< এজেকিয়েল 37 >
1 ১ পাছত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল, আৰু যিহোৱাই নিজ আত্মাৰে মোক লৈ গৈ উপত্যকাটিৰ মাজত থলে। সেই উপত্যকা হাড়েৰে পৰিপূৰ্ণ আছিল।
Es kam über mich die Hand Jahwes, und er führte mich hinaus im Geiste Jahwes und ließ mich halt machen mitten in der Thalebene: die war voller Gebeine.
2 ২ তেওঁ সেইবোৰৰ ওচৰে ওচৰে এইদৰে চাৰিওফালে মোক ফুৰালে। আৰু চোৱা! সেই উপত্যকাটিত অনেক অনেক হাড় আছিল। আৰু চোৱা! সেইবোৰ অতি শুকান।
Und er ließ mich ringsherum an ihnen vorübergehen; da lagen ihrer sehr viele auf der Oberfläche der Thalebene, die waren ganz verdorrt.
3 ৩ তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰ জীৱ পাৰেনে?” তেতিয়া মই ক’লোঁ, “হে প্ৰভু যিহোৱা, আপুনিহে জানে!”
Und er sprach zu mir: Menschensohn, werden wohl diese Gebeine wieder lebendig werden? Ich antwortete: Herr Jahwe, du weißt es!
4 ৪ তেতিয়া তেওঁ মোক ক’লে, “তুমি এই হাড়বোৰৰ আগত ভাববাণী প্ৰচাৰ কৰা, আৰু এইবোৰক কোৱা, ‘হে শুকান হাড়বিলাক! যিহোৱাৰ বাক্য শুনা।
Da sprach er zu mir: Rufe feierlich über diese Gebeine hin und sprich zu ihnen: Ihr verdorrten Gebeine, hört Jahwes Wort!
5 ৫ প্ৰভু যিহোৱাই এই হাড়বোৰক এই কথা কৈছে: “চোৱা! মই তোমালোকৰ ভিতৰত নিশ্বাস সুমুৱাম; তাতে তোমালোক জীৱা।
So spricht der Herr Jahwe zu diesen Gebeinen: Fürwahr, ich will Lebensodem in euch bringen, daß ihr wieder lebendig werden sollt.
6 ৬ আৰু মই তোমালোকৰ ওপৰত সিৰ দিম, মাংস উৎপন্ন কৰিম, তোমালোকক ছালেৰে ঢাকিম, আৰু তোমালোকৰ ভিতৰত প্ৰাণবায়ু দিম; তাতে তোমালোক জীৱা, আৰু মই যে যিহোৱা, তাক তোমালোকে জানিবা’।”
Und ich will Sehnen auf euch legen und Fleisch auf euch bringen und euch mit Haut überziehen und euch Odem einflößen, daß ihr lebendig werdet, und ihr sollt erkennen, daß ich Jahwe bin.
7 ৭ পাছত মই আজ্ঞা পোৱাৰ দৰে ভাববাণী প্ৰচাৰ কৰিলোঁ; মই প্ৰচাৰ কৰোঁতে এটি শব্দ হ’ল, মৰ মৰ শব্দ হ’ল। আৰু হাড়বোৰ গোটখাই নিজ নিজ হাড়ত লাগিল।
Da rief ich feierlich, wie mir befohlen war. Und es entstand ein Rauschen, als ich feierlich rief, und es gab ein Rasseln, und die Gebeine rückten eins ans andere heran.
8 ৮ আৰু মই চাই দেখিলোঁ, সেইবোৰত সিৰ হ’ল, মাংস উৎপন্ন হ’ল, আৰু সেইবোৰক ছালে ঢাকিলে! কিন্তু সেইবোৰৰ ভিতৰত প্ৰাণ-বায়ু নাছিল।
Und ich gewahrte, wie Sehnen an sie kamen und Fleisch darüber wuchs, und sich Haut darüber spannte. Aber noch war kein Odem in ihnen.
9 ৯ তেতিয়া তেওঁ মোক ক’লে, “বায়ুৰ আগত ভাববাণী প্ৰচাৰ কৰা! হে মনুষ্য সন্তান ভাববাণী প্ৰচাৰ কৰি বায়ুক কোৱা ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে বায়ু চাৰিওদিশৰ পৰা আহি এই হত লোকবোৰ জীৱৰ নিমিত্তে ইহঁতৰ ওপৰত বলোওৱা’।”
Da sprach er zu mir: Rufe feierlich dem Winde, ja rufe feierlich, Menschensohn, und sprich zu dem Winde: So spricht der Herr Jahwe: Von den vier Winden komm' herbei, o Lebensodem, und hauche diese Erschlagenen an, daß sie lebendig werden!
10 ১০ তেতিয়া তেওঁ মোক আজ্ঞা দিয়াৰ দৰ, মই ভাববাণী প্ৰচাৰ কৰিলোঁ; তেতিয়া সিহঁতৰ ভিতৰত প্ৰাণ-বায়ু সোমালত সিহঁত জীলে! আৰু তেতিয়া অতিশয় মহাবাহিনী হৈ নিজ নিজ ভৰিত ভৰ দি থিয় হ’ল।
Als ich nun feierlich rief, wie er mir befohlen hatte, da kam der Lebensodem in sie, daß sie lebendig wurden und sich auf ihre Füße stellten - eine überaus große Schar!
11 ১১ আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
Und er sprach zu mir: Menschensohn, diese Gebeine sind das ganze Haus Israel. Da giebt es welche, die sprechen: Unsere Gebeine sind verdorrt, unsere Hoffnung ist geschwunden: es ist aus mit uns!
12 ১২ এই হেতুকে তুমি ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে মোৰ প্ৰজাসকল, মই তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম! আৰু মই তোমালোকক ইস্ৰায়েল দেশলৈ লৈ যাম!
Darum rufe feierlich und sprich zu ihnen: So spricht der Herr Jahwe: Fürwahr, ich will eure Gräber öffnen und euch, mein Volk, aus euren Gräbern heraufholen und euch ins Land Israel bringen,
13 ১৩ তেতিয়া হে মোৰ প্ৰজাসকল, মই যেতিয়া তোমালোকৰ মৈদামবোৰ মুকলি কৰিম, আৰু তোমালোকৰ মৈদামৰ পৰা তোমালোকক উলিয়াম তেতিয়া, মই যে যিহোৱা, ইয়াকে তোমালোকে জানিবা।
damit ihr erkennet, daß ich Jahwe bin, wenn ich euere Gräber öffne und euch, mein Volk, aus euren Gräbern heraufhole.
14 ১৪ আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম, তেতিয়া তোমালোক জীৱা, আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম; আৰু মই যিহোৱায়েই যে ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিলোঁ’।” তাক তোমালোকে জানিবা, ইয়াক যিহোৱাই কৈছে।
Und ich will meinen Odem in euch geben, daß ihr wieder lebendig werden sollt, und will euch in euer Land versetzen, und ihr sollt erkennen, daß ich Jahwe bin; ich habe es geredet und werde es vollführen, ist der Spruch Jahwes.
15 ১৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ গুৰিলৈ আহিল, বোলে,
Und es erging das Wort Jahwes an mich folgendermaßen:
16 ১৬ “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি নিজৰ কাৰণে এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যিহূদাৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ সন্তান সকল।’ আৰু এডাল কাঠ লৈ তাৰ ওপৰত এই কথা লিখা, ‘যোচেফৰ, অৰ্থাৎ ইফ্ৰয়িমৰ আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ আটাই বংশৰ কাঠ।’
Du Menschensohn, nimm dir einen Holzstab und schreibe darauf: “Juda und die mit ihm verbündeten Israeliten”; sodann nimm einen anderen Stab und schreibe darauf: “Joseph, Stab Ephraims, und das ganze mit ihm verbüdete Haus Israel.”
17 ১৭ আৰু সেই দুডাল তোমাৰ হাতত এডাল হ’বৰ কাৰণে এডালৰ লগত আন ডাল লগ লগাই তোমাৰ কাৰণে এডাল কৰা।
Und vereinige sie dir dann zu einem einzigen Stabe, daß sie in deiner Hand zu einem einzigen werden.
18 ১৮ ‘আৰু এইবোৰৰ দ্বাৰাই তুমি কি বুজাইছা, তাক তুমি আমাক নজনাবানে?’ এইবুলি তোমাৰ জাতিৰ সন্তানসকলে যেতিয়া তোমাক সুধিব,
Und wenn deine Volksgenossen also zu dir sagen: Willst du uns nicht erklären, was du damit bezweckst?
19 ১৯ তেতিয়া তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই ইফ্ৰয়িমৰ হাতত থকা, যোচেফৰ কাঠডাল, আৰু তেওঁৰ লগৰীয়া ইস্ৰায়েলৰ ফৈদবোৰক লৈ, যিহূদাৰ কাঠডালৰ লগতে লগ লগাই এডাল কৰিম, আৰু তেওঁলোক মোৰ হাতত এডাল হ’ব!’
dann sage ihnen: So spricht der Herr Jahwe: Fürwahr, ich werde den Stab Joseph nehmen, der in der Hand Ephraims und der mit ihm verbündeten israelitischen Stämme ist, und werde sie zum Stabe Juda thun, daß sie zu einem Stab in der Hand Judas werden.
20 ২০ তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।
Und so sollen die Stäbe, auf die du schreibst, in deiner Hand vor ihren Augen vereinigt sein.
21 ২১ আৰু তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ইস্ৰায়েলৰ সন্তান সকল যোৱা জাতিবোৰৰ মাজৰ পৰা মই তেওঁলোকক লৈ চাৰিওফালৰ পৰা তেওঁলোকক গোটাই তেওঁলোকৰ নিজ দেশলৈ লৈ যাম।
Und sage zu ihnen: So spricht der Herr Jahwe: Fürwahr, ich werde die Söhne Israels mittenheraus aus den Völkern nehmen, zu denen sie hingegangen sind, und werde sie von allen Seiten her sammeln und sie in ihr Land bringen.
22 ২২ পাছে মই দেশত ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তেওঁলোকক এক জাতি কৰিম, আৰু এজন ৰজা তেওঁলোকৰ আটাইৰে ৰজা হ’ব; তেওঁলোক পুনৰায় দুই জাতি নহ’ব, বা কেতিয়াও দুই ৰাজ্য বিভক্ত নহ’ব।
Und ich will sie zu einem Volke machen in dem Land auf den Bergen Israels, und ein König soll über sie alle König sein, und sie sollen nicht mehr zwei Völker sein und sollen nicht länger in zwei Königreiche zerteilt sein.
23 ২৩ আৰু তেওঁলোকৰ নিজৰ মুৰ্ত্তিৰে, নিজৰ ঘিণলগীয়া বস্তুৰে, নাইবা নিজৰ অপৰাধৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰিব; কিন্তু তেওঁলোকে পাপ কৰা তেওঁলোকৰ আটাই বাসস্থানৰ পৰা মই তেওঁলোকক ৰক্ষা কৰিম, আৰু তেওঁলোকক শুচি কৰিম; তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
Und sie sollen sich ferner nicht mehr an ihren Götzen und an ihren Scheusalen und durch alle ihre Treuebrüche verunreinigen, und ich weill sie eretten aus allen ihren Abtrünnigkeiten, durch die sie sich vergangen haben, und will sie reinigen, daß sie wieder mein Volk werden, und ich will ihr Gott sein!
24 ২৪ আৰু মোৰ দাস দায়ুদ তেওঁলোকৰ ওপৰত ৰজা হ’ব, আৰু তেওঁলোক সকলোৰে এজন ৰখীয়া হ’ব; তেওঁলোকে মোৰ শাসন-প্ৰণালী বোৰত চলিব, আৰু মোৰ বিধিবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
Und mein Knecht David soll König über sie sein, und sie alle sollen einen Hirten haben und sollen nach meinen Ordnungen wandeln und meine Satzungen beobachten und nach ihnen thun.
25 ২৫ আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে বাস কৰা, মোৰ দাস যাকোবক মই দিয়া দেশখনত তেওঁলোকে বাস কৰিব; তেওঁলোকে তেওঁলোকৰ পুত্ৰ-পৌত্ৰাদিক্ৰমে চিৰকাললৈকে তাত বাস কৰিব, আৰু মোৰ দাস দায়ুদ চিৰকাললৈকে তেওঁলোকৰ অধিপতি হ’ব।
Und sie sollen in dem Lande wohnen, das ich meinem Knechte Jakob verliehen habe, in welchem eure Väter gewohnt haben; in dem sollen auch sie wohnen und ihre Kinder und Kindeskinder bis in Ewigkeit, und mein Knecht David soll für immer ihr Herrscher sein.
26 ২৬ ইয়াৰ বাহিৰে মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম কৰিম; সেয়ে তেওঁলোকে সৈতে এটি চিৰকলীয়া নিয়ম হ’ব; মই তেওঁলোকক স্থাপন কৰি তেওঁলোকক বৃদ্ধি কৰিম, আৰু চিৰকাললৈকে তেওঁলোকৰ মাজত মোৰ ধৰ্মধাম স্থাপন কৰিম।
Und ich werde einen Friedensbund mit ihnen schließen - ein ewiger Bund mit ihnen soll es sein - und werde sie hineinsetzen und mehren und werde mein Heiligtum für immer in ihre Mitte stellen.
27 ২৭ মোৰ আবাসো তেওঁলোকৰ লগত থাকিব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব!
Und meine Wohnung soll bei ihnen sein und ich will ihr Gott sein und sie sollen mein Volk sein.
28 ২৮ আৰু যেতিয়া মোৰ ধৰ্মধাম তেওঁলোকৰ মাজত চিৰকাললৈকে থাকিব, তেতিয়া মই যে ইস্ৰায়েলক পবিত্ৰ কৰোঁতা যিহোৱা, তাক জাতিবোৰে জানিব’!”
Und so sollen die Völker erkennen, daß ich Jahwe bin, der Israel heiligt, wenn mein Heiligtum für immer in ihrer Mitte bleibt.