< এজেকিয়েল 46 >
1 ১ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘পূৱফালে মুখ কৰা ভিতৰ চোতালখনৰ বাট-চৰাটো কাম কৰা ছয় দিন বন্ধ থাকিব; কিন্তু বিশ্ৰাম দিনত আৰু ন-জোনৰ দিনা খোলা হ’ব।
Tako govori Gospod Bog: ›Velika vrata notranjega dvora, ki gledajo proti vzhodu, bodo zaprta šest delovnih dni; toda na šabat bodo ta odprta in na mlaj bodo ta odprta.
2 ২ আৰু অধিপতিজন বাহিৰৰ পৰা বাট-চৰাৰ বাৰাণ্ডাৰ বাটেদি সোমাই বাট-চৰাটোৰ দুৱাৰৰ খুটাৰ ওচৰত থিয় হ’ব আৰু পুৰোহিতসকলে তেওঁৰ হোম-বলি ও মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব আৰু তেওঁ দুৱাৰডলিত প্ৰণিপাত কৰিব, পাছত ওলাই যাব; কিন্তু বাট-চৰাটো গধূলি নোহোৱালৈকে বন্ধ কৰা নাযাব।
Princ bo vstopil po poti preddverja teh velikih vrat od zunaj in stal bo pri podboju velikih vrat in duhovniki bodo pripravili njegovo žgalno daritev in njegove mirovne daritve in oboževal bo na pragu velikih vrat in potem bo šel naprej; toda velika vrata ne bodo zaprta do večera.
3 ৩ আৰু দেশৰ প্ৰজাসকলে বিশ্ৰাম দিনত আৰু ন-জোনত যিহোৱাৰ আগত সেই বাট-চৰাটোৰ প্ৰৱেশস্থানত প্ৰণিপাত কৰিব।
Podobno bo ljudstvo dežele oboževalo ob vratih teh velikih vrat pred Gospodom na šabate in na mlaje.
4 ৪ আৰু যিহোৱাৰ উদ্দেশ্যে অধিপতিজনে উৎসৰ্গ কৰিব লগীয়া হোম বলি এই; বিশ্ৰামবাৰে ছটা নিৰ্ঘূণী মেৰ-ছাগ পোৱালি আৰু এটা নিৰ্ঘূণী মতা মেৰ-ছাগ হ’ব।
Žgalna daritev, ki jo bo princ daroval Gospodu na šabatni dan, bo šest jagnjet brez pomanjkljivosti in oven brez pomanjkljivosti.
5 ৫ মতা মেৰ-ছাগটোৰ লগত দিয়া ভক্ষ্য নৈবেদ্য এক ঐফা হ’ব আৰু মেৰ-ছাগ পোৱালিবোৰৰ লগত দিয়া ভক্ষ্য নৈবেদ্য তেওঁৰ শক্তি অনুসাৰে হ’ব আৰু এক এক ঐফাৰ লগত এক এক হীন তেল হ’ব।
Jedilna daritev bo škaf za ovna in jedilna daritev za jagnjeta, kakor bo ta zmožen dati in vrč olja k škafu.
6 ৬ আৰু ন-জোনৰ দিনা এটা নিৰ্ঘূণী ডেকা ভতৰা হ’ব; আৰু ছটা মেৰ-ছাগ পোৱালি আৰু এটা মতা মেৰ-ছাগ হ’ব, এইবোৰো নিৰ্ঘূণী হ’ব।
Na dan mlaja bo mlad bikec brez pomanjkljivosti in šest jagnjet in oven; ti bodo brez pomanjkljivosti.
7 ৭ আৰু ভতৰাটোৰ লগত এক ঐফা, মতা মেৰ-ছাগটোৰ লগত এক ঐফা, মেৰ-ছাগ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে আৰু এক এক ঐফাৰ লগত এক এক হীন তেল দি তেওঁ ভক্ষ্য নৈবেদ্য যুগুত কৰিব।
Pripravil bo jedilno daritev, škaf za bikca, škaf za ovna, za jagnjeta pa glede na to, kolikor bo njegova roka dosegla in vrč olja k škafu.
8 ৮ যেতিয়া অধিপতিজন সোমাব, তেতিয়া তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই ওলাই যাব।
Ko bo princ vstopil, bo vstopil po poti preddverja tistih velikih vrat in naprej bo šel po tisti poti.
9 ৯ কিন্তু যেতিয়া দেশৰ প্ৰজাসকল নিৰূপিত উৎসৱত যিহোৱাৰ আগলৈ আহিব, তেতিয়া যি জনে প্ৰণিপাত কৰিবলৈ উত্তৰ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ দক্ষিণ বাট-চৰাটোৰ বাটেদি ওলাই যাব আৰু যি জনে দক্ষিণ বাট-চৰাটোৰ বাটেদি সোমাব, তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি ওলাই যাব; তেওঁ সোমোৱা বাট-চৰাটোৰ বাটেদি ওলাই নাযাব, কিন্তু পোনে পোনে ওলাই যাব।
Toda ko bo ljudstvo dežele ob slovesnih praznikih prišlo pred Gospoda, bo tisti, ki vstopa po poti severnih velikih vrat, da bi oboževal, šel ven po poti južnih velikih vrat; in tisti, ki vstopa po poti južnih velikih vrat, bo šel naprej po poti severnih velikih vrat. Ne bo se vrnil po poti velikih vrat, pri katerih je vstopil, temveč bo šel naprej proti nasprotnim.
10 ১০ আৰু তেওঁলোক সোমোৱা সময়ত অধিপতিজন তেওঁলোকৰ মাজত হৈ সোমাব; আৰু ওলোৱা সময়ত তেওঁলোক সকলোৱে একেলগে ওলাব।
Princ v njihovi sredi bo vstopil, ko bodo oni vstopili; in ko bodo šli naprej, bo šel naprej.
11 ১১ পৰ্ব্বতবোৰ আৰু নিৰূপিত সময়ত ভক্ষ্য নৈবেদ্য এটা এটা ভতৰাৰ লগত এক এক ঐফা, এটা এটা মতা মেৰৰ লগত এক এক ঐফা, মেৰ পোৱালিবোৰৰ লগত তেওঁৰ শক্তি অনুসাৰে, আৰু এক এক ঐফাৰ লগত এক এক হীম তেল হ’ব।
Ob praznikih in ob slovesnostih bo jedilna daritev škaf k bikcu in škaf k ovnu, za jagnjeta pa kolikor je zmožen dati in vrč olja k škafu.
12 ১২ আৰু যেতিয়া অধিপতিজনে ইচ্ছামতে দিয়া উপহাৰ উৎসৰ্গ কৰিব, অৰ্থাৎ যিহোৱাৰ উদ্দেশ্যে হোমবলি বা মঙ্গলাৰ্থক বলি ইচ্ছামতে দিয়া উপহাৰস্বৰূপে উৎসৰ্গ কৰিব, তেতিয়া পূৱফালে মুখ কৰা বাটচৰাটো তেওঁৰ কাৰণে খোলা হ’ব আৰু তেওঁ বিশ্ৰামবাৰে কৰা দৰে নিজৰ হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব; পাছে তেওঁ বাহিৰলৈ যাব আৰু তেওঁ ওলাই যোৱাৰ পাছত বাট-চৰাটো বন্ধ কৰা হ’ব।
Torej ko bo princ pripravil prostovoljno žgalno daritev ali mirovne daritve prostovoljno Gospodu, mu bo takrat nekdo odprl velika vrata, ki gledajo proti vzhodu in pripravil bo svojo žgalno daritev in svoje mirovne daritve, kot je to storil na šabatni dan. Takrat bo šel naprej in potem ko bo šel naprej, bo nekdo zaprl vrata.
13 ১৩ আৰু তুমি দিনে দিনে যিহোৱাৰ উদ্দেশ্যে হোম-বলিৰ কাৰণে এটা এটা এবছৰীয়া নিৰ্ঘূণী মেৰ পোৱালি উৎসৰ্গ কৰিবা; প্ৰতি ৰাতিপুৱা তুমি তাক উৎসৰ্গ কৰিবা।
Dnevno boš pripravljal žgalno daritev Gospodu od jagnjeta prvega leta brez pomanjkljivosti. To boš pripravljal vsako jutro.
14 ১৪ আৰু তুমি ঐফাৰ ছয় ভাগৰ এভাগ আৰু মিহি আটাগুড়ি ভেজাবলৈ হীনৰ তিনিভাগৰ এভাগ তেল দি প্ৰতি ৰাতিপুৱা তাৰ লগত এক এক ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা; সেয়ে চিৰস্থায়ী নিয়ম অনুসাৰে নিত্যে নিত্যে যিহোৱাৰ উদ্দেশ্যে দিব লগীয়া ভক্ষ্য নৈবেদ্য।
Zanj boš vsako jutro pripravil jedilno daritev, šesti del škafa in tretji del vrča olja, da to umešaš s fino moko; nenehna jedilna daritev po večni odredbi Gospodu.
15 ১৫ এইদৰে তেওঁলোকে প্ৰতি ৰাতিপুৱা নিত্য হোমবলিৰ অৰ্থে, মেৰ পোৱালি, ভক্ষ্য নৈবেদ্য আৰু তেল উৎসৰ্গ কৰিব।’
Tako bodo pripravili jagnje in jedilno daritev in olje, vsako jutro za nenehno žgalno daritev.‹
16 ১৬ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘যদি অধিপতিজনে তেওঁৰ পুত্ৰসকলৰ কোনো এজনক কিবা বস্তু দান কৰে, তেন্তে সেই বস্তুত সেইজনৰ স্বত্ব থাকিব, সেয়ে তেওঁৰ পুত্ৰসকলৰ হ’ব; পুত্ৰ-পৌত্ৰাদিক্ৰমে তাত তেওঁলোকৰ স্বত্ব থাকিব।
Tako govori Gospod Bog: ›Če da princ darilo kateremukoli izmed svojih sinov, bo ta dediščina od njegovih sinov; to bo njihova posest po dediščini.
17 ১৭ কিন্তু তেওঁ যদি তেওঁৰ আধিপত্যৰ পৰা তেওঁৰ বন্দীবোৰৰ কোনো বন্দীক কিবা বস্তু দান কৰে, তেন্তে সেয়ে মুক্তিৰ বছৰলৈকে তাৰ হৈ থাকিব; তাৰ পাছত অধিপতিজনৰ পুনৰায় হ’ব। কিন্তু তেওঁৰ আধিপত্য হ’লে তেওঁৰ পুত্ৰসকলৰ হ’ব।
Toda če da darilo svoje dediščine enemu izmed svojih služabnikov, potem bo to njegovo do leta osvoboditve; po tem se bo vrnilo princu, toda njegova dediščina bo za njegove sinove.
18 ১৮ ইয়াৰ উপৰিও, অধিপতিজনে প্ৰজাসকলৰ আধিপত্যৰ পৰা তেওঁলোকক খেদাবৰ কাৰণে তেওঁলোকৰ আধিপত্যৰ পৰা একো নল’ব; মোৰ প্ৰজাসকলৰ এজনো নিজ আধিপত্যৰ পৰা ছিন্ন-ভিন্ন নহ’বৰ কাৰণে তেওঁ নিজ আধিপত্যৰ পৰাই তেওঁৰ পুত্ৰসকলক আধিপত্য দিব’।”
Še več, princ ne bo vzel od dediščine ljudstva z zatiranjem, da bi jih sunil iz njihove posesti, temveč bo dal dediščino svojim sinovom od svoje lastne posesti, da moje ljudstvo ne bo razpršeno, vsak mož iz svoje posesti.‹«
19 ১৯ তাৰ পাছত তেওঁ উত্তৰফালে মুখ কৰা পুৰোহিতসকলৰ পবিত্ৰ কোঁঠালিলৈ বাট-চৰাটোৰ কাষৰ প্ৰৱেশস্থানেদি মোক নিলে, আৰু চোৱা! পশ্চিমদিশে পাছফালে এখন ঠাই আছিল।
Potem me je privedel skozi vhod, ki je bil ob strani velikih vrat, v svete sobe duhovnikov, ki so gledale proti severu, in glej, tam je bil kraj, na dveh straneh proti zahodu.
20 ২০ তেতিয়া তেওঁ মোক ক’লে, পুৰোহিতসকলে লোকসকলক পবিত্ৰ কৰিবলৈ দোষাৰ্থক বলি, পাপাৰ্থক বলি আৰু ভক্ষ্য নৈবেদ্য বাহিৰ চোতালখনলৈ নিনিবৰ কাৰণে, সেই পাপাৰ্থক ও দোষাৰ্থক বলি সিজোৱা আৰু ভক্ষ্য নৈবেদ্য তাও দিয়া ঠাই এয়ে।”
Potem mi je rekel: »To je kraj, kjer bodo duhovniki vreli daritev za prestopek in daritev za greh in kjer bodo pekli jedilno daritev; da jih ne bodo nosili ven na skrajni dvor, da bi posvetili ljudstvo.«
21 ২১ তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নি চোতালখনৰ চাৰিচুকেদি ফুৰালে; আৰু চোৱা, চোতালখনৰ প্ৰত্যেক চুকত এখন এখন চোতাল আছিল।
Potem me je privedel na skrajni dvor in mi storil, da grem mimo štirih vogalov dvora; in glej, na vsakem vogalu dvora je bil dvor.
22 ২২ চোতালখনৰ চাৰিচুকত, গড়েৰে আবৃত চল্লিশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এখন এখন চোতাল আছিল; চুকৰ এই চাৰিখন চোতাল একে পৰিমাণৰ।
Na štirih vogalih dvora so bili dvori združeni iz štiridesetih komolcev dolžine in tridesetih širine. Ti štirje vogali so bili ene mere.
23 ২৩ সেই চাৰিখনৰ প্ৰত্যেকখনৰ চাৰিওফালে লগালগি এশাৰী এশাৰী ঘৰ আছিল; আৰু চাৰিওফালৰ সেই ঘৰবোৰৰ তলত সিজাবৰ কাৰণে চৌকা পতা আছিল।
Tam je bila okoli njih vrsta zgradb, okrog vseh štirih in narejena je bila s kraji za vretje pod vrstami naokrog.
24 ২৪ পাছত তেওঁ মোক ক’লে, “গৃহটিৰ পৰিচাৰকসকলে তেওঁলোকৰ বলিৰ মাংস সিজোৱা ঘৰ এইবোৰ।”
Potem mi je rekel: »To so kraji tistih, ki vrejo, kjer bodo služabniki hiše vreli klavno daritev ljudstva.«