< এজেকিয়েল 30 >
1 ১ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Opět se stalo slovo Hospodinovo ke mně, řkoucí:
2 ২ “হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, যে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে হাহাকাৰ কৰি কোৱা, ‘হায়, হায়, সেয়ে কেনে দিন হ’ব!’
Synu člověčí, prorokuj a rci: Takto praví Panovník Hospodin: Kvělte: Ach, nastojte na tento den.
3 ৩ কিয়নো সেই দিন ওচৰ! এনে কি, যিহোৱাৰ দিন, মেঘে ঢকা দিন হ’ব, সেয়ে জাতিবোৰৰ বাবে কাল হ’ব।
Nebo blízko jest den, blízko jest, pravím, den Hospodinův, den mrákoty, čas národů bude.
4 ৪ তেতিয়া মিচৰৰ বিৰুদ্ধে তৰোৱাল আহিব, আৰু তেতিয়া কুচত যাতনা হ’ব, যেতিয়া মিচৰত হত লোকবোৰ পতিত হ’ব - তাৰ লোক সমূহক তাৰ পৰা নিয়া হ’ব আৰু তাৰ ভিত্তিমূলবোৰ ভঙা হ’ব।
A přijde meč do Egypta, a bude přetěžká bolest v Mouřenínské zemi, když padati budou zbití v Egyptě, a poberou zboží jeho, a zbořeni budou základové jeho.
5 ৫ কুচ, পূট, লুদ, মিহলি থকা আটাই লোক সমূহ কূব আৰু নিয়মটি পতা দেশৰ লোকসকল তেওঁলোকৰ লগত তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Mouřenínové a Putští i Ludští i všelijaká směsice, též Kubští i obyvatelé země smlouvy s nimi mečem padnou.
6 ৬ যিহোৱাই এই কথা কৈছে: “যিসকল মিচৰৰ স্তম্ভস্বৰূপ অর্থাৎ তেওঁলোকৰ ফলিয়া হ’ব, তেওঁলোকো পতিত হ’ব আৰু তাৰ পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। মিগদোলৰ পৰা চিবেনিলৈকে তেওঁলোকৰ সৈন্য সমূহ তৰোৱালৰ দ্বাৰাই পতিত হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা!
Takť praví Hospodin, že padnou podpůrcové Egypta, a snížena bude vyvýšenost síly jeho; od věže Sevéne mečem padati budou v ní, praví Panovník Hospodin.
7 ৭ আৰু ধ্বংস কৰা দেশবোৰৰ মাজত তেওঁলোককো ধ্বংস অৱস্থাত পোৱা লোক হ’ব, আৰু তেওঁলোকৰ নগৰবোৰ উচ্ছন্ন হোৱা নগৰবোৰৰ মাজৰ উচ্ছন্ন নগৰ হ’ব।
I budou v pustinu obráceni nad jiné země pusté, a města jejich nad jiná města pustá budou.
8 ৮ যেতিয়া মই মিচৰত জুই লগাম, আৰু ইয়াৰ আটাই সাহায্যকাৰীসকল নষ্ট হ’ব; তেতিয়া মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
I zvědí, že já jsem Hospodin, když zapálím oheň v Egyptě, a potříni budou všickni pomocníci jeho.
9 ৯ সেইদিনা নিশ্চিন্তে থকা কুচীয়াসকলক ভয় লগাবলৈ দূতবোৰে মোৰ আগৰ পৰা জাহাজেৰে ওলাই যাব, আৰু সেইদিনা মিচৰত হোৱাৰ নিচিনাকৈ তেওঁলোকৰ মাজত যাতনা হ’ব। কিয়নো চোৱা! সেয়ে আহিছে!
V ten den vyjdou poslové od tváři mé na lodech, aby přestrašili Mouřenínskou zemi ubezpečenou, i budou míti bolest přetěžkou, jakáž byla ve dni Egypta; nebo aj, přicházíť.
10 ১০ প্ৰভু যিহোৱাই এইদৰে কৈছে: “মই বাবিলৰ ৰজা নবূখদনেচৰৰ হাতৰ দ্বাৰাই মিচৰৰ লোক সমূহক লুপ্ত কৰিম।
Takto praví panovník Hospodin: Učiním zajisté konec množství Egyptskému skrze ruku Nabuchodonozora krále Babylonského.
11 ১১ তেওঁক আৰু তেৱেঁ সৈতে তেওঁৰ প্ৰজাসকলক, জাতিবোৰৰ ভয়ানক লোকক দেশ বিনষ্ট কৰিবৰ অৰ্থে অনা হ’ব; আৰু তেওঁলোকে মিচৰৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল ফাকৰ পৰা উলিয়াই হত লোকসকলেৰে দেশ পৰিপূৰ্ণ কৰিব।
On i lid jeho s ním, nejukrutnější národové přivedeni budou, aby zkazili tu zemi; nebo vytrhnou meče své na Egypt, a naplní tu zemi zbitými.
12 ১২ মই নদীবোৰ শুকান ঠাই কৰিম, আৰু এই দেশ দুষ্ট লোকসকলৰ হাতত বেচি দিম। মই তাত থকা সকলোকে বিদেশী লোকৰ হাতৰ দ্বাৰাই উচ্ছন্ন কৰোৱাম! মই, যিহোৱাই ইয়াক ঘোষণা কৰিলোঁ!”
A obrátě řeky v sucho, prodám tu zemi v ruku nešlechetných, a tak v pustinu uvedu zemi, i což v ní jest, skrze ruku cizozemců. Já Hospodin mluvil jsem.
13 ১৩ প্ৰভু যিহোৱাই এই কথা কৈছে: “মই মূৰ্ত্তিবোৰো নষ্ট কৰিম আৰু নোফৰ পৰা প্ৰতিমাবোৰ লুপ্ত কৰিম। আৰু মিচৰ দেশৰ পৰা অধিপতি আৰু নোলাব, আৰু মই মিচৰ দেশত আতংক আনিম!
Takto praví Panovník Hospodin: Zkazím i ukydané bohy, a konec učiním modlám v Nof, a knížete z země Egyptské nebude více, když pustím strach na zemi Egyptskou.
14 ১৪ ইয়াত মই পথ্ৰোচক ধ্বংস কৰিম, চোৱনত জুই লগাম আৰু নো নগৰক দণ্ড দিম।
Nebo pohubím Patros, a zapálím oheň v Soan, a vykonám soudy v No.
15 ১৫ আৰু মই মিচৰৰ দুৰ্গ চীনৰ ওপৰত মোৰ ক্ৰোধ বৰষাম আৰু নো নগৰৰ লোক সমূহক উচ্ছন্ন কৰিম।
Vyleji prchlivost svou i na Sin, pevnost Egyptskou, a vypléním množství No.
16 ১৬ তেতিয়া মই মিচৰত জুই লগাম। চীনে যাতনাত ধৰফৰাব, আৰু নো নগৰক ভঙা হ’ব। আৰু প্রতিদিনে শত্ৰূৱে নোফক আক্ৰমণ কৰিব!
Když zapálím oheň v Egyptě, velikou bolest bude míti Sin, a No bude roztrháno, Nof pak nepřátely bude míti ve dne.
17 ১৭ আবনৰ আৰু পী-বেচতৰ ডেকাসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব, আৰু সেই দুখন নগৰৰ লোকসকল বন্দী অৱস্থালৈ যাব।
Mládenci On a Bubastští mečem padnou, panny pak v zajetí půjdou.
18 ১৮ যেতিয়া মই তহ্পন্হেচত মিচৰৰ যুৱলিবোৰ ভাঙিম, তেতিয়া তাত দিন অন্ধকাৰ হ’ব, আৰু মিচৰৰ মাজত থকা পৰাক্ৰমৰ গৰ্ব্ব খৰ্ব্ব হ’ব। আৰু তাৰ নিজৰ বিষয়ে হ’লে, এডোখৰ মেঘে তাক ঢাকিব আৰু তাৰ জীয়াৰীসকল বন্দী অৱস্থালৈ যাব।
A v Tachpanches zatmí se den, když tam polámi závory Egypta, a přítrž se stane v něm vyvýšenosti síly jeho. Mrákota jej přikryje, dcery pak jeho v zajetí půjdou.
19 ১৯ এইদৰে মই মিচৰক দণ্ড দিম; তাতে মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
A tak vykonám soudy při Egyptu, i zvědí, že já jsem Hospodin.
20 ২০ একাদশ বছৰৰ প্ৰথম মাহৰ সপ্তম দিনা যিহোৱাৰ বাক্য মোলৈ আহিল, আৰু ক’লে,
Opět bylo jedenáctého léta, prvního měsíce, sedmého dne, že se stalo slovo Hospodinovo ke mně, řkoucí:
21 ২১ “হে মনুষ্য সন্তান, মই মিচৰৰ ৰজা ফৰৌণৰ বাহু ভাঙিলোঁ। আৰু চোৱা! তৰোৱাল ধৰিবলৈ শক্তি পাবৰ কাৰণে তাত ঔষধ লগাই পটি দি তাক বন্ধা নহ’ল।”
Synu člověčí, rámě Faraona krále Egyptského zlámal jsem, a aj, nebudeť uvázáno, ani přičiněno lékařství, aniž přiložen bude šat pro obvázání jeho a posilnění jeho k držení meče.
22 ২২ সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা, মিচৰৰ ৰজা ফৰৌণলৈ! তেওঁৰ বিপক্ষে মই তেওঁৰ বলী ও ভগা বাহু এই দুয়োকো ভাঙিম আৰু তেওঁৰ হাতৰ পৰা তৰোৱালখন পৰি যোৱা কৰিম।
Protož takto praví panovník Hospodin: Aj, já jsem proti Faraonovi králi Egyptskému, a polámi ramena jeho, i sílu jeho, i budeť zlámané, a vyrazím meč z ruky jeho.
23 ২৩ আৰু মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
A rozptýlím Egyptské mezi národy, a rozženu je do zemí.
24 ২৪ মই বাবিলৰ ৰজাৰ বাহু দুটা সবল কৰিম আৰু তেওঁৰ হাতত মোৰ তৰোৱাল দিম যাতে মই ফৰৌণৰ বাহু দুটা ভাঙি পেলাব পাৰিম। তাতে সাংঘাতিকৰূপে আঘাতিত হোৱা লোকে কেঁকোৱাৰ দৰে তেওঁৰ আগত তেওঁ কেঁকাব।
Posilním zajisté ramen krále Babylonského, a dám meč svůj v ruku jeho, i polámi ramena Faraonova, tak že stonati bude před ním, jakž stonává smrtelně raněný.
25 ২৫ আৰু মই বাবিলৰ ৰজাৰ বাহু দুটা শক্তিশালী কৰিম, কিন্তু ফৰৌণৰ বাহু দুটা হ’লে ভাঙি পৰিব। তেতিয়া, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব, যেতিয়া মই বাবিলৰ ৰজাৰ হাতত মোৰ তৰোৱাল দিম; আৰু ইয়াৰেই তেওঁ মিচৰ দেশৰ বিৰুদ্ধে তাক আক্রমণ কৰিব।
Posilním, pravím, ramen krále Babylonského, ramena pak Faraonova klesnou. I zvědí, že já jsem Hospodin, když dám meč svůj v ruku krále Babylonského, aby jej vztáhl na zemi Egyptskou.
26 ২৬ মই মিচৰীয়াসকলক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন আৰু দেশবোৰৰ মাজত গোট গোট কৰিম। তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!”
A tak rozptýlím Egyptské mezi národy, a rozženu je do zemí, i zvědí, že já jsem Hospodin.