< এজেকিয়েল 40 >
1 ১ আমি বাবিলনৰ পৰা দেশান্তৰিত হোৱাৰ পঁচিশ বছৰৰ বছৰি, বছৰৰ আৰম্ভণত, মাহৰ দশম দিনা, নগৰখন প্ৰহাৰিত হোৱাৰ চতুৰ্দ্দশ বছৰৰ সেই দিনাই যিহোৱাই তেওঁৰ হাত মোৰ ওপৰত দি মোক তালৈ নিলে।
И бысть во двадесять пятое лето пленения нашего, перваго месяца, в десятый день месяца, в четвертоенадесять лето но пленении града, в той день бысть на мне рука Господня: и веде мя тамо,
2 ২ তেওঁ মোক ঈশ্বৰীয় দৰ্শনত ইস্ৰায়েল দেশলৈ নি এখন অতিশয় ওখ পৰ্ব্বতত বহুৱালে; তাৰ ওপৰত দক্ষিণফালে এক নগৰস্বৰূপ গৃহ দেখা গৈছিল।
в видении Божии веде мя на землю Израилеву и постави мя на горе высоце зело, на нейже яко сограждение града прямо (полудне),
3 ৩ তেতিয়া তেওঁ মোক তালৈ নিলে, আৰু চোৱা, হাতত এগছ শণ সূতাৰ ৰছী আৰু এডাল পৰিমান-নল লোৱা পিতলৰ আভাৰ দৰে আবা থকা এজন পুৰুষ আছিল; তেওঁ বাট-চৰাত থিয় হৈ আছিল।
и введе мя тамо: и се, муж, и зрак его бяше, яко видение меди блещащияся, и в руце его бяше вервь зиждущих и трость мерителная. Той же стояше у врат
4 ৪ পাছে সেই পুৰুষে মোক ক’লে, “হে মনুষ্য সন্তান, তুমি নিজৰ চকুৰে চোৱা, নিজৰ কাণেৰে শুনা আৰু মই তোমাক যি যি দেখুৱাম, সেই সকলোলৈ মন দিয়া; কিয়নো মই যেন সেই সকলোকে তোমাক দেখুৱাম, এই অভিপ্ৰায়েৰেহে তোমাক ইয়ালৈ অনা হ’ল; তুমি যি যি দেখিবা, সেই সকলোকে ইস্ৰায়েল বংশক জনাবা।
и рече ко мне: видел ли еси, сыне человечь? Виждь очима твоима и ушима твоима слыши, и учини в сердцы твоем вся, елика аз показую тебе, зане того ради вшел еси семо, да покажу тебе, и покажеши ты вся, елика видиши, дому Израилеву.
5 ৫ আৰু চোৱা, গৃহৰ বাহিৰে চাৰিওফালে এটা গড় আছিল, আৰু পুৰুষজনৰ হাতত জুখিবৰ কাৰণে ছহাত দীঘল এডাল নল আছিল; তাৰ প্ৰত্যেক হাতৰ জোখ এক হাত চাৰি আঙুল; পাছে তেওঁ গড় জুখিলত, ডাঠে এক নল, আৰু ওখই এক নল হ’ল।
И се, ограда внеуду окрест храма, и в руце мужа мера тростяна шести лакот в лакоть шестодланный, и измери предстение ширину равно трости, и высоту его равно трости.
6 ৬ তেতিয়া তেওঁ পূৱফালে মুখ কৰা বাট-চৰালৈ আহি তাৰ খটখটিয়েদি উঠিল আৰু তেওঁ সেই বাট-চৰাৰ দুৱাৰডলি জুখিলত, বহলে এক নল হ’ল; আৰু এক নল বহল আন দুৱাৰডলিও আছিল।
И вниде во врата зрящая на восток седмию степеньми, и измери фее, шесть о сию страну, шесть же об ону, и елам дверный равно трости.
7 ৭ আৰু প্ৰত্যেক প্ৰহৰী কোঁঠালি এক নল দীঘল আৰু এক নল বহল আছিল, আৰু সেই কোঁঠালিবোৰ পাঁচ হাত পাঁচ হাত অন্তৰে আছিল; আৰু গৃহৰ ফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ কাষত থকা দুৱাৰডলি এক নল আছিল।
И фее равно трости в долготу и равно трости в широту, и аилам среде феилаф шести лакот. И фее второе равно трости в широту и равно трости в долготу, елам же пяти лакот.
8 ৮ তেওঁ বাট-চৰাটোৰ গৃহৰ ফাললৈ থকা বাৰাণ্ডা জুখি এক নল পালে।
И фее третие равно трости в долготу и равно трости в широту,
9 ৯ পাছত তেওঁ বাট-চৰাটোৰ বাৰাণ্ডা জুখি আঠ হাত পালে আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ জুখি দুহাত দুহাত পালে আৰু বাট-চৰাটোৰ বাৰাণ্ডা গৃহৰ ফাললৈ আছিল।
елам же вратный, иже близ елама двернаго осми лакот, аилев же двою лактей: и елам дверный внутрьуду.
10 ১০ আৰু সেই পূৱফালৰ বাট-চৰাটোৰ প্ৰহৰী কোঁঠালি এফালে তিনটা আনফালে তিনটা আছিল, সেই তিনিওটা একে জোখৰ; আৰু ইফালে সিফালে থকা, পহৰী কোঁঠালি পৃথক কৰা দেৱালবোৰ একে জোখৰ।
И фее дверныя прямо фее, три о сию страну и три об ону, мера же едина трием: и мера едина аилам сюду и сюду.
11 ১১ পাছে তেওঁ বাট-চৰাটোৰ প্ৰৱেশস্থানৰ প্ৰস্থ জুখি দহ হাত পালে আৰু বাট-চৰাটোৰ দৈৰ্ঘ্য জুখি তেৰ হাত পালে।
И размери широту входа вратнаго десяти лактей, широту же вратную тринадесяти лактей,
12 ১২ আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালিৰ আগত ইফালে এশ হাতৰ সিফালে এশ হাতৰ সীমা আছিল আৰু প্ৰত্যেক প্ৰহৰী-কোঁঠালি ইফালে ছহাত সিফালে ছহাত আছিল।
и лакоть един сводимь прямо фееим лактя единаго и лактя единаго, предел сюду и сюду, и фее шести лактей о сию страну и шести лактей об ону страну.
13 ১৩ আৰু তেতিয়া তেওঁ এটা প্ৰহৰী-কোঁঠালিৰ চালৰ পৰা আন চাললৈকে বাট-চৰাটো জুখি পঁচিশ হাত বহল পালে, দুৱাৰ সন্মুখা-সন্মুখি।
И размери врата от стены фее до стены фее, широта двадесяти и пяти лактей: сия врата ко вратом,
14 ১৪ তেতিয়া তেওঁ বাৰাণ্ডাৰ জোখ থিৰ কৰি বিশ হাত পালে; বাট-চৰাটোৰ কেউফালে থকা চোতালখন বাৰাণ্ডাত লাগি আছিল।
и непокровенное елама врат шестидесяти лактей, (двадесяти пяти) и фее двора окрест,
15 ১৫ আৰু বাট-চৰাটোৰ প্ৰৱেশস্থানৰ সন্মুখৰ পৰা বাট-চৰাটোৰ গৃহৰ ফালে থকা বাৰাণ্ডাৰ সন্মুখলৈ পঞ্চাশ হাত।
и непокровенное врат отвне в непокровенное (врат) елама врат внутрьуду пятьдесят лактей.
16 ১৬ প্ৰহৰী–কোঁঠালিবোৰত, বাট-চৰাটোৰ ভিতৰে কেউফালে সেইবোৰ পৃথক কৰা দেৱালবোৰত, আৰু সেইদৰে খিলানবোৰত, চিলিঙি দিয়া খিড়িকি আছিল আৰু সেই খিড়িকি ভিতৰে কেউফালে আছিল আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল।
И оконца сокровена фееим и в аилам внутрь врат двора окрест: такожде и елам оконца внутрьуду окрест, и на аилам финики сюду и сюду (изваяны).
17 ১৭ তেতিয়া তেওঁ মোক বাহিৰ চোতালখনলৈ নিলে আৰু চোৱা, চোতালখনৰ কেউফালে সজা অনেক কোঁঠালি আৰু শিল পাৰি দিয়া এডোখৰ ঠাই আছিল; সেই ঠাইডোখৰত ত্ৰিশটা কোঁঠালি আছিল।
И введе мя во двор внутренний, и се, преграждения и междустолпия окрест двора, преграждений же тридесять в междустолпиих,
18 ১৮ আৰু ঠাইডোখৰ বাট-চৰাকেইটাৰ কাষে কাষে আছিল; সেয়ে বহলে বাট-চৰাকেইটাৰ দীঘলৰ সমান সেয়ে শিলপাৰি দিয়া চাপৰ ঠাই।
и притворы противу задней стране врат, по долготе врат междустолпие нижнее.
19 ১৯ পাছত তেওঁ তলৰ বাট-চৰাটোৰ সন্মূখৰ পৰা ভিতৰৰ চোতালখনৰ সন্মূখলৈ, বাহিৰে প্ৰস্থ জুখি পূৱ আৰু উত্তৰ দুয়োফালে এশ এশ হাত পালে।
И размери широту двора от непокровенаго врат внешних внутрь ко непокровеному врат зрящих вне, лактей сто зрящих на восток: и введе мя на север,
20 ২০ পাছত তেওঁ বাহিৰ চোতালখনৰ উত্তৰ ফালে মুখ কৰা বাট-চৰাটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে।
и се, врата зрящая на север двору внешнему, и размери я, долготу их и широту.
21 ২১ তাৰ প্ৰহৰী-কোঁঠালি ইফালে তিনিটা সিফালে তিনিটা আছিল আৰু তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলনিবোৰ প্ৰথম বাট-চৰাটোৰ পৰিমান মতেই; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
И фее три о сию страну, три же об ону, и аилев, и еламы, и финики их: и бысть по мере врат зрящих на восток, пятидесяти лактей долгота их, а широта их двудесяти и пяти лактей:
22 ২২ তাৰ খিড়িকিবোৰ, তাৰ খিলনিবোৰ আৰু তাৰ খাজুৰ গছৰ আকৃতিৰ পূৱফালৰ বাট-চৰাটোৰ পৰিমান মতেই; সাতখাপ গৈ তাৰ ওপৰত উঠা যায়; তাৰ খিলনিবোৰ ভিতৰ ফালে আছিল।
и оконца их, и еламы, и финики их, якоже врата зрящая на восток: и седмию восходами восхождаху на ня, и еламы внутрьуду.
23 ২৩ উত্তৰফালৰ বাট-চৰাটোৰ আৰু পূৱফালৰ বাট-চৰাটোৰ সন্মুখত ভিতৰ চোতালখনৰ বাট-চৰা আছিল; আৰু তেওঁ এটা বাট-চৰাৰ পৰা আন এটা বাট-চৰাটোলৈ জুখি এশ হাত পালে।
И врата двору внутреннему зрящая ко вратом северным, якоже врата зрящая на восток: и размери двор от врат до врат лактей сто.
24 ২৪ পাছত তেওঁ মোক দক্ষিণ ফাললৈ নিলে আৰু চোৱা, দক্ষিণফালে মুখ কৰা এটা বাট-চৰা আছিল আৰু তেওঁ তাৰ ওলাই থকা সন্মুখৰ দুই ভাগ তাৰ খিলনিবোৰ জুখি সেই পৰিমানতেই পালে।
И веде мя к югу, и се, врата зрящая на юг, и размери я, и фее, и аилева, и еламы, по темжде мерам.
25 ২৫ তাত আৰু তাৰ কেউফালে থকা খিলানবোৰত ওপৰে কোৱা খিড়িকিৰ দৰে খিড়িকি আছিল, তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
И оконца их и еламы окрест якоже и оконца елаг, пятидесяти лактей долгота их, а широта двудесяти и пяти лактей,
26 ২৬ তাৰ ওপৰত উঠিবলৈ সাতখাপ আছিল; তাৰ খিলানবোৰ ভিতৰ ফালে আছিল আৰু তাৰ বাৰাণ্ডা ওলাই থকা সন্মুখৰ দুই ভাগত ইফালে সিফালে খাজুৰ গছৰ আকৃতি আছিল।
и седмь восходов им, и еламы внутрьуду, и финики их, един о сию страну, а другий об ону над аилев.
27 ২৭ আৰু দক্ষিণ পালে ভিতৰ চোতালখনৰ এটা বাট-চৰা আছিল; তেওঁ এটা বাট-চৰাৰ পৰা আনটোলৈ দক্ষিণ পালে জুখি এশ হাত পালে।
И врата прямо вратом двора внутренняго на юг: и размери двор от врат до врат на юг, сто лактей в широту.
28 ২৮ পাছে তেওঁ মোক দক্ষিণফালৰ বাট-চৰাইদি ভিতৰ চোতালখনলৈ নিলে আৰু তেওঁ দক্ষিণৰ বাট-চৰা জুখি সেই পৰিমাণমতেই পালে;
И введе мя во двор внутренний врат, яже на юг, и размери врата, яже на юг, по темжде мерам:
29 ২৯ তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ পৰা ওলাই থকা বাৰাণ্ডাৰ দুই ভাগ, আৰু তাৰ খিলানবোৰ সেই পৰিমাণমতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁচিশ হাত।
и фее, и аилев, и еламы по темжде мерам.
30 ৩০ আৰু কেউফালে পঁচিশ হাত দীঘল আৰু পাঁচ হাত বহল খিলানবোৰ আছিল;
И оконца их и еламы окрест, пятидесяти лактей долгота их, а широта двудесяти и пяти лактей.
31 ৩১ তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল, আৰু তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
Еламы же во двор внешний, и финики аилев, и осмь восходов.
32 ৩২ পাছত তেওঁ মোক পূৱফাললৈ ভিতৰ চোতালখনৰ মাজলৈ নিলে আৰু বাট-চৰাটো জুখি সেই পৰিমাণতেই পালে।
И введе мя во врата зрящая на восток, и размери я по темжде мерам, и фее и аилев и еламы по темжде мерам.
33 ৩৩ তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল; তাত আৰু তাৰ কেউফালে তাৰ খিলানবোৰত খিড়িকি আছিল; বাট-চৰাটো পঞ্চাশ হাত দীঘল আৰু পঁচিশ হাত বহল।
И оконца им, и еламы и окрест, пятидесяти лактей долгота их, а широта их двудесяти и пяти лактей.
34 ৩৪ তাৰ খিলানবোৰ বাহিৰ চোতালখনৰ ফাললৈ আছিল আৰু ইফালে সিফালে তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
И еламы во двор внутренний, и финики на аилев сюду и сюду, и осмь восходов им.
35 ৩৫ পাছত তেওঁ মোক উত্তৰ বাট-চৰাটোলৈ নিলে আৰু তেওঁ তাক জুখি সেই পৰিমাণমতেই পালে।
И введе мя во врата яже на север, и размери по темжде мерам,
36 ৩৬ তাৰ প্ৰহৰী-কোঁঠালিবোৰ, তাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগ আৰু তাৰ খিলানবোৰ সেই পৰিমাণতেই আছিল আৰু কেউফালে তাত খিড়িকি আছিল; তাৰ দৈৰ্ঘ্য পঞ্চাশ হাত আৰু প্ৰস্থ পঁছিশ হাত আছিল।
и фее и аилев и еламы, и оконца им окрест, пятидесяти лактей долгота их, а широта двудесяти и пяти лактей,
37 ৩৭ তাৰ বাৰাণ্ডা বাহিৰ চোতালৰ ফাললৈ আছিল আৰু তাৰ ইফালে সিফালে ওলাই থকা সন্মুখৰ দুই ভাগত খাজুৰ গছৰ আকৃতি আছিল; আৰু তাৰ ওপৰত উঠিবলৈ আঠ খাপ আছিল।
и еламы во внешний двор, и финики аилеву сюду и сюду, и осмь восходов им.
38 ৩৮ প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়।
И преграды их, и двери их, и еламы их пред враты их вторыми сток, тамо измывают всесожжения.
39 ৩৯ হোম-বলি, পাপাৰ্থক-বলি আৰু দোষাৰ্থক বলি কাটিবলৈ বাট-চৰাটোৰ বাৰাণ্ডাত ইফালে দুখন সিফালে দুখন মেজ আছিল।
Во еламе же врат, две трапезы о сию страну, две же об ону, еже закалати на них всесожжения, яже за грехи и яже за неведение.
40 ৪০ আৰু উত্তৰ ফালৰ বাট-চৰাটোৰ প্ৰৱেশস্থানত খটখটিৰ ওচৰত বাহিৰে এফালে দুখন মেজ আছিল আৰু আনফালে বাট-চৰাটোৰ বাৰাণ্ডাৰ দাঁতিত দুখন মেজ আছিল।
И созади стока всесожжений дверий зрящих на север две трапезы на восток противу задней стране (дверий) вторых, и противу елама врат две трапезы на восток.
41 ৪১ এইদৰে বাট-চৰাটোৰ ভিতৰত চাৰিখন আৰু বাট-চৰাটোৰ বাহিৰত চাৰিখন মেজ আছিল; বলি কাটিবলৈ সৰ্ব্বমুঠ আঠখন মেজ আছিল।
Четыри о сию страну, четыри же об ону противу задней стране врат, на тех закалают заколения: прямо осми трапез заколений:
42 ৪২ আৰু হোম-বলিৰ অৰ্থে ডেৰ হাত দীঘল, ডেৰ হাত বহল, আৰু এক হাত ওখ, কটাশিলৰ এনে চাৰিখন মেজ আছিল; তাত হোম-বলি আৰু আন আন বলি কটা অস্ত্ৰ ৰখা হয়।
четыри же трапезы всесожжений каменны истесаны, в широту лактя единаго и пол, в долготу двух лактей и пол, а в высоту лакоть един: на тыя возлагают орудия, имиже закалают тамо всесожжения и заколения.
43 ৪৩ আৰু ভিতৰে কেউফালে চাৰি আঙুলিয়া হাঁকোটিবোৰ লগোৱা আছিল আৰু মেজ কেইখনত উৎসৰ্গ কৰি মাংস থোৱা হয়।
И имеют ограждение мало истесано на длань внутрьуду окрест, верху же трапезы покров, еже покрыватися им от дождя и зноя.
44 ৪৪ আৰু ভিতৰ বাট-চৰাটোৰ বাহিৰত উত্তৰ বাট-চৰাটোৰ কাষত ভিতৰ চোতালখনত গায়ন-বায়নসকলৰ কাৰণে কেইটামান কোঁঠালি আছিল, সেইবোৰৰ মুখ দক্ষিণ ফালে; পূৱ বাট-চৰাটোৰ কাষত উত্তৰ ফালে মুখ কৰা এটা কোঁঠালি আছিল।
И введе мя во двор внутреннейший, и се, две преграды во внутреннейшем дворе, едина противу задней стране врат зрящих на север, вводящая на юг, а другая противу задней стране врат сущих на юг, зрящих же к северу.
45 ৪৫ আৰু তেওঁ মোক ক’লে, “দক্ষিণফালে মুখ কৰা এই কোঁঠালিটো গৃহ ৰক্ষক পুৰোহিতসকলৰ কাৰণে।
И рече ко мне: преграда сия, яже зрит на юг, жерцем есть, иже стрегут стражбу храма:
46 ৪৬ আৰু উত্তৰ ফালে মুখ কৰা কোঁঠালিটো যজ্ঞ-বেদি ৰক্ষক পুৰোহিতসকলৰ কাৰণে; তেওঁলোক চাদোকৰ সন্তান; লেবীৰ সন্তান সকলৰ মাজৰ পৰা তেওঁলোকেই যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ তেওঁৰ গুৰিলৈ আহে।
а преграда, яже зрит к северу, жерцем есть стрегущым стражу требника: тии суть сынове Садуковы, приступающии от Левиа ко Господеви, еже служити Ему.
47 ৪৭ আৰু তেওঁ চোতালখন জুখি এশ হাত দীঘল আৰু এশ হাত বহল পালে, সেয়ে চাৰিওফালে সমান; যজ্ঞ-বেদিটো গৃহৰ আগত আছিল।
И размери двор ста лактей в долготу и в широту ста лактей, на четыри страны его, и требник прямо храму.
48 ৪৮ পাছত তেওঁ মোক গৃহৰ বাৰাণ্ডালৈ নি, সেই বাৰণ্ডাৰ ওলাই থকা সন্মুখৰ প্ৰত্যেক ভাগ জুখি, ইফালে পাঁচ হাত সিফালে পাঁচ হাত পালে, আৰু প্ৰত্যেক প্ৰৱেশস্থানৰ কাষৰ ওলাই থকা ভাগৰ প্ৰস্থ ইফালে তিনি হাত আনফালে তিনি হাত পালে।
И введе мя во елам храма: и размери аил елама пяти лактей широту о сию страну, пяти же лактей об ону, широта же дверная четырехнадесяти лактей, и бока дверная елама три лакти о сию страну, три же об ону.
49 ৪৯ বাৰাণ্ডাৰ দৈৰ্ঘ্য বিশ হাত আৰু প্ৰস্থ বাৰ হাত আছিল আৰু তালৈ উঠিব পৰা খটখটী আছিল; আৰু বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত এফালে এটা স্তম্ভ আৰু আনফালে এটা স্তম্ভ আছিল।
Долгота же елама двадесять лактей, а широта дванадесять лактей: и десятию степеньми восхождаху к нему, и столпи бяху у аилама, един о сию страну, а другий об ону.