< এজেকিয়েল 38 >

1 পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
और ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ:
2 “হে মনুষ্য সন্তান, মাগোগদেশীয়, ৰোচ, মেচেক আৰু তুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা; তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা!
कि 'ऐ आदमज़ाद, जूज की तरफ़ जो माजूज की सरज़मीन का है, और रोश और मसक और तूबल का फ़रमारवा है, मुतवज्जिह हो और उसके ख़िलाफ़ नबुव्वत कर,
3 ‘প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! ৰোচ, মেচেক আৰু তুবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।
और कह, ख़ुदावन्द ख़ुदा यू फ़रमाता है: कि देख, ऐ जूज, रोश और मसक और तूबल के फ़रमारवा, मैं तेरा मुख़ालिफ़ हूँ।
4 মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাম; আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; তেওঁলোক আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; তেওঁলোক আটাইবোৰ তৰোৱালধাৰী।
और मैं तुझे फिरा दूँगा, और तेरे जबड़ों में आँकड़े डालकर तुझे और तेरे तमाम लश्कर और घोड़ों और सवारों को, जो सब के सब मुसल्लह लश्कर हैं, जो फरियाँ और सिपरे लिए हैं और सब के सब तेग़ज़न हैं खींच निकालूँगा।
5 তেওঁলোকৰ লগত পাৰস্য, কুচ আৰু পূট আছে; তেওঁলোক আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।
और उनके साथ फ़ारस और कूश और फूत, जो सब के सब सिपर बरदार और खू़दपोश हैं,
6 গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোগৰ্মাৰ বংশ আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।
जु़मर और उसका तमाम लश्कर, और उत्तर की दूर अतराफ़ के अहल — ए — तुजरमा और उनका तमाम लश्कर, या'नी बहुत से लोग जो तेरे साथ हैं।
7 তুমি যুগুত হোৱা! নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি তেওঁলোকৰ ৰখীয়া হোৱা।
तू तैयार हो और अपने लिए तैयारी कर, तू और तेरी तमाम जमा'अत जो तेरे पास जमा' हुई है, और तू उनका रहनुमा हो।
8 বহুদিনৰ পাছত তোমাৰ সৈন্য সমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতি সমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ’ল আৰু তেওঁলোক আটায়ে নিৰাপদে বাস কৰিছে!
और बहुत दिनों के बाद तू याद किया जाएगा, और आख़िरी बरसों में उस सरज़मीन पर जो तलवार के ग़ल्बे से छुड़ाई गई है और जिसके लोग बहुत सी क़ौमों के बीच से जमा' किए गए हैं, इस्राईल के पहाड़ों पर जो पहले से वीरान थे, चढ़ आएगा; लेकिन वह तमाम क़ौम से आज़ाद है, और वह सब के सब अमन — ओ — अमान से सुकूनत करेंगे।
9 তুমি উঠি ধুমুহাৰ দৰে যাত্ৰা কৰিবা; তুমি আৰু তোমাৰ আটাই দলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিয়ে মেঘৰ দৰে দেশ ঢাকিবা।
और तू चढ़ाई करेगा और आँधी की तरह आएगा, तू बादल की तरह ज़मीन को छिपाएगा, तू और तेरा तमाम लश्कर और बहुत से लोग तेरे साथ।
10 ১০ প্ৰভু যিহোৱাই এইদৰে কৈছে: ‘সেই দিনা তোমাৰ মনত নানা ভাব উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা।’
ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि उस वक़्त यूँ होगा कि बहुत से ख़याल तेरे दिल में आएँगे और तू एक बुरा मंसूबा बाँधेगा;
11 ১১ আৰু তুমি ক’বা, ‘লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা; আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ,
और तू कहेगा, कि 'मैं देहात की सरज़मीन पर हमला करूँगा, मैं उन पर हमला करूँगा जो राहत — ओ — आराम से बसते हैं; जिनकी न फ़सील है और न अड़बंगे और न फाटक हैं।
12 ১২ গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম।
ताकि तू लूटे और माल को छीन ले, और उन वीरानों पर जो अब आबाद हैं, और उन लोगों पर जो तमाम क़ौमों में से जमा' हुए हैं, जो मवेशी और माल के मालिक हैं और ज़मीन की नाफ़ पर बसते हैं, अपना हाथ चलाए।
13 ১৩ চিবা, দদান, তৰ্চীচৰ বণিকসকল আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, ‘আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, মেৰ-ছাগ আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?’
सबा और ददान और तरसीस के सौदागर और उनके तमाम जवान शेर — ए — बबर तुझ से पूछेंगे, 'क्या तू ग़ारत करने आया है? क्या तूने अपना ग़ोल इसलिए जमा' किया है कि माल छीन ले, और चाँदी सोना लूटे और मवेशी और माल ले जाए और बड़ी ग़नीमत हासिल करे।
14 ১৪ এই হেতুকে, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি গোগক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেইদিনা যেতিয়া মোৰ প্ৰজা ইস্ৰায়েলে নিৰাপদে বাস কৰিব, তেতিয়া তুমি দানো তাক নাজানিবা?
'इसलिए, ऐ आदमज़ाद, नबुव्वत कर और जूज से कह, ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि जब मेरी उम्मत इस्राईल, अम्न से बसेगी क्या तुझे ख़बर न होगी।
15 ১৫ সেইদৰে তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা, আৰু তোমাৰে সৈতে অনেক জাতি যাব; তেওঁলোক আটাইবোৰ অশ্বাৰোহী, তেওঁলোক মহাদল আৰু পৰাক্ৰমী সৈন্য-সামন্ত?
और तू अपनी जगह से उत्तर की दूर अतराफ़ से आएगा, तू और बहुत से लोग तेरे साथ, जो सब के सब घोड़ों पर सवार होंगे एक बड़ी फ़ौज और भारी लश्कर।
16 ১৬ তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’
तू मेरी उम्मत इस्राईल के सामने को निकलेगा और ज़मीन को बादल की तरह छिपा लेगा; यह आख़िरी दिनों में होगा और मैं तुझे अपनी सरज़मीन पर चढ़ा लाऊँगा, ताकि क़ौमें मुझे जाने जिस वक़्त मैं ऐ जूज उनकी आँखों के सामने तुझसे अपनी तक़दीस कराऊँ
17 ১৭ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘ইস্ৰায়েলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাববাণী প্ৰচাৰ কৰা মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে?
ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि क्या में वही नहीं जिसके बारे में मैंने पहले ज़माने में अपने ख़िदमत गुज़ार इस्राईली नबियों के ज़रिए', जिन्होंने उन दिनों में सालों साल तक नबुव्वत की फ़रमाया था कि मैं तुझे उन पर चढ़ा लाऊँगा?
18 ১৮ আৰু প্ৰভু যিহোৱাই কৈছে, ‘গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব!’
और यूँ होगा कि जब जूज इस्राईल की मम्लुकत पर चढ़ाई करेगा तो मेरा क़हर मेरे चेहरे से नुमाया होगा, ख़ुदावन्द ख़ुदा फ़रमाता है।
19 ১৯ কিয়নো মোৰ অন্তৰ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে মহৎ কম্পন হ’ব যে,
क्यूँकि मैंने अपनी ग़ैरत और आतिशी क़हर में फ़रमाया कि यक़ीनन उस रोज़ इस्राईल की सरज़मीन में सख़्त ज़लज़ला आएगा।
20 ২০ সমুদ্ৰৰ মাছ, আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰগ জন্তু আৰু পৃথিৱীৰ ওপৰত থকা সকলো লোক মোৰ সন্মুখত কঁপিব আৰু পৰ্ব্বতবোৰ পেলোৱা হ’ব, গড়া ঠাইবোৰ খহি পৰিব আৰু প্ৰত্যেক গড় মাটিৰে সমান হ’ব।
यहाँ तक कि समन्दर की मछलियाँ और आसमान के परिन्दे और मैदान के चरिन्दे, और सब कीड़े मकौड़े जो ज़मीन पर रेंगते फिरते हैं और तमाम इंसान जो इस ज़मीन पर हैं, मेरे सामने थरथराएँगे और पहाड़ गिर पड़ेंगे और किनारे बैठ जायेंगे और हर एक दीवार ज़मीन पर गिर पड़ेगी।
21 ২১ আৰু প্ৰভু যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব।
और मैं अपने सब पहाड़ों से उस पर तलवार तलब करूँगा, ख़ुदावन्द ख़ुदा फ़रमाता है, और हर एक इंसान की तलवार उसके भाई पर चलेगी।
22 ২২ আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।
और मैं वबा भेजकर और खू़ँरेज़ी करके उसे सज़ा दूँगा, और उस पर और उसके लश्करों पर और उन बहुत से लोगों पर जो उसके साथ हैं शिद्दत का मेंह और बड़े — बड़े — ओले और आग और गन्धक बरसाऊँगा।
23 ২৩ আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
और अपनी बुज़ुर्ग़ी और अपनी तक़्दीस कराऊँगा, और बहुत सी क़ौमों की नज़रों में मशहूर होंगे और वह जानेगे कि ख़ुदावन्द मैं हूँ।

< এজেকিয়েল 38 >