< এজেকিয়েল 27 >

1 যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে,
Et factum est verbum Domini ad me, dicens:
2 “হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,
Tu ergo fili hominis assume super Tyrum lamentum:
3 আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”
Et dices Tyro, quæ habitat in introitu maris, negotiationi populorum ad insulas multas: Hæc dicit Dominus Deus: O Tyre, tu dixisti: Perfecti decoris ego sum,
4 তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
et in corde maris sita. Finitimi tui, qui te ædificaverunt, impleverunt decorem tuum:
5 তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।
abietibus de Sanir extruxerunt te cum omnibus tabulatis maris: cedrum de Libano tulerunt ut facerent tibi malum.
6 তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
Quercus de Basan dolaverunt in remos tuos: et transtra tua fecerunt tibi ex ebore Indico, et prætoriola de insulis Italiæ.
7 তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
Byssus varia de Ægypto texta est tibi in velum ut poneretur in malo: hyacinthus, et purpura de insulis Elisa facta sunt operimentum tuum.
8 যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
Habitatores Sidonis, et Aradii fuerunt remiges tui: sapientes tui, Tyre, facti sunt gubernatores tui.
9 গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!
Senes Giblii, et prudentes eius habuerunt nautas ad ministerium variæ supellectilis tuæ: omnes naves maris, et nautæ earum fuerunt in populo negotiationis tuæ.
10 ১০ পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
Persæ, et Lydii, et Libyes erant in exercitu tuo viri bellatores tui: clypeum, et galeam suspenderunt in te pro ornatu tuo.
11 ১১ তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!
Filii Aradii cum exercitu tuo erant super muros tuos in circuitu: sed et Pigmæi, qui erant in turribus tuis, pharetras suas suspenderunt in muris tuis per gyrum: ipsi compleverunt pulchritudinem tuam.
12 ১২ তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!
Carthaginenses negotiatores tui, a multitudine cunctarum divitiarum, argento, ferro, stanno, plumboque repleverunt nundinas tuas.
13 ১৩ যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।
Græcia, Thubal, et Mosoch, ipsi institores tui: mancipia, et vasa ærea advexerunt populo tuo.
14 ১৪ তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।
De domo Thogorma, equos, et equites, et mulos adduxerunt ad forum tuum.
15 ১৫ দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
Filii Dedan negotiatores tui: insulæ multæ negotiatio manus tuæ: dentes eburneos, et hebeninos commutaverunt in pretio tuo.
16 ১৬ তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
Syrus negotiator tuus propter multitudinem operum tuorum, gemmam, et purpuram, et scutulata, et byssum, et sericum, et chodchod proposuerunt in mercatu tuo.
17 ১৭ যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।
Iuda et terra Israel ipsi institores tui in frumento primo, balsamum, et mel, et oleum, et resinam proposuerunt in nundinis tuis.
18 ১৮ তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।
Damascenus negotiator tuus in multitudine operum tuorum, in multitudine diversarum opum, in vino pingui, in lanis coloris optimi.
19 ১৯ উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে।
Dan, et Græcia, et Mosel in nundinis tuis proposuerunt ferrum fabrefactum: stacte, et calamus in negotiatione tua.
20 ২০ ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।
Dedan institores tui in tapetibus ad sedendum.
21 ২১ আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।
Arabia, et universi principes Cedar, ipsi negotiatores manus tuæ: cum agnis, et arietibus, et hœdis venerunt ad te negotiatores tui.
22 ২২ চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।
Venditores Saba, et Reema, ipsi negotiatores tui: cum universis primis aromatibus, et lapide pretioso, et auro, quod proposuerunt in mercatu tuo.
23 ২৩ হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।
Haran, et Chene, et Eden negotiatores tui: Saba, Assur, et Chelmad venditores tui.
24 ২৪ বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল।
Ipsi negotiatores tui multifariam involucris hyacinthi, et polymitorum, gazarumque pretiosarum, quæ obvolutæ, et astrictæ erant funibus: cedros quoque habebant in negotiationibus tuis.
25 ২৫ তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!
Naves maris, principes tui in negotiatione tua: et repleta es, et glorificata nimis in corde maris.
26 ২৬ তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
In aquis multis adduxerunt te remiges tui: ventus auster contrivit te in corde maris.
27 ২৭ তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।
Divitiæ tuæ, et thesauri tui, et multiplex instrumentum tuum, nautæ tui et gubernatores tui, qui tenebant supellectilem tuam, et populo tuo præerant: viri quoque bellatores tui, qui erant in te cum universa multitudine tua, quæ est in medio tui: cadent in corde maris in die ruinæ tuæ.
28 ২৮ তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।
A sonitu clamoris gubernatorum tuorum conturbabuntur classes:
29 ২৯ আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।
Et descendent de navibus suis omnes, qui tenebant remum: nautæ, et universi gubernatores maris in terra stabunt:
30 ৩০ তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব; তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।
et eiulabunt super te voce magna, et clamabunt amare: et superiacient pulverem capitibus suis, et cinere conspergentur.
31 ৩১ তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।
Et radent super te calvitium, et accingentur ciliciis: et plorabunt te in amaritudine animæ ploratu amarissimo.
32 ৩২ তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?
Et assument super te carmen lugubre, et plangent te: Quæ est ut Tyrus, quæ obmutuit in medio maris?
33 ৩৩ সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!
Quæ in exitu negotiationum tuarum de mari implesti populos multos: in multitudine divitiarum tuarum, et populorum tuorum ditasti reges terræ.
34 ৩৪ কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!
Nunc contrita es a mari, in profundis aquarum opes tuæ, et omnis multitudo tua, quæ erat in medio tui, ceciderunt.
35 ৩৫ দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!
Universi habitatores insularum obstupuerunt super te: et reges earum omnes tempestate perculsi mutaverunt vultus.
36 ৩৬ লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”
Negotiatores populorum sibilaverunt super te: ad nihilum deducta es, et non eris usque in perpetuum.

< এজেকিয়েল 27 >