< এজেকিয়েল 24 >

1 পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
و در روز دهم ماه دهم از سال نهم کلام خداوند بر من نازل شده، گفت:۱
2 “হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।
«ای پسر انسان اسم امروز را برای خود بنویس، اسم همین روز را، زیرا که در همین روز پادشاه بابل براورشلیم هجوم آورد.۲
3 তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া!
و برای این خاندان فتنه انگیز مثلی آورده، به ایشان بگو: خداوند یهوه چنین می‌گوید: دیگ را بگذار. آن را بگذار و آب نیز در آن بریز.۳
4 তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া; উত্তম হাড়বোৰেৰে তাক পূৰ কৰা!
قطعه هایش یعنی هر قطعه نیکو و ران و دوش را در میانش جمع کن و از بهترین استخوانها آن را پر ساز.۴
5 জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা; তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক।
و بهترین گوسفندان رابگیر و استخوانها را زیرش دسته کرده، آن راخوب بجوشان تا استخوانهایی که در اندرونش هست پخته شود.۵
6 এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
بنابراین خداوند یهوه چنین می‌گوید: وای برآن شهر خونریز! وای بر آن دیگی که زنگش در میانش است و زنگش ازمیانش در نیامده است! آن را به قطعه هایش بیرون آور و قرعه بر آن انداخته نشود.۶
7 কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
زیرا خونی که ریخت در میانش می‌باشد. آن را بر صخره صاف نهاد و بر زمین نریخت تا از خاک پوشانیده شود.۷
8 যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
من خون او را بر صخره صاف نهادم که پنهان نشود تا آنکه حدت خشم را برانگیخته انتقام بکشم.۸
9 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম!
بنابراین خداوند یهوه چنین می‌گوید: وای بر آن شهر خونریز! من نیز توده هیزم را بزرگ خواهم ساخت.۹
10 ১০ খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া!
هیزم زیاد بیاور و آتش بیفروزو گوشت را مهیا ساز و ادویه جات در آن بریز واستخوانها سوخته بشود.۱۰
11 ১১ তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’
پس آن را بر اخگرخالی بگذار تا تابیده شده مسش سوخته گردد ونجاستش در آن گداخته شود و زنگش نابود گردد.۱۱
12 ১২ সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।
او از مشقت‌ها خسته گردید، اما زنگ بسیارش از وی بیرون نیامد. پس زنگش در آتش بشود.۱۲
13 ১৩ তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
در نجاسات تو قباحت است چونکه تو راتطهیر نمودم. اما طاهر نشدی. لهذا تا غضب خودرا بر تو به اتمام نرسانم، دیگر از نجاست خود طاهر نخواهی شد.۱۳
14 ১৪ মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
من که یهوه هستم این را گفته‌ام و به وقوع خواهد پیوست وآن را بجا خواهم آورد. پس خداوند یهوه می‌گوید: دست نخواهم برداشت و شفقت نخواهم نمود و پشیمان نخواهم شد و بر‌حسب رفتارت و بر وفق اعمالت بر تو داوری خواهندکرد.»۱۴
15 ১৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
و کلام خداوند بر من نازل شده، گفت:۱۵
16 ১৬ “হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক।
«ای پسر انسان اینک من آرزوی چشمانت رابغته از تو خواهم گرفت. ماتم و گریه منما و اشک از چشمت جاری نشود.۱۶
17 ১৭ তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
آه بکش و خاموش شو و برای مرده ماتم مگیر. بلکه عمامه بر سرت بپیچ و کفش به پایت بکن و شاربهایت را مپوشان وطعام مرده را مخور.»۱۷
18 ১৮ গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ।
پس بامدادان با قوم تکلم نمودم و وقت عصر زن من مرد و صبحگاهان به نهجی که مامورشده بودم عمل نمودم.۱۸
19 ১৯ লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?”
و قوم به من گفتند: «آیاما را خبر نمی دهی که این کارهایی که می‌کنی به ما چه نسبت دارد؟»۱۹
20 ২০ তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
ایشان را جواب دادم که کلام خداوند بر من نازل شده، گفت:۲۰
21 ২১ ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
«به خاندان اسرائیل بگو: خداوند یهوه چنین می‌فرماید که هان من مقدس خود را که فخر جلال شما و آرزوی چشمان شماو لذت جانهای شما است، بی‌عصمت خواهم نمود. و پسران و دختران شما که ایشان را ترک خواهید کرد، به شمشیر خواهند افتاد.۲۱
22 ২২ তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা!
و به نهجی که من عمل نمودم، شما عمل خواهیدنمود. شاربهای خود را نخواهید پوشانید و طعام مردگان را نخواهید خورد.۲۲
23 ২৩ বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।
عمامه های شما برسر و کفشهای شما در پایهای شما بوده، ماتم وگریه نخواهید کرد. بلکه به‌سبب گناهان خودکاهیده شده، بسوی یکدیگر آه خواهید کشید.۲۳
24 ২৪ এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
و حزقیال برای شما آیتی خواهد بود موافق هر‌آنچه او کرد، شما عمل خواهید نمود. و حینی که این واقع شود خواهید دانست که من خداوندیهوه می‌باشم.۲۴
25 ২৫ “কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -
«و اما تو‌ای پسر انسان! در روزی که من قوت و سرور فخر و آرزوی چشمان و رفعت جانهای ایشان یعنی پسران و دختران ایشان را ازایشان گرفته باشم، آیا واقع نخواهد شد۲۵
26 ২৬ সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব!
که درآن روز هر‌که رهایی یابد نزد تو آمده، این را به سمع تو خواهد رسانید؟۲۶
27 ২৭ সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
پس در آن روزدهانت برای آنانی که رهایی یافته‌اند باز خواهدشد و متکلم شده، دیگر گنگ نخواهی بود و برای ایشان آیتی خواهی بود و خواهند دانست که من یهوه می‌باشم.»۲۷

< এজেকিয়েল 24 >