< এজেকিয়েল 41 >
1 ১ তেতিয়া তেওঁ মোক মন্দিৰৰ গুৰিলৈ নি, তাৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি, এফালে ছহাত আনফালে ছহাত বহল পালে। সেয়ে তম্বুৰ বহলৰ সমান।
καὶ εἰσήγαγέν με εἰς τὸν ναόν ᾧ διεμέτρησεν τὸ αιλαμ πηχῶν ἓξ τὸ πλάτος ἔνθεν καὶ πηχῶν ἓξ τὸ εὖρος τοῦ αιλαμ ἔνθεν
2 ২ আৰু প্ৰৱেশস্থানৰ প্ৰস্থ দহ হাত; আৰু প্ৰৱেশস্থানৰ সন্মুখৰ দুই ভাগ ইফালে পাঁচ হাত সিফালে পাঁচ হাত আছিল; আৰু তেওঁ তাৰ দৈৰ্ঘ্য জুখি চল্লিশ হাত আৰু প্ৰস্থ জুখি বিশ হাত পালে।
καὶ τὸ εὖρος τοῦ πυλῶνος πηχῶν δέκα καὶ ἐπωμίδες τοῦ πυλῶνος πηχῶν πέντε ἔνθεν καὶ πηχῶν πέντε ἔνθεν καὶ διεμέτρησεν τὸ μῆκος αὐτοῦ πηχῶν τεσσαράκοντα καὶ τὸ εὖρος πηχῶν εἴκοσι
3 ৩ তেতিয়া তেওঁ ভিতৰ ফালে গৈ প্ৰৱেশস্থানৰ সন্মুখৰ ওলাই থকা দুই ভাগ জুখি দুহাত দুহাত পালে আৰু প্ৰৱেশস্থান জুখি ছহাত পালে; প্ৰৱেশস্থানৰ প্ৰস্থ সাত হাত আছিল।
καὶ εἰσῆλθεν εἰς τὴν αὐλὴν τὴν ἐσωτέραν καὶ διεμέτρησεν τὸ αιλ τοῦ θυρώματος πηχῶν δύο καὶ τὸ θύρωμα πηχῶν ἓξ καὶ τὰς ἐπωμίδας τοῦ θυρώματος πηχῶν ἑπτὰ ἔνθεν καὶ πηχῶν ἑπτὰ ἔνθεν
4 ৪ তেতিয়া তেওঁ তাৰ দৈৰ্ঘ্য জুখি বিশ হাত পালে আৰু “এয়ে অতি পবিত্ৰ স্থান” বুলি তেওঁ মোক ক’লে।
καὶ διεμέτρησεν τὸ μῆκος τῶν θυρῶν πηχῶν τεσσαράκοντα καὶ εὖρος πηχῶν εἴκοσι κατὰ πρόσωπον τοῦ ναοῦ καὶ εἶπεν τοῦτο τὸ ἅγιον τῶν ἁγίων
5 ৫ তেতিয়া তেওঁ গৃহটিৰ দেৱাল জুখি ছহাত পালে আৰু চাৰিওফালে গৃহ মেৰাই থকা কিনাৰৰ কোঁঠালিবোৰৰ প্ৰত্যেক কোঁঠালিৰ প্ৰস্থ জুখি চাৰি হাত পালে।
καὶ διεμέτρησεν τὸν τοῖχον τοῦ οἴκου πηχῶν ἓξ καὶ τὸ εὖρος τῆς πλευρᾶς πηχῶν τεσσάρων κυκλόθεν
6 ৬ কিনাৰৰ কোঁঠালিবোৰ ওপৰা-ওপৰিকৈ তিনি শাৰী আছিল আৰু প্ৰত্যেক শাৰীত ত্ৰিশটা কোঁঠালি আছিল আৰু কিনাৰৰ কোঁঠালিবোৰ যেন লাগি থাকে, এই অভিপ্ৰায়ে সেইবোৰ কেউফালৰ কিনাৰৰ কোঁঠালিত গৃহৰ দেৱালত সোমাল, কিন্তু গৃহৰ দেৱালত সেইবোৰ বন্ধ নাছিল।
καὶ τὰ πλευρὰ πλευρὸν ἐπὶ πλευρὸν τριάκοντα καὶ τρεῖς δίς καὶ διάστημα ἐν τῷ τοίχῳ τοῦ οἴκου ἐν τοῖς πλευροῖς κύκλῳ τοῦ εἶναι τοῖς ἐπιλαμβανομένοις ὁρᾶν ὅπως τὸ παράπαν μὴ ἅπτωνται τῶν τοίχων τοῦ οἴκου
7 ৭ আৰু কিনাৰৰ কোঁঠালিবোৰে গৃহটি মেৰাই যিমান ওপৰলৈ গ’ল, সেইবোৰ সিমানে বহল হৈ গ’ল, কিয়নো গৃহৰ কেউফালে গৃহৰ মেৰ ক্ৰমে ওখ হৈ গৈছিল; এই হেতুকে গৃহৰ ফালে প্ৰস্থাই ওপৰলৈ ক্ৰমে বাঢ়িল; এই কাৰণে লোকে তলৰ কোঁঠালিৰ পৰা ওপৰৰ কোঁঠালিলৈ মাজৰ কোঁঠালিয়েদি উঠে।
καὶ τὸ εὖρος τῆς ἀνωτέρας τῶν πλευρῶν κατὰ τὸ πρόσθεμα ἐκ τοῦ τοίχου πρὸς τὴν ἀνωτέραν κύκλῳ τοῦ οἴκου ὅπως διαπλατύνηται ἄνωθεν καὶ ἐκ τῶν κάτωθεν ἀναβαίνωσιν ἐπὶ τὰ ὑπερῷα καὶ ἐκ τῶν μέσων ἐπὶ τὰ τριώροφα
8 ৮ তেতিয়া মই দেখিলোঁ, গৃহৰ চাৰিওফালে ওখ ভিত্তিমূল আছিল; কিনাৰৰ কোঁঠালিবোৰৰ ভিত্তিমূল দীঘল হাতৰ ছহাত পৰিমাণৰ সম্পূৰ্ণ এক নল।
καὶ τὸ θραελ τοῦ οἴκου ὕψος κύκλῳ διάστημα τῶν πλευρῶν ἴσον τῷ καλάμῳ πήχεων ἓξ διάστημα
9 ৯ কিনাৰৰ কোঁঠালিবোৰৰ বাহিৰ ফালৰ দেৱালৰ ডাঠ পাঁচ হাত আৰু বাকী শূন্য ঠাইখিনি পাঁচ হাত আছিল।
καὶ εὖρος τοῦ τοίχου τῆς πλευρᾶς ἔξωθεν πηχῶν πέντε καὶ τὰ ἀπόλοιπα ἀνὰ μέσον τῶν πλευρῶν τοῦ οἴκου
10 ১০ কেউপিনে গৃহৰ চাৰিওফালে কোঁঠালিবোৰৰ মাজত বিশ হাত বহল এডোখৰ ঠাই আছিল।
καὶ ἀνὰ μέσον τῶν ἐξεδρῶν εὖρος πηχῶν εἴκοσι τὸ περιφερὲς τῷ οἴκῳ κύκλῳ
11 ১১ তাত কিনাৰৰ কোঁঠালিবোৰৰ দুৱাৰ বাকী শূন্য ঠাইডোখৰৰ ফাললৈ আছিল; এখন উত্তৰ ফালে আৰু আনখন দক্ষিণফালে আছিল; আৰু বাকী শূন্য ঠাইডোখৰৰ প্ৰস্থ কেউফালে পাঁচ হাত।
καὶ αἱ θύραι τῶν ἐξεδρῶν ἐπὶ τὸ ἀπόλοιπον τῆς θύρας τῆς μιᾶς τῆς πρὸς βορρᾶν καὶ ἡ θύρα ἡ μία πρὸς νότον καὶ τὸ εὖρος τοῦ φωτὸς τοῦ ἀπολοίπου πηχῶν πέντε πλάτος κυκλόθεν
12 ১২ আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।
καὶ τὸ διορίζον κατὰ πρόσωπον τοῦ ἀπολοίπου ὡς πρὸς θάλασσαν πηχῶν ἑβδομήκοντα πλάτος τοῦ τοίχου τοῦ διορίζοντος πήχεων πέντε εὖρος κυκλόθεν καὶ μῆκος αὐτοῦ πήχεων ἐνενήκοντα
13 ১৩ তেতিয়া তেওঁ গৃহ জুখি এশ হাত দীঘল পালে আৰু পৃথক কৰা ঠাই আৰু দেৱালে সৈতে ঘৰটো জুখি এশ হাত দীঘল পালে।
καὶ διεμέτρησεν κατέναντι τοῦ οἴκου μῆκος πηχῶν ἑκατόν καὶ τὰ ἀπόλοιπα καὶ τὰ διορίζοντα καὶ οἱ τοῖχοι αὐτῶν μῆκος πηχῶν ἑκατόν
14 ১৪ আৰু তেওঁ পূৱফালে গৃহৰ আৰু পৃথক কৰা ঠাইৰ আগফালৰ প্ৰস্থ জুখি এশ হাত পালে।
καὶ τὸ εὖρος κατὰ πρόσωπον τοῦ οἴκου καὶ τὰ ἀπόλοιπα κατέναντι πηχῶν ἑκατόν
15 ১৫ আৰু তেতিয়া পৃথক কৰা ঠাইৰ মুৰত, তাৰ পাছফালে থকা ঘৰটোৰ দৈৰ্ঘ্য আৰু ইফালে সিফালে থকা তাৰ ঠেক বাৰাণ্ডাবোৰৰ দৈৰ্ঘ্য জুখি তেওঁ এশ হাত পালে; আৰু তেওঁ মন্দিৰ, ভিতৰ-মন্দিৰ আৰু চোতালখনৰ বাৰাণ্ডা জুখিলে।
καὶ διεμέτρησεν μῆκος τοῦ διορίζοντος κατὰ πρόσωπον τοῦ ἀπολοίπου τῶν κατόπισθεν τοῦ οἴκου ἐκείνου καὶ τὰ ἀπόλοιπα ἔνθεν καὶ ἔνθεν πήχεων ἑκατὸν τὸ μῆκος καὶ ὁ ναὸς καὶ αἱ γωνίαι καὶ τὸ αιλαμ τὸ ἐξώτερον
16 ১৬ এই তিনিওটাৰ কেউফালে দুৱাৰডলি, চিলিঙি দিয়া খিড়িকি আৰু ঠেক বাৰাণ্ডা আছিল; চোতালখনৰ বাৰাণ্ডাৰ সন্মুখত কেউফালে মজিয়াৰ পৰা খিড়িকিলৈকে তক্তা লগোৱা আছিল: খিড়িকিবোৰ ঢকা আছিল।
πεφατνωμένα καὶ αἱ θυρίδες δικτυωταί ὑποφαύσεις κύκλῳ τοῖς τρισὶν ὥστε διακύπτειν καὶ ὁ οἶκος καὶ τὰ πλησίον ἐξυλωμένα κύκλῳ καὶ τὸ ἔδαφος καὶ ἐκ τοῦ ἐδάφους ἕως τῶν θυρίδων καὶ αἱ θυρίδες ἀναπτυσσόμεναι τρισσῶς εἰς τὸ διακύπτειν
17 ১৭ আৰু দুৱাৰৰ ওপৰ ভাগ, ভিতৰ গৃহটি, বাহিৰৰ ঠাই আৰু গোটেই দেৱাল, চাৰিওফালে ভিতৰে আৰু বাহিৰে যি যি আছিল, সেই সকলোকে জোখা হ’ল।
καὶ ἕως πλησίον τῆς ἐσωτέρας καὶ ἕως τῆς ἐξωτέρας καὶ ἐφ’ ὅλον τὸν τοῖχον κύκλῳ ἐν τῷ ἔσωθεν καὶ ἐν τῷ ἔξωθεν
18 ১৮ কৰূব আৰু খাজুৰ গছৰ আকৃতি এইদৰে কৰা হৈছিল, যে, দুটা দুটা কৰূবৰ আকৃতিৰ মাজত এজোপা এজোপা খাজুৰ গছৰ আকৃতি আছিল; আৰু প্ৰত্যেক কৰূবৰ দুখন দুখন মুখ আছিল।
γεγλυμμένα χερουβιν καὶ φοίνικες ἀνὰ μέσον χερουβ καὶ χερουβ δύο πρόσωπα τῷ χερουβ
19 ১৯ এইদৰে, এফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে মানুহৰ মুখ আৰু আনফালে খাজুৰ গছৰ আকৃতিটোৰ পোনে ডেকা সিংহৰ মুখ আছিল; কেউফালে গোটেই গৃহত এইদৰে কৰা হ’ল।
πρόσωπον ἀνθρώπου πρὸς τὸν φοίνικα ἔνθεν καὶ ἔνθεν καὶ πρόσωπον λέοντος πρὸς τὸν φοίνικα ἔνθεν καὶ ἔνθεν διαγεγλυμμένος ὅλος ὁ οἶκος κυκλόθεν
20 ২০ মজিয়াৰ পৰা দুৱাৰৰ ওপৰলৈকে কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা হৈছিল; মন্দিৰৰ দেৱাল এই প্ৰকাৰ আছিল।
ἐκ τοῦ ἐδάφους ἕως τοῦ φατνώματος τὰ χερουβιν καὶ οἱ φοίνικες διαγεγλυμμένοι
21 ২১ মন্দিৰৰ বিষয়ে হ’লে, দুৱাৰৰ খুটাকেইটা চাৰিসিৰীয়া কৰা আছিল; অতি পবিত্ৰ স্থানৰ আগফালৰ বিষয়ে হ’লে, তাৰ আকৃতি মন্দিৰৰ আকৃতিৰ নিচিনা।
καὶ τὸ ἅγιον καὶ ὁ ναὸς ἀναπτυσσόμενος τετράγωνα κατὰ πρόσωπον τῶν ἁγίων ὅρασις ὡς ὄψις
22 ২২ বেদিটো কাঠৰ, তিনিহাত ওখ আৰু দুহাত দীঘল, তাৰ চুক আৰু দীঘে পথালিয়ে গোটেই গা কাঠৰ আছিল। পাছে তেওঁ মোক ক’লে, “এই বেদিয়েই যিহোৱাৰ আগত থকা মেজ।”
θυσιαστηρίου ξυλίνου πηχῶν τριῶν τὸ ὕψος αὐτοῦ καὶ τὸ μῆκος πηχῶν δύο καὶ τὸ εὖρος πηχῶν δύο καὶ κέρατα εἶχεν καὶ ἡ βάσις αὐτοῦ καὶ οἱ τοῖχοι αὐτοῦ ξύλινοι καὶ εἶπεν πρός με αὕτη ἡ τράπεζα ἡ πρὸ προσώπου κυρίου
23 ২৩ মন্দিৰ আৰু অতি পবিত্ৰ স্থানৰ দুফলীয়া দুখন দুৱাৰ আছিল।
καὶ δύο θυρώματα τῷ ναῷ καὶ τῷ ἁγίῳ
24 ২৪ আৰু প্ৰত্যেক ফালৰ ঘূৰাব পৰা দুই দুই খলপ আছিল। এফালে দুখলপ আৰু আনফালে দুখলপ আছিল।
δύο θυρώματα τοῖς δυσὶ θυρώμασι τοῖς στροφωτοῖς δύο θυρώματα τῷ ἑνὶ καὶ δύο θυρώματα τῇ θύρᾳ τῇ δευτέρᾳ
25 ২৫ দেৱালত কৰাৰ দৰে সেইবোৰত, মন্দিৰৰ দুৱাৰ কেইখনত কৰূব আৰু খাজুৰ গছৰ আকৃতি কৰা আছিল; আৰু বাহিৰত বাৰাণ্ডাৰ আগফালৰ ওপৰত ডাঠ কাঠৰ চতি আছিল।
καὶ γλυφὴ ἐπ’ αὐτῶν καὶ ἐπὶ τὰ θυρώματα τοῦ ναοῦ χερουβιν καὶ φοίνικες κατὰ τὴν γλυφὴν τῶν ἁγίων καὶ σπουδαῖα ξύλα κατὰ πρόσωπον τοῦ αιλαμ ἔξωθεν
26 ২৬ বাৰাণ্ডাৰ দুই কাষে, ইফালে সিফালে চিলিঙি দিয়া খিড়িকি আৰু খাজুৰ গছৰ আকৃতি আছিল; গৃহৰ কিনাৰৰ কোঁঠালিবোৰ আৰু ডাঠ কাঠৰ চতিকেইটা এই প্ৰকাৰ আছিল।
καὶ θυρίδες κρυπταί καὶ διεμέτρησεν ἔνθεν καὶ ἔνθεν εἰς τὰ ὀροφώματα τοῦ αιλαμ καὶ τὰ πλευρὰ τοῦ οἴκου ἐζυγωμένα