< এজেকিয়েল 27 >
1 ১ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহিল, আৰু ক’লে,
Kaj aperis al mi vorto de la Eternulo, dirante:
2 ২ “হে মনুষ্য সন্তান, তুমি তূৰৰ বিষয়ে বিলাপ আৰম্ভ কৰা,
Vi, ho filo de homo, ekkantu funebran kanton pri Tiro;
3 ৩ আৰু তূৰক কোৱা, ‘তোমালোক যিসকল সাগৰৰ প্ৰৱেশস্থানত-নিবাস কৰা অনেক দ্বীপত থকা বাণিজ্যকাৰিণীসকলক কোৱা বোলে, প্ৰভু যিহোৱাই এই কথা কৈছে: হে তূৰ! তুমি কৈছিলা “মই পৰম সুন্দৰী’!”
kaj diru al Tiro, kiu sidas ĉe la enirejo de la maro kaj kiu komercas kun la popoloj sur multaj insuloj: Tiele diras la Sinjoro, la Eternulo: Ho Tiro, vi diras: Mi estas perfektaĵo de beleco!
4 ৪ তোমাৰ সীমাৰ ভিতৰৰ ঠাইখন গভীৰ সমুদ্ৰৰ মাজত আছিল; তোমাৰ নিৰ্ম্মাণকাৰীবোৰে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল।
En la koro de la maro estas viaj limoj; viaj konstruintoj faris vin perfekte bela.
5 ৫ তেওঁলোকে চনীৰৰ পৰা অনা দেৱদাৰু কাঠেৰে তোমাৰ সকলো তক্তা বনাইছিল; তেওঁলোকে তোমাৰ কাৰণে এডাল মাস্তুল কৰিবলৈ লিবানোনৰ পৰা এৰচ কাঠ আনিছিল।
El cipresoj de Senir ili konstruis por vi ĉiujn viajn tabulojn, cedrojn de Lebanon ili prenis, por fari viajn mastojn.
6 ৬ তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
El kverkoj de Baŝan ili faris viajn remilojn, viajn benkojn ili faris el eburo kaj el bukso de la insuloj de la Kitidoj.
7 ৭ তোমালৈ নিচানস্বৰূপ হ’বৰ কাৰণে, তোমাৰ নাৱৰ পালবোৰ মিচৰ দেশৰ পৰা অনা কাৰচিপি বন কৰা মিহি শণ সূতাৰ ৰং কৰা হৈছিল! তোমাৰ চন্দ্ৰতাপ ইলীচা দ্বীপবোৰৰ পৰা অনা নীল আৰু বেঙেনা বৰণীয়া সূতাৰে বনোৱা হৈছিল।
El delikata brodita tolo Egipta estis viaj veloj, kaj tio estis ankaŭ via standardo; blua kaj purpura ŝtofo de la insuloj de Eliŝa estis viaj kovrotukoj.
8 ৮ যি লোকসকল চীদোন আৰু অৰ্বদত বাস কৰি আছিল, তেওঁলোক তোমাৰ বঠা বাওঁতা আছিল; হে তূৰ, তোমাৰ জ্ঞানী লোকসকল তোমাৰ মাজত আছিল আৰু তোমাৰ পথ প্রদৰ্শক আছিল।
La loĝantoj de Cidon kaj Arvad estis viaj remistoj; viajn proprajn kompetentulojn vi havis, ho Tiro, kaj ili estis viaj ŝipgvidistoj.
9 ৯ গবলৰ বিশেষ অভিজ্ঞতা থকা কাৰিকৰবোৰে তোমাৰ জাহাজবোৰক মেৰামতি কৰিছিল; তোমাৰ বাণিজ্য-দ্ৰব্য বেহা-বেপাৰ কৰিবলৈ সমুদ্ৰৰ আটাই জাহাজবোৰ আৰু সেইবোৰৰ নাৱিকবোৰ তোমাৰ মাজত আছিল!
La plejaĝuloj de Gebal kaj ĝiaj kompetentuloj estis ĉe vi kalfatristoj; ĉiaj ŝipoj de la maro kaj iliaj ŝipistoj estis ĉe vi, por servi al via komercado.
10 ১০ পাৰস্য, লুদ আৰু পূটদেশীয় লোক তোমাৰ সৈন্য-সামন্ত আছিল, তেওঁলোক তোমাৰ ৰণুৱা! তেওঁলোকে তোমাৰ মাজত ঢাল আৰু শিৰোৰক্ষক টুপী আৰি থৈছিল; তেওঁলোকে তোমাক সুশোভিতা কৰিছিল!
Persoj, Ludidoj, kaj Putidoj estis en via armeo, kiel viaj militistoj, pendigis ĉe vi siajn ŝildojn kaj kaskojn, kaj estis via beleco.
11 ১১ তোমাৰ সৈন্য-সামন্তেৰ অৰ্বদ আৰু সেলেখৰ লোকসকল তোমালোকক চাৰিওফালে তোমাৰ গড়বোৰৰ ওপৰত আছিল, আৰু গম্মদীয়া লোকসকল তোমাৰ দুৰ্গবোৰত আছিল! তেওঁলোকে চাৰিওফালে তোমাৰ গড়ৰ ওপৰত নিজ নিজ ঢাল আৰি থৈছিল! তেওঁলোকে তোমাৰ সৌন্দৰ্য্য সম্পূৰ্ণ কৰিছিল!
La filoj de Arvad kaj via militistaro staris sur viaj muregoj ĉirkaŭe kaj estis gardistoj sur viaj turoj; siajn ŝildojn ili pendigis ĉirkaŭe sur viaj muregoj, kaj ili perfektigis vian belecon.
12 ১২ তোমাৰ সকলো প্ৰকাৰৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে তৰ্চীচ তোমাৰ গ্রাহক আছিল: তেওঁলোকে ৰূপ, লোহা, বগীতাম আৰু সীহ আনি সেইবোৰৰ বেপাৰ কৰিছিল!
Tarŝiŝ komercis kun vi per multo da diversaj valoraĵoj; arĝenton, feron, stanon, kaj plumbon ĝi alportadis al via komercejo.
13 ১৩ যাবন, তুবল আৰু মেচেক- তেওঁলোক তোমাৰ বেপাৰী আছিল; তেওঁলোকে মানুহ আৰু পিতলৰ পাত্ৰ দি তোমাৰ বাণিজ্য-দ্ৰব্যৰ সৈতে বেপাৰ কৰিছিল।
Javan, Tubal, kaj Meŝeĥ komercis kun vi, alportante al vi kiel komercaĵojn homajn animojn kaj kuprajn vazojn.
14 ১৪ তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।
El Togarma oni alportadis al via komercejo ĉevalojn, rajdoĉevalojn, kaj mulojn.
15 ১৫ দদানৰ লোকসকলেও তোমাৰ বেপাৰী আছিল। অনেক দ্বীপ তোমাৰ অধীনৰ বজাৰ আছিল। তেওঁলোকে শিঙৰ আকৃতিৰ হাতী-দাঁত আৰু অবলুচ কাঠ তোমালোকৰ লগত সলনি কৰিছিল।
La filoj de Dedan komercis kun vi; sur multaj insuloj estis viaj komercaĵoj; eburon kaj ebonon ili vendadis al vi siaflanke.
16 ১৬ তোমাৰ হাতেৰে সজা অনেক বস্তুৰ কাৰণে অৰাম আছিল তোমাৰ বণিক; তেওঁলোকে মৰকত মণি, বেঙেনা বৰণীয়া সূতা, ৰঙীণ বন কৰা কাপোৰ, মিহি শণ সূতাৰ কাপোৰ পোৱাল আৰু পদ্মৰাগ মণি দি তোমাৰ বাণিজ্য-দ্ৰব্য লৈছিল।
Sirio prenadis de vi komerce la multon de viaj faritaĵoj; rubenojn, purpurajn kaj broditajn ŝtofojn, delikatan tolon, koralojn, kaj kristalojn ili alportadis al via komercejo.
17 ১৭ যিহূদা আৰু ইস্ৰায়েল দেশ তোমাৰ লগত বেপাৰী আছিল। তেওঁলোকে মিন্নীতৰ ঘেঁহু ধান, পন্নগ, মিঠাই, মৌ, তেল আৰু সুস্থজনক গছৰ এঁঠা দি তোমাৰ বয়-বস্তু লৈছিল।
Judujo kaj la lando de Izrael komercis kun vi; pro viaj komercaĵoj ili alportadis al vi tritikon de Minit, vakson, mielon, oleon, kaj balzamon.
18 ১৮ তোমাৰ হাতেৰে সজা অধিক বয়-বস্তুবোৰ আৰু তোমাৰ সকলো প্ৰকাৰ ধন-ঐশ্বৰ্য্যৰ কাৰণে দম্মেচক তোমাৰ বণিক আছিল; তাৰ লোকসকলে হিল্বোনৰ দ্ৰাক্ষাৰস আৰু মেৰ-ছাগৰ বগা নোম আনিছিল।
Damasko donadis al vi komerce kontraŭ la multo de viaj faritaĵoj multe da diversaj valoraĵoj, vinon el Ĥelbon, kaj plej blankan lanon.
19 ১৯ উজালত থকা দান আৰু যাবনে তোমাক উজ্জ্বল লোহা, ডালচেনি আৰু সুগন্ধি বচ আদি বয়-বস্তুবোৰ যোগাৰ কৰিছিল। এয়ে তোমাৰ বাণিজ্য-দ্ৰব্য হ’বলৈ ধৰিলে।
Dan, Javan, kaj Meuzal alportadis al via komercejo ŝtalaĵojn, kasion, kaj bonodoran kanon.
20 ২০ ঘোঁৰাত উঠিবৰ কাৰণে জীন কাপোৰৰ, দদান তোমাৰ ব্যৱসায়ী আছিল।
Dedan komercis kun vi per belaj vestoj por rajdado.
21 ২১ আৰব আৰু কেদৰৰ আটাই মূখ্য লোকসকল তোমাৰ বণিক আছিল; তেওঁলোকে তোমাক মেৰ-ছাগ পোৱালি, মতা মেৰ আৰু মতা ছাগলী যোগাৰ কৰি দিছল।
Arabujo kaj ĉiuj princoj de Kedar komercis kun vi, donante al vi ŝafidojn, ŝafojn, kaj kaprojn kontraŭ viaj komercaĵoj.
22 ২২ চিবাৰ আৰু ৰয়মাৰ বেপাৰীসকলে তোমাক সকলো বিধৰ শ্ৰেষ্ঠ সুগন্ধি দ্ৰব্য আৰু সকলো বিধৰ বহুমূল্য পাথৰ বিক্রী কৰিবলৈ আহিছিল; তেওঁলোকে সোণৰ সলনি তোমাৰ বয়-বস্তবোৰৰ বেপাৰ কৰিছিল।
La komercistoj el Ŝeba kaj Raama komercis kun vi; la plej bonajn aromaĵojn, ĉiajn multekostajn ŝtonojn, kaj oron ili alportadis al via komercejo.
23 ২৩ হাৰণ, কন্নি আৰু এদনৰ সৈতে চিবা, অচুৰ আৰু কিল্মদৰ বেপাৰীবোৰ তোমাৰ বণিক আছিল।
Ĥaran, Kane, kaj Eden, la komercistoj el Ŝeba, Asirio, kaj Kilmad komercis kun vi;
24 ২৪ বহুমূল্য বস্ত্ৰ, নীল বৰণীয়া আৰু কাৰচিপি বন কৰা চোলা, আৰু ৰচীৰে বন্ধা এৰচ কাঠৰ তৈয়াৰী বহুমূল্য কাপোৰ থকা চন্দুক তোমাৰ বজাৰলৈ অনা এইবোৰ বস্তুৰেই তোমাৰ বনিক আছিল।
ili komercis kun vi per belegaj ŝtofoj, purpuraj kaj broditaj tukoj, kestoj da multekostaj ŝtofoj, ĉirkaŭligitaj per ŝnuroj kaj cedrokovritaj.
25 ২৫ তৰ্চীচৰ জাহাজবোৰ তোমাৰ বাণিজ্য-দ্ৰব্য লৈ যোৱা বণিকৰ দলস্বৰূপ আছিল! সেই কাৰণে তুমি তোমাৰ সামগ্রীবোৰেৰে পৰিপূৰ্ণ হৈ সমুদ্ৰৰ মাজত অতিশয় গৌৰৱান্বিত হৈছিলা!
Ŝipoj el Tarŝiŝ estis la ĉefaj en via komercado; kaj vi fariĝis tre riĉa kaj honorata sur la maro.
26 ২৬ তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
Sur grandaj akvoj kondukadis vin viaj remistoj; sed orienta vento disrompos vin meze de la maro.
27 ২৭ তোমাৰ ধন-সম্পত্তি, বয়-বস্তু, বাণিজ্য দ্ৰব্য; তোমাৰ পথ প্রদৰ্শকসকল, নাৱিকসকল, আৰু তোমাৰ জাহাজ নিৰ্মান কৰা লোকসকল; বাণিজ্য-দ্ৰব্যবোৰৰ বণিকসকল আৰু তোমাৰ লগত উপস্থিত থকা সকলো যুদ্ধাৰু আৰু তোমাৰ সকলো কৰ্মচাৰীবোৰ - তোমাৰ বিনাশৰ দিনা এই সকলো লোক সকলে সৈতে সমুদ্ৰৰ মাজত বিনষ্ট হ’ব।
Viaj riĉaĵoj, viaj komercaĵoj, viaj foiraĵoj, viaj ŝipanoj kaj viaj ŝipestroj, viaj kalfatristoj, la kondukantoj de via komercado, ĉiuj militistoj, kiuj estas ĉe vi, kaj la tuta homamaso, kiu estas ĉe vi, falos en la mezon de la maro en la tago de via pereo.
28 ২৮ তোমাৰ পথ দৰ্শকসকলৰ চিঞৰৰ শব্দত তোমাৰ চাৰিওফালৰ ঠাইবোৰ কঁপিব।
De la laŭta kriado de viaj ŝipestroj ekskuiĝos viaj ĉirkaŭaĵoj.
29 ২৯ আটাই বঠা বাওঁতাসকলে নিজ নিজ জাহাজৰ পৰা বামত নামি আহিব; সমুদ্ৰৰ পথ দৰ্শক আৰু সকলো সমুদ্ৰৰ প্রত্যেক জন নাৱিকে মাটিৰ ওপৰত থিয় হ’ব।
Kaj de siaj ŝipoj malsupreniros ĉiuj remistoj, la ŝipanoj, ĉiuj ŝipestroj, kaj stariĝos sur la tero,
30 ৩০ তেতিয়া তেওঁলোকে তোমাক তেওঁলোকৰ মাত শুনোৱাব আৰু বৰ বেজাৰেৰে শোক কৰিব; তেওঁলোকে নিজ নিজ মূৰত ধূলি ছটিয়াব। তেওঁলোকে ছাইত বাগৰি পৰিব।
kaj ili laŭte krios pri vi, kaj ploros maldolĉe kaj metos polvon sur siajn kapojn kaj rulos sin en cindro;
31 ৩১ তোমাৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ মূৰ টকলা কৰিব, চট কাপোৰেৰে কঁকাল বান্ধিব। আৰু অত্যন্ত শোকেৰে মনৰ তাপত তেওঁলোকে তোমাৰ কাৰণে কান্দিব।
kaj ili faros al si pro vi kalvaĵon, ĉirkaŭzonos sin per sakaĵo, kaj ploros pri vi kun maldolĉa koro maldolĉan ploron.
32 ৩২ তেওঁলোকে হাহাকাৰ কৰি তোমাৰ বিলাপ কৰিবলৈ ধৰিব আৰু তোমাৰ বিষয়ে এই বিলাপৰ কথা ক’ব, তূৰৰ নিচিনা, সমুদ্ৰৰ মাজত নিস্তব্ধে থকা জনীৰেই নিচিনা কোন আছে?
Kaj en sia ĝemado ili ekkantos pri vi funebran kanton, kaj diros: Kiu iam fariĝis tiel silenta sur la maro, kiel Tiro?
33 ৩৩ সমুদ্ৰৰ পৰা তোমাৰ বয়-বস্তুবোৰ বৈ যোৱাৰ সময়ত তুমি অনেক লোকক সন্তুষ্ট কৰিলা; তোমাৰ অধিক ধন-সম্পত্তি আৰু বাণিজ্য-দ্ৰব্যেৰে পৃথিৱাৰ ৰজাসকলক তুমি চহকী কৰিছিলা!
Kiam viaj komercaĵoj venadis de la maroj, vi satigadis multajn popolojn; per la abundo de viaj riĉaĵoj kaj viaj komercaĵoj vi riĉigadis la reĝojn de la tero.
34 ৩৪ কিন্তু যেতিয়া তোমাক সমুদ্ৰৰ দ্বাৰাই জল সমূহৰ গভীৰ ঠাইবোৰত তোমাক ভগ্ন কৰা হৈছিল, তোমাৰ বাণিজ্য-দ্ৰব্য আৰু তোমাৰ আটাই দল বুৰ গ’ল!
Sed kiam sur la maroj vi estis ĵetegata en la profundon de la akvo, falis ĉe vi via komercado kaj via tuta homomulto.
35 ৩৫ দ্বীপ নিবাসী সকলোৱে তোমাক দেখি ভয় খালে, আৰু তেওঁলোকৰ ৰজাসকলৰ নোম শিয়ৰি উঠিল! তেওঁলোকৰ মুখমণ্ডল ভয়েৰে কপিলে!
Ĉiuj loĝantoj de la insuloj eksentis teruron pri vi, iliaj reĝoj ektremis, kaj konsterno estas sur ilia vizaĝo.
36 ৩৬ লোকসকলৰ মাজত থকা বণিকসকলে তোমাক দেখি ইচ ইচ কৰে। তুমি ত্ৰাসৰ বিষয় থ’লো, তুমি আৰু কেতিয়াও অৱশিষ্ট নাথাকিবা।”
La komercistoj de la aliaj popoloj ekfajfis pri vi; vi neniiĝis, kaj neniam plu ekzistos.