< এজেকিয়েল 37 >

1 পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।
دست خداوند بر من قرار گرفت و مرا در روح خداوند به دره‌ای که پر از استخوانهای خشک بود، برد.
2 তেওঁ সেইবোৰৰ ওচৰে ওচৰে এইদৰে চাৰিওফালে মোক ফুৰালে। আৰু চোৱা! সেই উপত্যকাটিত অনেক অনেক হাড় আছিল। আৰু চোৱা! সেইবোৰ অতি শুকান।
او مرا به هر سو در میان استخوانها که روی زمین پخش شده بودند گردانید.
3 তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰ জীৱ পাৰেনে?” তেতিয়া মই ক’লোঁ, “হে প্ৰভু যিহোৱা, আপুনিহে জানে!”
سپس به من گفت: «ای پسر انسان، آیا این استخوانها می‌توانند دوباره جان بگیرند و انسانهای زنده‌ای شوند؟» گفتم: «ای خداوند یهوه، تو می‌دانی.»
4 তেতিয়া তেওঁ মোক ক’লে, “তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, ‘হে শুকান হাড়বিলাক! যিহোৱাৰ বাক্য শুনা।
آنگاه به من فرمود که بر این استخوانها نوبت کرده، بگویم: «ای استخوانهای خشک به کلام خداوند گوش دهید!
5 প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস সুমুৱাম; তাতে তোমালোক জীৱা।
خداوند یهوه می‌گوید: من به شما جان می‌بخشم تا دوباره زنده شوید.
6 আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”
گوشت و پی به شما می‌دهم و با پوست، شما را می‌پوشانم. در شما روح می‌دمم تا زنده شوید. آنگاه خواهید دانست که من یهوه هستم.»
7 পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।
آنچه را که خداوند فرموده بود به استخوانها گفتم. ناگهان سروصدایی برخاست و استخوانهای هر بدن به یکدیگر پیوستند!
8 আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে! কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।
سپس در حالی که نگاه می‌کردم، دیدم گوشت و پی بر روی استخوانها ظاهر شد و پوست، آنها را پوشانید. اما بدنها هنوز جان نداشتند.
9 তেতিয়া তেওঁ মোক ক’লে, “বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা! হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা’।”
خداوند یهوه به من فرمود: «ای پسر انسان به روح بگو از چهار گوشهٔ دنیا بیاید و به بدنهای این کشته‌شدگان بدمد تا دوباره زنده شوند.»
10 ১০ তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।
پس همان‌طور که خداوند به من امر فرموده بود گفتم و روح داخل بدنها شد و آنها زنده شده، ایستادند و لشکری بزرگ تشکیل دادند.
11 ১১ আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
سپس خداوند معنی این رؤیا را به من فرمود: «این استخوانها قوم اسرائیل هستند؛ آنها می‌گویند:”ما به صورت استخوانهای خشک شده در آمده‌ایم و همهٔ امیدهایمان بر باد رفته است.“
12 ১২ এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!
ولی تو به ایشان بگو که خداوند یهوه می‌فرماید: ای قوم من اسرائیل، من قبرهای اسارت شما را که در آنها دفن شده‌اید می‌گشایم و دوباره شما را زنده می‌کنم و به سرزمین اسرائیل باز می‌گردانم.
13 ১৩ তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা।
سرانجام، ای قوم من، خواهید دانست که من یهوه هستم.
14 ১৪ আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
روح خود را در شما قرار می‌دهم و شما بار دیگر احیا شده، به وطن خودتان باز می‌گردید. آنگاه خواهید دانست من که یهوه هستم به قولی که داده‌ام عمل می‌کنم.»
15 ১৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,
این پیغام نیز از طرف خداوند بر من نازل شد:
16 ১৬ “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’
«یک عصا بگیر و روی آن این کلمات را بنویس:”برای یهودا و اسرائیلیانِ متحد با او“. بعد یک عصای دیگر بگیر و این کلمات را روی آن بنویس:”برای یوسف (یعنی افرایم) و تمامی خاندان اسرائیل که با او متحدند“.
17 ১৭ আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ কাৰণে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ কাৰণে এডাল কৰা।
هر دو آنها را به هم بچسبان تا مثل یک عصا در دستت باشند.
18 ১৮ ‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,
وقتی قومت بپرسند که منظورت از اینها چیست،
19 ১৯ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’
به آنها بگو:”خداوند یهوه چنین می‌فرماید: من افرایم و قبایل اسرائیل را به یهودا ملحق می‌سازم و آنها مثل یک عصا در دستم خواهند بود.“
20 ২০ তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।
پس در حالی که آن عصاها را که روی آنها نوشتی، دراز می‌کنی تا مردم ببینند
21 ২১ আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
به ایشان بگو که خداوند یهوه می‌فرماید: قوم اسرائیل را از میان قومها جمع می‌کنم و از سراسر دنیا ایشان را به وطن خودشان باز می‌گردانم
22 ২২ পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
تا به صورت یک قوم واحد درآیند. یک پادشاه بر همهٔ ایشان سلطنت خواهد کرد. دیگر به دو قوم تقسیم نخواهند شد،
23 ২৩ আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণলগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
و دیگر با بت‌پرستی و سایر گناهان، خودشان را آلوده نخواهند ساخت. من ایشان را از همهٔ گناهانشان پاک می‌سازم و نجات می‌دهم. آنگاه قوم واقعی من خواهند شد و من خدای ایشان خواهم بود.
24 ২৪ আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
خدمتگزار من داوود، پادشاه ایشان خواهد شد و آنها یک رهبر خواهند داشت و تمام دستورها و قوانین مرا اطاعت نموده، خواسته‌هایم را بجا خواهند آورد.
25 ২৫ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।
آنها در سرزمینی که پدرانشان زندگی کردند، ساکن می‌شوند، یعنی همان سرزمینی که به خدمتگزارم یعقوب دادم. خود و فرزندان و نوه‌هایشان، نسل اندر نسل، در آنجا ساکن خواهند شد. خدمتگزارم داوود تا به ابد پادشاه آنان خواهد بود.
26 ২৬ ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
من با ایشان عهد می‌بندم که تا به ابد ایشان را در امنیت نگه دارم. من آنها را در سرزمینشان مستقر کرده، جمعیت‌شان را زیاد خواهم نمود و خانهٔ مقدّس خود را تا به ابد در میان ایشان قرار خواهم داد.
27 ২৭ মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!
خانهٔ من در میان ایشان خواهد بود و من خدای ایشان خواهم بود و آنها قوم من.
28 ২৮ আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!”
وقتی خانهٔ مقدّس من تا ابد در میان ایشان برقرار بماند، آنگاه سایر قومها خواهند دانست من که یهوه هستم قوم اسرائیل را برای خود انتخاب کرده‌ام.»

< এজেকিয়েল 37 >