< এজেকিয়েল 29 >

1 আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
A tizedik esztendőben, a tizedik hónapban, a hónap tizenkettedikén lőn az Úr beszéde hozzám, mondván:
2 “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!
Embernek fia! vesd tekintetedet a Faraóra, Égyiptom királyára, és prófétálj ellene és egész Égyiptom ellen.
3 ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
Szólj és mondjad: Így szól az Úr Isten: Ímé, én ellened megyek, Faraó, Égyiptom királya, te nagy krokodil, a ki fekszik folyói közepette, a ki ezt mondja: Enyém az én folyóm, és én teremtettem magamnak.
4 কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।
És horgokat vetek szádba, és azt cselekszem, hogy folyóid halai odaragadjanak pikkelyeidhez, és kivonszlak folyóid közepéből, és folyóid minden halait, melyek odaragadnak pikkelyeidhez.
5 মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!
És kivetlek a pusztába téged és folyóid minden halát; a mező színére esel; egybe nem szedetel s nem gyűjtetel; a földi vadaknak s az égi madaraknak adlak eledelül.
6 তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব, কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!
És megtudják mindnyájan Égyiptom lakói, hogy én vagyok az Úr. Mivelhogy ők nádszál-bot valának Izráel házának;
7 যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।
Melyet ha megfognak kezökkel, összetörsz, s felhasítod egész vállokat, és ha reád támaszkodnak, összeroppansz, s megrázod egész derekokat:
8 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।
Ezokáért így szól az Úr Isten: Ímé, hozok ellened fegyvert, és kivágok belőled embert és barmot.
9 তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”
És legyen Égyiptom földje pusztasággá és sivataggá, és megtudják, hogy én vagyok az Úr. Mivelhogy azt mondja: A folyó enyém, és én teremtettem:
10 ১০ এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
Ezokáért ímé, én ellened megyek, és folyóid ellen, és teszem Égyiptom földjét nagy pusztaságok pusztaságává Migdoltól fogva Siénéig, és Szerecsenország határáig.
11 ১১ মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!
Ne menjen át azon emberi láb, se baromi láb ne menjen át rajta, és ne lakják negyven esztendeig.
12 ১২ ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
És adom Égyiptom földjét pusztaságra az elpusztult földek között, s városai lesznek az elpusztult városok közt pusztaságban negyven esztendeig, és eloszlatom az égyiptomiakat a nemzetek közé, s szétszórom őket a tartományokba.
13 ১৩ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম।
Mert így szól az Úr Isten: Negyven esztendő múlva egybegyűjtöm az égyiptomiakat a népek közül, kik közé szétszórattak.
14 ১৪ মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ’ব।
És visszahozom Égyiptom foglyait s visszaviszem őket Pathrós földjére, az ő eredetök földjére, és ott lesznek alacsony királyság.
15 ১৫ সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।
A többi királyságokhoz képest alacsony lészen s többé nem emeli magát a nemzetek fölé; és megkevesbítem őket, hogy el ne tapodják a nemzeteket.
16 ১৬ তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
És nem lesz többé Izráel házának bizodalma, mely vétekre emlékeztessen engem, midőn feléje hajlanak, és megtudják, hogy én vagyok az Úr Isten.
17 ১৭ তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
És lőn a huszonhetedik esztendőben, az első hónapban, a hónap elsején, lőn az Úr beszéde hozzám, mondván:
18 ১৮ “হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।
Embernek fia! Nabukodonozor Babilon királya nagy fáradsággal fárasztotta seregét Tírus ellen: minden fő megkopaszult és minden váll feltört; de jutalma nem lőn néki és seregének Tírusból a fáradságért, a melylyel miatta fáradott.
19 ১৯ এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব!
Ennekokáért így szól az Úr Isten: Ímé, én Nabukodonozornak a babiloni királynak adom Égyiptom földjét, és elviszi gazdagságát, s elragadja ragadományát, s elprédálja prédáját, és ez lesz jutalma seregének.
20 ২০ তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
Fizetésül, a melyért fáradott, adom néki Égyiptom földjét, mert értem cselekedtek, ezt mondja az Úr Isten.
21 ২১ “সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”
Azon a napon szarvat sarjasztok Izráel házának, és a te szádat megnyitom közöttök, és megtudják, hogy én vagyok az Úr.

< এজেকিয়েল 29 >