< এজেকিয়েল 28 >
1 ১ তাৰ পাছত যিহোৱাৰ বাক্য পুনৰায় মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Wach Jehova Nyasaye nobirona kama:
2 ২ “হে মনুষ্য সন্তান, তুমি তূৰৰ শাসনকৰ্ত্তাজনক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমাৰ হৃদয় গৰ্ব্বিত হ’ল! তুমি কৈছা, “মই এজন দেৱতা! মই সমুদ্ৰৰ মাজত দেৱতাবোৰৰ আসনত বহি থাকিম!” যদিও তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা, তথাপি তুমি মাথোন মানুহ হে, কিন্তু ঈশ্বৰ নহয়;
“Wuod dhano, Nyis ruodh Turo niya, Ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: “‘Sunga manie chunyi omiyo iwacho niya, “An nyasaye; Abet e kom duongʼ mar nyasaye moro modak e chuny nembe.” To chutho in mana dhano, to ok in nyasaye, kata obedo ni iketori ni iriek kaka nyasaye.
3 ৩ তুমি নিজকে দানিয়েলতকৈ জ্ঞানী বুলি ভাবিছা, আৰু তোমাক আচৰিত কৰিব পৰা কোনো গুপুত কথা নাই!
Koso chunyi wuondi ni iriek moloyo Daniel? Iparo ni onge gima opondoni?
4 ৪ তোমাৰ জ্ঞান আৰু বুদ্ধিৰে তুমি নিজকে প্রতিপত্তিশালী কৰিলা আৰু সোণ আৰু ৰূপ আৰ্জ্জি তোমাৰ ভঁৰালত ৰাখিলা।
Nikech iriek bende in gi winjo matut, isekano mwandu mathoth mana ne in iwuon, bende isechoko fedha gi dhahabu mangʼeny, mi ikanogi e dereni mag keno.
5 ৫ তোমাৰ বাণিজ্য, তোমাৰ জ্ঞান আছিল; তুমি ধন-সম্পত্তি বঢ়ালা আৰু তোমাৰ ধন-সম্পত্তিৰ কাৰণে তোমাৰ মন গৰ্ব্বিত হ’ল!
Rieko ma in-go mangʼeny kuom loko ohala osekonyi medo mwandu ewi mwandugi, kendo nikech mwandunigo koro isebedo gi sunga e chunyi.
6 ৬ এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: কিয়নো তুমি নিজ মনক দেৱতাৰ মন বুলি মানিছা,
“‘Kuom mano, ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: “‘Kata iparo ni iriek ka nyasaye kamano,
7 ৭ এই কাৰণে চোৱা, মই বিদেশীসকলক তোমাৰ বিৰুদ্ধে আনিম, যি সকল আন জাতিবোৰৰ মাজৰ ভয়ানক মানুহ! তেওঁলোকে তোমাৰ জ্ঞান-কান্তিৰ বিৰুদ্ধে নিজ নিজ তৰোৱাল উলিয়াব আৰু তোমাৰ উজ্জ্বলতা অশুচি কৰিব!
to abiro kelo joma oa e pinje moko mondo omonji, gin pinje mager ahinya, kendo gibiro gi ligangla mi gitiekgo mwanduni duto ma iseyudo kuom riekoni kendo misungorigo.
8 ৮ তেওঁলোকে তোমাক গাতলৈ নমাই পঠিয়াব আৰু তোমাৰ সাগৰৰ মাজ ঠাইত হত হোৱা লোকৰ দৰে মৃত্যু হ’ব!
Gibiro negi gi nek marach mi giboli e bur matut, kendo ibiro tho tho marach, e chuny nam.
9 ৯ যি জন লোকে তোমাক বধ কৰিব, সেই জন লোকৰ আগত তুমি সঁচাকৈ তেতিয়াও, “মই এজন দেৱতা” বুলি ক’বা নে? তুমি মনুষ্য মাত্ৰ কিন্তু ঈশ্বৰ নহয়, আৰু যি জন লোকে তোমাক বধ কৰিব, সেই জনৰ হাতত তোমাক শোধাই দিয়া হ’ব!
Bende koro iniwach ni, “An nyasaye,” ka joma biro negigo ochomi tir? Inibed dhano adhana matho, ma ok nyasaye, e lwet joma negi.
10 ১০ তুমি বিদেশীসকলৰ হাতত অচুন্নৎসকলৰ দৰে মৰিবা, কিয়নো মই এই কলোঁ!’ এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
Initho tho marach e lwet jopinje mamoko ma ok oter nyangu. Jehova Nyasaye Manyalo Gik Moko Duto osewacho.’”
11 ১১ পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
Wach Jehova Nyasaye nobirona kama:
12 ১২ “হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা!
“Wuod dhano, chwog wend ywak kuom ruodh Turo kiwachone ni: ‘Ma e gima Jehova Nyasaye Manyalo Gik Moko Duto Wacho: “‘Ne in ranyisi maber ni ji, ne ipongʼ gi rieko kendo ne iber neno.
13 ১৩ ঈশ্বৰৰ বাৰী এদনত, তুমি আছিলা! সকলো বহুমূল্য পাথৰ তোমাৰ আৱৰণ আছিল: চুনী, পীতমণি, হীৰা, বৈদূৰ্য্য মণি, গোমেদক, সূৰ্যকান্ত, নীলকান্ত, পদ্মৰাগ আৰু মৰকত! আৰু সোণেৰে তোমাৰ খঞ্জৰী আৰু বাঁহীৰ বাদ্য তোমাৰ মাজত আছিল! তুমি সৃষ্টি হোৱা দিনাই, সেইবোৰ তুমি আৱৰণ কৰিবলৈ তোমাৰ বাবে যুগুত কৰা হৈছিল!
Ne idak e Eden, e puoth Nyasaye; ne irwakori gi kite mopogore opogore ma nengogi tek kaka: rubi, gi topaz, gi emerald, gi krisolit, gi oniks kod jaspa, gi safir, gi tarkus kod beril. Gigi duto ne owir manyilni gi dhahabu kendo ne olosnigi e kinde mane ochweyie.
14 ১৪ মই তোমাক ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতত স্থাপন কৰিছিলোঁ আৰু অভিষিক্ত কৰা কৰূবৰ দৰে তুমি ঢাকি ধৰোঁতা আছিলা! তুমি জুইৰ নিচিনা চক্মকীয়া পাথৰবোৰৰ মাজত অহা-যোৱা কৰিছিলা।
Ne owiri kaka malaika ma jarit miluongo ni kerubi, nikech mano e gima ne achanoni, mondo ibedi. Ne idak e got maler mar Nyasaye; kendo ne iwuotho e kind kite maliet ka mach.
15 ১৫ তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা।
Yoreni duto ne ler maonge ketho kata achiel chakre chiengʼ mane ochweyie, nyaka chop chiengʼ mane oyudie ketho kuomi.
16 ১৬ তোমাৰ বাণিজ্যৰ বাহুল্যত তোমাৰ ভিতৰখন অত্যাচাৰেৰে পৰিপূৰ্ণ হোৱাৰ কাৰণে তুমি পাপ কৰিলা! মই তোমাক অশুচি বুলি ঈশ্বৰৰ পৰ্ব্বতৰ পৰা বাহিৰ কৰিলোঁ; আৰু হে ঢাকি ধৰোঁতা কৰূব, জুইৰ দৰে চক্মকীয়া পাথৰবোৰৰ মাজৰ পৰা মই তোমাক লুপ্ত কৰিলোঁ।
Kuom ohala mane itimo alanda ne ipongʼ gi timbe mag mahundu, mine idoko jaricho. Emomiyo ne adiri oko ka wichkuot omaki, ka agoli e got mar Nyasaye, kendo ne ariembi chuth, yaye kerubi ma jarit, mi ia e dier kite maliet ka mach.
17 ১৭ তোমাৰ সৌন্দৰ্য্যৰ কাৰণে তোমাৰ হৃদয় গৰ্ব্বিত হৈছিল; তোমাৰ উজ্জ্বলতাৰ কাৰণে তুমি নিজ জ্ঞান নষ্ট কৰিলা! মই তোমাক মাটিৰ সমান কৰিলোঁ! ৰজাসকলে তোমাক দেখা পাবলৈ তোমাক তেওঁলোকৰ সন্মূখত ৰাখিলোঁ।
Chunyi nobedo gi sunga nikech ber mane ibergo, kendo ne iketho riekoni nikech duongʼ mane in-go. Omiyo ne adiri makeli nyaka e piny; mibedo gima ruodhi mag piny rango amingʼa ka wuoro.
18 ১৮ তোমাৰ অপৰাধ অধিক হোৱাত, তোমাৰ বাণিজ্যৰ অন্যায়েৰে তোমাৰ ধৰ্মধামবোৰ তুমি অপবিত্ৰ কৰিলা! এই হেতুকে মই তোমাৰ মাজৰ পৰাই অগ্নি উলিয়ালোঁ। সেয়ে তোমাক গ্ৰাস কৰিব। আৰু তোমাক সকলোৱে দেখাকৈ মই তোমাক মাটিত ভষ্ম কৰিম।
Isechido kara maler mar lemo kuom richoni mathoth mag ohandi mimayogo ji. Omiyo ne amoko mach kuomi, mine owangʼi motieki, bende ne amiyo ilokori buru manie lowo e nyim ji duto mane rangi.
19 ১৯ জাতিবোৰৰ মাজত তোমাক জনা সকলোৱেই তোমাক দেখি বিস্ময় মানিব; তুমি ত্ৰাসৰ বিষয় হ’বা আৰু তোমাৰ অস্তিত্ব কেতিয়াও নাথাকিব’!”
Ogendini duto mane ongʼeyi, to dhogi omoko koneni; giko mari osebedo marach miwuoro kendo ok nochak oneni kendo.’”
20 ২০ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Wach Jehova Nyasaye nobirona kama:
21 ২১ “হে মনুষ্য সন্তান, তুমি চীদোনৰ ফালে মুখ কৰি তাইৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!
“Wuod dhano, chom wangʼi kuom Sidon; kor wach kuome
22 ২২ আৰু কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে, হে চীদোন! মই তোমাৰ বিপক্ষ; মই তোমাৰ মাজত গৌৰৱান্বিত হ’ম, যেতিয়া মই তাক দণ্ড দিম আৰু তাৰ মাজত পবিত্ৰীকৃত হ’ম। তেতিয়া মই যে পবিত্র, সেয়ে তোমাত প্রকাশিত হ’ম!
kendo iwachne ni: ‘Ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: “‘Adagi, yaye Sidon, kendo abiro donjora kodi ka ayudo duongʼ. Gibiro ngʼeyo ni An e Jehova Nyasaye, chiengʼ ma akumo Sidon, mi anyisra kaka An ngʼama ler e diergi.
23 ২৩ কিয়নো মই তাৰ মাজলৈ মহামাৰী আৰু তাৰ আলিবোৰত ৰক্তপাত কৰিবলৈ মানুহ পঠিয়াম। আৰু যেতিয়া চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তৰোৱালৰ দ্বাৰাই হত হোৱা লোক পতিত হ’ব, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
Abiro oro tuoche malandore kuome, kendo abiro miyo remo mol e wangʼ yorene mag dala. Joma onegi biro podho e iye ka ligangla olwore koni gi koni. Eka giningʼe ni An e Jehova Nyasaye.
24 ২৪ তাৰ পাছত ইস্ৰায়েল-বংশক বিন্ধোতা কোন হুল বা দুখ দিওঁতা কোনো কাঁইট বা তাইৰ চাৰিওফালে থকা তাইক হেয়জ্ঞান কৰা লোকসকলৰ মাজত কোনো অৱশিষ্ট নাথাকিব; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব!’
“‘Jo-Israel ok nochak obedi gi jobutgi machalo kuth pedo machwopo malit kata machalo kudho mabith. Eka giningʼe ni An e Jehova Nyasaye Manyalo Gik Moko Duto.
25 ২৫ প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: ‘মই যেতিয়া ইস্ৰায়েল বংশৰ ছিন্ন-ভিন্ন হোৱা লোকসকলৰ পৰা তেওঁলোকক গোট খুৱাম, আৰু যাতে জাতি সমূহৰ সাক্ষাতে মই তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া মই মোৰ দাস যাকোবক দিয়া দেশখনত তেওঁলোকে নিজ দেশতে বাস কৰিব।
“‘Ma e gima Jehova Nyasaye Manyalo Gik Moko Duto wacho: Ka anachok jo-Israel ka agologi oko e dier ogendini kuonde ma gikiree, to ananyisra kaka ngʼama ler manie e diergi e kind ogendinigo. Eka ginidag e pinygi giwegi, piny mane amiyo Jakobo jatichna.
26 ২৬ তেতিয়া তেওঁলোকে নিৰ্ভয়ে বাস কৰিব আৰু তেওঁলোকে ঘৰ সাজিব, দ্ৰাক্ষাবাৰী পাতিব আৰু নিৰ্ভয়ে বাস কৰি থাকিব যেতিয়া মই চাৰিওফালে তেওঁলোকক হিংসা কৰোঁতা সকলক দণ্ড দিম; তেতিয়া, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
Ginidag kanyo gi kwe kendo giniger udi kendo ginipidh mzabibu e puothegi; ginidag gi kwe ka akumo pinje molworogi duto mane jarogi. Eka giningʼe ni An e Jehova Nyasaye ma Nyasachgi.’”