< এজেকিয়েল 38 >
1 ১ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
And the word of the Lord came to me, saying,
2 ২ “হে মনুষ্য সন্তান, মাগোগদেশীয়, ৰোচ, মেচেক আৰু তুবলৰ অধিপতি গোগৰ ফাললৈ মুখ কৰা; তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা!
Son of man, set thy face against Gog, and the land of Magog, Rhos, prince of Mesoch and Thobel, and prophesy against him,
3 ৩ ‘প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! ৰোচ, মেচেক আৰু তুবলৰ অধিপতি হে গোগ, মই তোমাৰ বিপক্ষ।
and say to him, Thus saith the Lord God; Behold, I am against thee, Rhos prince of Mesoch and Thobel:
4 ৪ মই তোমাক ওলোটাম, আৰু তোমাৰ জামুদাঁতৰ গুৰিত হাঁকোটা লগাম; আৰু তোমাক আৰু তোমাৰ ঘোঁৰা আৰু অশ্বাৰোহী আদি আটাই সৈন্যসামন্তকে উলিয়াম; তেওঁলোক আটাইবোৰ সু-সজ্জিত, ফৰ আৰু ঢাল ধৰা মহাদল; তেওঁলোক আটাইবোৰ তৰোৱালধাৰী।
and I will gather thee, and all thine host, horses and horsemen, all wearing breast-plates, with a great multitude, shields and helmets and swords:
5 ৫ তেওঁলোকৰ লগত পাৰস্য, কুচ আৰু পূট আছে; তেওঁলোক আটাইবোৰ ঢাল লোৱা, আৰু শিৰোৰক্ষক টুপি পিন্ধা।
Persians, and Ethiopians, and Libyans; all with helmets and shields.
6 ৬ গোমৰ আৰু তাৰ আটাই দলসমূহ, উত্তৰৰ অন্ত ভাগত থকা তোগৰ্মাৰ বংশ আৰু তাৰ আটাই দলসমূহ আদি কৰি অনেক অনেক জাতি তোমাৰে সৈতে আছে।
Gomer, and all belonging to him; the house of Thorgama, from the end of the north, and all belonging to him; and many nations with thee.
7 ৭ তুমি যুগুত হোৱা! নিজকে যুগুত কৰা; তুমি নিজৰ ওচৰত গোট খোৱা দলসমূহে সৈতে যুগুত হোৱা, আৰু তুমি তেওঁলোকৰ ৰখীয়া হোৱা।
Be thou prepared, prepare thyself, thou, and all thy multitude that is assembled with thee, and thou shalt be to me for a guard.
8 ৮ বহুদিনৰ পাছত তোমাৰ সৈন্য সমূহ গোটোৱা হ’ব; তৰোৱালৰ মুখৰ পৰা ৰক্ষা পোৱা, অনেক জাতি সমূহৰ পৰা গোটোৱা লোকসকলৰ দেশলৈ, বহুকালৰ পৰা উচ্ছন্ন হোৱা ইস্ৰায়েলৰ পৰ্ব্বতবোৰলৈ বচৰবোৰৰ শেষ ভাগত তুমি যাত্ৰা কৰিবা; কিন্তু সেই দেশৰ লোকসকলক জাতিবোৰৰ মাজৰ পৰা উলিওৱা হ’ল আৰু তেওঁলোক আটায়ে নিৰাপদে বাস কৰিছে!
He shall be prepared after many days, and he shall come at the end of years, and shall come to a land that is brought back from the sword, when [the people] are gathered from many nations against the land of Israel, which was entirely desolate: and he is come forth out of the nations, and they shall all dwell securely.
9 ৯ তুমি উঠি ধুমুহাৰ দৰে যাত্ৰা কৰিবা; তুমি আৰু তোমাৰ আটাই দলসমূহে আৰু তোমাৰে সৈতে অনেক জাতিয়ে মেঘৰ দৰে দেশ ঢাকিবা।
And thou shalt go up as rain, and shalt arrive as a cloud to cover the land, and there shall be thou, and all that are about thee, and many nations with thee.
10 ১০ প্ৰভু যিহোৱাই এইদৰে কৈছে: ‘সেই দিনা তোমাৰ মনত নানা ভাব উদয় হ’ব আৰু তুমি কু-কল্পনা কৰিবা।’
Thus saith the Lord God; It shall also come to pass in that day, that thoughts shall come up into thine heart, and thou shalt devise evil devices.
11 ১১ আৰু তুমি ক’বা, ‘লুট কৰিবলৈ আৰু বস্তু কাঢ়ি আনিবলৈ, বৰ্ত্তমানে বাস কৰা; আৰু উচ্ছন্ন ঠাইবোৰৰ অহিতে আৰু জাতিবোৰৰ মাজৰ পৰা গোটোৱা গৰু, ছাগলী, আদি বস্তু অৰ্জ্জা, পৃথিৱীৰ মাজ ঠাইত বাস কৰা জাতিৰ অহিতে মোৰ হাত চলাবলৈ,
And thou shalt say, I will go up to the rejected land; I will come upon them that are at ease in tranquility, and dwelling in peace, all inhabiting a land in which there is no wall, nor bars, nor have they doors;
12 ১২ গড় নোহোৱা গাওঁ থকা দেশখনলৈ মই উঠি যাম, সুস্থিৰে থকা নিৰাপদে বাস কৰা, সমূলি গড়, ডাং কি কপাট নোহোৱাকৈ বাস কৰা লোকসকলৰ তালৈ যাম।
to seize plunder, and to take their spoil; to turn my hands against the desolate land that is [now] inhabited, and against a nation that is gathered from many nations, that have acquired property, dwelling in the midst of the land.
13 ১৩ চিবা, দদান, তৰ্চীচৰ বণিকসকল আৰু তাৰ আটাই ডেকা সিংহবোৰে তোমাক ক’ব, ‘আপুনি লুট কৰিবলৈ জানো অহা নাই? বস্তু কাঢ়ি নিবলৈ, সোণ আৰু ৰূপ লৈ যাবলৈ, গৰু, মেৰ-ছাগ আদি অধিক লুটদ্ৰব্য লৈ যাবলৈ আপুনি জানো আপোনাৰ দলসমূহক গোটোৱা নাই?’
Sabba, and Daedan, and Carthaginian merchants, and all their villages shall say to thee, Thou art come for plunder to take a prey, and to get spoils: thou hast gathered thy multitude to take silver and gold, to carry off property, to take spoils.
14 ১৪ এই হেতুকে, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি গোগক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেইদিনা যেতিয়া মোৰ প্ৰজা ইস্ৰায়েলে নিৰাপদে বাস কৰিব, তেতিয়া তুমি দানো তাক নাজানিবা?
Therefore prophesy, son of man, and say to Gog, Thus saith the Lord; Wilt thou not arise in that day, when my people Israel are dwelling securely,
15 ১৫ সেইদৰে তুমি উত্তৰৰ অন্তভাগৰ নিজ ঠাইৰ পৰা যাত্ৰা কৰিবা, আৰু তোমাৰে সৈতে অনেক জাতি যাব; তেওঁলোক আটাইবোৰ অশ্বাৰোহী, তেওঁলোক মহাদল আৰু পৰাক্ৰমী সৈন্য-সামন্ত?
and come out of thy place from the farthest north, and many nations with thee? all of them mounted on horses, a great gathering, and a large force?
16 ১৬ তুমি এডোখৰ মেঘৰ দৰে দেশ ঢাকি মোৰ প্ৰজা ইস্ৰায়েলৰ অহিতে উঠি যাবা; হে গোগ, মই জাতিবোৰৰ সাক্ষাতে তোমাৰ মাজত পবিত্ৰীকৃত হ’লে জাতিবোৰে মোক জানিবৰ কাৰণে শেষ কালত মোৰ দেশৰ বিৰুদ্ধে মই তোমাক লৈ যাম।’
And thou shalt come up upon my people Israel as a cloud to cover the land; it shall come to pass in the last days, that I will bring thee up upon my land, that all the nations may know me, when I am sanctified in thee before them.
17 ১৭ প্ৰভু যিহোৱাই এই কথা কৈছে: ‘ইস্ৰায়েলৰ বিৰুদ্ধে তোমাক আনিম বুলি আগৰ কালত অনেক বছৰ ভাববাণী প্ৰচাৰ কৰা মোৰ দাস ভাববাদীসকলৰ দ্বাৰাই যাৰ বিষয়ে মই কৈছিলোঁ, তুমিয়েই সেইজন নোহোৱানে?
Thus saith the Lord God, to Gog; Thou art [he] concerning whom I spoke in former times, by the hand of my servants the prophets of Israel, in those days and years, that I would bring thee up against them.
18 ১৮ আৰু প্ৰভু যিহোৱাই কৈছে, ‘গোগ, ইস্ৰায়েল দেশৰ বিৰুদ্ধে যোৱা দিনা মোৰ নাকত ক্ৰোধাগ্নি উঠিব!’
And it shall come to pass in that day, in the day when Gog shall come against the land of Israel, saith the Lord God,
19 ১৯ কিয়নো মোৰ অন্তৰ্জ্বালাত আৰু ক্ৰোধাগ্নিত মই কৈছোঁ, ইস্ৰায়েল দেশত সেই দিনা নিশ্চয়ে মহৎ কম্পন হ’ব যে,
[that] my wrath and my jealousy shall arise, I have spoken in the fire of mine anger, verily in that day there shall be a great shaking in the land of Israel;
20 ২০ সমুদ্ৰৰ মাছ, আকাশৰ পক্ষী, বনৰীয়া জন্তু, মাটিত বগাই ফুৰা আটাই উৰগ জন্তু আৰু পৃথিৱীৰ ওপৰত থকা সকলো লোক মোৰ সন্মুখত কঁপিব আৰু পৰ্ব্বতবোৰ পেলোৱা হ’ব, গড়া ঠাইবোৰ খহি পৰিব আৰু প্ৰত্যেক গড় মাটিৰে সমান হ’ব।
and the fish of the sea shall quake at the presence of the Lord, and the birds of the sky and the wild beasts of the field, and all the reptiles that creep upon the earth, and all the men that are on the face of the earth; and the mountains shall be rent, and the valleys shall fall, and every wall on the land shall fall.
21 ২১ আৰু প্ৰভু যিহোৱাই কৈছে, মোৰ সকলো পৰ্ব্বতত মই তাৰ অহিতে তৰোৱাল মাতিম; প্ৰত্যেক মানুহৰ তৰোৱাল নিজ নিজ ভাইৰ বিৰুদ্ধে হ’ব।
And I will summon against it even every fear, saith the Lord: the sword of [every] man shall be against his brother.
22 ২২ আৰু মই মহামাৰী আৰু ৰক্তপাতেৰে তেওঁলোকৰ বিচাৰ উচিত দণ্ড দিম: আৰু মই তেওঁলোকৰ, তেওঁলোকৰ দলসমূহৰ আৰু তাৰ লগত থকা অনেক জাতিৰ ওপৰত প্লাৱন কৰোঁতা বৰষুণ, মহাশিলাবৃষ্টি, অগ্নি, আৰু গন্ধক বৰষাম।
And I will judge him with pestilence, and blood, and sweeping rain, and hailstones; and I will rain upon him fire and brimstone, and upon all that are with him, and upon many nations with him.
23 ২৩ আৰু মই নিজকে মহান আৰু পবিত্ৰ কৰিম, আৰু অনেক জাতিৰ আগত নিজকে চিনাকি দিম; তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
And I will be magnified, and sanctified, and glorified; and I will be known in the presence of many nations, and they shall know that I am the Lord.