< এজেকিয়েল 34 >

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
RAB bana şöyle seslendi:
2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰা! ভাববাণী প্ৰচাৰ কৰি তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: “নিজকেই প্ৰতিপালন কৰা ইস্ৰায়েলৰ মেৰ-ছাগ ৰখীয়াবোৰ সন্তাপৰ পাত্ৰ! মেৰ-ছাগ ৰখীয়াবোৰে জানো মেৰ-ছাগবোৰক প্ৰতিপালন কৰিব নালাগে?
“İnsanoğlu, İsrail'in çobanlarına karşı peygamberlik et ve onlara, bu çobanlara şöyle de: ‘Egemen RAB diyor ki: Vay kendi kendini güden İsrail çobanlarına! Çobanların sürüyü gütmesi gerekmez mi?
3 তোমালোকে তেল খোৱা, তোমালোকে নোমেৰে পিন্ধা কাপোৰ কৰি লোৱা! তোমালোকে হৃষ্টপুষ্ট মেৰ-ছাগবোৰ বধ কৰা! কিন্তু জাকক হ’লে তোমালোকে প্ৰতিপালন নকৰা।
Yağı yiyor, yünü giyiyor, besili koyunları kesiyorsunuz, ama sürüyü kayırmıyorsunuz.
4 তোমালোকে দুৰ্ব্বলবোৰক সবল নকৰিলা, আৰু কোনোজন যদি ৰোগত আক্রান্ত হৈ আছে তেওঁকো সুস্থ নকৰিলা। যিসকল ভাগি পৰিছে, তেওঁলোকক তুমি একত্রিত নকৰিলা, নাইবা জাতিচ্যুত লোকক পুনৰাই ঘূৰাই নানিল বা হেৰোৱাজনক নিবিচাৰিলা। বৰং বল আৰু উপদ্ৰৱেৰে তোমালোকে তেওঁলোকৰ ওপৰত ৰাজত্ব চলালা।
Zayıfları güçlendirmediniz, hastaları iyileştirmediniz, yaralıların yarasını sarmadınız. Yolunu şaşıranları geri getirmediniz, yitikleri aramadınız. Ancak sertlik ve şiddetle onlara egemen oldunuz.
5 তেতিয়া ৰখীয়া নোহোৱাত তেওঁলোক ছিন্ন-ভিন্ন হ’ল, আৰু ছিন্ন-ভিন্ন হোৱাৰ পাছত তেওঁলোক আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
Çobanları olmadığı için dağıldılar, yabanıl hayvanlara yem oldular.
6 মোৰ মেৰ-ছাগবোৰে পৰ্ব্বতে পৰ্ব্বতে আৰু প্ৰত্যেক ওখ গিৰিৰ ওপৰত ভ্ৰমণ কৰিছে, এনে কি, মোৰ মেৰ-ছাগবোৰ গোটেই পৃথিৱীত ছিন্ন-ভিন্ন হ’ল। তথাপিও তেওঁলোকক চাওঁতা কি বিচাৰোঁতা কোনো নাই।”
Koyunlarım bütün dağlarda, yüksek tepelerde başıboş dolandılar. Koyunlarım yeryüzüne dağıldı. Onları ne arayan var, ne soran.
7 এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ বাক্য শুনা:
“‘Bu yüzden, ey çobanlar, RAB'bin sözünü dinleyin:
8 প্ৰভু যিহোৱাৰ এইটোৱেই ঘোষণা, “মোৰ জীৱনৰ শপত,” কিয়নো মেৰ-ছাগ ৰখীয়াবোৰে মোৰ মেৰ-ছাগবোৰ নিবিচৰাত আৰু মোৰ মেৰ-ছাগবোৰ প্ৰতিপালন নকৰি নিজকেই প্ৰতিপালন কৰি থকাত, ৰখীয়াসকল নোহোৱা হ’ল, ফলত মোৰ মেৰ-ছাগবোৰ লুটদ্ৰব্য আৰু আটাই বনৰীয়া জন্তুৰ আহাৰ হ’ল।
Varlığım hakkı için diyor Egemen RAB, çoban olmadığından koyunlarım yağma edildi, yabanıl hayvanlara yem oldu. Çobanlarım koyunlarımı aramadılar, onları güdeceklerine kendi kendilerini güttüler.
9 এই হেতুকে হে মেৰ-ছাগ ৰখীয়াবোৰ, যিহোৱাৰ ঘোষণা শুনা:
Onun için, ey çobanlar, RAB'bin sözünü dinleyin.
10 ১০ “প্ৰভু যিহোৱাই এই কথা কৈছে, চোৱা! মই মেৰ-ছাগ ৰখীয়াবোৰৰ বিপক্ষ, মই তেওঁলোকৰ হাতৰ পৰা মোৰ মেৰ-ছাগবোৰ আদায় কৰিম। আৰু তেওঁলোকক মেৰ-ছাগ ৰখীয়া বাবৰ পৰা বৰ্খাস্ত কৰিম; মেৰ-ছাগ ৰখীয়াসকলে নিজকেই আৰু প্ৰতিপালন নকৰিব, আৰু মোৰ মেৰ-ছাগবোৰ তেওঁলোকলৈ আহাৰ নহ’বৰ কাৰণে মই তেওঁলোকৰ মুখৰ পৰা মেৰ-ছাগবোৰক উদ্ধাৰ কৰিম।”
Egemen RAB şöyle diyor: Ben çobanlara karşıyım! Koyunlarımdan onları sorumlu tutacağım, koyunlarımı gütmelerine son vereceğim. Öyle ki, artık kendi kendilerini güdemeyecekler. Koyunlarımı onların ağzından kurtaracağım, artık onlara yem olmayacaklar.
11 ১১ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই নিজেই মোৰ মেৰ-ছাগবোৰৰ বুজ বিচাৰ ল’ম, আৰু সেইবোৰক বিচাৰি উলিয়াম।
“‘Egemen RAB şöyle diyor: Ben kendim koyunlarımı arayıp soracağım.
12 ১২ নিজ মেৰ-ছাগবোৰৰ মাজত থকা দিনা মেৰ-ছাগ ৰখীয়াই ছিন্ন-ভিন্ন হোৱা নিজৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিওৱাৰ দৰে, মই মোৰ মেৰ-ছাগৰ জাকক বিচাৰি উলিয়াম; আৰু মেঘে ঢাকি আন্ধাৰ কৰা দিনা, সেইবোৰ ছিন্ন-ভিন্ন হোৱা আটাই ঠাইৰ পৰা মই সেইবোৰক উদ্ধাৰ কৰিম।
Dağılmış koyunlarının arasındaki bir çoban sürüsüyle nasıl ilgilenirse, ben de koyunlarımla öyle ilgileneceğim. Bulutlu, karanlık bir gün dağılmış oldukları her yerden onları kurtaracağım.
13 ১৩ তেতিয়া মই আটাই লোকসকলৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিম; আৰু দেশবোৰৰ পৰা সেইবোৰক গোটাই তেওঁলোকক নিজৰ দেশলৈ আনিম। আৰু ইস্ৰায়েলৰ পৰ্ব্বতত, জুৰিবোৰৰ কাষত আৰু বসতিৰ যোগ্য ঠাইবোৰত মই সেইবোৰক চৰাম।
Onları ulusların arasından çıkaracak, ülkelerden toplayacak, kendi yurtlarına geri getireceğim. Onları İsrail dağlarında, vadilerde, ülkenin bütün oturulabilir yerlerinde güdeceğim.
14 ১৪ মই উত্তম ঘাঁহনিত সেইবোৰক চৰাম; আৰু ইস্ৰায়েলৰ ওখ পৰ্ব্বতৰ ওপৰত সেইবোৰ তেওঁলোকৰ চৰণীয়া ঠাই হ’ব। তেওঁলোকে তাত উত্তম চৰণীয়া ঠাইত শয়ন কৰিব আৰু ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত পুষ্টিকৰ ঘাঁহনিত চৰিব।
Onları iyi bir otlakta güdeceğim; yaylaları İsrail'in yüksek dağları üzerinde olacak. Orada iyi bir otlakta yatacak, İsrail'in yüksek dağlarındaki verimli otlaklarda otlayacaklar.
15 ১৫ ময়েই মোৰ মেৰ-ছাগবোৰক চৰাম আৰু মই নিজেই সেইবোৰক শয়ন কৰাম।” এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।
Ben kendim koyunlarımı güdeceğim, onları kendim yatıracağım. Egemen RAB böyle diyor.
16 ১৬ “মই হেৰোৱাজনক বিচাৰিম, জাতিচ্যুত কৰাজনক ঘূৰাই আনিম; মই ভাগি পৰাজনৰ ভগা ঠাই বান্ধিম, অসুস্থজনক সবল কৰিম। আৰু মই হৃষ্টপুষ্ট আৰু বলীজনক সংহাৰ কৰিম! আৰু ন্যায়েৰে প্ৰতিপালন কৰিবলৈ তেওঁলোকৰ ৰখীয়া হ’ম!
Yiteni arayacak, yolunu şaşıranı geri getireceğim. Yaralının yarasını saracak, zayıfı güçlendireceğim. Ama semizlerle güçlüleri yok edeceğim. Koyunlarımı adaletle güdeceğim.
17 ১৭ আৰু তোমালোক, হে মোৰ মেৰ-ছাগৰ জাক,” প্ৰভু যিহোৱাই এই কথা কৈছে “চোৱা! তোমালোকৰ বিষয়ে হ’লে, মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম, মতা মেৰ-ছাগ আৰু মতা ছাগৰ সমানে বিচাৰ কৰিম!
“‘Siz, ey benim sürüm, Egemen RAB şöyle diyor: Koyunla koyun arasında yargıyı ben vereceğim. Koçlarla tekelere gelince,
18 ১৮ এয়ে তোমালোকৰ মানত সামান্য বিষয় নে, যে, তোমালোকে উত্তম ঘাঁহনিত চৰিছা, আকৌ তোমালোকৰ চৰণীয়াৰ অৱশিষ্ট ঘাঁহখিনি তোমালোকৰ ভৰিৰে গচকিছা, আৰু নিৰ্ম্মল জল পান কৰি, তোমালোকৰ ভৰিৰে অৱশিষ্ট ভাগ ঘোলা কৰিছা?
iyi otlakta otlamanız yetmiyor mu ki, otlaklarınızın geri kalanını ayaklarınızla çiğniyorsunuz? Duru su içmeniz yetmiyor mu ki, geri kalan suyu ayaklarınızla bulandırıyorsunuz?
19 ১৯ কিন্তু এতিয়া মোৰ মেৰ-ছাগবোৰৰ ৰখীয়াৰ দ্বাৰাই চালিত, মোৰ মেৰ-ছাগবোৰে হ’লে, তোমালোকে তোমালোকৰ ভৰিৰে গচকা ঘাঁহহে খাবলৈ পায়, আৰু তোমালোকৰ ভৰিৰে ঘোলা কৰা পানীহে পান কৰিবলৈ পায়।”
Koyunlarım ayaklarınızın çiğnediğini otlamak, ayaklarınızın bulandırdığını içmek zorunda kalıyor.
20 ২০ এই হেতুকে প্ৰভু যিহোৱাই তেওঁলোকক এই দৰে কৈছে: “চোৱা! মই, ময়েই হৃষ্টপুষ্ট আৰু ক্ষীণ মেৰ-ছাগবোৰৰ মাজত বিচাৰ কৰিম,
“‘Bu nedenle Egemen RAB onlara şöyle diyor: Semiz koyunla cılız koyun arasında ben kendim yargıçlık yapacağım.
21 ২১ তোমালোকে দুৰ্ব্বলবোৰক বাহিৰ কৰি ছিন্ন-ভিন্ন নকৰালৈকে, কোৰেৰে আৰু কান্ধেৰে ঠেলা, আৰু শিঙেৰে আটাইকে খোচা!
Madem bütün cılız koyunları kovup dağıtıncaya dek böğrünüzle vuruyor, omuzunuzla itiyor, boynuzlarınızla kakıyorsunuz,
22 ২২ এই কাৰণে মই মোৰ মেৰ-ছাগৰ জাকক ৰক্ষা কৰিম; তেওঁলোক আৰু লুটদ্ৰব্য নহ’ব। আৰু মই এটা এটাকৈ মেৰ-ছাগৰ জাকৰ বিচাৰ কৰিম!
ben de koyunlarımı kurtaracağım, artık çapul malı olmayacaklar. Koyunla koyun arasında ben yargıçlık yapacağım.
23 ২৩ আৰু মই সেইবোৰৰ ওপৰত এজন মাত্ৰ ৰখীয়া মোৰ দাস দায়ুদক নিযুক্ত কৰিম! তেওঁ সেইবোৰক প্ৰতিপালন কৰিব; তেৱেঁই সেইবোৰক প্ৰতিপালন কৰি সেইবোৰৰ ৰখীয়া হ’ব।
Başlarına, onları güdecek tek çoban olarak kulum Davut'u koyacağım. Onları o güdecek, çobanları o olacak.
24 ২৪ কাৰণ মই, যিহোৱাই, মোৰ লোকসকলৰ ঈশ্বৰ হ’ম, আৰু মোৰ দাস তেওঁলোকৰ মাজত অধিপতি হ’ব! ইয়াক মই, যিহোৱাই ঘোষণা কৰিলোঁ!
Ben RAB onların Tanrısı olacağım, kulum Davut da onların arasında önder olacak. Ben RAB, böyle diyorum.
25 ২৫ আৰু মই তেওঁলোকৰ লগত এটি শান্তিৰ নিয়ম স্থাপন কৰিম, আৰু দেশৰ পৰা হিংসুক জন্তুবোৰ দূৰ কৰিম; যেন তেওঁলোকে মৰুভূমিত নিৰ্ভয়ে বাস কৰিব, আৰু কাঠনিত টোপনি যাব।
“‘Onlarla bir esenlik antlaşması yapacağım, ülkedeki yırtıcı hayvanları yok edeceğim. Çölde güvenlik içinde yaşayacak, ormanlarda uyuyacaklar.
26 ২৬ আৰু মই তেওঁলোকক, আৰু মোৰ পৰ্ব্বতৰ চাৰিওফালে থকা ঠাইবোৰ আশীৰ্ব্বাদ যুক্ত কৰিম আৰু মই উচিত সময়ত বৃষ্টি অনাম, আৰু আশীৰ্ব্বাদযুক্ত বৃষ্টি পৰিব।
Onları da dağımın çevresini de bereketli kılacağım. Yağmuru zamanında yağdıracağım. Bereketli yağmurlar olacak.
27 ২৭ আৰু পথাৰৰ গছে নিজৰ ফল উৎপন্ন কৰিব, পৃথিৱীয়ে নিজৰ শস্য দিব, আৰু তেওঁলোক নিজৰ দেশত নিৰ্ভয়ে থাকিব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব, যেতিয়া মই তেওঁলোকৰ যুৱলিৰ শলমাৰি ভাঙি তেওঁলোকক বন্ধীকাম কৰোঁৱাবোৰৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিম।
Kırdaki ağaçlar meyve verecek, toprak ürün verecek. Halk ülkesinde güvenlik içinde olacak. Boyunduruklarının bağlarını koparıp onları köle edenlerin elinden kurtardığım zaman benim RAB olduğumu anlayacaklar.
28 ২৮ আৰু তেওঁলোক জাতিবোৰৰ লুটদ্ৰব্য আৰু নহ’ব, বা বনৰীয়া জন্তুবোৰে তেওঁলোকক গ্ৰাস নকৰিব; কিন্তু তেওঁলোকে নিৰাপদে বাস কৰিব, আৰু তেওঁলোকে শংকিত নহ’ব।
Artık ulusların çapul malı, yabanıl hayvanların yemi olmayacaklar. Güvenlik içinde yaşayacaklar, kimse onları korkutmayacak.
29 ২৯ মই গৌৰৱৰ অৰ্থে তেওঁলোকৰ বাবে এটি পুলি উৎপন্ন কৰিম; তেওঁলোক দেশত আকালৰ দ্বাৰাই আৰু বিনষ্ট নহ’ব, বা জাতিবোৰে দিয়া লাজ তেওঁলোকে আৰু ভোগ নকৰিব।
Onlar için ünlü bir fidanlık yetiştireceğim. Artık ülke kıtlıktan yok olmayacak, ulusların aşağılamasına uğramayacaklar.
30 ৩০ তেতিয়া তেওঁলোকে জানিব যে যিহোৱা তেওঁলোকৰ ঈশ্বৰ, মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোক ইস্ৰায়েলৰ বংশ, মোৰ প্ৰজা!” প্ৰভু যিহোৱাই ইয়াকে ঘোষণা কৰিছে।
O zaman ben Tanrıları RAB'bin onlarla birlikte olduğumu ve İsrail soyunun da benim halkım olduğunu anlayacaklar.’ Böyle diyor Egemen RAB.
31 ৩১ আৰু প্ৰভু যিহোৱাই কৈছে, কাৰণ তোমালোক মোৰ মেৰ-ছাগ, মোৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ, আৰু মোৰ প্রজা হোৱা! মই তোমালোকৰ ঈশ্বৰ হ’ম!” এয়েই প্রভু যিহোৱাৰ ঘোষণা’।”
‘Benim koyunlarım, otlağımın koyunları siz insanlarsınız. Ben sizin Tanrınız'ım.’ Böyle diyor Egemen RAB.”

< এজেকিয়েল 34 >