< এজেকিয়েল 42 >
1 ১ তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে।
Adam beni kuzeye giden yoldan dış avluya çıkardı. Tapınağın açık alanına ve dış avlunun kuzeyindeki yapılara bakan odalara götürdü.
2 ২ আৰু এশ হাত দীঘল ঠাইৰ আগত উপস্থিত কৰোৱালে; দুৱাৰ উত্তৰ ফালে আছিল; প্ৰস্থ পঞ্চাশ হাত।
Kapısı kuzeye bakan bu yapının uzunluğu yüz arşın, genişliği elli arşındı.
3 ৩ সেই কোঁঠালিবোৰ ভিতৰ চোতালখনৰ বিশ হাতৰ আগত আৰু বাহিৰ চোতালখনৰ শিলত পাৰি দিয়া ঠাইৰ সন্মুখত আছিল; তৃতীয় খাপৰ ঠেক বাৰাণ্ডাবোৰ সন্মূখা-সন্মূখিকৈ আছিল।
İç avlunun yirmi arşınlık bölümüyle dış avlunun taş yoluna bakan üç katın koridorları karşı karşıyaydı.
4 ৪ আৰু ভিতৰ ফালে কোঁঠালিবোৰৰ আগত দহ হাত বহল আৰু এশ হাত দীঘল এটা অহা-যোৱা কৰা বাট আছিল; আৰু সেইবোৰৰ দুৱাৰ উত্তৰফালে আছিল।
Odaların önünde genişliği on arşın, uzunluğu yüz arşın olan bir iç koridor vardı. Kapıları kuzeye bakıyordu.
5 ৫ ওপৰৰ কোঁঠালিবোৰ ঠেক; কিয়নো ঘৰটোত ঠেক বাৰাণ্ডা কেইটাই তলৰ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠাই লৈছিল।
Yapının üst kattaki odaları alt ve orta kattaki odalardan daha dardı. Çünkü üst kattaki koridorlar daha çok yer kaplıyordu.
6 ৬ কাৰণ সেইবোৰ তিনিও খাপত আছিল, আৰু বাহিৰ চোতালখনৰ কোঁঠালিবোৰৰ স্তম্ভৰ দৰে সেইবোৰৰ স্তম্ভ নাছিল; এই হেতুকে ওপৰৰ কোঁঠালিবোৰ মাটিত থকা তলৰ কোঁঠালিতকৈ আৰু মাজৰ কোঁঠালিতকৈ অধিক ঠেক আছিল।
Avlularda sütunlar olmasına karşın, üçüncü kattaki odaların sütunları yoktu. Bu yüzden bu odalar alt ve orta kattaki odalardan daha dardı.
7 ৭ আৰু বাহিৰত, বাহিৰ চোতাললখনৰ ফালে কোঁঠালিবোৰৰ কাষত আৰু কোঁঠালিবোৰৰ সন্মুখত যি গড় আছিল, সেয়ে পঞ্চাশ হাত দীঘল।
Odaların önünde, odalara ve dış avluya paralel bir dış duvar vardı, elli arşın uzunluktaydı.
8 ৮ কিয়নো বাহিৰ চোতালখনৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য পঞ্চাশ হাত; কিন্তু মন্দিৰৰ ফালে থকা কোঁঠালিবোৰৰ দৈৰ্ঘ্য এশ হাত।
Dış avlu yanındaki sıra odaların uzunluğu elli arşınken, ana bölüme daha yakın sıra odaların uzunluğu yüz arşındı.
9 ৯ বাহিৰ চোতালখনৰ পৰা সেইবোৰ কোঁঠালিত সোমাবলৈ গ’লে, সেইবোৰৰ ঠাইতকৈ চাপৰত, পূৱফালে সোমোৱা বাট পোৱা যায়।
Alt kattaki odaların dış avludan girilecek gibi doğu yönünde bir girişleri vardı.
10 ১০ চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।
İç avlunun güneyi boyunca, açık alana ve dış avludaki yapılara bakan başka odalar vardı.
11 ১১ এইবোৰৰ আগত যি এটা বাট আছিল, সেই বাট উত্তৰফালে থকা কোঁঠালিবোৰৰ সন্মুখৰ বাটৰ নিচিনা যেন দেখা যায়; এইবোৰ সেইবোৰৰ সমানে দীঘল আৰু বহল আৰু এইবোৰৰ আটাইবোৰ বাহিৰলৈ ওলোৱা বাট সেইবোৰৰ দৰে আৰু সেই ধৰণেই।
Kuzeydeki odalarda olduğu gibi, bu odaların önünde de bir geçit vardı. Odaların uzunlukları, genişlikleri aynıydı, çıkışları ve boyutları kuzeydeki odalara benziyordu. Güneydeki odaların girişleri kuzeydekiler gibiydi. Geçidin başlangıcında bir giriş vardı. Arka duvarlar boyunca doğuya uzanan bu geçit odalara açılıyordu.
12 ১২ বাটৰ মুৰত, দক্ষিণফালে থকা কোঁঠালিবোৰৰ দুৱাৰবোৰৰ নিচিনা এখন দুৱাৰ আছিল; সেই কোঁঠালিবোৰত সোমাবলৈ গ’লে, পূৱফালে ঠিক গড়ৰ সন্মুখত সেই দুৱাৰ পোৱা যায়।
13 ১৩ তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
Bundan sonra adam, “Tapınağın açık alanına bakan kuzey ve güneydeki odalar kutsaldır” dedi, “RAB'bin önünde hizmet eden kâhinler orada en kutsal sunulardan yiyecekler. En kutsal sunuları –tahıl, günah ve suç sunularını– oraya koyacaklar. Çünkü orası kutsaldır.
14 ১৪ যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।”
Kâhinler kutsal alana girdikten sonra, hizmet ederken giydikleri giysileri orada bırakmadan dış avluya çıkmayacaklar. Çünkü bu giysiler kutsaldır. Halkın bulunduğu yerlere gitmeden önce başka giysiler giymeliler.”
15 ১৫ পাছত তেওঁ ভিতৰ গৃহ জুখি এঁটালত, পূৱফালেমুখ কৰা বাট-চৰাইদি মোক উলিয়াই নিলে আৰু চাৰিওফালে গোটেই গৃহ জুখিলে।
Adam iç tapınağı ölçmeyi bitirince, beni Doğu Kapısı'ndan dışarıya götürdü, o alanı her yandan ölçtü.
16 ১৬ তেওঁ পূৱফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
Doğu yanını ölçü değneğiyle ölçtü, beş yüz arşın kadardı.
17 ১৭ তেওঁ ঘূৰি উত্তৰফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
Kuzey yanını ölçtü, beş yüz arşın kadardı.
18 ১৮ তেওঁ দক্ষিণফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
Güney yanını ölçtü, beş yüz arşın kadardı.
19 ১৯ আৰু তেওঁ পশ্চিফাললৈ ঘূৰি সেই ফালে পৰিমাণ নলেৰে জুখি পাঁচশ হাত পালে।
Sonra batıya dönüp ölçtü, beş yüz arşın kadardı.
20 ২০ তেওঁ চাৰিওফালে তাক জুখিলে; পবিত্ৰ আৰু সাধাৰণ ঠাইৰ মাজত প্ৰভেদ কৰিবলৈ, তাৰ চাৰিওফালে পাঁচশ হাত দীঘল আৰু পাঁচশ হাত বহল এনে এটা গড় আছিল।
Böylece alanın dört yanını ölçtü. Kutsal olanı kutsal olmayandan ayırmak için alanın çevresinde bir duvar vardı; uzunluğu ve genişliği beşer yüz arşındı.