< এজেকিয়েল 31 >

1 তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
و در روز اول ماه سوم از سال یازدهم، کلام خداوند بر من نازل شده، گفت:۱
2 “হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
«ای پسر انسان به فرعون پادشاه مصر و به جمعیت او بگو: کیست که در بزرگیت به اوشباهت داری؟۲
3 চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।
اینک آشور سرو آزاد لبنان باشاخه های جمیل و برگهای سایه‌گستر و قد بلندمی بود و سر او به ابرها می‌بود.۳
4 জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
آبها او را نمو داد. و لجه او را بلند ساخت که نهرهای آنها بهر طرف بوستان آن جاری می‌شد و جویهای خویش رابطرف همه درختان صحرا روان می‌ساخت.۴
5 এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।
ازاین جهت قد او از جمیع درختان صحرا بلندترشده، شاخه هایش زیاده گردید و اغصان خود رانمو داده، آنها از کثرت آبها بلند شد.۵
6 তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল। আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
و همه مرغان هوا در شاخه هایش آشیانه ساختند. وتمامی حیوانات صحرا زیر اغصانش بچه آوردند. و جمیع امت های عظیم در سایه‌اش سکنی گرفتند.۶
7 এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
پس در بزرگی خود و در درازی شاخه های خویش خوشنما شد چونکه ریشه‌اش نزد آبهای بسیار بود.۷
8 ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
سروهای آزاد باغ خدا آن را نتوانست پنهان کرد. و صنوبرها به شاخه هایش مشابهت نداشت. و چنارها مثل اغصانش نبودبلکه هیچ درخت در باغ خدا به زیبایی او مشابه نبود.۸
9 মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
من او را به کثرت شاخه هایش به حدی زیبایی دادم که همه درختان عدن که در باغ خدابود بر او حسد بردند.»۹
10 ১০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
بنابراین خداوند یهوه چنین می‌فرماید: «چونکه قد تو بلند شده است، و او سر خود را درمیان ابرها برافراشته و دلش از بلندیش مغرورگردیده است،۱۰
11 ১১ মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
از این جهت من او را به‌دست قوی ترین (پادشاه ) امت‌ها تسلیم خواهم نمود واو آنچه را که می‌باید به وی خواهد کرد. و من او رابه‌سبب شرارتش بیرون خواهم‌انداخت.۱۱
12 ১২ আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
وغریبان یعنی ستمکیشان امت‌ها او را منقطع ساخته، ترک خواهند نمود. و شاخه هایش برکوهها و در جمیع دره‌ها خواهد افتاد و اغصان اونزد همه وادیهای زمین شکسته خواهد شد. وجمیع قوم های زمین از زیر سایه او فرود آمده، اورا ترک خواهند نمود.۱۲
13 ১৩ পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
و همه مرغان هوا بر تنه افتاده او آشیانه گرفته، تمامی حیوانات صحرا برشاخه هایش ساکن خواهند شد.۱۳
14 ১৪ জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
تا آنکه هیچکدام از درختانی که نزد آبها می‌باشند قدخود را بلند نکنند و سرهای خود را در میان ابرهابرنیفرازند. و زورآوران آنها از همگانی که سیراب می‌باشند، در بلندی خود نایستند. زیرا که جمیع آنها در اسفلهای زمین در میان پسران انسانی که به هاویه فرود می‌روند به مرگ تسلیم شده‌اند.»۱۴
15 ১৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল। (Sheol h7585)
و خداوند یهوه چنین می‌گوید: «در روزی که او به عالم اموات فرود می‌رود، من ماتمی برپامی نمایم و لجه را برای وی پوشانیده، نهرهایش را باز خواهم داشت. و آبهای عظیم باز داشته خواهد شد و لبنان را برای وی سوگوار خواهم کرد. و جمیع درختان صحرا برایش ماتم خواهندگرفت. (Sheol h7585)۱۵
16 ১৬ গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। (Sheol h7585)
و چون او را با آنانی که به هاویه فرودمی روند به عالم اموات فرود آورم، آنگاه امت هارا از صدای انهدامش متزلزل خواهم ساخت. وجمیع درختان عدن یعنی برگزیده و نیکوترین لبنان از همگانی که سیراب می‌شوند، در اسفلهای زمین تسلی خواهند یافت. (Sheol h7585)۱۶
17 ১৭ যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। (Sheol h7585)
و ایشان نیز بامقتولان شمشیر و انصارش که در میان امت‌ها زیرسایه او ساکن می‌بودند، همراه وی به عالم اموات فرود خواهند رفت. (Sheol h7585)۱۷
18 ১৮ এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
به کدام‌یک از درختان عدن در جلال و عظمت چنین شباهت داشتی؟ اما با درختان عدن به اسفلهای زمین تو را فرودخواهند‌آورد و در میان نامختونان با مقتولان شمشیر خواهی خوابید. خداوند یهوه می‌گویدکه فرعون و تمامی جماعتش این است.»۱۸

< এজেকিয়েল 31 >