< এজেকিয়েল 36 >

1 এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!
Ти, сине човечји, пророкуј горама Израиљевим, и реци: Горе Израиљеве, чујте реч Господњу.
2 প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”
Овако вели Господ Господ: Што непријатељ говори за вас: Ха ха! Вечне висине посташе наше наследство;
3 এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।
Зато пророкуј и реци: Овако вели Господ Господ: Што вас пустоше и прождиру са свих страна, да постанете наследство осталим народима, и постасте прича и руг народима,
4 এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -
Зато, горе Израиљеве, чујте реч Господа Господа; овако вели Господ горама Израиљевим и хумовима, потоцима и долинама, и пустим развалинама и градовима остављеним, које посташе грабеж и подсмех осталим народима унаоколо,
5 সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
Зато овако вели Господ Господ: У огњу ревности своје говорих против осталих народа и против све едомске, што освојише моју земљу радујући се из свега срца и ругајући се из душе да би је опленили.
6 এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।
Зато пророкуј за земљу Израиљеву, и реци горама и хумовима, потоцима и долинама: Овако вели Господ Господ: Ево, ја говорих у ревности својој и у јарости својој; што подносите срамоту од народа,
7 এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
Зато овако вели Господ Господ: Ја подигох руку своју да ће народи што су око нас носити срамоту своју.
8 কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে।
А ви, горе Израиљеве, пуштаћете гране своје, и род свој носићете народу мом Израиљу, јер ће скоро доћи.
9 কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
Јер ево ме код вас, и гледаћу вас, и бићете рађене и засеване.
10 ১০ আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
И умножићу у вама људе, дом Израиљев сав колики је, и градови ће се населити и пустолине саградити.
11 ১১ আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Умножићу у вама људе и стоку, и намножиће се и наплодити, и населићу вас како бисте пре; и учинићу вам добра више него пре; и познаћете да сам ја Господ.
12 ১২ এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।
И довешћу к вама људе, народ свој Израиља, и наследиће вас, и бићете им наследство, и нећете их више затирати.
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;
Овако вели Господ Господ: Што вам говоре да сте земља која прождире људе и затире своје народе,
14 ১৪ এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।
Зато нећеш више прождирати људи, и народа својих нећеш више затирати, говори Господ Господ.
15 ১৫ আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।
И нећу дати да се више у теби чује срамота од народа, и руга од народа нећеш више подносити, и нећеш више затирати својих народа, говори Господ Господ.
16 ১৬ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
Опет ми дође реч Господња говорећи:
17 ১৭ “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।
Сине човечји, дом Израиљев живећи у својој земљи оскврни је својим путем и својим делима; пут њихов беше преда мном као нечистота жене одвојене.
18 ১৮ এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
Зато излих гнев свој на њих ради крви коју пролише на земљу и ради гадних богова њихових, којима је оскврнише.
19 ১৯ আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
И расејах их по народима, и разасуше се по земљама; по путевима њиховим и по делима њиховим судих им.
20 ২০ তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
И кад дођоше међу народе, где год дођоше оскврнише свето име моје, а за њих се говораше да су Господњи народ и да су из земље његове изашли.
21 ২১ কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।
Али ми се сажали ради светог имена мог, које оскврни дом Израиљев у народима у које дође.
22 ২২ এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
Зато реци дому Израиљевом: Овако вели Господ Господ: Нећу вас ради учинити, доме Израиљев, него ради светог имена свог, које оскврнисте у народима у које дођосте;
23 ২৩ আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।
И посветићу име своје велико оскврњено у народима, које ви оскврнисте међу њима; и народи ће познати да сам ја Господ, говори Господ Господ, кад се посветим у вама пред њима.
24 ২৪ কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।
Јер ћу вас узети из народа, и покупићу вас из свих земаља, и довешћу вас у вашу земљу.
25 ২৫ তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
И покропићу вас водом чистом, и бићете чисти; ја ћу вас очистити од свих нечистота ваших и од свих гадних богова ваших.
26 ২৬ মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
И даћу вам ново срце, и нов ћу дух метнути у вас, и извадићу камено срце из тела вашег, и даћу вам срце месно.
27 ২৭ আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।
И дух свој метнућу у вас, и учинићу да ходите по мојим уредбама и законе моје да држите и извршујете.
28 ২৮ আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
И наставаћете у земљи коју сам дао оцима вашим, и бићете ми народ и ја ћу вам бити Бог.
29 ২৯ মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।
И опростићу вас свих нечистота ваших, и дозваћу жито и умножићу га, и нећу пустити на вас глади.
30 ৩০ তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।
И умножићу род на дрветима и род на њиви, те нећете више подносити срамоте међу народима са глади.
31 ৩১ তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
И опоменућете се злих путева својих и дела својих која не беху добра, и сами ћете себи бити мрски за безакоња своја и за гадове своје.
32 ৩২ প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
Нећу вас ради учинити, говори Господ Господ; знајте; посрамите се и постидите се путева својих, доме Израиљев.
33 ৩৩ প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।
Овако вели Господ Господ: Кад вас очистим од свих безакоња ваших, населићу градове, и пустолине ће се опет саградити.
34 ৩৪ আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।
И пуста ће се земља радити, што је била пуста пред сваким који пролажаше.
35 ৩৫ আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”
И рећи ће се: Земља ова што беше пуста поста као врт едемски, и градови што беху пусти, разваљени и раскопани, утврдише се и населише се.
36 ৩৬ তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’
И народи који остану око вас познаће да ја Господ саграђујем разваљено и засађујем опустело. Ја Господ рекох, и учинићу.
37 ৩৭ প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
Овако вели Господ Господ: још ће ме тражити дом Израиљев да им учиним, да их умножим људима као стадо.
38 ৩৮ পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”
Као свето стадо, као стадо у Јерусалиму о празницима њиховим, тако ће пусти градови бити пуни стада људи, и познаће да сам ја Господ.

< এজেকিয়েল 36 >