< এজেকিয়েল 48 >

1 ফৈদবোৰ এই এই নাম। একেবাৰে মূৰত উত্তৰ ফালে হিতলোনৰ বাটৰ কাষেদি হমাতৰ প্ৰৱেশস্থানলৈকে দম্মেচকৰ সীমাত থকা হচৰ-ঐননলৈকে, উত্তৰফালে হমাতৰ কাষত পূৱ আৰু পশ্চিমলৈ দানে এক অংশ পাব।
Nämät ovat sukukuntain nimet: pohjoisesta Hetlonin tien vierestä, siihenasti kuin tullaan Hamatiin, HatsarEnoniin, Damaskun rajaan pohjaan päin, Hamatin sivulle; sen pitää Danin pitämän osaksensa, itään ja länteen päin.
2 আৰু দানৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আচেৰে এক অংশ পাব।
Likin Danin rajaa pitää Asserin osa oleman, idän puolesta länteen.
3 আৰু আচেৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ নপ্তালীয়ে এক অংশ পাব।
Likin Asseria pitää Naphtalin osa oleman, idän puolesta länteen.
4 আৰু নপ্তালীৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ মনচিয়ে এক অংশ পাব।
Likin Naphtalin rajaa pitää Manassen osa oleman, idän puolesta länteen,
5 আৰু মনচিৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইফ্ৰয়িমে এক অংশ পাব।
Likin Manassen rajaa pitää Ephraim osansa saaman, idän puolesta länteen.
6 আৰু ইফ্ৰয়িমৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ৰূবেণে এক অংশ পাব।
Likin Ephraimin rajaa pitää Rubenin osa oleman, idän puolesta länteen.
7 আৰু ৰূবেণৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ যিহূদাই এক অংশ পাব।
Likin Rubenin rajaa pitää Juudan osan oleman, idän puolesta länteen.
8 আৰু যিহূদাৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ, পঁচিশ হাজাৰ হাত বহল আৰু দীঘলে পূৱ ফালৰ পৰা পশ্চিম ফাললৈ আন অংশবোৰৰ এক অংশ সমান তোমালোকে দিব লগা উপহাৰ ভূমি হ’ব; আৰু ধৰ্মধাম তাৰ মাজত হ’ব।
Mutta likin Juudan rajaa pitää teidän eroittaman yhden osan idästä niin länteen, joka on viisikolmattakymmentä tuhatta riukua pitkä ja leveä, niinkuin muu osa on idästä niin länteen: siinä pitää pyhän oleman.
9 যিহোৱাৰ উদ্দেশ্যে তোমালোকে দিব লগা উপহাৰ ভূমি পঁচিশ হাজাৰ হাত দীঘল আৰু দহ হাজাৰ হাত বহল হ’ব।
Ja siitä pitää teidän eroittaman uhriksi Herralle osan, viisikolmattakymmentä tuhatta riukua pitkän ja kymmenentuhatta riukua leveän.
10 ১০ আৰু সেই পবিত্ৰ উপহাৰ ভূমি পুৰোহিতসকলৰ কাৰণে হ’ব। সেয়ে উত্তৰ ফালে পঁচিশ হাজাৰ হাত দীঘল, পশ্চিম ফালে দহ হাজাৰ হাত বহল, পূৱ ফালে দহ হাজাৰ হাত বহল, আৰু দক্ষিণ ফালে পঁচিশ হাজাৰ হাত দীঘল হ’ব; তাৰ মাজ ঠাইত যিহোৱাৰ ধৰ্মধাম থাকিব।
Ja sen pyhän osan pitää pappein oleman, viisikolmattakymmentä tuhatta riukua pitkä, pohjoiseen ja etelään päin, ja kymmenentuhatta leveä, itään ja länteen päin. Ja Herran pyhän pitää siinä keskellä oleman.
11 ১১ ইস্ৰায়েলৰ সন্তান সকল বিপথে যোৱা সময়ত লেবীয়াসকলে বিপথে যোৱাৰ দৰে বিপথে নোযোৱা মোৰ ৰক্ষমীয় ৰক্ষা কৰা চাদোকৰ সন্তান সকলৰ মাজৰ পবিত্ৰীকৃত পুৰোহিতসকলৰ কাৰণে সেয়ে হ’ব।
Se pitää papeille pyhitetty oleman Zadokin lapsista, jotka minun säätyni pitäneet ovat, ja ei ole Israelin lasten kanssa luopuneet, niinkuin Leviläiset luopuivat.
12 ১২ সেয়ে তেওঁলোকৰ পক্ষে, দেশৰ উপহাৰ ভূমিৰ পৰা লোৱা, লেবীয়াসকলৰ সীমাৰ কাষত এক অতি পবিত্ৰ উপহাৰ হ’ব।
Ja sentähden pitää heillä oleman oma osa eroitetusta maasta, se kaikkein pyhin, joka on Leviläisten rajan tykönä.
13 ১৩ আৰু লেবীয়াসকলে পুৰোহিতসকলৰ সীমাৰ সন্মুখত দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে দহ হাজাৰ হাত এডোখৰ ভূমি পাব; তাৰ গোটেই দৈৰ্ঘ্য পঁচিশ হাজাৰ হাত আৰু প্ৰস্থ দহ হাজাৰ হাত।
Mutta Leviläisillä pitää myös osa oleman, viisikolmattakymmenentuhatta leveä, pappein rajan tykönä; sillä kaikki pituus pitää oleman viisikolmattakymmentä tuhatta riukua ja leveys kymmenentuhatta riukua.
14 ১৪ তেওঁলোকে ইয়াৰ অলপো সলনি নকৰিব, নাইবা দেশৰ প্ৰথম ফল হস্তান্তৰ নকৰিব; কিয়নো এয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ।
Ja ei pidä siitä mitään muutämän pois eikä vaihetettaman, ei myös maan uutisesta pidä mitään tuleman pois; sillä se on pyhitetty Herralle.
15 ১৫ আৰু পঁচিশ হাজাৰ হাতৰ সন্মুখৰ বহলৰ বাকী পাঁচ হাজাৰ হাত সাধাৰণ হ’ব; সেয়ে নগৰখন বসতিস্থান আৰু চাৰিওফালৰ মুকলি ঠাইৰ কাৰণে হ’ব; নগৰখন তাৰ মাজ ঠাইত হ’ব।
Mutta ne viisituhatta riukua, jotka jäävät leveydelle, viidestäkolmattakymmenestä tuhannesta riukumitasta pituudelle, pitää oleman kaupungille yhteiseksi asuinsijaksi ja esikaupungiksi; ja sen keskellä pitää kaupungin oleman.
16 ১৬ তাৰ পৰিমাণ এইবোৰ; উত্তৰফাল চাৰি হাজাৰ পাঁচশ হাত, দক্ষিণ ফাল চাৰি হাজাৰ পাঁচশ হাত, পূৱ ফাল চাৰি হাজাৰ পাঁচ শ হাত আৰু পশ্চিম ফাল চাৰি হাজাৰ পাঁচ শ হাত।
Ja tämän pitää oleman hänen mittansa: neljätuhatta ja viisisataa riukua pohjoiseen ja lounaaseen päin, niin myös itään ja länteen päin neljätuhatta ja viisisataa.
17 ১৭ আৰু নগৰখনৰ চাৰিওফালে মুকলি ঠাই থাকিব; উত্তৰ দিশে দুশ পঞ্চাশ হাত, দক্ষিণ দিশে দুশ পঞ্চাশ হাত পূৱ দিশে দুশ পঞ্চাশ হাত আৰু পশ্চিম দিশে দুশ পঞ্চাশ হাত।
Mutta esikaupunkia varten pitää oleman kaksisataa ja viisikymmentä riukua, pohjaan ja lounaan päin, niin myös itään ja länteen kaksisataa ja viisikymmentä riukua.
18 ১৮ আৰু পবিত্ৰ উপহাৰ ভূমিৰ সন্মুখৰ দীঘলৰ বাকী ভাগ পূৱ দিশে দহ হাজাৰ হাত আৰু পশ্চিম দিশে দহ হাজাৰ হাত হ’ব আৰু এয়ে পবিত্ৰ উপহাৰ ভূমিৰ আগত হ’ব; আৰু তাৰ উৎপন্ন শস্য নগৰখনত কাম কৰোঁতা লোকসকলৰ আহাৰৰ কাৰণে হ’ব।
Mutta mitä jää pituudesta pyhän ylennysuhrin osan kohdalle, kymmenentuhatta riukua itään päin ja kymmenentuhatta riukua länteen päin, juuri pyhän ylennysuhrin osan kohdalla, sen sisälletulo pitää oleman kaupungin palvelioille elatukseksi.
19 ১৯ আৰু ইস্ৰায়েলৰ আটাই ফৈদৰ মাজৰ যি লোকসকলে নগৰখনত কাম কৰে, তেওঁলোকে তাক চহাব।
Ja jotka kaupungissa palvelevat, ne pitää oleman kaikista Israelin sukukunnista.
20 ২০ গোটেই উপহাৰ ভূমি দীঘলে পঁচিশ হাজাৰ হাত আৰু বহলে পঁচিশ হাজাৰ হাত হ’ব; তোমালোকে নগৰখনৰ অধিকৃত অংশই সৈতে সেই পবিত্ৰ উপহাৰ ভূমি চাৰি-চুকীয়া কৰি উৎসৰ্গ কৰিবা।
Ja kaikista näistä eroitetuista osista, joka on molemmilta puolilta pituudelle ja leveydelle viisikolmattakymmentä tuhatta riukua, pitää teidän eroittaman neljännen osan; sen pitää kaupungin oman oleman.
21 ২১ পবিত্ৰ উপহাৰ ভূমিৰ আৰু নগৰখনৰ অধিকৃত অংশৰ ইফালৰ সিফালৰ অৱশিষ্ট ভাগ অধিপতিজনৰ কাৰণে হ’ব; পূৱ সীমাৰ ফালে উপহাৰ ভূমিৰ পঁচিশ হাজাৰ হাতৰ সন্মুখৰ আৰু পশ্চিম দিশে পশ্চিম সীমাৰ ফাললৈ পঁচিশ হাজাৰ হাতৰ সন্মূখৰ অংশবোৰৰ কাষৰ ভাগ অধিপতিজনৰ কাৰণে হ’ব; আৰু পবিত্ৰ উপহাৰ ভূমি ও গৃহটিৰ ধৰ্মধাম তাৰ মাজ ঠাইত হ’ব।
Mutta mitä vielä jää molemmille puolille siitä eroitetusta pyhästä osasta ja kaupungin osasta, viisikolmattakymmentä tuhatta riukua sekä itään että länteen, se pitää päämiehen oma oleman; mutta pyhä maa, jossa pyhä huone on, pitää siitä eroitettu oleman.
22 ২২ অধিপতিজনৰ অংশৰ মাজ ঠাইত থকা যি ভাগ লেবীয়াসকলৰ অধিকৃত অংশৰ আৰু নগৰ খনৰ অধিকৃত অংশৰ বাহিৰে যিহূদা আৰু বিন্যামীনৰ সীমাৰ মাজত হ’ব সেয়ে অধিপতিজনৰ হ’ব।
Mutta mitä on Leviläisten osan ja kaupungin osan välillä, joka keskellä on, mitä jää Juudan ja Benjaminin rajan välille, se pitää päämiehen oma oleman.
23 ২৩ আৰু অৱশিষ্ট ফৈদবোৰৰ এই এই অংশ হ’ব; পূৱ ফালৰ পৰা পশ্চিম ফাললৈ বিন্যামীনে এক অংশ পাব।
Sitte pitää muut sukukunnat oleman: Benjaminin osa idän puolesta länteen.
24 ২৪ আৰু বিন্যামীনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ চিমিয়োনে এক অংশ পাব।
Mutta Benjaminin rajan tykönä pitää Simeonin osa oleman idän puolesta länteen.
25 ২৫ আৰু চিমিয়োনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ ইচাখৰে এক অংশ পাব।
Simeoinin rajan vieressä pitää Isaskarin osan oleman, idän puolesta länteen.
26 ২৬ আৰু ইচাখৰৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ জবূলূনে এক অংশ পাব।
Isaskarin rajalla pitää Zebulonin osan oleman, idän puolesta länteen.
27 ২৭ আৰু জবূলূনৰ সীমাৰ কাষেদি পূৱ ফালৰ পৰা পশ্চিম ফাললৈ গাদে এক অংশ পাব।
Zebulonin rajalla pitää Gadin osan oleman, idästä länteen.
28 ২৮ গাদৰ সীমাৰ কাষেদি দক্ষিণ ফালে দক্ষিণ দিশে তামৰৰ পৰা মৰীবোৎ কাদেচৰ জল সমূহৰ মাজেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈ সীমা হ’ব।
Mutta likin Gadia on lounaan raja, Temanin, Tamarista niin Kadeksen riitaveteen saakka, niin ojaan asti, joka isoon mereen juoksee.
29 ২৯ প্ৰভু যিহোৱাই কৈছে, আধিপত্যৰ অৰ্থে ইস্ৰায়েলৰ ফৈদবোৰ কাৰণে তোমালোকে চিঠি-খেলৰে ভাগ বাঁটিব লগা দেশ এয়ে, আৰু এইবোৰেই তেওঁলোকৰ অংশ।
Näin pitää maa jaettu oleman Israelin lasten sukukuntain perinnöksi; ja sen pitää oleman heidän osansa, sanoo Herra, Herra.
30 ৩০ আৰু নগৰখন, চাৰিওফালৰ সীমা এইবোৰ। উত্তৰ ফালে চাৰিহাজাৰ পাঁচশ হাত। আৰু
Ja näin leveltä pitää kaupungin oleman; neljätuhatta ja viisisataa riukua pohjoista päin.
31 ৩১ নগৰখনৰ দুৱাৰবোৰ ইস্ৰায়েলৰ ফৈদৰ নাম অনুসাৰে হ’ব; উত্তৰ ফালে তিনিখন দুৱাৰ, ৰূবেণৰ এখন, যিহূদাৰ এখন আৰু লেবীৰ এখন।
Ja kaupungin portit pitää Israelin sukukuntain nimeltä nimitetyt oleman: kolme porttia pohjoista päin: ensimäinen Rubenin, toinen Juudan, kolmas Levin.
32 ৩২ আৰু পূৱ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, যোচেফৰ এখন, বিন্যামীনৰ এখন আৰু দানৰ এখন।
Niin myös itään päin neljätuhatta ja viisisataa riukua, ja kolme porttia: ensimäinen Josephin, toinen Benjaminin, kolmas Danin.
33 ৩৩ আৰু দক্ষিণ ফালে চাৰি হাজাৰ পাঁচ শ হাত, আৰু তিনিখন দুৱাৰ, চিমিয়োনৰ এখন, ইচাখৰৰ এখন, আৰু জবূলূনৰ এখন।
Etelään päin myös neljätuhatta ja viisisataa riukua, ja kolme porttia: ensimäinen Simeonin, toinen Isaskarin, kolmas Zebulonin.
34 ৩৪ আৰু পশ্চিম ফালে চাৰি হাজাৰ পাঁচ শ হাত আৰু তাৰ তিনিখন দুৱাৰ, গাদৰ এখন, আচেৰৰ এখন, আৰু নপ্তালীৰ এখন।
Niin myös länteen päin neljätuhatta ja viisisataa riukua, ja kolme porttia: ensimmäinen portti Gadin, toinen Asserin, kolmas Naphtalin.
35 ৩৫ চাৰিওফালে ওঠৰ হাজাৰ হাত হ’ব; আৰু সেই দিনৰ পৰা নগৰখন “যিহোৱা চাম্মা”, এই নামেৰে প্ৰখ্যাত হ’ব।
Näin pitää tämä kaikki ympäri oleman, kahdeksantoistakymmentä tuhatta riukua: ja niin pitää kaupunki tästä päivästä kutsuttaman: tässä on Herra.

< এজেকিয়েল 48 >