< এজেকিয়েল 3 >

1 তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।”
Ел мь-а зис: „Фиул омулуй, мэнынкэ че вей гэси ынаинтя та, мэнынкэ сулул ачеста ши ду-те де ворбеште касей луй Исраел!”
2 সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে।
Ам дескис гура ши мь-а дат сэ мэнынк сулул ачеста.
3 তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।
Ел мь-а зис: „Фиул омулуй, хрэнеште-ць трупул ши умпле-ць мэрунтаеле ку сулул ачеста пе каре ци-л дау!” Л-ам мынкат, ши ын гура мя а фост дулче ка мьеря.
4 পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা।
Ел мь-а зис: „Фиул омулуй, ду-те ла каса луй Исраел ши спуне-ле кувинтеле Меле!
5 কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইস্ৰায়েল-বংশৰ ওচৰলৈহে পঠোৱা হৈছে।
Кэч ну ешть тримис ла ун попор ку о ворбире ынкуркатэ ши ку о лимбэ греоае, чи ла каса луй Исраел.
6 যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন।
Ну ла ниште попоаре марь, ку о ворбире ынкуркатэ ши ку о лимбэ греоае, але кэрор кувинте сэ ну ле поць причепе. Негрешит, дакэ те-аш тримите ла еле, те-ар аскулта!
7 কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।
Дар каса луй Исраел ну ва вои сэ те аскулте, пентру кэ ну вря сэ М-аскулте, кэч тоатэ каса луй Исраел аре фрунтя ынкрунтатэ ши инима ымпетритэ.
8 চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।
Ятэ, ыць вой фаче фаца тот аша де аспрэ ка ши фецеле лор ши фрунтя тот аша де аспрэ ка фрунтя лор.
9 মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”
Ыць вой фаче фрунтя ка ун диамант, май аспрэ декыт стынка. Ну те теме ши ну те сперия де ей, кэч сунт о касэ де ындэрэтничь!”
10 ১০ তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।
Ел мь-а зис: „Фиул омулуй, примеште ын инима та ши аскултэ ку урекиле тале тоате кувинтеле пе каре ци ле спун!
11 ১১ তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তান সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”
Ду-те ла принший де рэзбой, ла копиий попорулуй тэу, ворбеште-ле ши, фие кэ вор аскулта, фие кэ ну вор аскулта, сэ ле спуй: ‘Аша ворбеште Домнул Думнезеу!’”
12 ১২ তেতিয়া আত্মাই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।”
Ши Духул м-а рэпит ши ам аузит ынапоя мя дырдыитул унуй маре кутремур де пэмынт: слава Домнулуй с-а ридикат дин локул ей.
13 ১৩ তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।
Ам аузит ши выжыитул арипилор фэптурилор вий, каре се ловяу уна де алта, хуруитул роцилор де лынгэ еле ши дырдыитул унуй маре кутремур де пэмынт.
14 ১৪ এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
Кынд м-а рэпит Духул ши м-а луат, мерӂям амэрыт ши мыниос ши мына Домнулуй апэса таре песте мине.
15 ১৫ তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।
Ам ажунс ла Тел-Абиб, ла робий де рэзбой каре локуяу ла рыул Кебар, ын локул унде се афлау, ши ам рэмас аколо, ынмэрмурит ын мижлокул лор, шапте зиле.
16 ১৬ তাৰ পাছত সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে,
Дупэ шапте зиле, кувынтул Домнулуй мь-а ворбит астфел:
17 ১৭ “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া।
„Фиул омулуй, те пун пэзитор песте каса луй Исраел. Кынд вей аузи ун кувынт каре ва еши дин гура Мя, сэ-й ынштиинцезь дин партя Мя!
18 ১৮ ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
Кынд вой зиче челуй рэу: ‘Вей мури негрешит!’, дакэ ну-л вей ынштиинца ши ну-й вей спуне ка сэ-л ынторчь де ла каля луй чя ря ши сэ-й скапь вяца, ачел ом рэу ва мури прин нелеӂюиря луй, дар ый вой чере сынӂеле дин мына та!
19 ১৯ কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
Дар, дакэ вей ынштиинца пе чел рэу, ши ел тот ну се ва ынтоарче де ла рэутатя луй ши де ла каля чя ря, ва мури прин нелеӂюиря луй, дар ту ыць вей мынтуи суфлетул!
20 ২০ যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
Дакэ ун ом неприхэнит се ва абате де ла неприхэниря луй ши ва фаче че есте рэу, ый вой пуне ун лац ынаинте ши ва мури. Дакэ ну л-ай ынштиинцат, ва мури прин пэкатул луй ши ну и се ва май помени неприхэниря ын каре а трэит, дар ый вой чере сынӂеле дин мына та!
21 ২১ আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
Дар, дакэ вей ынштиинца пе чел неприхэнит сэ ну пэкэтуяскэ ши ну ва пэкэтуи, ва трэи пентру кэ а примит ынштиинцаря, яр ту ыць вей мынтуи суфлетул!”
22 ২২ সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।”
Ши мына Домнулуй а венит песте мине аколо ши мь-а зис: „Скоалэ-те, ду-те ын вале ши аколо ыць вой ворби!”
23 ২৩ তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।
М-ам скулат ши м-ам дус ын вале ши ятэ кэ слава Домнулуй с-а арэтат аколо, аша кум о вэзусем ла рыул Кебар. Атунч ам кэзут ку фаца ла пэмынт.
24 ২৪ তাৰ পাছত মোলৈ সেই আত্মা আহিল আৰু মোক থিয় কৰোৱালে; আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক’লে, “তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা,
Духул а интрат ын мине ши м-а фэкут сэ стау пе пичоаре. Ши Домнул мь-а ворбит ши мь-а зис: „Ду-те ши ынкиде-те ын касэ!
25 ২৫ কিয়নো এতিয়াৰ কাৰণে হে মনুষ্য-সন্তান, লোক সকলে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা;
Кэч ятэ, фиул омулуй, вор пуне песте тине фуний ку каре те вор лега ка сэ ну май поць еши ын мижлокул лор.
26 ২৬ মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Ыць вой липи лимба де черул гурий ка сэ рэмый мут ши сэ ну-й поць мустра, кэч сунт о касэ де ындэрэтничь!
27 ২৭ কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”
Дар, кынд ыць вой ворби, ыць вой дескиде гура ка сэ ле спуй: ‘Аша ворбеште Домнул Думнезеу.’ Чине вря сэ аскулте, сэ аскулте; чине ну вря, сэ н-аскулте! Кэч сунт о касэ де ындэрэтничь!

< এজেকিয়েল 3 >