< এজেকিয়েল 25 >
1 ১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
És lett hozzám az Örökkévaló igéje, mondván:
2 ২ “হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
Ember fia, fordítsd arczodat Ammón fiai felé és prófétálj róluk;
3 ৩ তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা।
és mondjad Ammón fiainak: halljátok az Úrnak, az Örökkévalónak igéjét! Így szól az Úr, az Örökkévaló, mivel azt mondtad: Hah! szentélyemről, hogy megszentségteleníttetett és Izraél földjéről, hogy elpusztíttatott és Jehúda házáról, hogy számkivetésbe mentek –
4 ৪ এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব।
azért, íme én örökségül adlak a Kelet fiainak és elhelyezik benned telepeiket és beléd teszik hajlékaikat; ők eszik majd meg gyümölcsödet és ők isszák meg tejedet.
5 ৫ আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
És teszem Rabbát tevék tanyájává és Ammónt juhok heverőjévé; és megtudjátok, hogy én vagyok az Örökkévaló.
6 ৬ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
Mert így szól az Úr, az Örökkévaló, mivel összecsaptad kezedet és toppantottál lábaddal és örültél egész megvetéssel a lelkedben, Izrael földje fölött -
7 ৭ এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
azért, íme én kinyújtom reád kezemet és prédául adlak a nemzeteknek, kiírtlak a népek közül és elveszítlek az országokból; megsemmisítlek, hogy megtudjad, hogy én vagyok az Örökkévaló.
8 ৮ প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
Így szól az Úr, az Örökkévaló: mivel azt mondja Móáb meg Széir, íme olyan, mint a nemzetek mind, Jehúda háza -
9 ৯ এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
azért íme megnyitom Móáb oldalát a városok felől, városai felől mindenünnen: Bét Hajjesimót országának díszét, Báal Meónt és Kirjátájimot.
10 ১০ অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম।
Kelet fiainak, Ammónnal együtt, adom őt örökségül, hogy ne említtessék Ammón a nemzetek között.
11 ১১ আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
Móábon pedig büntetést végzek, hogy megtudják, hogy én vagyok az Örökkévaló.
12 ১২ প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
Így szól az Úr, az Örökkévaló: mivel Edóm bosszúállással cselekedett Jehúda háza ellen, bűnre bűnt követtek el és bosszút álltak rajtuk -
13 ১৩ সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
azért így szól az Úr, az Örökkévaló: kinyújtom kezemet Edómra és kiírtok belőle embert és állatot; rommá teszem Témán felől és Dedánig kard által fognak elesni.
14 ১৪ মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
És adom az Edómon való bosszúmat Izraél népem kezébe, és elbánnak Edómmal haragom és hevem szerint; és megismerik bosszúmat, úgymond az Úr, az Örökkévaló.
15 ১৫ প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।”
Így szól az Úr, az Örökkévaló: mivel a filiszteusok bosszúval cselekedtek és bosszút álltak, megvetéssel a lélekben, pusztítással, örök gyűlölséggel
16 ১৬ এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
azért így szól az Úr, az Örökkévaló, íme én kinyújtom kezemet a filiszteusokra és kiirtom a kerteiteket és megsemmisítem a tenger partjának maradékát.
17 ১৭ আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!
És végzek rajtuk nagy megtorlásokat, haragnak fenyítéseivel; és megtudják, hogy én vagyok az Örökkévaló, midőn bosszúmat végzem el rajtuk.