< এজেকিয়েল 3 >
1 ১ তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।”
Og han sa til mig: Menneskesønn! Et det du her finner for dig! Et denne bokrull, og gå avsted og tal til Israels hus!
2 ২ সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে।
Da lot jeg op min munn, og han gav mig denne rull å ete
3 ৩ তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।
og sa til mig: Menneskesønn! Mett din buk og fyll dine innvoller med denne rull som jeg gir dig! Og jeg åt, og den var i min munn søt som honning.
4 ৪ পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা।
Og han sa til mig: Menneskesønn! Gå til Israels hus og tal til dem med mine ord!
5 ৫ কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইস্ৰায়েল-বংশৰ ওচৰলৈহে পঠোৱা হৈছে।
For ikke til et folk med vanskelig sprog og tungt mæle sendes du, men til Israels hus;
6 ৬ যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন।
ikke til mange folk med vanskelig sprog og tungt mæle, hvis ord du ikke forstår; sannelig, om jeg sendte dig til dem, skulde de høre på dig.
7 ৭ কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।
Men Israels hus skal ikke ville høre på dig, for det vil ikke høre på mig; for hele Israels hus har hårde panner og forherdede hjerter.
8 ৮ চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ।
Se, jeg gjør ditt åsyn hårdt mot deres åsyn og din panne hård mot deres panne.
9 ৯ মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”
Lik en diamant, hårdere enn sten, gjør jeg din panne; du skal ikke frykte for dem og ikke forferdes for deres åsyn; for en gjenstridig ætt er de.
10 ১০ তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া।
Og han sa til mig: Menneskesønn! Alle de ord som jeg taler til dig, skal du ta inn i ditt hjerte og høre med dine ører.
11 ১১ তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তান সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”
Og gå til de bortførte, til ditt folks barn, og tal til dem og si: Så sier Herren, Israels Gud - enten de hører eller lar det være!
12 ১২ তেতিয়া আত্মাই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।”
Da løftet et vær mig op, og jeg hørte bak mig lyden av et stort bulder: Lovet være Herrens herlighet fra det sted hvor han er,
13 ১৩ তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।
og lyden av livsvesenenes vinger, som rørte ved hverandre, og lyden av hjulene ved siden av dem og lyden av et stort bulder.
14 ১৪ এইদৰে আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল।
Og et vær løftet mig op og tok mig, og jeg fór avsted, gram og harmfull i min ånd, og Herrens hånd var sterk over mig.
15 ১৫ তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।
Og jeg kom til de bortførte i Tel-Abib, de som bodde ved elven Kebar, og hvor de ellers bodde, og jeg satt der i syv dager iblandt dem og stirret frem for mig.
16 ১৬ তাৰ পাছত সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে,
Men da syv dager var gått, da kom Herrens ord til mig, og det lød således:
17 ১৭ “হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া।
Menneskesønn! Jeg har satt dig til vekter for Israels hus, og når du hører et ord av min munn, skal du advare dem fra mig.
18 ১৮ ‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম।
Når jeg sier til den ugudelige: Du skal visselig dø, og du ikke advarer ham og ikke taler og advarer den ugudelige for hans ugudelige ferd for å holde ham i live, da skal han, den ugudelige, dø for sin misgjernings skyld, men hans blod vil jeg kreve av din hånd.
19 ১৯ কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা।
Men når du har advart den ugudelige, og han ikke vender om fra sin ugudelighet og fra sin ugudelige ferd, da skal han dø for sin misgjernings skyld, men du har reddet din sjel.
20 ২০ যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম।
Og når en rettferdig vender sig bort fra sin rettferdighet og gjør urett, så legger jeg en anstøtssten i hans vei - han skal dø. Når du ikke har advart ham, skal han dø i sin synd, og de rettferdige gjerninger som han har gjort, skal ikke kommes i hu, men hans blod vil jeg kreve av din hånd.
21 ২১ আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
Men når du har advart den rettferdige om at han, den rettferdige, ikke skal synde, og han da ikke synder, da skal han visselig leve, fordi han lot sig advare, og du har reddet din sjel.
22 ২২ সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।”
Og Herrens hånd kom over mig der, og han sa til mig: Stå op og gå ut i dalen! Der vil jeg tale med dig.
23 ২৩ তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।
Da stod jeg op og gikk ut i dalen, og se, der stod Herrens herlighet, lik den herlighet jeg hadde sett ved elven Kebar; og jeg falt på mitt ansikt.
24 ২৪ তাৰ পাছত মোলৈ সেই আত্মা আহিল আৰু মোক থিয় কৰোৱালে; আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক’লে, “তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা,
Men ånden kom i mig og fikk mig til å stå på mine føtter; og han talte med mig og sa til mig: Gå og steng dig inne i ditt hus!
25 ২৫ কিয়নো এতিয়াৰ কাৰণে হে মনুষ্য-সন্তান, লোক সকলে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা;
Og du menneskesønn! Se, de skal legge rep om dig og binde dig med dem, så du ikke kommer ut iblandt dem.
26 ২৬ মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Og din tunge vil jeg la henge fast ved din gane, så du blir målløs og ikke blir i stand til å refse dem; for en gjenstridig ætt er de.
27 ২৭ কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”
Men når jeg taler med dig, vil jeg åpne din munn, og du skal si til dem: Så sier Herren, Israels Gud. Den som vil høre, han høre, og den som vil la det være, han la det være! For en gjenstridig ætt er de.