< এজেকিয়েল 36 >
1 ১ এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ আগত ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘হে ইস্রায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে যিহোৱাৰ বাক্য শুনা!
Un tu cilvēka bērns, sludini par Israēla kalniem un saki: Israēla kalni, klausiet Tā Kunga vārdu.
2 ২ প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”
Tā saka Tas Kungs Dievs: tādēļ ka ienaidnieks par jums saka: redzi, tie mūžīgie kalni mums ir tikuši par mantību,
3 ৩ এই হেতুকে ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: জাতিবোৰ অৱশিষ্ট লোকে তোমালোকক অধিকাৰ কৰিবৰ কাৰণে, তেওঁলোকে তোমালোকক ধ্বংস কৰিলে আৰু চাৰিওফালে তোমালোকক গ্ৰাস কৰিলে; আৰু তোমালোক গপীহঁতৰ গপৰ ও লোকসকলে চৰ্চ্চি ফুৰাৰ বিষয় থ’লো।
Tādēļ sludini un saki: tā saka Tas Kungs Dievs: Tāpēc ka jūs visapkārt esat postīti un aprīti, ka jūs tiem atlikušiem pagāniem esat par mantību un esat nākuši ļaužu mēlēs un valodās,
4 ৪ এই কাৰণে, হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা: চাৰিওফালে থকা জাতিবোৰৰ অৱশিষ্ট ভাগলৈ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক, জুৰি বৈ থকা ঠাই আৰু উপত্যকাবোৰক, উচ্ছন্ন, ধ্বংসস্থান আৰু পৰিত্যক্ত নগৰবোৰক প্ৰভু যিহোৱাই এইদৰে কৈছে -
Tāpēc, Israēla kalni, klausiet Tā Kunga Dieva vārdu. Tā saka Tas Kungs Dievs uz kalniem un pakalniem, gravām un ielejām, tukšām posta vietām un atstātām pilsētām, kas ir palikušas par laupījumu un apsmieklu visām atlikušām tautām visapkārt, -
5 ৫ সেইবোৰ লুটদ্ৰব্য আৰু নিন্দাৰ বিষয় হোৱা হেতুকে প্ৰভু যিহোৱাই এইদৰে কৈছে: লুটৰ আশাৰে মোৰ দেশ শূণ্য কৰিবলৈ, জাতিবোৰৰ যি অৱশিষ্ট ভাগে আৰু গোটেই ইদোমে হৃদয়ৰ সম্পূৰ্ণ আনন্দেৰে আৰু প্ৰাণৰ হিংসাৰে নিজৰ বাবে অধিকাৰৰ অৰ্থে মোৰ দেশ নিৰূপণ কৰিলে, তেওঁলোকৰ অহিতে মোৰ অন্তৰ্জ্বালাৰ অগ্নিত মই কৈছোঁ।
Tāpēc tā saka Tas Kungs Dievs: tiešām, Es Sava karstuma ugunī runāju pret tām atlikušām tautām un pret visu Edomu, kas Manu zemi sev ņēmuši par mantību ar visas sirds prieku, ar lielu nicināšanu, to izpostīt un aplaupīt.
6 ৬ এতেকে তুমি ইস্ৰায়েলৰ দেশৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰি পৰ্ব্বত আৰু উপপৰ্ব্বতবোৰক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! জাতিবোৰে দিয়া লাজ তোমালোকে ভোগ কৰাৰ কাৰণে মোৰ অন্তৰ্জ্বালাত আৰু মোৰ ক্ৰোধত মই কৈছোঁ।
Tāpēc sludini Israēla zemei un saki uz kalniem un pakalniem, gravām un ielejām: tā saka Tas Kungs Dievs: redzi, Es Savā karstumā un Savā bardzībā esmu runājis, tāpēc ka jums apsmiekls bija jānes no pagāniem.
7 ৭ এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: মই হাত দাঙি শপত খাই কৈছোঁ, তোমালোকৰ চাৰিওফালে থকা জাতিবোৰেহে নিজ নিজ লাজ ভোগ কৰিব।
Tādēļ Tas Kungs Dievs tā saka: Es, Es paceļu Savu roku, tiešām, tām tautām, kas visapkārt ap jums, pašām būs nest savu apsmieklu.
8 ৮ কিন্তু হে ইস্ৰায়েলৰ পৰ্ব্বতবোৰ, তোমালোকে হ’লে, তোমালোকৰ ডালবোৰ বঢ়াবা, আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ কাৰণে তোমালোকে ফল উৎপন্ন কৰিবা, কিয়নো তেওঁলোকৰ অহা সময় ওচৰ চাপিছে।
Bet jūs, jūs Israēla kalni, atkal zaļosiet un nesīsiet savus augļus Maniem Israēla ļaudīm, jo īsā laikā tie pārnāks.
9 ৯ কাৰণ চোৱা, মই তোমালোকৰ সপক্ষ, আৰু মই তোমালোকলৈ ঘূৰিম; তোমালোকক চহোৱা আৰু তোমালোকত বোৱা হ’ব।
Jo redzi, Es būšu pie jums, un Es skatīšos uz jums, un jūs tapsiet kopti un apsēti.
10 ১০ আৰু মই তোমালোকৰ ওপৰত লোকসকলক, গোটেই ইস্ৰায়েল বংশক, তাৰ আটাইকে বঢ়াম। আটাইকে! তেতিয়া আৰু নগৰবোৰত বসতি হ’ব, আৰু উচ্ছন্ন ঠাইবোৰত ঘৰ সজা হ’ব।
Un Es vairošu pie jums cilvēkus, visu Israēla namu visnotaļ: un pilsētās dzīvos un postītas vietas uztaisīs.
11 ১১ আৰু মই তোমালোকৰ ওপৰত মানুহ ও পশু বৃদ্ধি কৰিম তাতে সেইবোৰ বাঢ়ি বাঢ়ি অধিক প্ৰাণী উৎপন্ন কৰিব। আৰু তেতিয়া মই তোমালোকৰ দেশ আগৰ কালৰ দৰে বাসস্থান কৰিম, আৰু তোমালোকৰ আদি অৱস্থাতকৈ তোমালোকক অধিক মঙ্গল দান কৰিম; তেতিয়াহে মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Un Es pie jums vairošu cilvēkus un lopus, tie vairosies un vaislosies, un Es iekš jums likšu dzīvot kā jūsu vecos laikos, un Es jums darīšu vairāk labuma nekā jūsu senajos laikos, un jūs samanīsiet, ka Es esmu Tas Kungs.
12 ১২ এনে কি, মই তোমালোকৰ ওপৰেদি মানুহ, মোৰ প্ৰজা ইস্ৰায়েলে অহা-যোৱা কৰিব, তুমি তেওঁলোকৰ আধিপত্য হ’বা, আৰু তুমি তেওঁলোকক পুনৰায় সন্তানহীন নকৰিবা।
Un Es pie jums atvedīšu cilvēkus, Savus Israēla ļaudis, tie tevi iemantos, un tu tiem būsi par mantību un tiem vairs nelaupīsi bērnus.
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে: “তুমি মনুষ্য গ্ৰাসকাৰিণী আৰু তোমাৰ জাতিৰ সন্তানহীন-কাৰিণী” বুলি তেওঁলোকে তোমালোকক কয়;
Tā saka Tas Kungs Dievs: tādēļ ka uz jums saka: tu esi cilvēku rijēja un savu ļaužu bērnu aplaupītāja,
14 ১৪ এই হেতুকে প্ৰভু যিহোৱাই কৈছে, তুমি আৰু মনুষ্যক গ্ৰাস নকৰিবা, বা তোমাৰ জাতিক আকৌ সন্তানহীন নকৰিবা।
Tādēļ tu cilvēkus vairs nerīsi un saviem ļaudīm vairs nelaupīsi bērnus, saka Tas Kungs Dievs.
15 ১৫ আৰু জাতিবোৰে দিয়া লাজৰ কথা মই তোমাৰ কাণত আৰু নেপেলাম, লোকসকলৰ ধিক্কাৰ তুমি আৰু ভোগ নকৰিবা, আৰু তোমাৰ জাতিক আৰু উজুটি নুখুৱাবা, ইয়াক প্ৰভু যিহোৱাই কৈছে।
Un Es tev vairs nelikšu dzirdēt pagānu apsmieklu, un tu nenesīsi vairs tautu negodu un saviem ļaudīm vairs nelaupīsi bērnus, saka Tas Kungs Dievs.
16 ১৬ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে,
Atkal Tā Kunga vārds uz mani notika sacīdams:
17 ১৭ “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশই যেতিয়া নিজ দেশত বসতি কৰিছিল, তেতিয়া তেওঁলোকে নিজৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যেৰে তাক অশুচি কৰিছিল; মোৰ আগত তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, ঋতুস্নান হোৱা স্ত্রীৰ অশৌচৰ দৰে আছিল।
Cilvēka bērns, Israēla nams, kad tie savā zemē dzīvoja, tad tie to sagānīja ar savu ceļu un ar saviem darbiem; viņu ceļš bija Manā priekšā kā sārņainas sievas nešķīstība.
18 ১৮ এই হেতুকে, তেওঁলোকে দেশত ৰক্তপাত কৰাৰ কাৰণে, আৰু তেওঁলোকৰ মুৰ্ত্তিৰে তাক অশুচি কৰাৰ কাৰণে, মই তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষালোঁ।
Tādēļ Es Savu bardzību pār viņiem izgāzu to asiņu dēļ, ko tie tai zemē bija izlējuši, un viņu elku dēļ ar ko to bija sagānījuši.
19 ১৯ আৰু মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্নভিন্ন কৰিলোঁ, তেওঁলোক দেশবোৰৰ মাজত গোট গোট হ’ল; তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য অনুসাৰে মই তেওঁবিলাকক বিচাৰ সিদ্ধ দণ্ড দিলোঁ।
Un Es tos izkaisīju starp tautām, un tie tapa izputināti pa valstīm, Es tos sodīju pēc viņu ceļa un pēc viņu darbiem.
20 ২০ তেতিয়া তেওঁলোক যি জাতিবোৰৰ গুৰিলৈ গ’ল, সেই জাতিবোৰ গুৰিলৈ গৈ তেওঁলোকে মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিলে; কিয়নো লোকে তেওঁলোকৰ বিষয়ে কৈছিল, ইহঁত যিহোৱাৰ প্ৰজা, আৰু তেওঁৰেই দেশৰ পৰা ওলাই অহা লোক।
Kad tie nu pie tām tautām nonāca, kurp tie bija gājuši, tad tie sagānīja manu svēto vārdu, tāpēc ka no tiem tapa sacīts: šie ir Tā Kunga ļaudis un izgājuši no viņa zemes.
21 ২১ কিন্তু ইস্ৰায়েল-বংশ যোৱা জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণে মোৰ দয়া জন্মিল।
Bet Man ir žēl Sava svētā Vārda, ko Israēla bērni sagānījuši starp tām tautām, kur tie bija nākuši.
22 ২২ এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল বংশ, মই তোমালোকৰ কাৰণে কাৰ্য নকৰোঁ, কিন্তু তোমালোক যোৱা জাতিবোৰৰ মাজত তোমালোকে অপবিত্ৰ কৰা মোৰ পবিত্ৰ নামৰ কাৰণেহে কৰিম।
Tāpēc saki uz Israēla namu: tā saka Tas Kungs Dievs: Es to nedaru jūsu dēļ, Israēla nams, bet Sava svētā Vārda dēļ, ko jūs esat sagānījuši starp tām tautām, kur esat nākuši.
23 ২৩ আৰু জাতিবোৰৰ মাজত তেওঁলোকে অপবিত্ৰ কৰা জাতিবোৰ মাজত অপবিত্ৰীকৃত হোৱা মোৰ মহৎ নাম মই পবিত্ৰ কৰিম; আৰু প্ৰভু যিহোৱাই কৈছে, যেতিয়া মই জাতিবোৰৰ সাক্ষাতে তোমালোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই যে যিহোৱা, ইয়াকে জাতিবোৰে জানিব।
Jo Es pagodināšu Savu lielo Vārdu, kas starp pagāniem ir sagānīts, ko jūs viņu vidū esat sagānījuši. Un pagāni samanīs, ka Es esmu Tas Kungs, saka Tas Kungs Dievs, kad Es pie jums svēts parādīšos priekš viņu acīm.
24 ২৪ কিয়নো মই জাতিবোৰৰ মাজৰ পৰা তোমালোকক লৈ, আটাই দেশৰ পৰা তোমালোকক গোটাই তোমালোকৰ নিজ দেশলৈ লৈ যাম।
Jo Es jūs atvedīšu no tām tautām un jūs sapulcināšu no visām valstīm, un Es jūs atvedīšu atkal jūsu zemē.
25 ২৫ তেতিয়া মই তোমালোকৰ ওপৰত শুচি জল ছটিয়াম, তাতে তোমালোক শুচি হ’বা; মই তোমালোকৰ আটাই অশৌচৰ পৰা আৰু তোমালোকৰ আটাই মুৰ্ত্তিৰ পৰা তোমালোকক শুচি কৰিম।
Un Es uz jums slacināšu šķīstu ūdeni, ka topat šķīsti; no visas jūsu nešķīstības un no visiem jūsu elkiem Es jūs šķīstīšu.
26 ২৬ মই তোমালোকক এক নতুন হৃদয় দিম, আৰু তোমালোকৰ অন্তৰত এক নতুন আত্মা স্থাপন কৰিম; আৰু মই তোমালোকৰ শৰীৰৰ পৰা শিলৰূপ মন গুচাই তোমালোকক মাংসৰূপ মন দিম।
Un Es jums došu jaunu sirdi un došu jums jaunu garu, un atņemšu to akmens sirdi no jūsu miesām un došu jums miesīgu sirdi.
27 ২৭ আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি, তোমালোকক মোৰ বিধিবোৰত চলাম; তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেই মতে কাৰ্য কৰিবা।
Un Es jums došu Savu Garu un darīšu, ka jūs staigāsiet Manos likumos un sargāsiet un darīsiet Manas tiesas.
28 ২৮ আৰু মই তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত তোমালোকে বাস কৰিবা; আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম।
Un jūs dzīvosiet tai zemē, ko Es jūsu tēviem esmu devis, un jūs Man būsiet par ļaudīm, un Es jums būšu par Dievu.
29 ২৯ মই তোমালোকৰ আটাই অশৌচৰ পৰা তোমালোকক ৰক্ষা কৰিম; আৰু মই ঘেঁহুধান আহ্বান কৰি তাক বৃদ্ধি কৰিম, আৰু তোমালোকৰ ওপৰত দুৰ্ভিক্ষভাৰ অৰ্পণ নকৰিম।
Un Es jūs atpestīšu no visas jūsu nešķīstības un aicināšu labību un to vairošu un nevedīšu pār jums badu.
30 ৩০ তোমালোকে জাতিবোৰৰ মাজত দুৰ্ভিক্ষৰ দুৰ্ণাম আৰু নাপাবৰ কাৰণে গছৰ ফল আৰু পথাৰৰ উৎপন্ন বস্তু মই বৃদ্ধি কৰিম।
Un Es vairošu koku augļus un tīruma augļus, ka jūs bada dēļ starp tautām vairs netopat nicināti.
31 ৩১ তেতিয়া তোমালোকে তোমালোকৰ কু-আচৰণ আৰু মন্দ কাৰ্যবোৰ সোঁৱৰণ কৰিবা; তোমালোকৰ অপৰাধ আৰু ঘিণলগীয়া কাৰ্যৰ কাৰণে তোমালোকে নিজৰ দৃষ্টিত নিজকে ঘিণাবা।
Tad jūs pieminēsiet savus ļaunos ceļus un savus nelabos darbus un būsiet paši sev riebīgi par saviem noziegumiem un par savām negantībām.
32 ৩২ প্ৰভু যিহোৱাই কৈছে, তোমালোকলৈ চাই যে মই এই কাৰ্য নকৰোঁ, ‘ইয়াক তোমালোকে জনা উচিত; হে ইস্ৰায়েল-বংশ, তোমালোকৰ আচাৰ-ব্যৱহাৰৰ কাৰণে তোমালোক লজ্জিত আৰু বিৱৰ্ণ হোৱা।’
Un to Es nedaru jūsu dēļ, saka Tas Kungs Dievs, to jums būs zināt. Kaunaties un nosarkstiet savu ceļu dēļ, jūs, Israēla nams!
33 ৩৩ প্ৰভু যিহোৱাই এই কথা কৈছে, তোমালোকৰ আটাই অপৰাধৰ পৰা মই তোমালোকক শুচি কৰা দিনা মই নগৰবোৰ বাসস্থান কৰিম, আৰু উচ্ছন্ন ঠাইবোৰ পুণৰায় নিৰ্ম্মাণ কৰা হ’ব।
Tā saka Tas Kungs Dievs: tai dienā, kad Es jūs šķīstīšu no visas jūsu nešķīstības, tad Es pilsētās likšu dzīvot, un postažas taps uztaisītas.
34 ৩৪ আৰু যি দেশ আটাই বাটৰুৱাৰ সাক্ষাতে উচ্ছন্ন আছিল, সেই উচ্ছন্ন দেশ তোমালোকে চহাবা।
Un tā tukšā zeme atkal taps apkopta, kur posts bija priekš ikviena acīm, kas gāja garām.
35 ৩৫ আৰু তেতিয়া তেওঁলোকে ক’ব, “এই যি দেশ ধ্বংস কৰা হৈছিল, এই দেশ এদন বাৰীৰ নিচিনা হ’ল, আৰু এই যি নগৰবোৰ ধ্বংসস্থান, উচ্ছন্ন, আৰু ভগ্ন হৈছিল, এই নগৰবোৰ গড়েৰে আবৃত আৰু বাসস্থান হ’ল।”
Un sacīs: šī zeme, kas bija postā, ir palikusi kā Ēdenes dārzs, un tās iztukšotās un izpostītās un sagruvušās pilsētas ir stipras un apdzīvotas.
36 ৩৬ তেতিয়া মই যিহোৱায়েই যে ভগা ঠাইবোৰ পুনৰায় নিৰ্ম্মাণ কৰিলোঁ, আৰু ধ্বংস কৰা ঠাই বাৰী কৰিলোঁ, ইয়াকে তোমালোকৰ চাৰিওফালে অৱশিষ্ট থকা জাতিবোৰে তেতিয়া জানিব। মই যিহোৱাই ইয়াক কলোঁ, আৰু ইয়াক সিদ্ধও কৰিম।’
Tad tās tautas, kas atlikušas visapkārt ap jums, samanīs, ka Es, Tas Kungs, uztaisu sagruvušas vietas un apdēstu, kas ir izpostīts; Es, Tas Kungs, to esmu runājis, un Es to darīšu.
37 ৩৭ প্ৰভু যিহোৱাই এই দৰে কৈছে: ‘আৰু এটা কথা আছে; মই যেন ইস্ৰায়েল বংশৰ কাৰণে ইয়াক কৰিম, সেইবাবে তেওঁলোকে মোৰ আগত প্ৰাৰ্থনা কৰিবলৈ মই বাট চাই থাকিম; মই মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক মানুহেৰে বৃদ্ধি কৰিম।
Tā saka Tas Kungs Dievs: Es ļaušos atkal pielūgties no Israēla nama, ka Es tiem parādos; Es vairošu tos ļaudis kā ganāmu pulku.
38 ৩৮ পবিত্ৰ মেৰ-ছাগৰ জাকৰ, যিৰূচালেমৰ নিৰূপিত উৎসৱৰ মেৰ-ছাগৰ জাকৰেই দৰেই ধ্বংস নগৰবোৰ মানুহৰ জাকেৰে পৰিপূৰ্ণ হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’।”
Tā kā tās svētās avis, kā Jeruzālemes avis savos svētkos, tā būs tās tukšās vietas ar cilvēkiem kā ar ganāmu pulku pilnas, un tie samanīs, ka Es esmu Tas Kungs.