< এজেকিয়েল 39 >
1 ১ “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
Och du menniskobarn, prophetera emot Gog, och säg: Detta säger Herren Herren: Si, jag vill till dig, Gog, du som en Förste äst af de herrar i Mesech och Thubal.
2 ২ আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।
Si, jag skall böja dig omkring, och utlocka dig, och hemta dig ifrå de ändar nordanefter, och låta dig komma in på Israels berg;
3 ৩ আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।
Och skall slå bågan utu dine venstra hand, och bortkasta dina pilar utu dine högra hand.
4 ৪ তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।
På Israels bergom skall du nederlagd varda, du med allom dinom här, och med det folk som när dig är. Jag skall gifva dig foglom ehvadan de flyga, och djurom på markene till spis.
5 ৫ প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
Du skall falla på markene; ty jag, Herren Herren, hafver det sagt.
6 ৬ ‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।
Och jag skall kasta eld uppå Magog, och uppå dem som i öarna säkre bo, och de skola förnimma, att jag är Herren.
7 ৭ আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
Ty jag vill göra mitt helga Namn kunnigt ibland mitt folk Israel, och skall icke längre låta skämma mitt helga Namn; utan Hedningarne skola förnimma, att jag är Herren, den Helige i Israel.
8 ৮ প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে।
Si, det är allaredo kommet och skedt, säger Herren Herren; det är den dagen, der jag om talat hafver.
9 ৯ সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।
Och borgarena uti Israels städer skola utgå, och göra en eld, och uppbränna vapnen, sköldar, spetsar, bågar, pilar, stafrar och stänger, och skola dermed uppehålla eld i sju år;
10 ১০ তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।
Så att man intet skall behöfva sammanhemta någon ved på markene, eller hugga i skogenom, utan med de vapen skola de uppehålla eld, och skola skinna dem, af hvilkom de skinnade voro, och sköfla dem, af hvilkom de sköflade voro, säger Herren Herren.
11 ১১ তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।
Och det skall på den tiden ske, att jag skall gifva Gog ett rum till begrafning i Israel, nämliga den dalen der man går till hafvet österut; så att de der framgå, skola grufva sig derföre, efter man der hafver begrafvit Gog med sinom hop; och det skall kallas Gogs hops dal;
12 ১২ আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব।
Men Israels hus skall begrafva dem i sju månader långt, att landet skall dermed rensadt varda.
13 ১৩ এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব।
Ja, allt folket i landena skall hafva till skaffa med deras begrafning, och skall hafva berömmelse deraf, att jag på den dagen mina härlighet bevisat hafver, säger Herren Herren.
14 ১৪ তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব।
Och de skola utskicka män, som allestäds gå omkring i landena, och med dem dödgrafvare, till att begrafva de igenblefna på landena, att det må rensadt varda; efter sju månader skola de begynna ransaka derefter.
15 ১৫ আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।
Och de som omkring landet gå, och någorstäds ene menniskos ben se, de skola uppresa der ett tecken, tilldess att dödgrafvarena begrafva dem också med uti Gogs hops dal.
16 ১৬ আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।
Så skall ock staden heta der Hamona. Alltså skola de rensa landet.
17 ১৭ আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা।
Nu, du menniskobarn, så säger Herren Herren: Säg allom foglom, ehvadan de flyga, och allom djurom på markene: Församler eder, och kommer hit, kommer tillhopa allt omkring till mitt slagtoffer, det jag slagtar eder till ett stort slagtoffer, på Israels bergom; och äter kött, och dricker blod.
18 ১৮ তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।
De starkas kött skolen I äta, och förstarnas blod på jordene skolen I dricka; vädrars, lambars, bockars, oxars, hvilke allesammans fete och välgödde äro;
19 ১৯ তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
Och skolen äta det feta, så att i mätte varden, och dricka blodet, att I druckne varden af det slagtoffer, som jag eder slagtar.
20 ২০ আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”
Mätter eder nu öfver mitt bord, af hästar och resenärar, af starkom och allahanda krigsfolke, säger Herren Herren.
21 ২১ তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।
Och jag skall låta komma mina härlighet ibland Hedningarna, att alle Hedningar skola se min dom, som jag hafver gå låtit, och mina hand, den jag uppå dem lagt hafver;
22 ২২ ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
Och Israels hus alltså, förnimma skall, att jag, Herren, är deras Gud, ifrå den dagen och allt framåt;
23 ২৩ আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
Och desslikes alle Hedningar skola förnimma, att Israels hus för sina missgerningars skull, och för det de emot mig syndat hade, bortförde voro; hvarföre jag fördolde mitt ansigte för dem, och öfvergaf dem uti deras fiendars händer, så att de allesamman genom svärd falla måste.
24 ২৪ তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
Såsom deras synder och öfverträdelse förtjent hade, gjorde jag dem, och fördolde alltså mitt ansigte för dem.
25 ২৫ কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
Derföre så säger Herren Herren: Nu vill jag förlossa Jacobs fångar, och förbarma mig öfver hela Israels hus, och nit hafva om mitt helga Namn.
26 ২৬ আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
Men de skola gerna bära sin försmädelse och sina synder, der de med emot mig syndat hafva, när de säkre uti sitt land bo måga, så att dem ingen förskräcker;
27 ২৭ যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।
Och jag dem ifrå, folken hem igen hemtat, och utu deras fiendars land församlat hafver, och jag i dem helgad vorden är, inför många Hedningars ögon.
28 ২৮ আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
Alltså skola de förnimma, att jag, Herren, är deras Gud, som dem hafver Iåtit bortföra ibland Hedningarna, och åter låtit församla dem uti sitt land igen, och icke en af dem der blifva låtit;
29 ২৯ আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”
Och skall icke mer fördölja mitt ansigte för dem; ty jag hafver utgjutit min Anda öfver Israels hus, säger Herren Herren.