< এজেকিয়েল 47 >

1 তেতিয়া সেই মানুহে মোক গৃহটিৰ দুৱাৰমুখলৈ উলিয়াই আনিলে; আৰু চোৱা! গৃহটিৰ দুৱাৰ ডলিৰ তলৰ পৰা জল সমূহ ওলাই পূৱ দিশলৈ বৈ গ’ল, কিয়নো গৃহটিৰ আগফাল পূৱদিশে আছিল; আৰু বেদিটোৰ দক্ষিণে গৃহটিৰ সোঁ কাষৰ তলৰ পৰা সেই জল সমূহ নামি গৈছিল।
וַיְשִׁבֵנִי אֶל־פֶּתַח הַבַּיִת וְהִנֵּה־מַיִם יֹצְאִים מִתַּחַת מִפְתַּן הַבַּיִת קָדִימָה כִּֽי־פְנֵי הַבַּיִת קָדִים וְהַמַּיִם יֹרְדִים מִתַּחַת מִכֶּתֶף הַבַּיִת הַיְמָנִית מִנֶּגֶב לַמִּזְבֵּֽחַ׃
2 পাছত তেওঁ মোক বাটচৰাটোৰ বাটেদি উত্তৰফালে উলিয়াই নিলে আৰু মোক ঘূৰি অহা বাটেদি, পূৱফালে মুখ কৰা বাটচৰাটোলৈ যোৱা পথেদি বাহিৰৰ বাটচৰাটোলৈ আনিলে, আৰু চোৱা, সোঁ ফালে জল সমূহ ওলাই বৈ গৈছিল।
וַיּוֹצִאֵנִי דֶּֽרֶךְ־שַׁעַר צָפוֹנָה וַיְסִבֵּנִי דֶּרֶךְ חוּץ אֶל־שַׁעַר הַחוּץ דֶּרֶךְ הַפּוֹנֶה קָדִים וְהִנֵּה־מַיִם מְפַכִּים מִן־הַכָּתֵף הַיְמָנִֽית׃
3 পাছত পুৰুষজনে হাতত ৰছী এডাল লৈ পূৱফাললৈ আগ বাঢ়ি গৈ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে খাৰ-গঁঠিয়া পানী।
בְּצֵאת־הָאִישׁ קָדִים וְקָו בְּיָדוֹ וַיָּמָד אֶלֶף בָּֽאַמָּה וַיַּעֲבִרֵנִי בַמַּיִם מֵי אָפְסָֽיִם׃
4 তেতিয়া তেওঁ এক হাজাৰ হাত জুখিলে আৰু জল সমূহৰ মাজেদি মোক নিলে; সেয়ে একাঁঠুৱা পানী। পুনৰায় তেওঁ এক হাজাৰ হাত জুখিলে আৰু মোক জল সমূহৰ মাজেদি নিলে; সেয়ে এককলীয়া পানী।
וַיָּמָד אֶלֶף וַיַּעֲבִרֵנִי בַמַּיִם מַיִם בִּרְכָּיִם וַיָּמָד אֶלֶף וַיַּעֲבִרֵנִי מֵי מָתְנָֽיִם׃
5 পাছত তেওঁ আকৌ এক হাজাৰ হাত জুখিলে, সেয়ে মই পাৰ হৈ যাব নোৱাৰা এখন নদী; কিয়নো জল সমূহ বাঢ়িল, সাঁতোৰিব লগা জল সমূহ হ’ল, পাৰ হৈ যাব নোৱাৰা এখন নদী হ’ল।
וַיָּמָד אֶלֶף נַחַל אֲשֶׁר לֹֽא־אוּכַל לַעֲבֹר כִּֽי־גָאוּ הַמַּיִם מֵי שָׂחוּ נַחַל אֲשֶׁר לֹֽא־יֵעָבֵֽר׃
6 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে?” এইবুলি তেওঁ মোক পুনৰায় নদীখনৰ দাঁতিলৈ লৈ গ’ল।
וַיֹּאמֶר אֵלַי הֲרָאִיתָ בֶן־אָדָם וַיּוֹלִכֵנִי וַיְשִׁבֵנִי שְׂפַת הַנָּֽחַל׃
7 মই উলটি অহাত, চোৱা, নদীখনৰ পাৰত ইপাৰে সিপাৰে অনেক অনেক গছ আছে।
בְּשׁוּבֵנִי וְהִנֵּה אֶל־שְׂפַת הַנַּחַל עֵץ רַב מְאֹד מִזֶּה וּמִזֶּֽה׃
8 পাছত তেওঁ মোক ক’লে, এই জল সমূহ পূৱ অঞ্চললৈ ওলাই গৈছে; এয়ে অৰাবাৰ মাজেদি নামি যাব, তাৰ পাছত সমূদ্ৰলৈ যাব; এই জন সমূহ সমূদ্ৰত সোমালে তাৰ পানী উত্তম হৈ যাব।
וַיֹּאמֶר אֵלַי הַמַּיִם הָאֵלֶּה יוֹצְאִים אֶל־הַגְּלִילָה הַקַּדְמוֹנָה וְיָרְדוּ עַל־הָֽעֲרָבָה וּבָאוּ הַיָּמָּה אֶל־הַיָּמָּה הַמּֽוּצָאִים ונרפאו וְנִרְפּוּ הַמָּֽיִם׃
9 আৰু এই মহানদীখন যোৱা সকলো ঠাইৰ অসংখ্য জীৱ-জন্তু জীব আৰু বহুসংখ্যক মাছ হ’ব; কিয়নো এই জল সমূহ সমূদ্ৰলৈ গ’লে তাৰ জল সমূহ উত্তম হৈ যাব; আৰু নদীখন যোৱা সকলো ঠাই সকলো প্ৰাণী জীব।
וְהָיָה כָל־נֶפֶשׁ חַיָּה ׀ אֲ‍ֽשֶׁר־יִשְׁרֹץ אֶל כָּל־אֲשֶׁר יָבוֹא שָׁם נַחֲלַיִם יִֽחְיֶה וְהָיָה הַדָּגָה רַבָּה מְאֹד כִּי בָאוּ שָׁמָּה הַמַּיִם הָאֵלֶּה וְיֵרָֽפְאוּ וָחָי כֹּל אֲשֶׁר־יָבוֹא שָׁמָּה הַנָּֽחַל׃
10 ১০ তাৰ পাৰত মাছমৰীয়াসকল থিয় হ’ব আৰু অয়িন-গদীৰ পৰা অয়িন-ইগ্লয়িমলৈকে জাল মেলি দিয়া ঠাই হ’ব; তেওঁলোকৰ মাছ মহাসমূদ্ৰৰ মাছৰ দৰে নানা বিধৰ অসংখ্য মাছ হ’ব।
וְהָיָה יעמדו עָמְדוּ עָלָיו דַּוָּגִים מֵעֵין גֶּדִי וְעַד־עֵין עֶגְלַיִם מִשְׁטוֹחַ לַֽחֲרָמִים יִהְיוּ לְמִינָה תִּהְיֶה דְגָתָם כִּדְגַת הַיָּם הַגָּדוֹל רַבָּה מְאֹֽד׃
11 ১১ কিন্তু তাৰ বোকা ঠাই আৰু দল-দলনিবোৰ উত্তম নহ’ব; সেইবোৰ লোণীয়া ঠাই হ’ব।
בצאתו בִּצֹּאתָיו וּגְבָאָיו וְלֹא יֵרָפְאוּ לְמֶלַח נִתָּֽנוּ׃
12 ১২ আৰু নদীখনৰ কাষত, তাৰ পাৰত ইফালে সিফালে সকলোবিধৰ খোৱা গুটিৰ গছ হ’ব, সেইবোৰৰ পাত জঁয় নপৰিব আৰু গুটি নুঢুকাব; জল সমূহ ধৰ্মধামৰ পৰা ওলোৱাৰ কাৰণে সেইবোৰত মাহে মাহে নতুন নতুন গুটি ধৰিব; আৰু সেইবোৰৰ গুটি আহাৰৰ কাৰণে, আৰু সেইবোৰৰ পাত সুস্থ কৰিবৰ কাৰণে হ’ব।
וְעַל־הַנַּחַל יַעֲלֶה עַל־שְׂפָתוֹ מִזֶּה ׀ וּמִזֶּה ׀ כָּל־עֵֽץ־מַאֲכָל לֹא־יִבּוֹל עָלֵהוּ וְלֹֽא־יִתֹּם פִּרְיוֹ לָֽחֳדָשָׁיו יְבַכֵּר כִּי מֵימָיו מִן־הַמִּקְדָּשׁ הֵמָּה יֽוֹצְאִים והיו וְהָיָה פִרְיוֹ לְמַֽאֲכָל וְעָלֵהוּ לִתְרוּפָֽה׃
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে, যি সীমাৰ ভিতৰত তোমালোকে ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে আধিপত্যৰ কাৰণে দেশ ভাগ বাঁটিবা, সেই সীমা এই; যোচেফে দুভাগ পাব।
כֹּה אָמַר אֲדֹנָי יְהוִה גֵּה גְבוּל אֲשֶׁר תִּתְנַחֲלוּ אֶת־הָאָרֶץ לִשְׁנֵי עָשָׂר שִׁבְטֵי יִשְׂרָאֵל יוֹסֵף חֲבָלִֽים׃
14 ১৪ আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিবলৈ যি দেশৰ বিষয়ে হাত দাঙি শপত কৰিছিলোঁ, সেই দেশ তোমালোকে সমানে আধিপত্যস্বৰূপে ল’বা; সেই দেশ আধিপত্যস্বৰূপে তোমালোকৰ হ’ব।
וּנְחַלְתֶּם אוֹתָהּ אִישׁ כְּאָחִיו אֲשֶׁר נָשָׂאתִי אֶת־יָדִי לְתִתָּהּ לַאֲבֹֽתֵיכֶם וְנָפְלָה הָאָרֶץ הַזֹּאת לָכֶם בְּנַחֲלָֽה׃
15 ১৫ আৰু দেশৰ সীমা এইদৰে হ’ব। উত্তৰফালে মহাসমূদ্ৰৰ পৰা হিতলোনৰ বাটেদি চদাদৰ প্ৰৱেশ স্থানৰ ফাললৈ।
וְזֶה גְּבוּל הָאָרֶץ לִפְאַת צָפוֹנָה מִן־הַיָּם הַגָּדוֹל הַדֶּרֶךְ חֶתְלֹן לְבוֹא צְדָֽדָה׃
16 ১৬ হমাৎ, বেৰোথা, দম্মেচকৰ আৰু হমাতৰ সীমাৰ মাজত থকা চিব্ৰয়িম, আৰু হাওৰাণৰ সীমাত থকা হাচেৰ-হত্তীকোণ।
חֲמָת ׀ בֵּרוֹתָה סִבְרַיִם אֲשֶׁר בֵּין־גְּבוּל דַּמֶּשֶׂק וּבֵין גְּבוּל חֲמָת חָצֵר הַתִּיכוֹן אֲשֶׁר אֶל־גְּבוּל חַוְרָֽן׃
17 ১৭ এইদৰে সীমাটো সমুদ্ৰৰ পৰা দম্মেচকৰ সীমাত থকা হচৰ-ঐনোনলৈকে যাব আৰু উত্তৰ ফালে উত্তৰদিশে হমাতৰ সীমা।
וְהָיָה גְבוּל מִן־הַיָּם חֲצַר עֵינוֹן גְּבוּל דַּמֶּשֶׂק וְצָפוֹן ׀ צָפוֹנָה וּגְבוּל חֲמָת וְאֵת פְּאַת צָפֽוֹן׃
18 ১৮ এয়ে উত্তৰ ফাল। আৰু পূৱফাল হাওৰাণ, দম্মেচক, ও গিলিয়দ, এই কেইটাৰে আৰু ইস্ৰায়েল দেশৰে মাজত থকা যৰ্দ্দন হ’ব; উত্তৰ সীমাৰ পৰা পূৱ সমূদ্ৰলৈকে তোমালোকে জুখিবা।
וּפְאַת קָדִים מִבֵּין חַוְרָן וּמִבֵּין־דַּמֶּשֶׂק וּמִבֵּין הַגִּלְעָד וּמִבֵּין אֶרֶץ יִשְׂרָאֵל הַיַּרְדֵּן מִגְּבוּל עַל־הַיָּם הַקַּדְמוֹנִי תָּמֹדּוּ וְאֵת פְּאַת קָדִֽימָה׃
19 ১৯ এয়ে পূৱ ফাল। আৰু দক্ষিণ দিশে দক্ষিণ ফাল, তামৰৰ পৰা মৰীবোৎ-কাদেচৰ জল সমূহেদি, মিচৰ জুৰিয়েদি মহাসমূদ্ৰলৈকে হ’ব। এয়ে দক্ষিণ দিশৰ দক্ষিণ ফাল।
וּפְאַת נֶגֶב תֵּימָנָה מִתָּמָר עַד־מֵי מְרִיבוֹת קָדֵשׁ נַחֲלָה אֶל־הַיָּם הַגָּדוֹל וְאֵת פְּאַת־תֵּימָנָה נֶֽגְבָּה׃
20 ২০ আৰু দক্ষিণ সীমাৰে পৰা হমাতৰ প্ৰৱেশস্থানৰ সন্মূখলৈকে পশ্চিমফাল মহাসাগৰ হ’ব।
וּפְאַת־יָם הַיָּם הַגָּדוֹל מִגְּבוּל עַד־נֹכַח לְבוֹא חֲמָת זֹאת פְּאַת־יָֽם׃
21 ২১ এয়ে পশ্চিমফাল। এইদৰে ইস্ৰায়েলৰ ফৈদ অনুসাৰে তোমালোকে এইদেশ তোমালোকৰ কাৰণে ভাগ বাঁটিবা।
וְחִלַּקְתֶּם אֶת־הָאָרֶץ הַזֹּאת לָכֶם לְשִׁבְטֵי יִשְׂרָאֵֽל׃
22 ২২ তোমালোকে নিজৰ নিজৰ কাৰণে, আৰু বিদেশী লোকসকলে তোমালোকৰ মাজত প্ৰবাস কৰি তোমালোকৰ মাজত সন্তান উৎপন্ন কৰিব, তেওঁলোকৰ কাৰণেও তাক আধিপত্যৰ অৰ্থে চিঠি-খেলৰে বাগ বাঁটিবা; আৰু তেওঁলোক ইস্ৰায়েলৰে সন্তান সকলৰ মাজত তোমালোকৰ বিবেচনাত স্বজাতীয় যেন হ’ব; তেওঁলোকে ইস্ৰায়েলৰ ফৈদবোৰৰ মাজত তোমালোকৰ লগত আধিপত্য পাব।
וְהָיָה תַּפִּלוּ אוֹתָהּ בְּנַחֲלָה לָכֶם וּלְהַגֵּרִים הַגָּרִים בְּתוֹכְכֶם אֲשֶׁר־הוֹלִדוּ בָנִים בְּתֽוֹכְכֶם וְהָיוּ לָכֶם כְּאֶזְרָח בִּבְנֵי יִשְׂרָאֵל אִתְּכֶם יִפְּלוּ בְנַחֲלָה בְּתוֹךְ שִׁבְטֵי יִשְׂרָאֵֽל׃
23 ২৩ তেতিয়া প্ৰভু যিহোৱাই কৈছে, ‘যি ফৈদৰ মাজত বিদেশীয়ে বাস কৰিব, তাতেই তোমালোকে তাৰ আধিপত্য দিবা।’
וְהָיָה בַשֵּׁבֶט אֲשֶׁר־גָּר הַגֵּר אִתּוֹ שָׁם תִּתְּנוּ נַחֲלָתוֹ נְאֻם אֲדֹנָי יְהוִֽה׃

< এজেকিয়েল 47 >