< এজেকিয়েল 28 >

1 তাৰ পাছত যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ọ̀rọ̀ Olúwa tún tọ̀ mí wá wí pé:
2 “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
“Ọmọ ènìyàn, sọ fún ọmọ-aládé Tire pé, ‘Báyìí ní Olúwa Olódùmarè wí: “‘Nítorí tí ọkàn rẹ gbé sókè sí mi, ìwọ wí pé, “Èmi ni Ọlọ́run; Èmi jókòó sí orí ìtẹ́ òrìṣà, ní àárín gbùngbùn Òkun.” Ṣùgbọ́n ènìyàn ni ọ́, kì i ṣe òrìṣà, bí ó tilẹ̀ jẹ́ wí pé ìwọ rò pé ìwọ gbọ́n bí Ọlọ́run.
3 তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!
Ìwọ gbọ́n ju Daniẹli lọ bí? Ṣé kò sí àṣírí kan tí ó pamọ́ fún ọ?
4 তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
Pẹ̀lú ọgbọ́n àti ìmọ̀ rẹ, ìwọ tí jèrè ọrọ̀ fún ara rẹ, àti àkójọpọ̀ wúrà àti fàdákà, nínú àwọn ilé ìṣúra rẹ.
5 তোমাৰ বাণিজ্য, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল!
Nípa ọgbọ́n rẹ ńlá àti nípa òwò rẹ, ìwọ ti sọ ọrọ̀ rẹ di púpọ̀, àti nítorí ọrọ̀ rẹ di púpọ̀, ọkàn rẹ gbé sókè, nítorí ọrọ̀ rẹ.
6 এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা,
“‘Nítorí náà èyí yìí ní Olúwa Olódùmarè wí: “‘Nítorí pé ìwọ rò pé o gbọ́n, pé ìwọ gbọ́n bí Ọlọ́run.
7 এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!
Èmi yóò mú kí àwọn àjèjì dìde sí ọ, ẹlẹ́rù nínú àwọn orílẹ̀-èdè; wọn yóò yọ idà wọn sí ọ, ẹwà rẹ àti ọgbọ́n rẹ, wọn yóò sì ba dídán rẹ̀ jẹ́.
8 তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ’ব!
Wọn yóò mú ọ sọ̀kalẹ̀ wá sínú ihò, ìwọ yóò sì kú ikú gbígbóná, àwọn tí a pa ní àárín Òkun.
9 যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সঁচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক শোধাই দিয়া হ’ব!
Ṣé ìwọ yóò wá wí pé, “Èmi ni Ọlọ́run,” ní ojú àwọn tí ó pa ọ́? Ìwọ yóò jẹ́ ènìyàn, kì í ṣe Ọlọ́run, ní ọwọ́ àwọn ti yóò pa ọ́.
10 ১০ তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
Ìwọ yóò kú ikú aláìkọlà, ní ọwọ́ àwọn àjèjì. Èmi ni ó ti sọ ọ́, ní Olúwa Olódùmarè wí.’”
11 ১১ পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Ọ̀rọ̀ Olúwa tún tọ̀ mí wá wí pé:
12 ১২ “হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা!
“Ọmọ ènìyàn, pohùnréré ẹkún sórí ọba Tire kí ó sì sọ fún un pé: ‘Èyí yìí ni ohun tí Olúwa Olódùmarè wí: “‘Ìwọ jẹ́ àpẹẹrẹ ìjẹ́pípé náà, o kún fún ọgbọ́n, o sì pé ní ẹwà.
13 ১৩ ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!
Ìwọ ti wà ní Edeni, ọgbà Ọlọ́run; onírúurú òkúta oníyebíye ni ìbora rẹ; sardiu, topasi àti diamọndi, berili, óníkìsì, àti jasperi, safire, emeradi, turikuose, àti karbunkili, àti wúrà, ìpilẹ̀ṣẹ̀ rẹ àti àwọn òkè rẹ ní a dà, láti ara wúrà, ní ọjọ́ tí á dá ọ ní a pèsè wọn.
14 ১৪ মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত স্থাপন কৰিছিলোঁ আৰু অভিষিক্ত কৰা কৰূবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা! তুমি জুইৰ নিচিনা চক্‌মকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা।
A fi àmì òróró yàn ọ́ gẹ́gẹ́ bí olùtọ́jú kérúbù, torí èyí ni mo fi yàn ọ́. Ìwọ wà lórí òkè mímọ́ Ọlọ́run; ìwọ rìn ni àárín òkúta a mú bí iná.
15 ১৫ তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।
Ìwọ pé ní ọ̀nà rẹ, láti ọjọ́ tí a ti dá ọ, títí a fi rí àìṣedéédéé ní inú rẹ.
16 ১৬ তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্‌মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ।
Nípa ìtànkálẹ̀ òwò rẹ, ìwọ kún fún ìwà ipá; ìwọ sì dẹ́ṣẹ̀. Nítorí náà ni mo ṣe sọ ọ nù, bí ohun àìlọ́wọ̀ kúrò lórí òkè Ọlọ́run. Èmi sì pa ọ run, ìwọ kérúbù, tí ó bọ́ kúrò ní àárín òkúta a mú bí iná.
17 ১৭ তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।
Ọkàn rẹ gbéraga, nítorí ẹwà rẹ. Ìwọ sì ba ọgbọ́n rẹ jẹ́, nítorí dídára rẹ. Nítorí náà mo le ọ sórí ayé; mo sọ ọ di awòojú níwájú àwọn ọba.
18 ১৮ তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম।
Nípa ẹ̀ṣẹ̀ púpọ̀ rẹ àti òwò àìṣòótọ́ rẹ, ìwọ ti ba àwọn ibi mímọ́ rẹ jẹ́. Nítorí náà mo mú kí iná jáde wá, láti inú rẹ, yóò sì jó ọ run, èmi yóò sì sọ ọ́ di eérú lórí ilẹ̀, lójú gbogbo àwọn tí ó ń wò ọ́.
19 ১৯ জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!”
Gbogbo orílẹ̀-èdè tí ó mọ̀ ọ́n, ní ẹnu ń yà sí ọ; ìwọ yóò sì jẹ́ ẹ̀rù, ìwọ kì yóò sì ṣí mọ́ láéláé.’”
20 ২০ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ọ̀rọ̀ Olúwa tún tọ̀ mí wá wí pé:
21 ২১ “হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাইৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!
“Ọmọ ènìyàn, kọ ojú sí Sidoni; kí o sì sọtẹ́lẹ̀ sí i,
22 ২২ আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
kí ó sì wí pé, ‘Báyìí ni Olúwa Olódùmarè wí: “‘Èmi lòdì sí ọ, ìwọ Sidoni, a ó sì ṣe mí lógo láàrín rẹ. Wọn yóò mọ̀ pé èmi ní Olúwa, nígbà tí mo bá mú ìdájọ́ mi ṣẹ nínú rẹ, tí a sì yá mí sí mímọ́ nínú rẹ.
23 ২৩ কিয়নো মই তাৰ মাজলৈ মহামাৰী আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠিয়াম। আৰু যেতিয়া চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তৰোৱালৰ দ্বাৰাই হত হোৱা লোক পতিত হ’ব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Èmi yóò sì rán àjàkálẹ̀-ààrùn sínú rẹ, èmi yóò sì mú kí ẹ̀jẹ̀ sàn ní ìgboro rẹ, ẹni ti á pa yóò ṣubú ní àárín rẹ, pẹ̀lú idà lára rẹ ní gbogbo ẹ̀gbẹ́, nígbà náà wọn yóò mọ̀ wí pé èmi ni Olúwa.
24 ২৪ তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’
“‘Kì yóò sì ṣí ẹ̀gún tí ń gun ni ní ilẹ̀ Israẹli mọ́, tàbí ẹ̀gún bíbani nínú jẹ́ ti gbogbo àwọn tí wọn wà ní àyíká wọn, tí wọ́n sì ń fi ojú yẹpẹrẹ wò wọ́n, nígbà náà ni wọn yóò mọ́ wí pé èmi ni Olúwa Olódùmarè.
25 ২৫ প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতি সমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব।
“‘Èyí yìí ní Olúwa Olódùmarè wí: Nígbà tí èmi yóò bá sa àwọn ènìyàn Israẹli jọ kúrò ní gbogbo orílẹ̀-èdè tí wọ́n ti fọ́nká sí, tí a ó sì yà mí sí mímọ́ láàrín wọn lójú àwọn aláìkọlà. Nígbà náà ni wọn yóò gbé ní ilẹ̀ àwọn tìkálára wọn, èyí tí mo fún ìránṣẹ́ mi Jakọbu.
26 ২৬ তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
Wọn yóò sì máa gbé ní inú rẹ̀ ní àìléwu, wọn yóò sì kọ́lé, wọn yóò sì gbin ọgbà àjàrà; nítòótọ́ wọn yóò wà ní ìbàlẹ̀ àyà, nígbà tí èmi bá ti mú ìdájọ́ mi ṣẹ̀ sí ara àwọn tí ń ṣátá wọn ní gbogbo àyíká wọn. Nígbà náà ni wọn yóò mọ̀ pé, Èmi ni Olúwa Ọlọ́run wọn.’”

< এজেকিয়েল 28 >