< এজেকিয়েল 24 >
1 ১ পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
HERRENs Ord kom i det niende år på den tiende dag i den tiende Måned til mig således:
2 ২ “হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।
Menneskesøn, opskriv dig Navnet på denne Dag, Dagen i Dag, thi netop i Dag har Babels Konge kastet sig over Jerusalem.
3 ৩ তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া!
Og tal i Lignelse til den genstridige Slægt og sig: Så siger den Herre HERREN: Sæt kedelen over, sæt den over; kom også Vand deri;
4 ৪ তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া; উত্তম হাড়বোৰেৰে তাক পূৰ কৰা!
læg Kødstykker i, alle Hånde gode Stykker, Kølle og Bov, fyld den med udsøgte Knogler;
5 ৫ জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা; তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক।
tag af Hjordens bedste Dyr og læg en Stabel Brænde under den; kog Stykkerne, så også Knoglerne koges ud!
6 ৬ এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
Derfor, så siger den Herre HERREN: Ve Blodbyen, den rustne Kedel, hvis Rust ikke er gået af. Stykke efter Stykke giver den fra sig; der kastes ikke Lod om dem;
7 ৭ কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
thi Blodet er endnu midti Byen; den hældte det på den nøgne Klippe og udgød det ikke på Jorden for at dække det med Muld.
8 ৮ যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
For at fremkalde Vrede, for at tage Hævn hældte jeg Blodet på den nøgne klippe uden at dække det.
9 ৯ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম!
Derfor, så siger den Herre HERREN: Ve Blodbyen! Nu vil også jeg gøre brændestabelen stor;
10 ১০ খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া!
hent brænde i Mængde, lad Ilden lue og Kødet blive mørt, hæld Suppen ud og lad Benene brændes
11 ১১ তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’
og sæt kedelen tom på de glødende kul, for at den kan blive så hed, at Kobberet gløder og Urenheden smelter; Rusten skal svinde!
12 ১২ সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।
Møje har den kostet, men den megen Rust gik ikke af. I Ilden med Rusten!
13 ১৩ তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
Fordi du er uren af Utugt, fordi du ikke kom af med din Urenhed, skønt jeg rensede dig, skal du ikke blive ren igen, før jeg har kølet min Harme på dig.
14 ১৪ মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
Jeg, HERREN, har talet, og det kommer! Jeg griber ind og opgiver det ikke, jeg skåner ikke og angre ej heller; efter dine Veje og dine Gerninger vil jeg dømme dig, lyder det fra den Herre HERREN.
15 ১৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
HERRENs Ord kom til mig således:
16 ১৬ “হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক।
Menneskesøn! Se, jeg tager dine Øjnes Lyst fra dig ved en brat Død; men du skal ikke klage eller græde; du skal ikke fælde Tårer;
17 ১৭ তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
suk i Stilhed og hold ikke Døde klage, bind Huen på og tag Sko på Fødderne, tilhyl ikke dit Skæg og spis ikke Sørgebrød!
18 ১৮ গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ।
Tal så om Morgenen til Folket! - Så døde min Hustru om Aftenen, og næste Morgen gjorde jeg, som mig var pålagt.
19 ১৯ লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?”
Og da Folket sagde til mig: "Vil du ikke lade os vide, hvad det, du der gør, skal sige os?"
20 ২০ তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
svarede jeg: "HERRENs Ord kom til mig således:
21 ২১ ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
Sig til Israels Hus: Så siger den Herre HERREN: Se, jeg vil vanhellige min Helligdom, eders Hovmods Stolthed, eders Øjnes Lyst, eders Sjæles Længsel; og de Sønner og Døtre, I lod tilbage, skal falde for Sværdet!
22 ২২ তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা!
Og I skal gøre, som jeg nu gør: I skal ikke tilhylle eders Skæg eller spise Sørgebrød;
23 ২৩ বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।
eders Huer skal blive på Hovederne og eders Sko på Fødderne; I skal ikke klage eller græde, men svinde hen i eders Synder og sukke for hverandre.
24 ২৪ এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
Ezekiel skal være eder et Tegn; når det sker, skal I gøre, som han gør; og I skal kende, at jeg er den Herre HERREN,"
25 ২৫ “কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -
Og du, Menneskesøn! På den Dag jeg tager deres Værn, deres herlige Fryd, deres Øjnes Lyst og deres Sjæles Længsel, deres Sønner og Døtre fra dem,
26 ২৬ সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব!
på den Dag skal en Flygtning komme til dig og melde det for dine Ører;
27 ২৭ সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
på den Dag skal din Mund åbnes, når Flygtningen kommer, og du skal tale og ikke mere være stum; du skal være dem et Tegn; og de skal kende, at jeg er HERREN.