< এজেকিয়েল 44 >

1 তেতিয়া সেই মানুহে ধৰ্মধামৰ পূৱফালে মুখ কৰা বাহিৰ বাট-চৰাটোলৈ মোক ওলোটাই নিলে, সেয়ে টানকৈ বন্ধ কৰি থোৱা আছিল।
領我回到聖殿朝東的外門,門卻關著。
2 পাছত যিহোৱাই মোক ক’লে, “এই বাট-চৰাটো বন্ধ থাকিব, মেলা নাযাব আৰু এইপিনে কোনো লোক নোসোমাব; কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইফালেই প্ৰৱেশ কৰিলে; এই হেতুকে ই বন্ধ থাকিব।
他對我說:「這門必關閉不開,任何人不得由此門而入,因為上主以色列的天主已由此門而入,為此常應關閉。
3 অধিপতিজনৰ বিষয়ে হ’লে, কেৱল তেওঁহে যিহোৱাৰ আগত আহাৰ কৰিবৰ অৰ্থে তাত বহিব তেওঁ বাট-চৰাটোৰ বাৰাণ্ডাৰ বাটেদি সোমাব আৰু সেই একে বাটেদিয়েই বাহিৰ ওলাব।”
至於元首,因為他是元首,惟有他可坐在裏面,在上主前進食;他由門廊的路而入,亦由原路而出。」
4 তাৰ পাছত তেওঁ উত্তৰ বাট-চৰাটোৰ বাটেদি মোক গৃহটিৰ আগলৈ নিলে আৰু মই চাই দেখিলোঁ, যিহোৱাৰ গৌৰৱে যিহোৱাৰ গৃহটি পৰিপূৰ্ণ কৰিলে; তাতে মই উবুৰি হৈ পৰিলোঁ!
以後,他領我由北門到聖殿,我一看,看見上主的光榮上主的殿,我便伏地掩面。
5 পাছে যিহোৱাই মোক ক’লে, “হে মনুষ্য সন্তান, যিহোৱাৰ গৃহটিৰ সকলো নিয়ম প্ৰণালী আৰু তাৰ আটাই ব্যৱস্থাৰ বিষয়ে মই তোমাক যি যি ক’ম, তুমি সেই সকলোলৈ মনোযোগ কৰা, চকুদিয়া, কাণ দিয়া আৰু ধৰ্মধামৰ বাহিৰলৈ যোৱা প্ৰত্যেক বাটলৈ আৰু গৃহটিৰ প্ৰৱেশস্থানলৈ ভালকৈ মন দি চোৱা।
上主對我說:「人子,我對你所說上主殿內的所有定和法律,你要留心,要眼看耳聽,又要注意准入聖殿的規則。
6 আৰু তুমি বিদ্ৰোহী ইস্ৰায়েল বংশক ক’বা, প্ৰভু যিহোৱাই এই কথা কৈছে:
你對叛逆的以色列家族說:吾主上主這樣說:以色列家族,你們所行的一切醜惡之事,該夠了吧!
7 হে ইস্ৰায়েল বংশ, তোমালোকে মোক আহাৰ, অৰ্থাৎ তেল আৰু তেজ উৎসৰ্গ কৰা সময়ত, মোৰ গৃহটি অপবিত্ৰ কৰিবৰ কাৰণে মোৰ ধৰ্মধামত ভৰি দিবলৈ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ বিজাতীয়সকলক মোৰ ধৰ্মধামলৈ যে আনিলা, তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ মাজত সেইটোৱেই তোমালোকৰ পক্ষে যথেষ্ঠ হওক; তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ বাহিৰেও তোমালোকে মোৰ নিয়মটি ভাঙিলা।
當你們奉獻給我食品、脂肪和牲血時,竟引領心身未受割損的外方人進入我的聖所,褻瀆我的殿宇;這樣以你們的一切醜惡,破壞了我的盟約。
8 আৰি তোমালোকে মোৰ পবিত্ৰ বস্তুবিষয়ক ৰক্ষণীয় ৰক্ষা কৰা নাই; কিন্তু তোমালোকে মোৰ ধৰ্মধামত মোৰ ৰক্ষণীয় ৰক্ষা কৰিবলৈ ইচ্ছামতে ৰক্ষক পাতিলা।
你們的既不在我聖所內供職,卻派他們代你們在我聖所內供職。
9 প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েলৰ সন্তান সকলৰ মাজত থকা বিজাতীয়সকলৰ অচুন্নৎ হৃদয়ৰ আৰু অচুন্নৎ মাংসৰ কোনো বিজাতীয় মোৰ ধৰ্মধামত নোসোমাব।
為此吾主上主這樣說:一切心身未受割損的外邦人,以及所有在以色列子民中的外邦人,不得進入我的聖所。
10 ১০ কিন্তু ইস্ৰায়েল বিপথে যোৱা সময়ত, যি লেবীয়াসকলে নিজ নিজ মুৰ্ত্তিৰ পাছত চলি মোৰ পৰা বিপথে গৈছিল, মোৰ পৰা আঁতৰ হোৱা সেই লেবীয়াসকলে নিজ নিজ অপৰাধৰ ভাৰ বব।
至於肋未人,當以色列墮落,離開我而追隨他們的偶像時,他們也脫離了我,他們必要承認自己的罪債。
11 ১১ তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব।
他們在我聖所內供職,只能充當看守殿門的,作的侍役,為百姓宰殺全燔祭和其他祭牲,站在他們面前,給他們服務。
12 ১২ তেওঁলোকে প্ৰজাসকলৰ মুৰ্ত্তিবোৰৰ আগত তেওঁলোকৰ পৰিচৰ্যা কৰি ইস্ৰায়েল-বংশৰ অপৰাধজনক বিঘিনিস্বৰূপ হৈছিল; এই হেতুকে প্ৰভু যিহোৱাই কৈছে, মই তেওঁলোকৰ অহিতে মোৰ হাত দাঙি শপত কৰিলোঁ, যে, তেওঁলোকে নিজ নিজ অপৰাধৰ ভাৰ বব।
因為他們曾在百姓的偶像前給他們服務過,做了以色列家族的胖腳石,為此我必舉手反對他們──吾主上主的斷語──他們必要承擔自己的罪債。
13 ১৩ আৰু তেওঁলোকে মোৰ ওচৰত পুৰোহিত কৰ্ম কৰিবলৈ নাহিব, মোৰ পবিত্ৰ, মোৰ অতি পবিত্ৰ বস্তুবোৰৰ কোনো বস্তুৰ ওচৰ নাচাপিব, কিন্তু তেওঁলোকৰ লাজৰ আৰু তেওঁলোকে কৰা ঘিণলগীয়া কাৰ্যৰ ভাৰ বব।
他們不得走近我,也不得接我的的一切聖物,和至聖之物;反要自己的羞辱和所行的一切醜惡。
14 ১৪ গৃহটিৰ সকলো সেৱকীয়া কাৰ্যত আৰু তাত কৰিব লগা আটাই কৰ্মত মই তেওঁলোকক গৃহটিৰ ৰক্ষণীয়ৰ ৰক্ষক কৰিম।
我只委派他們在聖殿供職,服各種勞役,做其中應做的一切事務。
15 ১৫ কিন্তু ইস্ৰায়েলৰ সন্তান সকল মোৰ পৰা বিপথে যোৱা কালত, মোৰ ধৰ্মধামৰ ৰক্ষণীয় ৰক্ষা কৰা চাদোকৰ সন্তান লেবীয়া পুৰোহিতসকলে হ’লে, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ গুৰিলৈ আহিব; আৰু প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে তেল আৰু তেজ মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবলৈ মোৰ আগত থিয় হ’ব।
惟有那些在以色列子民墮落我時,仍然為我的聖所供職的匝多克的兒子,肋未司祭們,可走近我,服事我,侍立我前,給我奉獻脂油與牲血──吾主上主的斷語──
16 ১৬ ‘তেওঁলোকে মোৰ ধৰ্মধামত সোমাব, মোৰ পৰিচৰ্যা কৰিবলৈ মোৰ মেজৰ ওচৰলৈ আহিব আৰু মোৰ ৰক্ষণীয় ৰক্ষা কৰিব।
他們可進入我的聖所,起近我的祭桌,服事我,奉行給我供職的事。
17 ১৭ আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাইদি সোমালে, তেওঁলোকে শণ সূতাৰ বস্ত্ৰ পিন্ধিব; আৰু তেওঁলোকে ভিতৰ চোতালখনৰ বাট-চৰা কেইটাত আৰু গৃহত পৰিচৰ্যা কৰোঁতে তেওঁলোকৰ গাত নোমৰ কাপোৰ নাথাকিব।
幾時他們進入內院的門,應身穿麻衣;當他們在內院門內或在聖殿供職時,不可穿羊毛衣。
18 ১৮ তেওঁলোকৰ মুৰত শণ সূতাৰ পাগুৰি, আৰু কঁকালত শণ সূতাৰ জাঙিয়া থাকিব; ঘাম উলিওৱা কোনো কাপোৰ তেওঁলোকে কঁকালত নাবান্ধিব।
他們頭上應戴麻布頭巾,腰間應穿麻巾褲子,不可穿容易出汗的衣服。
19 ১৯ যেতিয়া তেওঁলোকে বাহিৰ চোতালখনলৈ, তেওঁলোকৰ গুৰিলৈ বাহিৰ চোতালখনলৈকে ওলাই যাব, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ সোলোকাই পবিত্ৰ কোঁঠালিবোৰত থব আৰু তেওঁলোকৰ বস্ত্ৰেৰে তেওঁলোকক পবিত্ৰ নকৰিবৰ কাৰণে আন বস্ত্ৰ পিন্ধিব।
但他們幾時要出去到外院百姓那裏時,應脫去供職的衣服,放在聖所的廂房內,穿上別的衣服,免得因自己的祭服使百姓沾污聖潔。
20 ২০ তেওঁলোকে মূৰ নুখুৰাব, বা চুলি দীঘল হ’বলৈ নিদিব, কেৱল মূৰৰ চুলি কাটিব।
你們不可剃頭,也不可讓頭髮自由生長,應該修剪頭髮。
21 ২১ ভিতৰ-চোতালখনত সোমোৱা সময়ত কোনো পুৰোহিতে দ্ৰাক্ষাৰস পান নকৰিব।
任何司祭要進入內院時,不可飲酒。
22 ২২ তেওঁলোকে বিধৱা, বা পৰিত্যক্ত স্ত্রীক বিয়া নকৰিব, কিন্তু ইস্ৰায়েল বংশৰ ঔৰসত জন্মা কুমাৰীক, বিধৱা হ’লেও, পুৰোহিতৰ বিধৱাক বিয়া কৰিব।
他們不可娶寡婦或棄婦為妻,應娶以色列家族的處女為妻;或娶司祭的寡婦。
23 ২৩ আৰু তেওঁলোকে মোৰ প্ৰজাসকলক পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ শিকাব, শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ শিকিব।
廿應教訓我的百姓 區別聖與俗,知道潔與不潔。
24 ২৪ আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
在訴訟上,他們應充任裁判,按我的法律定斷;他們在我的各種慶節上,應遵守規我的法律和規律,又應聖化我的安息日。
25 ২৫ আৰু তেওঁলোকৰ কোনেও নিজকে অশুচি কৰিবলৈ মৰা মানুহৰ ওচৰলৈ নাযাব, কিন্তু, বায়েক, মাক, পুতেক, জীয়েক আৰু ভায়েকৰ কি স্বামী নোহোৱা ভনীয়েকৰ কাৰণে নিজকে অশুচি কৰিব পাৰে।
他們不可走近死人,免得沾染不潔;但為父母子女、兄弟和未嫁的姊妹,可自染不潔。
26 ২৬ কোনো পুৰোহিত শুচি হোৱাৰ পাছত তাৰ কাৰণে সাত দিন নিৰূপণ কৰা হ’ব।
在他取潔以後,再過七天,
27 ২৭ প্ৰভু যিহোৱাই কৈছে, ‘ধৰ্মধামত পৰিচৰ্যা কৰিবলৈ, ধৰ্মধামত ভিতৰ-চোতালখনত তেওঁ সোমোৱা দিনা নিজৰ পাপাৰ্থক বলি উৎসৰ্গ কৰিব।’
他要進入聖所,進內院,為在聖所內供職的那一天,應奉獻贖罪祭──吾主上主的斷語──
28 ২৮ ‘আৰু পুৰোহিতসকলে এক আধিপত্য পাব; ময়েই তেওঁলোকৰ সেই আধিপত্য; আৰু তেওঁলোকে তেওঁলোকক ইস্ৰায়েলৰ মাজত কোনো আধিপত্য নিদিব; ময়েই তেওঁলোকৰ আধিপত্য।
他們不可有產業;在以色列也不可分給他們地業我是他們的地業。
29 ২৯ ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি, আৰু দোষাৰ্থক বলি তেওঁলোকেই খাব; আৰু ইস্ৰায়েলৰ প্ৰত্যেক বৰ্জিত বস্তু তেওঁলোকৰেই হ’ব;
他們可以吃素餐,贖罪祭和贖過祭:凡在以色列所獻的禁物,都應歸於他們。
30 ৩০ আৰু প্ৰথমে পকা শস্যাদিৰ প্ৰত্যেকৰ আগ ভাগ আৰু তোমালোকৰ আটাই উত্তোলনীয় উপহাৰৰ প্ৰত্যেক বস্তুৰ উত্তোলনীয় ভাগ পুৰোহিতসকলৰেই হ’ব; আৰু তোমাৰ ঘৰত আশীৰ্ব্বাদ থাকিবৰ কাৰণে তুমি তোমাৰ খৰচিয়া শস্যৰ আগ ভাগ পুৰোহিতক দিবা।
各種初熟之物,和你們藉舉祭所獻的一切祭物,都應歸於司祭;此外,將你們粗麥麵中最好的一份,分與司祭,好叫祝福降在你們家庭中。
31 ৩১ আৰু চৰাই হওঁক কি পশু হওঁক, নিজে মৰা বা জন্তুৱে ছিৰা একোকেই পুৰোহিতসকলে নাখাব।
凡自然死或被猛獸撕裂的飛禽走獸,司祭都不可吃。」

< এজেকিয়েল 44 >