< এজেকিয়েল 35 >

1 পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ọ̀rọ̀ Olúwa tọ̀ mí wá:
2 “হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
“Ọmọ ènìyàn kọjú sí òkè Seiri; sọtẹ́lẹ̀ sí i,
3 আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
kí o sì sọ wí pé, ‘Èyí ni Olúwa Olódùmarè wí: Èmí lòdì sí ọ, òkè Seiri, Èmi yóò sì na ọwọ́ mi síta ní ìlòdì sí ọ, èmi yóò sì mú kí ó di ahoro.
4 মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা।
Èmi yóò pa àwọn ìlú rẹ run, ìwọ yóò sì di ahoro. Nígbà náà ni ìwọ yóò mọ̀ pé èmi ni Olúwa.
5 কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -
“‘Nítorí ìwọ dá ààbò bo ọ̀tẹ̀ àtayébáyé, tí ìwọ sì fi Israẹli lé idà lọ́wọ́, ní àsìkò ìdààmú wọn, ní àsìkò tí ìjìyà wọn dé góńgó,
6 এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
nítorí náà bi mo ti wà láààyè, ni Olúwa Olódùmarè wí, èmi yóò fi ọ kalẹ̀ fún ìtàjẹ̀ sílẹ̀, ìtàjẹ̀ sílẹ̀ yóò sì lépa rẹ. Níwọ́n ìgbà tí ìwọ kò ti kórìíra ìtàjẹ̀ sílẹ̀, ìtàjẹ̀ sílẹ̀ yóò sì lépa rẹ.
7 এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
Èmi yóò mú kí òkè Seiri di ahoro; ọ̀fọ̀ gbogbo àwọn tí ó ń lọ tí ó ń bọ̀ ní èmi yóò gé kúrò lára rẹ.
8 আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব।
Èmi yóò fi àwọn tí a pa kún orí òkè rẹ, àwọn tí a fi idà pa yóò ṣubú ní orí òkè rẹ, àti ní àárín àwọn òkè rẹ.
9 মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
Èmi yóò mú kí ó di ahoro títí láé, kò ní sí olùgbé ní ìlú rẹ. Nígbà náà ni ìwọ yóò mọ̀ pé èmi ni Olúwa.
10 ১০ তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
“‘Nítorí tí ìwọ sọ pé, “Àwọn orílẹ̀-èdè àti ilẹ̀ méjì wọ̀nyí yóò jẹ́ tiwa, àwa yóò sì gbà wọ́n ní ìní,” bí ó tilẹ̀ jẹ́ pé, Èmi Olúwa wà níbẹ̀,
11 ১১ এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম।
nítorí náà níwọ̀n ìgbà tí mo ti wà láààyè, ní Olúwa Olódùmarè wí, èmi yóò hùwà sí ọ ní ìbámu pẹ̀lú ìbínú àti owú tí o fihàn nínú ìkórìíra rẹ sí wọn, èmi yóò fi ara mi hàn ní àárín wọn, nígbà tí mo bá ṣe ìdájọ́ rẹ.
12 ১২ গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ।
Nígbà náà ni ìwọ yóò mọ̀ pé, Èmi Olúwa ti gbọ́ gbogbo ohun ẹ̀gàn tí ìwọ ti sọ lòdì sí àwọn òkè Israẹli náà. Ìwọ wí pé, “A sọ wọ́n di ahoro, a sì fi wọ́n fún wa láti run.”
13 ১৩ আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
Ìwọ lérí sí mi, ó sì sọ̀rọ̀ lòdì sí mí láìsí ìdádúró, èmi sì gbọ́ ọ.
14 ১৪ প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
Èyí ni Olúwa Olódùmarè wí: Nígbà tí gbogbo ayé bá ń yọ̀, èmi yóò mú kí ó di ahoro.
15 ১৫ ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”
Nítorí pé ìwọ ń yọ̀ nígbà tí ìní ilé Israẹli di ahoro, bẹ́ẹ̀ gẹ́gẹ́ ni èmi yóò ṣe hùwà sí ọ. Ìwọ yóò di ahoro, ìwọ òkè Seiri, ìwọ àti gbogbo ará Edomu. Nígbà náà, wọn yóò mọ̀ pé, Èmi ni Olúwa.’”

< এজেকিয়েল 35 >