< এজেকিয়েল 29 >
1 ১ আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
La dixième année, au douzième [jour] du dixième mois, la parole de l'Eternel me fut [adressée], en disant:
2 ২ “হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!
Fils d'homme, tourne ta face contre Pharaon Roi d'Egypte, et prophétise contre lui, et contre toute l'Egypte.
3 ৩ ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
Parle, et dis: ainsi a dit le Seigneur l'Eternel: voici, j'en veux à toi, Pharaon Roi d'Egypte, grande Baleine couchée au milieu de tes bras d'eau, qui as dit: mes bras d'eau sont à moi, et je me les suis faits.
4 ৪ কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।
C'est pourquoi je mettrai des crocs dans tes mâchoires, et je ferai attacher à tes écailles les poissons de tes bras d'eau; et je te tirerai hors de tes bras d'eau, avec tous les poissons de tes bras d'eau, qui auront été attachés à tes écailles.
5 ৫ মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!
Et [t'ayant tiré] dans le désert, je te laisserai là, toi, et tous les poissons de tes bras d'eau; tu seras étendu sur le dessus de la campagne; tu ne seras point recueilli ni ramassé; je t'ai livré aux bêtes de la terre, et aux oiseaux des cieux, pour en être dévoré.
6 ৬ তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব, কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!
Et tous les habitants d'Egypte sauront que je suis l'Eternel; parce qu'ils auront été à la maison d'Israël un bâton, qui n'était qu'un roseau.
7 ৭ যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।
Quand ils t'ont pris par la main, tu t'es rompu, et tu leur as percé toute l'épaule; et quand ils se sont appuyés sur toi, tu t'es cassé, et tu les as fait tomber à la renverse.
8 ৮ এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।
C'est pourquoi ainsi a dit le Seigneur l'Eternel: voici, je m'en vais faire venir l'épée sur toi, et j'exterminerai du milieu de toi les hommes et les bêtes.
9 ৯ তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”
Et le pays d'Egypte sera en désolation et en désert, et ils sauront que je suis l'Eternel, parce que [le Roi d'Egypte] a dit: les bras d'eau sont à moi, et je les ai faits.
10 ১০ এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
C'est pourquoi voici, j'en veux à toi, et à tes bras d'eau, et je réduirai le pays d'Egypte en désert de sécheresse et de désolation, depuis la tour de Syène, jusques aux marches de Cus.
11 ১১ মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!
Nul pied d'homme ne passera par là, et il n'y passera non plus aucun pied de bête, et elle sera quarante ans sans être habitée.
12 ১২ ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
Car je réduirai le pays d'Egypte en désolation entre les pays désolés, et ses villes entre les villes réduites en désert; elles seront en désolation durant quarante ans, je disperserai les Egyptiens parmi les nations, et je les répandrai parmi les pays.
13 ১৩ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম।
Toutefois, ainsi a dit le Seigneur l'Eternel: au bout de quarante ans je ramasserai les Egyptiens d'entre les peuples parmi lesquels ils auront été dispersés;
14 ১৪ মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ’ব।
Et je ramènerai les captifs d'Egypte, et les ferai retourner au pays de Pathros, au pays de leur extraction, mais ils seront là un Royaume abaissé.
15 ১৫ সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।
Il sera le plus bas des Royaumes, et il ne s'élèvera plus au dessus des nations, et je le diminuerai, afin qu'il ne domine point sur les nations.
16 ১৬ তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
Et il ne sera plus l'assurance de la maison d'Israël, les faisant souvenir de [leur] iniquité quand [les enfants d'Israël] regardaient après eux; et ils sauront que je suis le Seigneur l'Eternel.
17 ১৭ তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Et il arriva la vingt-septième année, au premier [jour] du premier mois, que la parole de l'Eternel me fut [adressée], en disant:
18 ১৮ “হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।
Fils d'homme, Nébucadnetsar Roi de Babylone a fait servir son armée dans un service pénible contre Tyr; toute tête en est devenue chauve, et toute épaule en a été foulée, mais il n'a point eu de salaire, ni lui, ni son armée, à cause de Tyr, pour le service qu'il a fait contre elle.
19 ১৯ এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব!
C'est pourquoi ainsi a dit le Seigneur l'Eternel: voici, je m'en vais donner à Nébucadnetsar Roi de Babylone le pays d'Egypte; et il en enlèvera la multitude, il en emportera le butin, et en fera le pillage; et ce sera là le salaire de son armée.
20 ২০ তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
Pour [le salaire de] l'ouvrage auquel il a servi contre Tyr, je lui ai donné le pays d'Egypte, parce qu'ils ont travaillé pour moi, dit le Seigneur l'Eternel.
21 ২১ “সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”
En ce jour-là je ferai germer la corne de la maison d'Israël, et j'ouvrirai ta bouche au milieu d'eux, et ils sauront que je suis l'Eternel.