< এজেকিয়েল 4 >
1 ১ হে মনুষ্য সন্তান, তুমি এটা ইটা লোৱা আৰু নিজৰ সন্মুখত ৰাখা। তাৰ পাছত সেই ইটাটোৰ ওপৰত যিৰূচালেম নগৰৰ নক্সা আঁকা।
És te ember fia, végy magadnak egy téglát, tedd azt magad elé és véss reá várost: Jeruzsálemet.
2 ২ আৰু তাক অৱৰোধ কৰা, তাৰ বিপৰীতে কোঁঠ সাজা, তাৰ বিপৰীতে হাদাম বান্ধা, তাৰ বিপৰীতে চাৰিওফালে ছাউনি পাতা আৰু তাৰ বিপৰীতে চাৰিওফালে গড় ভঙা যন্ত্ৰ স্থাপন কৰা।
És készíts ellene ostromot, építs ellene ostromtornyokat, hányj föl ellene sánczot, készíts ellene táborokat és helyezz el ellene kosokat köröskörül.
3 ৩ আৰু তুমি এখন লোহাৰ তাওৱা লৈ, তোমাৰ আৰু নগৰৰ মাজত লোহাৰ গড়স্বৰূপে তাক স্থাপন কৰা। আৰু তালৈ কঠিন দৃষ্টি কৰা, তাতে সেয়ে অৱৰোধৰ অৱস্থাত পৰিব আৰু তুমি তাক অৱৰোধ কৰিবা; ইস্ৰায়েল-বংশৰ কাৰণে এয়ে চিন হ’ব।
És te végy magadnak vasserpenyőt, tedd azt vasfal gyanánt közéd és a város közé; és irányítsd feléje arczodat, hogy ostrom alatt legyen és ostromold azt: jel az Izraél háza számára
4 ৪ তাৰ বাহিৰে তুমি বাওঁকাষে শুই তাৰ ওপৰত ইস্ৰায়েল-বংশৰ অপৰাধৰ ভাৰ ৰাখা; তুমি সেই কাষে শোৱা দিনৰ সংখ্যা অনুসাৰে তুমি তেওঁলোকৰ অপৰাধ ববা।
Te pedig feküdj bal oldalodra és tedd rá Izraél házának bűnét; azon napok száma szerint, a meddig rajta fekszel, viselni fogod bűnüket.
5 ৫ কিয়নো মই তেওঁলোকৰ অপৰাধৰ বছৰৰ সংখ্যা তোমাৰ কাৰণে কেতবোৰ দিনৰ সংখ্যা কৰিলোঁ, অৰ্থাৎ তিনিশ নব্বৈ দিন কৰিলোঁ; এইদৰে তুমি ইস্ৰায়েল বংশৰ অপৰাধ ববা।
Én ugyanis adtam neked bűnük éveit napok száma szerint, háromszázkilencven napot, hogy viseljed Izraél házának bűnét.
6 ৬ যেতিয়া তুমি এইদৰে এই দিনবোৰ সম্পূৰ্ণ কৰিবা, তাৰ পাছত দ্বিতীয় বাৰৰ বাবে আকৌ সোঁকাষে শুবা আৰু চল্লিশ দিনলৈকে যিহূদা-বংশৰ অপৰাধ ববা; মই এক এক বছৰ তোমাৰ কাৰণে এক এক দিন কৰিলোঁ।
Ha ezeket befejezted, másodszor feküdj, jobb oldalodra, és viseld Jehúda házának bűnét; negyven napnak, egy-egy napot egy-egy évre, adtam azt neked.
7 ৭ তুমি বাহু উদং কৰি যিৰূচালেমৰ অৱৰোধলৈ স্থিৰ দৃষ্টি কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিবা।
És Jeruzsálem ostroma, felé irányítsd arczodat, karod pedig feltűrve legyen, és prófétálj róla.
8 ৮ কাৰণ চোৱা! মই ৰছীৰে তোমাক বান্ধিম; তাতে তোমাৰ অৱৰোধৰ দিন তুমি সম্পূৰ্ণ নকৰালৈকে এক কাষৰ পৰা আন কাষলৈ বাগৰিব নোৱাৰিবা।
És íme én köteleket tettem reád, hogy ne fordulj oldalodról oldalodra, míg be nem fejezted az ostromod napjait.
9 ৯ আৰু তুমি নিজৰ বাবে ঘেঁহু, যৱ, মাহ, মচুৰ বজৰা আৰু জনৰা লৈ এটা পাত্ৰত ৰাখি তাৰে পিঠা বনোৱা; তুমি কাতি হৈ শুই থকা দিনৰ সংখ্যা অনুসাৰে তিনিশ নব্বৈ দিন তাক ভোজন কৰিবা।
Te pedig végy magadnak búzát, árpát, babot, lencsét, kölest és tönkölyt, tedd azokat azon egy edénybe és készítsd el számodra azokat kenyérnek, azon napok száma szerint, ameddig oldalodon fekszel, háromszázkilencven napon át fogod enni.
10 ১০ ভোজনৰ আহাৰ তুমি ভোজন কৰিবা আৰু প্ৰতিদিনে বিশ চেকল জোখৰ আহাৰ খাবা। তুমি সময়ে সময়ে ইয়াক ভোজন কৰিবা।
Ételed pedig, ahogy azt eszed, súly szerint legyen, húsz sékel egy napra, időtől időig fogod enni.
11 ১১ আৰু তুমি পানী জোখ কৰি লৈ এক হীনৰ ছয় ভাগৰ এভাগ পানী পান কৰিবা।
És vizet mérték szerint igyál, egy hatod hínt időtől időig fogod inni.
12 ১২ আৰু তুমি যৱৰ পিঠাৰ দৰে তাক তৈয়াৰ কৰি ভোজন কৰিবা; আৰু তেওঁলোকৰ চকুৰ আগতে, মানুহৰ পৰা বাহিৰ হোৱা বিষ্ঠাৰে তাক তাও দিবা।
Árpalepényként fogod enni, azt pedig emberganéj sarán süsd meg szemük láttára.
13 ১৩ যিহোৱাই পুনৰ ক’লে, “যি জাতিবোৰৰ মাজলৈ মই এই ইস্ৰায়েল সন্তান সকলক খেদিম, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজ নিজ আহাৰ এইদৰে অশুচিকৈ খাব।”
És szólt az Örökkévaló: Így fogják enni Izrael fiai kenyerüket tisztátalanul a nemzetek között, ahová őket eltaszítom.
14 ১৪ তেতিয়া মই ক’লোঁ, “হায় হায় প্ৰভু যিহোৱা! চোৱা, মোৰ প্ৰাণ অশুচি কৰা নাই! কিয়নো মই ল’ৰা কালৰে পৰা আজিলৈকে নিজে মৰা বা জন্তুৱে ছিৰা একোকে খোৱা নাই, নাইবা ঘিণলগীয়া মাংস মোৰ মুখত কেতিয়াও সোমোৱা নাই।”
Erre mondtam: Jaj, Uram, Örökkévaló, íme a lelkem nincsen megtisztátalanítva, s elhullott és széttépett állatot nem ettem ifjúkoromtól fogva egész mostanáig és undokság húsa nem jutott az én számba
15 ১৫ তেতিয়া তেওঁ মোক ক’লে, “মই মানুহৰ বিষ্ঠাৰ সলনি তোমাক গোবৰ দিলোঁ; তুমি তাৰে নিজৰ পিঠা তাও দি তৈয়াৰ কৰিবা।
És szólt hozzám: Lásd, megengedtem neked a marhaganéjt ember sara helyett, hogy azon készítsd el kenyeredet.
16 ১৬ ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
És szólt hozzám: Ember fia, íme én eltöröm a kenyér pálcáját Jeruzsálemben és majd esznek kenyeret súly szerint és aggódással, vizet pedig mérték szerint és álmélkodással fognak inni;
17 ১৭ তেওঁলোকে সাৱধানেৰে জুখি জুখি পিঠা খাব আৰু আচৰিত হৈ জুখি জুখি পানী পান কৰিব।
hogy hiányuk legyen kenyérben és vízben, és eliszonyodnak egyik, a másikán és elsínylenek bűnükben.