< এজেকিয়েল 33 >
1 ১ পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
फिर ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ:
2 ২ “হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব।
कि 'ऐआदमज़ाद, तू अपनी क़ौम के फ़र्ज़न्दों से मुख़ातिब हो और उनसे कह, जिस वक़्त मैं किसी सरज़मीन पर तलवार चलाऊँ, और उसके लोग अपने बहादुरों में से एक को लें और उसे अपना निगहबान ठहराएँ।
3 ৩ তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে!
और वह तलवार को अपनी सरज़मीन पर आते देख कर नरसिंगा फूँके और लोगों को होशियार करे।
4 ৪ তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব।
तब जो कोई नरसिंगे की आवाज़ सुने और होशियार न हो, और तलवार आए और उसे क़त्ल करे, तो उसका खू़न उसी की गर्दन पर होगा।
5 ৫ যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব।
उसने नरसिंगे की आवाज़ सुनी और होशियार न हुआ, उसका खू़न उसी पर होगा, हालाँकि अगर वह होशियार होता तो अपनी जान बचाता।
6 ৬ কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’
लेकिन अगर निगहबान तलवार को आते देखे और नरसिंगा न फूँके, और लोग होशियार न किए जाएँ, और तलवार आए और उनके बीच से किसी को ले जाए, तो वह तो अपनी बदकिरदारी में हलाक हुआ लेकिन मैं निगहबान से उसके ख़ून का सवाल — ओ — जवाब करूँगा।
7 ৭ এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা।
फ़िर तू ऐ आदमज़ाद, इसलिए कि मैंने तुझे बनी — इस्राईल का निगहबान मुक़र्रर किया, मेरे मुँह का कलाम सुन रख और मेरी तरफ़ से उनको होशियार कर।
8 ৮ যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম!
जब मैं शरीर से कहूँ, ऐ शरीर, तू यक़ीनन मरेगा, उस वक़्त अगर तू शरीर से न कहे और उसे उसके चाल चलन से आगाह न करे, तो वह शरीर तो अपनी बदकिरदारी में मरेगा लेकिन मैं तुझ से उसके खू़न की सवाल — ओ — जवाब करूँगा।
9 ৯ কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
लेकिन अगर तू उस शरीर को जताए कि वह अपनी चाल चलन से बाज़ आए और वह अपनी चाल चलन से बाज़ न आए, तो वह तो अपनी बदकिरदारी में मरेगा लेकिन तूने अपनी जान बचा ली।
10 ১০ গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’
इसलिए ऐ आदमज़ाद, तू बनी इस्राईल से कह तुम यूँ कहते हो कि हक़ीक़त में हमारी ख़ताएँ और हमारे गुनाह हम पर हैं और हम उनमें घुलते रहते हैं पस हम क्यूँकर ज़िन्दा रहेंगे।
11 ১১ তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’
तू उनसे कह ख़ुदावन्द ख़ुदा फ़रमाता है, मुझे अपनी हयात की क़सम शरीर के मरने में मुझे कुछ ख़ुशी नहीं बल्कि इसमें है कि शरीर अपनी राह से बाज़ आए और ज़िन्दा रहे ऐ बनी इस्राईल बाज़ आओ तुम अपनी बुरी चाल चलन से बाज़ आओ तुम क्यूँ मरोगे।
12 ১২ আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক কোৱা, ‘ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্মিক জনে পাপ কৰিলে নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।
“इसलिए ऐ आदमज़ाद, अपनी क़ौम के फ़र्ज़न्दों से यूँ कह, कि सादिक़ की सदाक़त उसकी ख़ताकारी के दिन उसे न बचाएगी, और शरीर की शरारत जब वह उससे बाज़ आए तो उसके गिरने की वजह न होगी; और सादिक़ जब गुनाह करे तो अपनी सदाक़त की वजह से ज़िन्दा न रह सकेगा।
13 ১৩ যেতিয়া মই ধাৰ্মিকৰ বিষয়ে, “তেওঁ জীয়াই থাকিব!”, এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নির্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্মকৰ্মবোৰৰ কোনো এটাও সোঁৱৰণ কৰা নহ’ব; তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব।
जब मैं सादिक़ से कहूँ कि तू यक़ीनन ज़िन्दा रहेगा, अगर वह अपनी सदाक़त पर भरोसा करके बदकिरदारी करे तो उसकी सदाक़त के काम फ़रामोश हो जाएँगे, और वह उस बदकिरदारी की वजह से जो उसने की है मरेगा।
14 ১৪ পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে-
और जब शरीर से कहूँ, तू यक़ीनन मरेगा, अगर वह अपने गुनाह से बाज़ आए और वही करे जायज़ — ओ — रवा है।
15 ১৫ যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘূৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব।
अगर वह शरीर गिरवी वापस कर दे और जो उसने लूट लिया है वापस दे दे, और ज़िन्दगी के क़ानून पर चले और नारास्ती न करे, तो वह यक़ीनन ज़िन्दा रहेगा वह नहीं मरेगा।
16 ১৬ তেওঁ কৰা পাপবোৰৰ কোনো পাপকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব; তেওঁ উচিত আৰু ন্যায় কাৰ্য কৰিলে; তেওঁ অৱশ্যে জীয়াই থাকিব!
जो गुनाह उसने किए हैं उसके ख़िलाफ़ महसूब न होंगे, उसने वही किया जो जायज़ — ओ — रवा है, वह यक़ीनन ज़िन्दा रहेगा।
17 ১৭ তথাপি তোমাৰ জাতিৰ সন্তান সকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়!
'लेकिन तेरी क़ौम के फ़र्ज़न्द कहते हैं, कि ख़ुदावन्द के चाल चलन रास्त नहीं, हालाँकि ख़ुद उन ही के चाल चलन नारास्त है।
18 ১৮ যেতিয়া ধাৰ্মিক জনে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব।
अगर सादिक़ अपनी सदाक़त छोड़कर बदकिरदारी करे, तो वह यक़ीनन उसी की वजह से मरेगा।
19 ১৯ আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব!
और अगर शरीर अपनी शरारत से बाज़ आए और वही करे जो जायज़ — ओ — रवा है, तो उसकी वजह से ज़िन्दा रहेगा।
20 ২০ তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!”
फिर भी तुम कहते हो कि ख़ुदावन्द के चाल चलन रास्त नहीं है। ऐ बनी — इस्राईल मैं तुम में से हर एक की चाल चलन के मुताबिक़ तुम्हारी 'अदालत करूँगा।”
21 ২১ আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!”
हमारी ग़ुलामी के बारहवें बरस के दसवें महीने की पाँचवीं तारीख़ को, यूँ हुआ कि एक शख़्स जो येरूशलेम से भाग निकला था, मेरे पास आया और कहने लगा, कि “शहर मुसख़र हो गया।”
22 ২২ পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ!
और शाम के वक़्त उस भगोड़े के पहुँचने से पहले ख़ुदावन्द का हाथ मुझ पर था; और उसने मेरा मुँह खोल दिया। उसने सुबह को उसके मेरे पास आने से पहले मेरा मुँह खोल दिया और मैं फिर गूंगा न रहा।
23 ২৩ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
तब ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ:
24 ২৪ “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’
कि 'ऐ आदमज़ाद, मुल्क — ए — इस्राईल के वीरानों के बाशिन्दे यूँ कहते हैं, कि अब्रहाम एक ही था और वह इस मुल्क का वारिस हुआ, लेकिन हम तो बहुत से हैं; मुल्क हम को मीरास में दिया गया है।
25 ২৫ এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে?
इसलिए तू उनसे कह दे, ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि तुम ख़ून के साथ खाते और अपने बुतों की तरफ़ आँख उठाते हो और खूँरेज़ी करते हो क्या तुम मुल्क के वारिस होगे?
26 ২৬ তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ পত্নীক অশুচি কৰা লোক; তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা’?”
तुम अपनी तलवार पर भरोसा करते हो, तुम मकरूह काम करते हो और तुम में से हर एक अपने पड़ोसी की बीवी को नापाक करता है; क्या तुम मुल्क के वारिस होगे?
27 ২৭ তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব।
तू उनसे यूँ कहना, कि ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: कि मुझे अपनी हयात की क़सम वह जो वीरानों में हैं, तलवार से क़त्ल होंगे; और उसे जो खुले मैदान में हैं, दरिन्दों को दूँगा कि निगल जाएँ; और वह जो किलों' और गारों में हैं, वबा से मरेंगे।
28 ২৮ তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব’।”
क्यूँकि मैं इस मुल्क को उजाड़ा और हैरत का ज़रि'अ बनाऊँगा, और इसकी ताक़त का ग़ुरूर जाता रहेगा, और इस्राईल के पहाड़ वीरान होंगे यहाँ तक कि कोई उन पर से गुज़र नहीं करेगा।
29 ২৯ মই তেওঁলোকে কৰা তেওঁলোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ কাৰণে মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।
और जब मैं उनके तमाम मकरूह कामों की वजह से जो उन्होंने किए हैं, मुल्क को वीरान और हैरत का ज़रि'अ बनाऊँगा, तो वह जानेंगे कि मैं ख़ुदावन्द हूँ।
30 ৩০ আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তান সকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰমুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।”
'लेकिन ऐ आदमज़ाद, फ़िलहाल तेरी कौम के फ़र्ज़न्द दीवारों के पास और घरों के आस्तानों पर तेरे ज़रिए' गुफ़्तगू करते हैं, और एक दूसरे से कहते हैं, हाँ, हर एक अपने भाई से यूँ कहता है, 'चलो, वह कलाम सुनें जो ख़ुदावन्द की तरफ़ से नाज़िल हुआ है।
31 ৩১ তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
वह उम्मत की तरह तेरे पास आते और मेरे लोगों की तरह तेरे आगे बैठते और तेरी बातें सुनते हैं, लेकिन उन लेकिन 'अमल नहीं करते; क्यूँकि वह अपने मुँह से तो बहुत मुहब्बत ज़ाहिर करते हैं, पर उनका दिल लालच पर दौड़ता है।
32 ৩২ কিয়নো চোৱা, তুমি তেওঁলোকৰ কাৰণে সুন্দৰ গীতৰ দৰে, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গান যেন হে; তেওঁলোকে তোমাৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব।
और देख, तू उनके लिए बहुत मरगू़ब सरोदी की तरह है, जो ख़ुश इल्हान और माहिर साज़ बजाने वाला हो, क्यूँकि वह तेरी बातें सुनते हैं लेकिन उन पर 'अमल नहीं करते।
33 ৩৩ আৰু যেতিয়া সেয়ে ঘটিব - চোৱা! সেয়ে ঘটিবৰ দিন ওচৰ হৈছে! - তেতিয়া, তেওঁলোকে তেওঁলোকৰ মাজত যে এজন ভাববাদী আছিল, সেই বিষয়ে তেওঁলোকে জানিব।
और जब यह बातें वजूद में आएँगी देख, वह जल्द वजूद में आने वाली हैं, तब वह जानेंगे कि उनके बीच एक नबी था।