< এজেকিয়েল 35 >
1 ১ পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
καὶ ἐγένετο λόγος κυρίου πρός με λέγων
2 ২ “হে মনুষ্য সন্তান, তুমি চেয়ীৰ পৰ্ব্বতৰ ফালে মুখ কৰি তাৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
υἱὲ ἀνθρώπου ἐπίστρεψον τὸ πρόσωπόν σου ἐπ’ ὄρος Σηιρ καὶ προφήτευσον ἐπ’ αὐτὸ
3 ৩ আৰু তাক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! হে চেয়ীৰ পৰ্ব্বত, মই তোমাৰ বিপক্ষ, আৰু মই তোমাৰ অহিতে মোৰ হাত মেলি তোমাক ধ্বংস কৰিম আৰু বিস্ময়ৰ ঠাই কৰিম।
καὶ εἰπόν τάδε λέγει κύριος κύριος ἰδοὺ ἐγὼ ἐπὶ σέ ὄρος Σηιρ καὶ ἐκτενῶ τὴν χεῖρά μου ἐπὶ σὲ καὶ δώσω σε ἔρημον καὶ ἐρημωθήσῃ
4 ৪ মই তোমাৰ নগৰবোৰ উচ্ছন্ন কৰিম, আৰু অৱহেলিত হ’বা; তেতিয়া মই যে যিহোৱা ইয়াক তুমি জানিবা।
καὶ ταῖς πόλεσίν σου ἐρημίαν ποιήσω καὶ σὺ ἔρημος ἔσῃ καὶ γνώσῃ ὅτι ἐγώ εἰμι κύριος
5 ৫ কিয়নো ইস্রায়েলৰ সন্তান সকলৰ প্রতি তোমাৰ চিৰকলীয়া শত্ৰুভাৱ আছে, আৰু অন্তজনক অপৰাধৰ কালত, তেওঁলোকৰ আপদৰ কালতেই তুমি তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিলা -
ἀντὶ τοῦ γενέσθαι σε ἐχθρὰν αἰωνίαν καὶ ἐνεκάθισας τῷ οἴκῳ Ισραηλ δόλῳ ἐν χειρὶ ἐχθρῶν μαχαίρᾳ ἐν καιρῷ ἀδικίας ἐπ’ ἐσχάτῳ
6 ৬ এই কাৰণে, প্ৰভু যিহোৱাই কৈছে, ‘মোৰ জীৱনৰ শপত, মই তোমাক ৰক্তময় কৰিম, আৰু ৰক্তই তোমাৰ পাছে পাছে খেদি যাব। যিহেতু তুমি ৰক্তময় ঘিণ কৰা নাছিলা, ৰক্তই তোমাক অনুসৰণ কৰিব।
διὰ τοῦτο ζῶ ἐγώ λέγει κύριος κύριος εἰ μὴν εἰς αἷμα ἥμαρτες καὶ αἷμά σε διώξεται
7 ৭ এইদৰে মই চেয়ীৰ পৰ্ব্বতক বিস্ময়ৰ আৰু ধ্বংসৰ ঠাই কৰিম, আৰু তাৰ মাজেদি অহা-যোৱা কৰা লোকক তাৰ পৰা উচ্ছন্ন কৰিম।
καὶ δώσω τὸ ὄρος Σηιρ εἰς ἔρημον καὶ ἠρημωμένον καὶ ἀπολῶ ἀπ’ αὐτοῦ ἀνθρώπους καὶ κτήνη
8 ৮ আৰু মই তাৰ হত হোৱা লোকেৰে সৈতে তাৰ পৰ্ব্বতবোৰ পূৰ কৰিম। তোমাৰ গিৰিবোৰত, তোমাৰ উপত্যকাবোৰত আৰু তোমাৰ আটাই জুৰিবোৰৰ কাষত তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকল পতিত হ’ব।
καὶ ἐμπλήσω τῶν τραυματιῶν σου τοὺς βουνοὺς καὶ τὰς φάραγγάς σου καὶ ἐν πᾶσι τοῖς πεδίοις σου τετραυματισμένοι μαχαίρᾳ πεσοῦνται ἐν σοί
9 ৯ মই তোমাক চিৰকলীয়া ধ্বংসস্থানত পৰিণত কৰিম। তোমাৰ নগৰবোৰত কোনেও বসতি নকৰিব, কিন্তু মই যে যিহোৱা, তাক তোমালোকে জানিবা।
ἐρημίαν αἰώνιον θήσομαί σε καὶ αἱ πόλεις σου οὐ μὴ κατοικηθῶσιν ἔτι καὶ γνώσῃ ὅτι ἐγώ εἰμι κύριος
10 ১০ তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
διὰ τὸ εἰπεῖν σε τὰ δύο ἔθνη καὶ αἱ δύο χῶραι ἐμαὶ ἔσονται καὶ κληρονομήσω αὐτάς καὶ κύριος ἐκεῖ ἐστιν
11 ১১ এই হেতুকে, প্ৰভু যিহোৱাই কৈছে, মোৰ জীৱনৰ শপত, ‘মই তোমাৰ ক্ৰোধ অনুসাৰে, আৰু তেওঁলোকক ঘিণ কৰি তুমি দেখুউৱা তোমাৰ ঈৰ্ষা অনুসাৰে মই কাৰ্য কৰিম; আৰু যেতিয়া মই তোমাক বিচাৰসিদ্ধ দণ্ড দিম, তেতিয়া মই তেওঁলোকৰ মাজত নিজকে চিনাকি দিম।
διὰ τοῦτο ζῶ ἐγώ λέγει κύριος καὶ ποιήσω σοι κατὰ τὴν ἔχθραν σου καὶ γνωσθήσομαί σοι ἡνίκα ἂν κρίνω σε
12 ১২ গতিকে তুমি জানিবা যে ময়েই যিহোৱা! ইস্ৰায়েলৰ পৰ্ব্বতবোৰ ধ্বংস কৰা হ’ল, সেইবোৰ গ্ৰাস কৰিবৰ নিমিত্তে আমাকেই দিয়া হ’ল, এইবুলি সেইবোৰৰ বিৰুদ্ধে তুমি কোৱা তোমাৰ আটাই নিন্দা-বাক্য মই শুনিলোঁ।
καὶ γνώσῃ ὅτι ἐγώ εἰμι κύριος ἤκουσα τῆς φωνῆς τῶν βλασφημιῶν σου ὅτι εἶπας τὰ ὄρη Ισραηλ ἔρημα ἡμῖν δέδοται εἰς κατάβρωμα
13 ১৩ আৰু তোমালোকে মোৰ অহিতে নিজ নিজ মুখেৰে গৰ্ব্ব কৰিলা; আৰু মোৰ বিৰুদ্ধে তোমালোকৰ বাক্য বঢ়ালা; তাক ময়েই শুনিলোঁ।
καὶ ἐμεγαλορημόνησας ἐπ’ ἐμὲ τῷ στόματί σου ἐγὼ ἤκουσα
14 ১৪ প্ৰভু যিহোৱাই এই কথা কৈছে: গোটেই পৃথিৱীয়ে আনন্দ কৰা সময়ত মই তোমাক ধ্বংস কৰিম।
τάδε λέγει κύριος ἐν τῇ εὐφροσύνῃ πάσης τῆς γῆς ἔρημον ποιήσω σε
15 ১৫ ইস্ৰায়েল বংশৰ আধিপত্য ধ্বংস কৰা হোৱাত যেনেকৈ তুমি তাৰ ওপৰত আনন্দ কৰিছিলা, তেনেকৈ তোমাৰ অহিতে ময়ো আনন্দ কৰিম; হে চেয়ীৰ পৰ্ব্বত, হে গোটেই ইদোম, তোমাৰ সকলোকে ধ্বংস কৰা হ’ব; তাতে, মই যে যিহোৱা, তাক তেওঁলোকে জানিব’!”
ἔρημον ἔσῃ ὄρος Σηιρ καὶ πᾶσα ἡ Ιδουμαία ἐξαναλωθήσεται καὶ γνώσῃ ὅτι ἐγώ εἰμι κύριος ὁ θεὸς αὐτῶν