< এজেকিয়েল 31 >
1 ১ তেতিয়া আমাৰ নিৰ্বাসনৰ একাদশ বছৰৰ তৃতীয় মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
十一年三月初一日,耶和華的話臨到我說:
2 ২ “হে মনুষ্য সন্তান, মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ চাৰিওফালে থকা দাস সমূহক কোৱা, ‘তুমি তোমাৰ মহত্ত্বত কাৰ নিচিনা?
「人子啊,你要向埃及王法老和他的眾人說: 在威勢上誰能與你相比呢?
3 ৩ চোৱা! অচূৰ লিবানোনত সুন্দৰ ডাল, ঘন ছাঁ আৰু ওখ হৈ থকা এজোপা এৰচ গছৰ দৰে আছিল; আৰু তাৰ ওপৰ ভাগ মেঘস্পৰ্শী যেন হৈছিল।
亞述王曾如黎巴嫩中的香柏樹, 枝條榮美,影密如林, 極其高大,樹尖插入雲中。
4 ৪ জল সমূহে তাক ডাঙৰ-দীঘল কৰিছিল; অগাধ জলে তাক বঢ়াইছিল। তাৰ সুঁতিবোৰ তাৰ ৰোৱা ঠাইৰ চাৰিওফালে বৈছিল, আৰু সি নিজৰ সুঁতিবোৰ পথাৰৰ আটাই গছৰ গুৰিলৈ পঠাইছিল।
眾水使它生長; 深水使它長大。 所栽之地有江河圍流, 汊出的水道延到田野諸樹。
5 ৫ এই হেতুকে ওখই সি পথাৰৰ আটাই গছতকৈ ওখ আছিল; সি পঠোৱা অনেক পানীৰ কাৰণে তাৰ ডালবোৰ বৃদ্ধি হৈছিল, আৰু প্রচুৰ জল পোৱাত তাৰ শাখাবোৰ দীঘল আৰু অনেক হৈছিল।
所以它高大超過田野諸樹; 發旺的時候,枝子繁多, 因得大水之力枝條長長。
6 ৬ তাৰ ডালবোৰত আকাশৰ আটাই পক্ষীয়ে বাহ লৈছিল, তাৰ শাখাবোৰৰ তলত আটাই বনৰীয়া জন্তুৱে পোৱালি জগাইছিল। আৰু তাৰ ছাঁত আটাই মহাজাতিয়ে বাস কৰিছিল।
空中的飛鳥都在枝子上搭窩; 田野的走獸都在枝條下生子; 所有大國的人民都在它蔭下居住。
7 ৭ এইদৰে, তাৰ শিপা অনেক জল সমূহৰ কাষত থকাত, সি নিজ মহত্ত্বত আৰু নিজ ডালবোৰৰ দৈৰ্ঘত সুন্দৰ আছিল।
樹大條長,成為榮美, 因為根在眾水之旁。
8 ৮ ঈশ্বৰৰ উদ্যানৰ এৰচ গছবোৰে তাক লুকুৱাব নোৱাৰিছিল! দেৱদাৰু গছবোৰ তাৰ ডালবোৰৰ নিচিনা নাছিল, আৰু অৰ্ম্মোন গছবোৰ তাৰ শাখাবোৰৰ নিচিনা নাছিল; আৰু ঈশ্বৰৰ উদ্যানত থকা কোনো গছ সৌন্দৰ্য্যত তাৰ নিচিনা নাছিল।
上帝園中的香柏樹不能遮蔽它; 松樹不及它的枝子; 楓樹不及它的枝條; 上帝園中的樹都沒有它榮美。
9 ৯ মই তাক অধিক ডালবোৰেৰে তাক এনে সুন্দৰ কৰিছিলোঁ; যে, ঈশ্বৰৰ উদ্যানত থকা এদনৰ সকলো গছে তাক ঈৰ্ষা কৰিছিল’!”
我使它的枝條蕃多,成為榮美, 以致上帝伊甸園中的樹都嫉妒它。」
10 ১০ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: সি উচ্চতাত ওখ হোৱাৰ, আৰু সি তাৰ ওপৰ ভাগ মেঘস্পৰ্শী কৰাৰ, আৰু তাৰ হৃদয় নিজৰ উচ্চতাত গৰ্ব্বিত হোৱাৰ কাৰণে,
所以主耶和華如此說:「因它高大,樹尖插入雲中,心驕氣傲,
11 ১১ মই তাক জাতিবোৰ পৰাক্ৰমী জনৰ হাতত সমৰ্পণ কৰিলোঁ! এই শাসনকৰ্ত্তাই তেওঁৰ বিৰুদ্ধে উচিত কাৰ্য কৰিলে আৰু তাৰ দুষ্টতাৰ কাৰণে তাক দূৰ কৰি দিয়া হ’ল!
我就必將它交給列國中大有威勢的人;他必定辦它。我因它的罪惡,已經驅逐它。
12 ১২ আৰু জাতিবোৰৰ ভয়ানক বিদেশীসকলে তেওঁক কাটি এৰি থৈ গ’ল। পৰ্ব্বতবোৰৰ ওপৰত আৰু আটাই উপত্যকাত তাৰ ডালবোৰ পৰি আছে, আৰু দেশৰ আটাই জুৰিবোৰৰ কাষত তাৰ শাখবোৰ ভাগি গ’ল। আৰু তেতিয়া পৃথিৱীৰ সকলো জাতিবোৰে তেওঁৰ ছাঁৰ পৰা নামি গ’ল আৰু এৰি গুচি গ’ল।
外邦人,就是列邦中強暴的,將它砍斷棄掉。它的枝條落在山間和一切谷中,它的枝子折斷,落在地的一切河旁。地上的眾民已經走去,離開它的蔭下。
13 ১৩ পৰি থকা সেই গছডালত আকাশৰ আটাই পক্ষীবোৰে তাত বাস কৰিছে, আৰু তাৰ শাখাৰ ওপৰত আটাই বনৰীয়া জন্তু বহি আছে।
空中的飛鳥都要宿在這敗落的樹上,田野的走獸都要臥在它的枝條下,
14 ১৪ জল সমূহৰ কাষত থকা গছবোৰৰ কোনো গছে নিজ উচ্চতাত গৰ্ব্ব নকৰিবৰ নিমিত্তে, বা তাৰ ওপৰ ভাগ মেঘস্পৰ্শী নকৰিবলৈ, নাইবা সেইবোৰৰ বৃহৎবোৰৰ মাজৰ পানী পান কৰাসকলৰ মাজৰ কোনেও উচ্চতাত নিজকে ওখ নেদেখুৱাবৰ বাবে, মই ইয়াকে কৰিলোঁ। কিয়নো সেই আটাইবোৰ মৃত্যুলৈ, পৃথিৱীৰ আধা ভাগলৈ, গাতলৈ নামিব লগাবোৰে সৈতে মনুষ্য সন্তান সকলৰ মাজত সমৰ্পিত হ’ল।”
好使水旁的諸樹不因高大而自尊,也不將樹尖插入雲中,並且那些得水滋潤、有勢力的,也不得高大自立。因為它們在世人中,和下坑的人都被交與死亡,到陰府去了。」
15 ১৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “সি চিয়োললৈ নামি যোৱা দিনা মই শোকৰ আজ্ঞা দিলোঁ; মই তাৰ কাৰণে অগাধ জলক ঢাকিলোঁ, তাক সুঁতিবোৰ বন্ধ কৰিলোঁ, আৰু মহাজল সমূহক স্থগিত কৰা হ’ল; মই তাৰ বাবে লিবানোনক শোক কৰালোঁ, আৰু পথাৰৰ আটাই গছ তাৰ বাবে জঁয় পৰিল। (Sheol )
主耶和華如此說:「它下陰間的那日,我便使人悲哀。我為它遮蓋深淵,使江河凝結,大水停流;我也使黎巴嫩為它悽慘,田野的諸樹都因它發昏。 (Sheol )
16 ১৬ গাতলৈ নামিব লগাবোৰে সৈতে মই তাক চিয়োললৈ পেলোৱা সময়ত তাৰ পতনৰ শব্দত মই জাতিবোৰক কঁপালো; আৰু এদনৰ আটাই গছে, লিবানোনৰ মনোনীত আৰু উৎকৃষ্ট পানী পান কৰা আটাইবোৰে পৃথিৱীৰ অৰ্ধভাগত শান্তনা পালে। (Sheol )
我將它扔到陰間,與下坑的人一同下去。那時,列國聽見它墜落的響聲就都震動,並且伊甸的一切樹-就是黎巴嫩得水滋潤、最佳最美的樹-都在陰府受了安慰。 (Sheol )
17 ১৭ যিসকলে তাৰ বাহুস্বৰূপ আছিল, যিসকলে জাতিবোৰৰ মাজত তাৰ ছাঁত বাস কৰিছিল, তেওঁলোকো তৰোৱালৰ দ্বাৰাই হত হোৱা লোকৰ গুৰিলৈ তাৰে সৈতে চিয়োললৈ নামি গ’ল। (Sheol )
它們也與它同下陰間,到被殺的人那裏。它們曾作它的膀臂,在列國中它的蔭下居住。 (Sheol )
18 ১৮ এইদৰে তুমি প্ৰতাপত আৰু মহত্ত্বত এদনৰ গছবোৰৰ মাজত কাৰ সদৃশ? তথাপি পৃথিৱীৰ অধোভাগলৈ এদনৰ গছবোৰে সৈতে তোমাকো নমোৱা হ’ব; তৰোৱালৰ দ্বাৰাই হত হোৱাসকলে সৈতে অচুন্নৎসকলৰ মাজত তুমিও পৰি থাকিবা! ফৰৌণ আৰু তাৰ আটাই লোক সকলৰ এইৰূপ গতি হ’ব!” এয়েই প্ৰভু যিহোৱাই কৰা ঘোষণা!
在這樣榮耀威勢上,在伊甸園諸樹中,誰能與你相比呢?然而你要與伊甸的諸樹一同下到陰府,在未受割禮的人中,與被殺的人一同躺臥。 「法老和他的群眾乃是如此。這是主耶和華說的。」