< এজেকিয়েল 33 >

1 পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Maganar Ubangiji ta zo mini cewa,
2 “হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক এই কথা ঘোষণা কৰা; তেওঁলোকক কোৱা, ‘যেতিয়া মই কোনো দেশৰ বিৰুদ্ধে তৰোৱাল আনিম, তেতিয়া সেই দেশৰ লোকসকলে তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকক লৈ তেওঁলোকৰ কাৰণে তাক প্ৰহৰী নিযুক্ত কৰিব।
“Ɗan mutum, yi magana da mutanen ƙasarka ka faɗa musu cewa, ‘Sa’ad da na kawo takobi a kan ƙasar, mutanen ƙasar kuwa suka zaɓi ɗaya daga cikin mutanensu suka mai da shi mai tsaro,
3 তেওঁ দেশৰ অহিতে তৰোৱাল অহা দেখি শিঙা বজাই লোকসকলক সতৰ্ক কৰে!
ya kuma ga takobi yana zuwa a kan ƙasar ya kuwa busa ƙaho don yă faɗakar da mutane,
4 তেতিয়া যদি সেই লোকসকলে শিঙাৰ শব্দ শুনি সতৰ্ক নহয়, আৰু তৰোৱালে আহি তেওঁলোকক বধ কৰে, তেনেহ’লে তেওঁলোকৰ ৰক্তপাতৰ দোষ প্রতিজনৰ নিজৰ মূৰতে পৰিব।
in wani ya ji busar amma bai kula ba, takobin zai zo ya ɗauki ransa, jininsa kuwa zai zauna a kansa.
5 যদি কোনো এজন লোকে তেওঁ শিঙাৰ শব্দ শুনিও সতৰ্ক নহ’ল, তেওঁৰ ৰক্তপাতৰ দোষ তেওঁৰ ওপৰতে পৰিব; কিন্তু যদি তেওঁ সতৰ্ক হয়, তেনেহ’লে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰিব।
Da yake ya ji ƙarar busar amma bai kula ba, jininsa zai zauna a kansa. Da a ce ya kula, da ya ceci kansa.
6 কিন্তু প্ৰহৰীয়ে তৰোৱাল অহা দেখিও যদি শিঙা নবজায়, আৰু লোকসকলক সতৰ্ক হ’বলৈ সুযোগ নিদিয়ে, আৰু তৰোৱালে আহি তেওঁলোকৰ মাজৰ পৰা কোনো এজন লোকৰ প্রাণ লৈ, তেন্তে তেওঁ নিজৰ অপৰাধৰ কাৰণেই হ’ব, কিন্তু মই প্ৰহৰীৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম।’
Amma a ce mai tsaron ya ga takobi yana zuwa bai kuwa busa ƙaho don yă faɗakar da mutane ba sai takobi ya zo ya ɗauki ran waninsu, za a kawar da wannan mutum saboda zunubinsa, amma zan nemi hakkin jinin mutumin a kan mai tsaron.’
7 এতিয়া তুমিও, হে মনুষ্য সন্তান! মই তোমাক ইস্ৰায়েল বংশৰ প্ৰহৰীস্বৰূপে নিযুক্ত কৰিলোঁ; তুমি মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সতৰ্ক কৰা।
“Ɗan mutum, na mai da kai mai tsaro bisa gidan Isra’ila; saboda haka ka ji abin da zan faɗa ka kuma gargaɗe su.
8 যদি মই এজন দুষ্ট লোকক কওঁ, ‘হে দুষ্ট, তুমি নিশ্চয়ে মৰিবা!’ কিন্তু যদি তুমি সেই দুষ্টজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ সতৰ্ক কৰিবলৈ একো নোকোৱা, তেতিয়া সেই দুষ্ট লোকজনে নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁৰ ৰক্তপাতৰ প্ৰতিশোধ ল’ম!
Sa’ad da na ce wa mugu, ‘Ya mugun mutum, tabbatacce za ka mutu,’ kai kuma ba ka yi magana don ka juyar da shi daga hanyoyinsa ba, wannan mugun mutum zai mutu domin zunubinsa, zan kuma nemi hakkin jininsa a kanka.
9 কিন্তু যদি সেই দুষ্ট লোকজনক তেওঁৰ পথৰ পৰা ঘূৰিবলৈ তেওঁৰ পথৰ বিষয়ে সতৰ্ক কৰা, আৰু তেওঁ নিজ পথৰ পৰা নুঘূৰে, তেন্তে তেওঁ নিজ অপৰাধৰ কাৰণে মৰিব, কিন্তু তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
Amma in ka faɗakar da mugun mutumin don yă juye daga hanyoyinsa bai kuwa yi haka ba, zai mutu saboda zunubinsa, amma kai za ka kuɓutar da kanka.
10 ১০ গতিকে তুমি, হে মনুষ্য সন্তান, তুমি ইস্ৰায়েলবংশক কোৱা, ‘তোমালোকে এই কথা কৈছা: আমাৰ অপৰাধ আৰু পাপৰ ভাৰ আমাৰ ওপৰত আছে আৰু আমি সেইবোৰৰ কাৰণে ধংস হৈ আছোঁ! তেন্তে আমি কেনেকৈ জীয়াই থাকিম?’
“Ɗan mutum, faɗa wa gidan Isra’ila, ‘Ga abin da kuke cewa, “Laifofinmu da zunubanmu suna nawaita mana, muna kuma lalacewa saboda su. Ta ƙaƙa za mu rayu?”’
11 ১১ তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাৰ জীৱনৰ শপত - প্রভু যিহোৱাই কৈছে - দুষ্টৰ মৰণত মই সন্তোষ নাপাওঁ, কিয়নো দুষ্টই যদি নিজ পথৰ পৰা ঘূৰে, তেতিয়া তেওঁ জীয়াই থাকে! ঘূৰা! তোমালোকৰ কু-পথৰ পৰা তোমালোক ঘূৰা! কিয়নো হে ইস্ৰায়েল বংশ, তোমালোক কিয় মৰিবা?’
Ka faɗa musu, ‘Muddin ina raye, in ji Ubangiji Mai Iko Duka, ba na jin daɗin mutuwar mugu, amma a maimako haka ya fi su juye daga hanyoyinsu su rayu. Ku juye! Ku juye daga mugayen hanyoyinku! Don me za ku mutu, ya gidan Isra’ila?’
12 ১২ আৰু তুমি, হে মনুষ্য সন্তান, তুমি তোমাৰ জাতিৰ সন্তান সকলক কোৱা, ‘ধাৰ্মিকৰ ধাৰ্মিকতাই তেওঁৰ অপৰাধৰ দিনা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে; আৰু দুষ্টৰ দুষ্টতাৰ বিষয়ে হ’লে, তেওঁ নিজ দুষ্টতাৰ পৰা ঘূৰা দিনা তাৰ দ্বাৰাই তেওঁ পতিত নহ’ব। কিয়নো ধাৰ্মিক জনে পাপ কৰিলে নিজ ধাৰ্মিকতাৰ দ্বাৰাই জীয়াই থাকিব নোৱাৰিব।
“Saboda haka, ɗan mutum, ka faɗa wa mutanen ƙasarka, ‘Adalcin adali ba zai cece shi sa’ad da ya ƙi yin biyayya ba, kuma muguntar mugu ba za tă sa ya fāɗi sa’ad da ya juya daga gare ta ba. Adali, in ya yi zunubi, ba za a bari yă rayu saboda adalcinsa na dā ba.’
13 ১৩ যেতিয়া মই ধাৰ্মিকৰ বিষয়ে, “তেওঁ জীয়াই থাকিব!”, এই বুলি কওঁ, তেতিয়া যদি তেওঁ নিজ ধাৰ্মিকতাত নির্ভৰ কৰি অপৰাধ কৰে, তেন্তে তেওঁ ধৰ্মকৰ্মবোৰৰ কোনো এটাও সোঁৱৰণ কৰা নহ’ব; তেওঁ কৰা অপৰাধৰ কাৰণে তেওঁ মৰিব।
In na faɗa wa adali cewa tabbatacce zai rayu, amma sai ya dogara ga adalcinsa ya kuma aikata mugunta, babu ayyukan adalcinsa da za a tuna; zai mutu saboda muguntar da ya aikata.
14 ১৪ পুনৰায় যেতিয়া মই দুষ্টক কওঁ, “তুমি অৱশ্যে মৰিবা!” তেতিয়া যদি তেওঁ নিজ পাপৰ পৰা ঘূৰি ন্যায় আৰু উচিত কাৰ্য কৰে-
Kuma in na ce wa mugu, ‘Tabbatacce za ka mutu,’ amma sai ya juye daga zunubinsa ya kuma yi abin da yake gaskiya da kuma daidai,
15 ১৫ যদি তেওঁ বন্ধক ওলোটাই দিয়ে, বা চুৰ কৰা বস্তু পুনৰায় ঘূৰাই দিয়ে, আৰু কোনো অপৰাধ নকৰি জীৱন দায়ক বিধিবোৰত চ’লে, তেন্তে তেওঁ নিশ্চয়ে জীয়াই থাকিব; তেওঁ নমৰিব।
in ya mayar da jingina, ya mayar da abin da ya sata, ya kiyaye ƙa’idodin da suke ba da rai, ya daina yin mugunta, tabbatacce zai rayu; ba zai mutu ba.
16 ১৬ তেওঁ কৰা পাপবোৰৰ কোনো পাপকে তেওঁৰ অহিতে সোঁৱৰণ কৰা নহ’ব; তেওঁ উচিত আৰু ন্যায় কাৰ্য কৰিলে; তেওঁ অৱশ্যে জীয়াই থাকিব!
Babu wani zunubin da ya aikata da za a tuna da shi. Ya yi abin da yake gaskiya da kuma daidai; tabbatacce zai rayu.
17 ১৭ তথাপি তোমাৰ জাতিৰ সন্তান সকলে কয়, “প্ৰভুৰ পথ ন্যায় নহয়!” কিন্তু তেওঁলোকৰ পথবোৰ হে ন্যায় নহয়!
“Duk da haka mutanen ƙasarka sun ce, ‘Hanyar Ubangiji ba daidai ba ce.’ Alhali kuwa tasu ce ba daidai ba.
18 ১৮ যেতিয়া ধাৰ্মিক জনে নিজ ধাৰ্মিকতাৰ পৰা উলটি অপৰাধ কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই মৰিব।
In adali ya juye daga adalcinsa ya yi mugunta, zai mutu saboda haka.
19 ১৯ আৰু যেতিয়া দুষ্টই নিজ দুষ্টতাৰ পৰা ঘূৰি উচিত আৰু ন্যায় কাৰ্য কৰে, তেতিয়া তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব!
Kuma in mugu ya juye daga muguntarsa ya aikata abin da yake gaskiya da kuma daidai, zai rayu ta yin haka.
20 ২০ তথাপি তোমালোকে কোৱা, “প্ৰভুৰ পথ ন্যায় নহয়!” হে ইস্ৰায়েল বংশ, মই তোমালোকৰ নিজ নিজ আচাৰ-ব্যৱহাৰ অনুসাৰে তোমালোকৰ প্রতিজনৰ বিচাৰ কৰিম’!”
Duk da haka, ya gidan Isra’ila kun ce, ‘Hanyar Ubangiji ba daidai ba ce.’ Amma zan hukunta kowane ɗayanku gwargwadon ayyukansa.”
21 ২১ আমি দেশান্তৰিত হোৱাৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ পঞ্চম দিনা যিৰূচালেমৰ পৰা ওলাই ৰক্ষা পোৱা এজনে মোৰ ওচৰলৈ আহি মোক ক’লে, “নগৰখন শত্ৰুৰ হাতত পৰিল!”
A shekara ta goma sha biyu ta zaman bautanmu, a wata na goma a rana ta biyar, wani mutumin da ya gudu daga Urushalima ya zo wurina ya ce, “Birnin ya fāɗi!”
22 ২২ পলাই ৰক্ষা পোৱা জন অহাৰ আগেয়ে সন্ধ্যাৰ সময়ত যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত আছিল; আৰু তেওঁ ৰাতিপুৱাতে মোৰ ওচৰলৈ আহাৰ সময়ত মোৰ মূখ মেলা হ’ল। সেই কাৰণে মোৰ মূখ মেল খালে; মই আৰু বোবা হৈ নাথাকিলোঁ!
To a yamman da ya wuce kafin mutumin ya iso, hannun Ubangiji yana a kaina, ya kuma buɗe bakina kafin mutumin ya iso wurina da safe. Sai bakina ya buɗu ban kuma yi shiru ba.
23 ২৩ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Sai maganar Ubangiji ta zo mini cewa,
24 ২৪ “হে মনুষ্য সন্তান, ইস্ৰায়েলৰ ধ্বংসস্থানবোৰত বাস কৰা লোকসকলে কয়, ‘অব্ৰাহাম এজন মাত্ৰ লোক আছিল, তথাপি তেওঁ দেশ অধিকাৰ কৰিছিল; কিন্তু আমি হ’লে অনেক! অধিকাৰৰ অৰ্থে দেশ আমাকেই দিয়া হৈছে।’
“Ɗan mutum, mutanen da suke zama a waɗannan kufai a ƙasar Isra’ila suna cewa, ‘Ibrahim mutum ɗaya ne kaɗai, duk da haka Ibrahim ya mallaki ƙasar. Amma mu da muke da yawa; lalle an ba mu ƙasar ta zama mallakarmu.’
25 ২৫ এই হেতুকে তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “তোমালোক সতেজ হৈ মাংস খোৱা, মুৰ্ত্তিবোৰলৈ চকু তোলা আৰু ৰক্তপাত কৰা লোক; তেন্তে তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা নে?
Saboda haka ka faɗa musu, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa da yake kun ci nama da jini a cikinsa kuka kuma bauta wa gumakanku kuka zub da jini, kuna gani za ku mallaki ƙasar?
26 ২৬ তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ পত্নীক অশুচি কৰা লোক; তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা’?”
Kun dogara ga takobinku, kuka aikata abubuwan banƙyama, kowannenku kuma ya ƙazantar da matar maƙwabcinsa. Kuna gani za ku mallaki ƙasar?’
27 ২৭ তুমি তেওঁলোকক এই কথা ক’বা, “প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ জীৱনৰ শপত, ধ্বংসস্থান-বোৰত বাস কৰা লোকসকল অৱশ্যে তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু মুকলি পথাৰত থকাটোক খাবৰ কাৰণে মই বনৰীয়া জন্তুবোৰক দিম, আৰু দুৰ্গ আৰু গুহাত থকাবোৰ মহামাৰীত মৰিব।
“Ka faɗa musu wannan, ‘Ga abin da Ubangiji Mai Iko Duka yana cewa muddin ina raye, waɗanda aka rage a kufai za su fāɗi ga takobi, waɗanda suke bayan gari kuwa namun jeji za su cinye su, waɗanda suke a mafaka da kogwannin duwatsu annoba za tă kashe su.
28 ২৮ তাৰ পাছত মই দেশক ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম; তেতিয়া তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব, আৰু ইস্ৰায়েল পৰ্ব্বতবোৰ এনেকৈ ধ্বংস কৰা হ’ব যে, কোনেও সেইবোৰৰ মাজেদি নাযাব’।”
Zan mai da ƙasar kango, kuma fariyar ƙarfinta zai ƙare, duwatsun Isra’ila za su zama kufai don kada wani ya ratsa su.
29 ২৯ মই তেওঁলোকে কৰা তেওঁলোকৰ আটাই ঘিণলগীয়া কাৰ্যৰ কাৰণে মই দেশখন ধ্বংস আৰু আচৰিতৰ বিষয় কৰিম। তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।
Sa’an nan za su san cewa ni ne Ubangiji, sa’ad da na mai da ƙasar kango saboda dukan abubuwan banƙyamar da suka yi.’
30 ৩০ আৰু তুমি, হে মনুষ্য সন্তান - তোমাৰ বিষয়ে হ’লে, তোমাৰ জাতিৰ সন্তান সকলে দেৱালৰ কাষত আৰু ঘৰৰ দুৱাৰমুখত তোমাৰ বিষয়ে কথা পাতে; আৰু ভায়েকে ভায়েকে পৰস্পৰে কোৱাকুই কৰি কয়, “ব’লা, যিহোৱাৰ মুখৰ পৰা আজি ওলোৱা বাক্য কি, সেই বিষয়ে আমি গৈ ভাববাদীজনৰ পৰা শুনোহঁক।”
“Game da kai kuma, ɗan mutum, mutanen ƙasarka suna magana da juna game da kai a katanga da kuma ƙofofin gidaje, suna ce wa juna, ‘Ku zo mu tafi mu ji maganar da ta zo daga wurin Ubangiji.’
31 ৩১ তেতিয়া মোৰ প্ৰজাসকলে তোমালোকৰ ওচৰলৈ প্রায়ে যিদৰে আহে, সেইদৰে আহিব আৰু তোমালোকৰ আগত বহিব, আৰু তেওঁলোকে তোমালোকৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব; কিয়নো তেওঁলোকে মুখেৰে অধিক প্ৰেম দেখুৱায়, কিন্তু তেওঁলোকৰ অন্তৰ তেওঁলোকৰ লাভৰ পাছত চলে।
Mutanena sukan zo wurinka, yadda suka saba su zauna a gabanka don su saurari maganarka, amma ba sa aiki da abin da suka ji. Da bakunansu suna nuna ƙauna, amma zukatansu cike da haɗama suke don ƙazamar riba.
32 ৩২ কিয়নো চোৱা, তুমি তেওঁলোকৰ কাৰণে সুন্দৰ গীতৰ দৰে, আৰু ভালকৈ বাদ্য কৰিব পৰা মনোহৰ গান যেন হে; তেওঁলোকে তোমাৰ বাক্য শুনিব, কিন্তু সেইদৰে কাৰ্য নকৰিব।
Tabbatacce, gare su ba ka fi mai waƙar ƙauna da murya mai daɗi kana kuma yin kiɗa sosai ba, gama sukan ji maganarka amma ba sa amfani da ita.
33 ৩৩ আৰু যেতিয়া সেয়ে ঘটিব - চোৱা! সেয়ে ঘটিবৰ দিন ওচৰ হৈছে! - তেতিয়া, তেওঁলোকে তেওঁলোকৰ মাজত যে এজন ভাববাদী আছিল, সেই বিষয়ে তেওঁলোকে জানিব।
“Sa’ad da dukan wannan ya cika kuma zai cika ɗin, sa’an nan za su sani akwai annabi a tsakiyarsu.”

< এজেকিয়েল 33 >