< এজেকিয়েল 24 >

1 পুনৰায় আমাৰ নিৰ্বাসনৰ নৱম বছৰৰ দশম মাহৰ দশম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Pa tsiku lakhumi la mwezi wakhumi chaka chachisanu ndi chinayi, Yehova anandiyankhula kuti:
2 “হে মনুষ্য সন্তান, তুমি নিজেই লিখা, এই দিনৰেই নাম লিখা; আজি এই দিনটোতেই বাবিলৰ ৰজাই যিৰূচালেম আক্ৰমণ কৰিছে।
“Iwe mwana wa munthu lemba dzina la tsiku lalero, lero lomwe lino, chifukwa mfumu ya Babuloni yazungulira Yerusalemu lero lino.
3 তুমি সেই বিদ্ৰোহী বংশৰ আগত দৃষ্টান্ত দি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি ৰন্ধন টৌটো বহোৱা! ঠিক ঠাইত বহোৱা! আৰু তাত পানী বাকি দিয়া!
Uwaphere mwambi anthu owukirawa ndi kuwawuza kuti: ‘Ambuye Yehova akuti, “‘Ikani mʼphika pa moto, ndipo mu mʼphikamo muthiremo madzi.
4 তাত দিব লগীয়া ডোখৰবোৰ, পাছ-পিৰা, আগ-পিৰা আদি উত্তম উত্তম ডোখৰবোৰ তাৰ মাজত গোটাই দিয়া; উত্তম হাড়বোৰেৰে তাক পূৰ কৰা!
Mu mʼphikamo muyikemo nthuli za nyama, nthuli zonse zabwino kwambiri za mwendo wathako ndi mwendo wamwamba. Mudzadzemo mafupa abwino kwambiri.
5 জাকৰ মাজৰ উত্তম মেৰবোৰ লোৱা আৰু টৌটোৰ তলত হাড়বোৰো দমোৱা; তাক ভালকৈ উতলোৱা, এনে কি, তাৰ মাজত থকা হাড়বোৰ সিজক।
Pa gulu la nkhosa musankhepo nkhosa yabwino kwambiri. Muyike nkhuni pansi pa mʼphikawo. Madzi awire. Kenaka muphike nyamayo pamodzi ndi mafupa omwe.’
6 এই হেতুকে প্ৰভু যিহোৱাই কৈছে: কঁহে ধৰা আৰু কঁহ নুগুচা টৌৰূপ ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; তুমি চিঠি নেখেলোৱাকৈ এডোখৰ এডোখৰকৈ তাৰ সকলোকে উলিওৱা।
“‘Nʼchifukwa chake, Ambuye Yehova akuti, “‘Tsoka kwa mzinda wokhetsa magazi, tsoka kwa mʼphika wadzimbiri; dzimbiri lake losachoka! Mutulutsemo nthuli imodzimodzi osasankhulapo.
7 কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
“‘Paja magazi amene anakhetsa akanali pakati pake mu mzindamo. Iye awakhuthulira pa thanthwe losalala. Sanawakhutulire pa dothi kuopa kuti fumbi lingawafotsere.
8 যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
Ndinasiya magaziwo pa mwala wosalala kuti asafotseredwe ndi fumbi chifukwa ndinafuna kuonetsa mkwiyo wanga ndi kulipsira.
9 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ৰক্তপাতকাৰিণী নগৰীৰ সন্তাপ হ’ব; ময়ো দমটো ডাঙৰ কৰি দিম!
“‘Ine Ambuye Yehova ndikuti: “‘Tsoka kwa mzinda wokhetsa magazi! Inenso, ndidzawunjika mulu waukulu wa nkhuni.
10 ১০ খৰি দমোৱা! জুই বৰকৈ জ্বলোৱা! মাংস ভালকৈ সিজোৱা, জোল সুস্বাদু হব’লৈ চুৰুহা ডাঠ কৰা! আৰু হাড়বোৰ ভালদৰে পুৰিবলৈ দিয়া!
Choncho wonjeza nkhuni ndipo muyatse moto. Phikani nyamayo bwinobwino, muthiremo zokometsera, mutsanule msuzi, ndipo mupsereze mafupawo.
11 ১১ তাৰ পিছত টৌটো গৰম হ’বলৈ আৰু তাৰ পিতল পুৰিবলৈ, তাৰ মল তাত গলিবলৈ আৰু তাৰ কঁহ গুচিবলৈ তাৰ আঙঠাৰ ওপৰত তাক খালীকৈ বহোৱা!’
Tsono muyike pa makala mʼphika wopanda kanthuwo mpaka utenthe kuchita kuti psuu kuti zonyansa zake zisungunuke ndi kuti dzimbiri lake lichoke.
12 ১২ সেয়ে মোক পৰিশ্ৰমেৰে ক্লান্ত কৰিলে, তথাপি তাৰ বৰ কঁহ তাৰ পৰা নুগুচে; সেয়ে তাক জুইত দিব লাগে।
Koma mʼphikawo walephereka kuyeretsedwa. Dzimbiri lake linalowerera silingatheke kuchoka ngakhale ndi moto womwe.
13 ১৩ তোমাৰ অশুচিতাত লজ্জাজনক আচৰণবোৰ আছে, কাৰণ মই তাক শুচি কৰিলোঁ, কিন্তু তোমাক শুচি কৰিবলৈ যত্ন কৰিলেও তুমি শুচি নোহোৱা। এই কাৰণে মই তোমাৰ ওপৰত মোৰ ক্ৰোধ মাৰ নিনিয়ালৈকে তুমি তোমাৰ অশুচিতাৰ পৰা আৰু শুচি নহ’বা।
“‘Tsono dzimbiri limeneli ndi zilakolako za dama lako. Pakuti ine ndinayesa kukutsuka koma iwe sunayere, ndipo sudzayeranso mpaka ukali wanga utakwaniratu pa iwe.
14 ১৪ মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
“‘Ine Yehova ndayankhula. Zimenezi zikubwera ndipo ndidzazichitadi. Sindidzabwerera mʼmbuyo. Sindidzakulekerera kapena kukuchitira chifundo. Ndidzakulanga molingana ndi makhalidwe ndi machitidwe ako, akutero Ambuye Yehova.’”
15 ১৫ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Yehova anandiyankhula kuti:
16 ১৬ “হে মনুষ্য সন্তান, চোৱা! মই আঘাতেৰে তোমাৰ চকুৰ তৃপ্তিজনক বস্তু তোমাৰ পৰা দূৰ কৰিম; তথাপিও তুমি বিলাপ কি ক্ৰন্দন নকৰিবা আৰু তোমাৰ চকুলো বৈ নাযাওক।
“Iwe mwana wa munthu, Ine ndikulanda mwadzidzidzi mkazi amene amakukomera mʼmaso kwambiri. Koma usadandaule, usalire kapena kukhetsa misozi.
17 ১৭ তুমি নিৰৱে হুমুনিয়াহ পেলাবা। মৃত লোকৰ বাবে শোক নকৰিবা। তোমাৰ মূৰত পাগুৰি বান্ধা আৰু ভৰিত জোতা পিন্ধা, তোমাৰ মুখমণ্ডল নাঢাকিবা আৰু পত্নীসকলক হেৰোৱাই শোক কৰা লোকসকলে দিয়া পিঠা নাখাবা।”
Ubuwule koma mwakachetechete. Usamulire wakufayo. Uvale nduwira yako ndithu, nsapato zakonso usavule. Usaphimbe nkhope kapena kudya chakudya cha anamfedwa.”
18 ১৮ গতিকে ৰাতিপুৱা মই লোকসকলক এইদৰে কলোঁ আৰু গধূলি মোৰ ভাৰ্য্যাৰ মৃত্যু হ’ল। আৰু আজ্ঞা পোৱাৰ দৰে মই ৰাতিপুৱা সেইদৰে কৰিলোঁ।
Choncho ndinayankhula ndi anthu mmawa, ndipo madzulo mkazi wanga anamwalira. Mmawa mwake ndinachita monga momwe anandilamulira.
19 ১৯ লোকসকলে মোক প্রশ্ন কৰিলে, “তুমি যে এইবোৰ কৰি আছা, এইবোৰৰ অৰ্থ কি? তাক তুমি আমাক নক’বা নে?”
Ndipo anthu anandifunsa kuti, “Kodi sutifotokozera tanthauzo la zimene ukuchitazi?”
20 ২০ তেতিয়া মই তেওঁলোকক ক’লোঁ, “যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Ndinawayankha kuti, “Yehova anandipatsa uthenga wakuti,
21 ২১ ‘তুমি ইস্ৰায়েল বংশক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! তোমালোকৰ বলদায়ক অহঙ্কাৰৰ স্থল, তোমালোকৰ চকুৰ তৃপ্তিজনক আৰু তোমালোকৰ প্ৰাণৰ আকাঙ্ক্ষিত বস্তু যি মোৰ ধৰ্ম–ধাম, তাক অপবিত্ৰ কৰি আছে! সেয়ে তোমালোকে এৰি যোৱা তোমালোকৰ পো-জীসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
‘Awuze Aisraeli kuti: Ine Ambuye Yehova ndikuti: ndidzayipitsa Nyumba yanga yopatulika, nyumba imene mwakhala mukuyinyadira. Mumakondwa kwambiri poyiona, ndipo mumayikonda ndi mtima onse. Ana aamuna ndi aakazi amene munawasiya mʼmbuyo adzaphedwa ndi lupanga.
22 ২২ তেতিয়া মই কৰাৰ দৰে তোমালোকেও কৰিবা: তোমালোকে তোমালোকৰ ওঁঠ নাঢাকিবা বা শোক কৰি থকা লোকসকলে দিয়া পিঠা নাখাবা!
Ndipo mudzachita monga ndachitira inemu. Inu simudzaphimba nkhope zanu kapena kudya chakudya cha anamfedwa.
23 ২৩ বৰং, তোমালোকৰ পাগুৰি তোমালোকৰ মূৰত আৰু তোমালোকৰ জোতা তোমালোকৰ ভৰিত থাকিব; তোমালোকে বিলাপ কি ক্ৰন্দন নকৰিবা, কিন্তু নিজ নিজ অপৰাধত ক্ষীণ হৈ যাবা আৰু এজনে আন জনৰ আগত কেঁকাবা।
Mudzavala nduwira zanu kumutu ndi nsapato zanu ku mapazi anu. Simudzabuma maliro kapena kukhetsa misozi koma mudzavutika kwambiri chifukwa cha machimo anu ndipo mudzabuwula pakati panu.
24 ২৪ এইদৰে যিহিষ্কেল তোমালোকৰ চিনস্বৰূপ হ’ব; তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকেও কৰিবা। এয়ে যেতিয়া ঘটিব, তেতিয়া, মই যে প্ৰভু যিহোৱা, তাক তোমালোকে জানিবা’!”
Ine Ezekieli ndidzakhala chitsanzo chanu. Mudzachita monga momwe ndachitira. Izi zikadzachitika, akutero Yehova, ndipo mudzadziwa kuti Ine ndine Ambuye Wamphamvuzonse.’
25 ২৫ “কিন্তু তুমি, হে মনুষ্য সন্তান, যি দিনা মই তোমালোকৰ বল, তেওঁলোকৰ আনন্দদায়ক গৌৰৱৰ স্থল, তেওঁলোকৰ চকুৰ তৃপ্তিজনক আৰু মনৰ অভিলাষিত বস্তু আৰু তেওঁলোকৰ পো-জীসকলক তেওঁলোকৰ পৰা দূৰ কৰিম -
“Ndipo Yehova anandiyankhula nati: Iwe mwana wa munthu, tsiku lina ndidzawachotsera anthuwa linga lawo limene ankakondwerera kukongola kwake, limene linkawakomera mʼmaso mwawo, limenenso anayikapo mtima wawo kwambiri. Ndidzawachotsera ana awo aamuna ndi aakazi.
26 ২৬ সেই দিনাখন পলাই ৰক্ষা পোৱা এজন লোকে সেই কথা তোমাৰ কাণত পেলাবলৈ তোমাৰ ওচৰলৈ আহিব!
Pa tsiku limenelo wothawa nkhondo adzabwera kudzakuwuzani zimenezo.
27 ২৭ সেই দিনাখনত পলাই ৰক্ষা পোৱাজনৰ আগত তোমাৰ মুখ মুকলি হ’ব - তেতিয়া তুমি আৰু নিৰৱে নাথাকিবা। তুমি আৰু বোবা নহ’বা। এইদৰে তুমি তেওঁলোকৰ আগত চিনস্বৰূপ হ’বা আৰু মই যে যিহোৱা, তাক তেওঁলোকে জানিব!”
Pa tsiku limenelo pakamwa pako padzatsekuka. Udzatha kuyankhula naye ndipo sudzakhalanso chete. Motero udzakhala chizindikiro kwa iwo, ndipo iwo adzadziwa kuti Ine ndine Yehova.”

< এজেকিয়েল 24 >