তাক নাপিতৰ খুৰস্বৰূপে লৈ নিজ মূৰৰ চুলি আৰু ডাঢ়িৰ ওপৰত চলোৱা। পাছত এখন তৰ্জু লৈ, সেই ডাঢ়ি চুলিবোৰ জুখি ভাগ ভাগ কৰিবা।
Te pedig, ember fia, végy magadnak éles kardot, borbélyok borotvájául vedd magadnak, vezesd végig fejeden és szakálladon, erre végy magadnak mérőserpenyőket és osszad föl:
2 ২ নগৰ অৱৰোধ কৰা দিন সম্পূৰ্ণ হ’লে, তুমি তাৰ তিনি ভাগৰ এভাগ নগৰৰ মাজত জুইত পুৰিবা; তুমি দ্বিতীয় ভাগ লৈ, নগৰৰ চাৰিওফালে তাক তৰোৱালেৰে প্ৰহাৰ কৰিবা; আৰু তুমি তৃতীয়ভাগ বায়ুত উড়ুৱাই দিবা আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
egyharmadot tűzben égess el a város közepén, amint letelnek az ostrom napjai, és végy egyharmadot és vagdald szét a karddal körülötte, egy harmadot pedig szórj a szélnek – és kardot fogok kirántani utánuk.
3 ৩ কিন্তু তুমি অলপ সংখ্যক চুলি ল’বা আৰু তোমাৰ কাপোৰৰ আঁচলত বান্ধিবা।
És végy onnan egy keveset és kösd be ruhád szögleteibe,
4 ৪ তাৰ পাছত তাৰে অধিক চুলি ল’বা আৰু জুইৰ মাজত পেলাই দিবা; আৰু জুইৰে পুৰিবা। তাৰ পৰা জুই ওলাই গোটেই ইস্ৰায়েল-বংশত সোমাব।
és abból végy ismét és vesd a tűzbe és égesd el a tűzben; ebből tűz fog eredni Izrael egész házára
5 ৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “এয়ে যিৰূচালেম; মই ইয়াক জাতিবোৰৰ মাজত স্থাপন কৰিলোঁ আৰু ইয়াৰ চাৰিওফালে আন জাতি সমূহ আছে।
Így szól az Úr, az Örökkévaló: Ez a Jeruzsálem -nemzetek közibe helyeztem, körülötte pedig országok;
6 ৬ কিন্তু ই মোৰ শাসন-প্রণালীবোৰৰ বিৰুদ্ধে জাতি সমূহতকৈয়ো অধিক দুষ্কৰ্ম কৰিলে আৰু ইয়াৰ চাৰিওফালে থকা দেশৰ লোকসকলতকৈয়ো মোৰ বিধিবোৰৰ বিৰুদ্ধে অধিক বিদ্ৰোহ কৰিলে; কিয়নো তেওঁলোকে মোৰ শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিধিবোৰৰ বিৰুদ্ধে গ’ল, সেইবোৰত তেওঁলোক নচলিল।
de engedetlenkedett rendeleteim iránt, hogy gonoszabb legyen a nemzeteknél, és törvényeim iránt jobban a körülötte levő országoknál; mert rendeleteimet megvetették és törvényeim szerint nem jártak.
7 ৭ এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোকৰ চাৰিওফালে থকা জাতিবোৰতকৈ তোমালোকে অধিক অত্যাচাৰ কৰিলা, মোৰ বিধিবোৰত নচলিলা, মোৰ শাসন-প্ৰণালীবোৰ পালন নকৰিলা আৰু তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন-প্ৰণালী অনুসাৰেও কাৰ্য নকৰিলা।
Azért így szól az Úr, az Örökkévaló: Mivelhogy engedetlenkedtetek, jobban a körülöttetek levő nemzeteknél, törvényeim szerint nem jártatok és rendeleteimet véghez nem vittétek, és a körülöttetek levő nemzetek rendeletei szerint sem cselekedtetek:
8 ৮ এই কাৰণে” প্ৰভু যিহোৱাই এই কথা কৈছে, “চোৱা! মই ময়েই তোমাৰ বিপক্ষ! আৰু মই জাতি সমূহৰ সাক্ষাতে তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম।
azért így szól az Úr, az Örökkévaló: íme ellened fordulok én is és végzek közepetted ítéleteket a nemzetek szeme láttára;
9 ৯ যিহক মই কেতিয়াও কৰা নাই আৰু যিহৰ নিচিনা কেতিয়াও নকৰিম, তোমাৰ আটাই ঘিণলগীয়া কাৰ্যবোৰৰ কাৰণে তাকেই তোমাৰ মাজত কৰিম।
és cselekszem rajtad olyat, amit nem cselekedtem és amihez hasonlót nem fogok többé cselekedni mind a te utálatosságaid miatt.
10 ১০ এই কাৰণে তোমাৰ মাজত বাপেকহঁতে পুতেকহঁতক খাব আৰু পুতেকহঁতে বাপেকহঁতক খাব; এই প্ৰকাৰে মই তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিম আৰু তোমাৰ আটাই অৱশিষ্ট ভাগ চাৰিওফালে বায়ুত উড়ুৱাই দিম!
Azért atyák gyermekeket fognak enni közepetted és a gyermekek atyáikat eszik meg; és végzek rajtad büntetést és minden szélnek elszórom minden maradékodat.
11 ১১ এই হেতুকে প্ৰভু যিহোৱাই কৈছে, “মোৰ জীৱনৰ শপত, তোমাৰ আটাই ঘিণলগীয়া বস্তুৰে আৰু তোমাৰ আটাই ঘৃণনীয় কাৰ্যেৰে তুমি মোৰ পবিত্ৰ স্থান অশুচি কৰা বাবে, মই নিশ্চয়ে তোমাক হ্ৰাস কৰিম, তোমালৈ কৃপাদৃষ্টি নকৰিম আৰু তোমাক দয়াও নকৰিম।
Azért ahogy élek, úgymond az Úr, az Örökkévaló, bizony mivel a szentélyemet megtisztátalanítottad mind a te undokságaiddal és mind a te utálatosságaiddal, én is elvonom a szememet, hogy ne sajnáljon és én sem könyörülök.
12 ১২ তোমাৰ তিনি ভাগৰ এভাগ লোক তোমাৰ মাজত মহামাৰীত মৰিব আৰু আকালৰ দ্বাৰাই নষ্ট হ’ব; দ্বিতীয় ভাগ তোমাৰ চাৰিওফালে তৰোৱালত পতিত হ’ব; আৰু তৃতীয় ভাগ মই চাৰিওফালে বায়ুত উড়ুৱাই দিম আৰু ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
Harmadrészed dögvészben hal meg és éhségben semmisül meg közepetted, egy harmadrész kard által esik el körülötted; harmadrészt pedig minden szélnek szórok el és kardot rántok ki utánuk.
13 ১৩ এইদৰে মোৰ ক্ৰোধ সিদ্ধ হ’ব আৰু মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাই ক্ষান্ত হ’ম; মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ সিদ্ধ কৰাৰ পাছত, তেওঁলোকে জানিব যে, মই যিহোৱা, মই মৰ্য্যাদা ৰখাৰ উৎসাহতে এই কথা কলোঁ।
Akkor fogytáig dúl haragom és lecsillapítom rajtuk hevemet és megnyugtatom magamat; és megtudják, hogy én az Örökkévaló beszéltem buzgalmamban, midőn rajtuk bevégeztem hevemet.
14 ১৪ ইয়াৰ বাহিৰে, আটাই পথিকসকলৰ দৃষ্টিত তোমাৰ চাৰিওফালে থকা জাতিবোৰ মাজত মই তোমাক ধ্বংসস্থান আৰু ধিক্কাৰৰ বিষয় কৰিম।
És teszlek rommá és gyalázattá a körülötted levő nemzetek között, minden arra járónak szeme láttára
15 ১৫ তাতে, মই ক্ৰোধত, কোপত আৰু কোপযুক্ত ধমকিত তোমাৰ মাজত দণ্ডাজ্ঞা সিদ্ধ কৰিলোঁ। তোমাৰ চাৰিওফালে থকা সেই জাতিবোৰৰ কাৰণে সেই নগৰ ধিক্কাৰ, বিদ্রূপ, শিক্ষা আৰু আচৰিতৰ বিষয় হ’ব; মই যিহোৱাই এই কথা কলোঁ।
És így lesz gyalázás és káromlás, okulás és eliszonyodás a körülötted levő nemzeteknél, midőn végzek rajtad büntetést haraggal és hévvel és a hévnek fenyítéseivel; én az Örökkévaló beszéltem;
16 ১৬ “মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।
amikor az éhségnek rossz nyilait ellenük kibocsátom, amelyek pusztításra lesznek, amelyeket kibocsátok pusztítástokra; és éhséget tovább is hozok rátok, és eltöröm nálatok a kenyér pálcáját.
17 ১৭ মই তোমালোকৰ অহিতে আকাল আৰু হিংসক জন্তুবোৰ পঠাম, সিহঁতে তোমাক সন্তানহীন কৰিব; মহামাৰী আৰু ৰক্তপাত তোমাৰ মাজেদি যাব আৰু মই তোমাৰ অহিতে তৰোৱাল অনাম। মই যিহোৱাই এই কথা কলোঁ!”
Bocsátok rátok éhséget és gonosz vadat; hogy gyermekeidtől fosszanak meg téged és dögvész meg vér átvonul rajtad, és kardot hozok rád. Én az Örökkévaló beszéltem.