< এজেকিয়েল 32 >

1 তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
וַֽיְהִי֙ בִּשְׁתֵּ֣י עֶשְׂרֵ֣ה שָׁנָ֔ה בִּשְׁנֵי־עָשָׂ֥ר חֹ֖דֶשׁ בְּאֶחָ֣ד לַחֹ֑דֶשׁ הָיָ֥ה דְבַר־יְהוָ֖ה אֵלַ֥י לֵאמֹֽר׃
2 “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
בֶּן־אָדָ֗ם שָׂ֤א קִינָה֙ עַל־פַּרְעֹ֣ה מֶֽלֶךְ־מִצְרַ֔יִם וְאָמַרְתָּ֣ אֵלָ֔יו כְּפִ֥יר גּוֹיִ֖ם נִדְמֵ֑יתָ וְאַתָּה֙ כַּתַּנִּ֣ים בַּיַּמִּ֔ים וַתָּ֣גַח בְּנַהֲרוֹתֶ֗יךָ וַתִּדְלַח־מַ֙יִם֙ בְּרַגְלֶ֔יךָ וַתִּרְפֹּ֖ס נַהֲרוֹתָֽם׃
3 প্ৰভু যিহোৱাই এই কথা কৈছে: গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!
כֹּ֤ה אָמַר֙ אֲדֹנָ֣י יְהוִ֔ה וּפָרַשְׂתִּ֤י עָלֶ֙יךָ֙ אֶת־רִשְׁתִּ֔י בִּקְהַ֖ל עַמִּ֣ים רַבִּ֑ים וְהֶעֱל֖וּךָ בְּחֶרְמִֽי׃
4 পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।
וּנְטַשְׁתִּ֣יךָ בָאָ֔רֶץ עַל־פְּנֵ֥י הַשָּׂדֶ֖ה אֲטִילֶ֑ךָ וְהִשְׁכַּנְתִּ֤י עָלֶ֙יךָ֙ כָּל־ע֣וֹף הַשָּׁמַ֔יִם וְהִשְׂבַּעְתִּ֥י מִמְּךָ֖ חַיַּ֥ת כָּל־הָאָֽרֶץ׃
5 মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!
וְנָתַתִּ֥י אֶת־בְּשָׂרְךָ֖ עַל־הֶֽהָרִ֑ים וּמִלֵּאתִ֥י הַגֵּאָי֖וֹת רָמוּתֶֽךָ׃
6 তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!
וְהִשְׁקֵיתִ֨י אֶ֧רֶץ צָפָתְךָ֛ מִדָּמְךָ֖ אֶל־הֶֽהָרִ֑ים וַאֲפִקִ֖ים יִמָּלְא֥וּן מִמֶּֽךָּ׃
7 আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
וְכִסֵּיתִ֤י בְכַבּֽוֹתְךָ֙ שָׁמַ֔יִם וְהִקְדַּרְתִּ֖י אֶת־כֹּֽכְבֵיהֶ֑ם שֶׁ֚מֶשׁ בֶּעָנָ֣ן אֲכַסֶּ֔נּוּ וְיָרֵ֖חַ לֹא־יָאִ֥יר אוֹרֽוֹ׃
8 আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
כָּל־מְא֤וֹרֵי אוֹר֙ בַּשָּׁמַ֔יִם אַקְדִּירֵ֖ם עָלֶ֑יךָ וְנָתַ֤תִּי חֹ֙שֶׁךְ֙ עַֽל־אַרְצְךָ֔ נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃
9 “যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।
וְהִ֨כְעַסְתִּ֔י לֵ֖ב עַמִּ֣ים רַבִּ֑ים בַּהֲבִיאִ֤י שִׁבְרְךָ֙ בַּגּוֹיִ֔ם עַל־אֲרָצ֖וֹת אֲשֶׁ֥ר לֹֽא־יְדַעְתָּֽם׃
10 ১০ এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
וַהֲשִׁמּוֹתִ֨י עָלֶ֜יךָ עַמִּ֣ים רַבִּ֗ים וּמַלְכֵיהֶם֙ יִשְׂעֲר֤וּ עָלֶ֙יךָ֙ שַׂ֔עַר בְּעוֹפְפִ֥י חַרְבִּ֖י עַל־פְּנֵיהֶ֑ם וְחָרְד֤וּ לִרְגָעִים֙ אִ֣ישׁ לְנַפְשׁ֔וֹ בְּי֖וֹם מַפַּלְתֶּֽךָ׃ ס
11 ১১ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।
כִּ֛י כֹּ֥ה אָמַ֖ר אֲדֹנָ֣י יְהוִ֑ה חֶ֥רֶב מֶֽלֶךְ־בָּבֶ֖ל תְּבוֹאֶֽךָ׃
12 ১২ ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।
בְּחַרְב֤וֹת גִּבּוֹרִים֙ אַפִּ֣יל הֲמוֹנֶ֔ךָ עָרִיצֵ֥י גוֹיִ֖ם כֻּלָּ֑ם וְשָֽׁדְדוּ֙ אֶת־גְּא֣וֹן מִצְרַ֔יִם וְנִשְׁמַ֖ד כָּל־הֲמוֹנָֽהּ׃
13 ১৩ মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
וְהַֽאֲבַדְתִּי֙ אֶת־כָּל־ בְּהֶמְתָּ֔הּ מֵעַ֖ל מַ֣יִם רַבִּ֑ים וְלֹ֨א תִדְלָחֵ֤ם רֶֽגֶל־אָדָם֙ ע֔וֹד וּפַרְס֥וֹת בְּהֵמָ֖ה לֹ֥א תִדְלָחֵֽם׃
14 ১৪ তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
אָ֚ז אַשְׁקִ֣יעַ מֵֽימֵיהֶ֔ם וְנַהֲרוֹתָ֖ם כַּשֶּׁ֣מֶן אוֹלִ֑יךְ נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃
15 ১৫ “যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
בְּתִתִּי֩ אֶת־אֶ֨רֶץ מִצְרַ֜יִם שְׁמָמָ֣ה וּנְשַׁמָּ֗ה אֶ֚רֶץ מִמְּלֹאָ֔הּ בְּהַכּוֹתִ֖י אֶת־כָּל־י֣וֹשְׁבֵי בָ֑הּ וְיָדְע֖וּ כִּֽי־אֲנִ֥י יְהוָֽה׃
16 ১৬ এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!
קִינָ֥ה הִיא֙ וְק֣וֹנְנ֔וּהָ בְּנ֥וֹת הַגּוֹיִ֖ם תְּקוֹנֵ֣נָּה אוֹתָ֑הּ עַל־מִצְרַ֤יִם וְעַל־כָּל־הֲמוֹנָהּ֙ תְּקוֹנֵ֣נָּה אוֹתָ֔הּ נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃ פ
17 ১৭ পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
וַֽיְהִי֙ בִּשְׁתֵּ֣י עֶשְׂרֵ֣ה שָׁנָ֔ה בַּחֲמִשָּׁ֥ה עָשָׂ֖ר לַחֹ֑דֶשׁ הָיָ֥ה דְבַר־יְהוָ֖ה אֵלַ֥י לֵאמֹֽר׃
18 ১৮ “হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
בֶּן־אָדָ֕ם נְהֵ֛ה עַל־הֲמ֥וֹן מִצְרַ֖יִם וְהוֹרִדֵ֑הוּ א֠וֹתָהּ וּבְנ֨וֹת גּוֹיִ֧ם אַדִּרִ֛ם אֶל־אֶ֥רֶץ תַּחְתִּיּ֖וֹת אֶת־י֥וֹרְדֵי בֽוֹר׃
19 ১৯ তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!
מִמִּ֖י נָעָ֑מְתָּ רְדָ֥ה וְהָשְׁכְּבָ֖ה אֶת־עֲרֵלִֽים׃
20 ২০ তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
בְּת֥וֹךְ חַלְלֵי־חֶ֖רֶב יִפֹּ֑לוּ חֶ֣רֶב נִתָּ֔נָה מָשְׁכ֥וּ אוֹתָ֖הּ וְכָל־הֲמוֹנֶֽיהָ׃
21 ২১ পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’ (Sheol h7585)
יְדַבְּרוּ־ל֞וֹ אֵלֵ֧י גִבּוֹרִ֛ים מִתּ֥וֹךְ שְׁא֖וֹל אֶת־עֹֽזְרָ֑יו יָֽרְד֛וּ שָׁכְב֥וּ הָעֲרֵלִ֖ים חַלְלֵי־חָֽרֶב׃ (Sheol h7585)
22 ২২ অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
שָׁ֤ם אַשּׁוּר֙ וְכָל־קְהָלָ֔הּ סְבִֽיבוֹתָ֖יו קִבְרֹתָ֑יו כֻּלָּ֣ם חֲלָלִ֔ים הַנֹּפְלִ֖ים בֶּחָֽרֶב׃
23 ২৩ তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!
אֲשֶׁ֨ר נִתְּנ֤וּ קִבְרֹתֶ֙יהָ֙ בְּיַרְכְּתֵי־ב֔וֹר וַיְהִ֣י קְהָלָ֔הּ סְבִיב֖וֹת קְבֻרָתָ֑הּ כֻּלָּ֤ם חֲלָלִים֙ נֹפְלִ֣ים בַּחֶ֔רֶב אֲשֶׁר־נָתְנ֥וּ חִתִּ֖ית בְּאֶ֥רֶץ חַיִּֽים׃
24 ২৪ এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
שָׁ֤ם עֵילָם֙ וְכָל־הֲמוֹנָ֔הּ סְבִיב֖וֹת קְבֻרָתָ֑הּ כֻּלָּ֣ם חֲלָלִים֩ הַנֹּפְלִ֨ים בַּחֶ֜רֶב אֲֽשֶׁר־יָרְד֥וּ עֲרֵלִ֣ים ׀ אֶל־אֶ֣רֶץ תַּחְתִּיּ֗וֹת אֲשֶׁ֨ר נָתְנ֤וּ חִתִּיתָם֙ בְּאֶ֣רֶץ חַיִּ֔ים וַיִּשְׂא֥וּ כְלִמָּתָ֖ם אֶת־י֥וֹרְדֵי בֽוֹר׃
25 ২৫ হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
בְּת֣וֹךְ חֲ֠לָלִים נָתְנ֨וּ מִשְׁכָּ֥ב לָהּ֙ בְּכָל־הֲמוֹנָ֔הּ סְבִֽיבוֹתָ֖יו קִבְרֹתֶ֑הָ כֻּלָּ֣ם עֲרֵלִ֣ים חַלְלֵי־חֶ֡רֶב כִּֽי־נִתַּ֨ן חִתִּיתָ֜ם בְּאֶ֣רֶץ חַיִּ֗ים וַיִּשְׂא֤וּ כְלִמָּתָם֙ אֶת־י֣וֹרְדֵי ב֔וֹר בְּת֥וֹךְ חֲלָלִ֖ים נִתָּֽן׃
26 ২৬ মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
שָׁ֣ם מֶ֤שֶׁךְ תֻּבַל֙ וְכָל־הֲמוֹנָ֔הּ סְבִֽיבוֹתָ֖יו קִבְרוֹתֶ֑יהָ כֻּלָּ֤ם עֲרֵלִים֙ מְחֻ֣לְלֵי חֶ֔רֶב כִּֽי־נָתְנ֥וּ חִתִּיתָ֖ם בְּאֶ֥רֶץ חַיִּֽים׃
27 ২৭ যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব। (Sheol h7585)
וְלֹ֤א יִשְׁכְּבוּ֙ אֶת־גִּבּוֹרִ֔ים נֹפְלִ֖ים מֵעֲרֵלִ֑ים אֲשֶׁ֣ר יָרְדֽוּ־שְׁא֣וֹל בִּכְלֵֽי־מִלְחַמְתָּם֩ וַיִּתְּנ֨וּ אֶת־חַרְבוֹתָ֜ם תַּ֣חַת רָאשֵׁיהֶ֗ם וַתְּהִ֤י עֲוֺֽנֹתָם֙ עַל־עַצְמוֹתָ֔ם כִּֽי־חִתִּ֥ית גִּבּוֹרִ֖ים בְּאֶ֥רֶץ חַיִּֽים׃ (Sheol h7585)
28 ২৮ গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।
וְאַתָּ֗ה בְּת֧וֹךְ עֲרֵלִ֛ים תִּשָּׁבַ֥ר וְתִשְׁכַּ֖ב אֶת־חַלְלֵי־חָֽרֶב׃
29 ২৯ ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।
שָׁ֣מָּה אֱד֗וֹם מְלָכֶ֙יהָ֙ וְכָל־נְשִׂיאֶ֔יהָ אֲשֶׁר־נִתְּנ֥וּ בִגְבוּרָתָ֖ם אֶת־חַלְלֵי־ חָ֑רֶב הֵ֛מָּה אֶת־עֲרֵלִ֥ים יִשְׁכָּ֖בוּ וְאֶת־יֹ֥רְדֵי בֽוֹר׃
30 ৩০ হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
שָׁ֣מָּה נְסִיכֵ֥י צָפ֛וֹן כֻּלָּ֖ם וְכָל־צִֽדֹנִ֑י אֲשֶׁר־יָרְד֣וּ אֶת־חֲלָלִ֗ים בְּחִתִּיתָ֤ם מִגְבֽוּרָתָם֙ בּוֹשִׁ֔ים וַיִּשְׁכְּב֤וּ עֲרֵלִים֙ אֶת־חַלְלֵי־חֶ֔רֶב וַיִּשְׂא֥וּ כְלִמָּתָ֖ם אֶת־י֥וֹרְדֵי בֽוֹר׃
31 ৩১ ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
אוֹתָם֙ יִרְאֶ֣ה פַרְעֹ֔ה וְנִחַ֖ם עַל־כָּל־המונה חַלְלֵי־חֶ֙רֶב֙ פַּרְעֹ֣ה וְכָל־חֵיל֔וֹ נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃
32 ৩২ “কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
כִּֽי־נָתַ֥תִּי אֶת־חתיתו בְּאֶ֣רֶץ חַיִּ֑ים וְהֻשְׁכַּב֩ בְּת֨וֹךְ עֲרֵלִ֜ים אֶת־חַלְלֵי־חֶ֗רֶב פַּרְעֹה֙ וְכָל־הֲמוֹנֹ֔ה נְאֻ֖ם אֲדֹנָ֥י יְהוִֽה׃ פ

< এজেকিয়েল 32 >