< এজেকিয়েল 22 >
1 ১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Opet mi doðe rijeè Gospodnja govoreæi:
2 ২ “এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোচৰ নচলোৱা নে? ৰক্তপাতকাৰিণী নগৰীৰ ওপৰত গোচৰ নচলোৱা নে? তেন্তে তাইৰ আটাই ঘিণলগীয়া কাৰ্য তাইক জনোৱা।
A ti, sine èovjeèji, hoæeš li suditi, hoæeš li suditi gradu krvnièkom? i hoæeš li mu pokazati sve gadove njegove?
3 ৩ আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।
Reci: ovako veli Gospod Gospod: ide vrijeme gradu koji proljeva krv u sebi i gradi gadne bogove sebi da se skvrni.
4 ৪ হে নগৰী তুমি কৰা ৰক্তপাতত তুমি দোষী থ’লো আৰু তুমি নিৰ্ম্মাণ কৰা তোমাৰ প্রতিমা-বোৰৰ দ্বাৰাই তুমি অশুচি থ’লো! আৰু তুমি কাল ওচৰ চপাইছা আৰু তোমাৰ আয়ুসৰ শেষলৈ আহিছা। এই হেতুকে মই জাতিবোৰৰ আগত তোমাক ধিক্কাৰৰ আৰু আটাই দেশৰ আগত বিদ্রূপৰ বিষয় কৰিম।
Skrivio si krvlju koju si prolio, i oskvrnio si se o gadne bogove svoje koje si naèinio; i uèinio si te se približiše dani tvoji, i došao si do godina svojih, zato æu uèiniti od tebe rug meðu narodima i potsmijeh po svijem zemljama;
5 ৫ হে বদনামী কলহপূৰ্ণা নগৰী, তোমাৰ ওচৰত আৰু নিলগত থকা সকলোৱে তোমাক বিদ্ৰূপ কৰিব।
Koje su blizu tebe i koje su daleko potsmijevaæe ti se, gadni imenom, veliki smetnjom!
6 ৬ চোৱা, ইস্ৰায়েলৰ অধ্যক্ষসকলে নিজ নিজ বাহুবল অনুসাৰে ৰক্তপাত কৰিবলৈ তোমাৰ মাজত আছে।
Gle, knezovi Izrailjevi u tebi dadoše se da proljevaju krv svaki svom silom svojom.
7 ৭ তোমাৰ মাজত পিতৃ-মাতৃক হেয়জ্ঞান কৰা হৈছে, তোমাৰ মাজত বিদেশীক অত্যাচাৰ কৰা হৈছে; তোমাৰ মাজত পিতৃহীন আৰু বিধৱাক অন্যায় কৰা হৈছে।
Oca i mater preziru u tebi, èine krivo inostrancu usred tebe, siroti i udovici èine nasilje u tebi;
8 ৮ তুমি মোৰ পবিত্ৰ বস্তুবোৰ ঘিণ কৰিছা আৰু মোৰ বিশ্ৰাম-দিনবোৰ অপবিত্ৰ কৰিছা!
Svete stvari moje prezireš, i subote moje skvrniš.
9 ৯ ৰক্তপাত কৰিবলৈ তোমাৰ মাজত চৰ্চ্চিফুৰা লোক আছে। তোমাৰ মাজত লোকে পৰ্ব্বতবোৰৰ ওপৰত ভোজন কৰে। তোমাৰ মাজত ব্যভিচাৰ কৰে!
U tebi su opadaèi da proljevaju krv, i na gorama jedu u tebi, grdila èine usred tebe.
10 ১০ তোমাৰ মাজত পিতৃৰ উলঙ্গতা প্ৰকাশ কৰে। তোমাৰ মাজত ঋতু-স্নান হোৱা স্ত্রীক বলাৎকাৰ কৰে।
Golotinju oèinu otkrivaju u tebi, liježu u tebi sa ženom za neèistote njezine.
11 ১১ কোনোৱে নিজৰ ওচৰ-চুবুৰীয়াৰ স্ত্রীৰে সৈতে ঘিণলগীয়া কাৰ্য কৰে, কোনোজনে নিজৰ বোৱাৰীয়েকক কুকৰ্মৰে অশুচি কৰে আৰু তোমাৰ মাজত আন কোনোৱে নিজৰ ভনীয়েকক, বাপেকৰ জীয়েকক বলাৎকাৰ কৰে।
I jedan èini gad sa ženom bližnjega svojega; a drugi skvrni snahu svoju grdilom; a drugi siluje sestru svoju, kæer oca svojega, u tebi.
12 ১২ ৰক্তপাত কৰিবলৈ তোমাৰ মাজত লোকে ভেঁটি লয়। তুমি সুত আৰু বাঢ়ি লওঁতা আৰু তুমি লোভ কৰি অত্যাচাৰৰ দ্বাৰাই তোমাৰ ওচৰ-চুবুৰীয়াৰ পৰা লাভ কৰিছা, কিন্তু মোক হ’লে পাহৰিছা।” ইয়াক প্ৰভু যিহোৱাই কৈছে।
Mito primaju u tebi da proljevaju krv; ujam i pridavak uzimaš, i tražiš dobitak od bližnjih svojih prijevarom, a mene si zaboravio, govori Gospod Gospod.
13 ১৩ এই হেতুকে চোৱা! তুমি কৰা অন্যায় লাভত আৰু তোমাৰ মাজত ৰক্তপাতত তুমি এইবোৰ কৰাত মই হাত তালি দিছোঁ।
Zato, evo, pljeskam rukama svojim radi tvojega nepravednoga dobitka, koji dobijaš, i radi krvi što je u tebi.
14 ১৪ মই যি দিনা তোমাৰ প্ৰতিশোধ ল’ম, সেইদিনা তোমাৰ হৃদয়ে সহি থাকিব পাৰিব নে? বা তোমাৰ হাত সবল হ’ব নে? মই, যিহোৱাই ইয়াক ক’লোঁ আৰু মই ইয়াক সিদ্ধও কৰিম।
Hoæe li se održati srce tvoje, ili ruke tvoje hoæe li biti jake u one dane kad stanem raditi s tobom? Ja Gospod rekoh, i uèiniæu.
15 ১৫ মই জাতিবোৰৰ মাজত তোমাক ছিন্ন-ভিন্ন কৰিম, দেশবোৰৰ মাজত তোমাক গোট গোট কৰিম আৰু তোমাৰ মাজৰ পৰা তোমাৰ লেতেৰাবোৰ নিকা কৰিম।
Jer æu te rasijati po narodima i razasuti po zemljama, i istrijebiæu neèistotu tvoju iz tebe.
16 ১৬ আৰু তোমাক জাতিবোৰৰ সাক্ষাতে অপবিত্ৰ কৰা হ’ব। আৰু মই যে যিহোৱা, তাক তুমি জানিবা!”
I biæeš skvrnavan sobom pred narodima, i poznaæeš da sam ja Gospod.
17 ১৭ তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Potom doðe mi rijeè Gospodnja govoreæi:
18 ১৮ “হে মনুষ্য সন্তান, ইস্ৰায়েল বংশ মোৰ দৃষ্টিত আৱৰ্জনাস্বৰূপ হ’ল। তেওঁলোক সকলোৱেই মূহিত দিব লগা পিতল, বগীতাম, লোহা আৰু সীহস্বৰূপ তেওঁলোক ৰূপৰ আৱৰ্জনাস্বৰূপ।
Sine èovjeèji, dom Izrailjev posta mi droždina; svi su mjed i kositer i gvožðe i olovo u peæi; droždina od srebra postaše.
19 ১৯ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তোমালোক সকলোৱেই আৱৰ্জনাস্বৰূপ হোৱাৰ বাবে চোৱা! মই তোমালোকক যিৰূচালেমৰ মাজত গোটাম।
Zato ovako veli Gospod Gospod: što svi vi postaste droždina, zato, evo, ja æu vas skupiti u Jerusalim.
20 ২০ মানুহে ৰূপ, পিতল, লোহা, সীহ আৰু বগীতাম গলাবৰ বাবে, তাৰ ওপৰত জুই ফুঁৱাবলৈ মূহীৰ মাজত তাক গোটাই দিয়াৰ দৰে মই তোমালোকক মোৰ ক্ৰোধত আৰু কোপত গোটাম আৰু তোমালোকক তাত পেলাই গলাম।
Kako se skuplja srebro i mjed i gvožðe i olovo i kositer usred peæi, te se raspali oganj oko njega da se istopi, tako æu vas skupiti gnjevom svojim i jarošæu, i složivši rastopiæu vas.
21 ২১ এনে কি, মই তোমালোকক গোটাই, মোৰ ক্ৰোধাগ্নি তোমালোকৰ ওপৰত ফুঁৱাম; তাতে তোমালোক তাৰ মাজত গলি যাবা।
Da, skupiæu vas, i raspaliæu oko vas oganj gnjeva svojega, i istopiæete se usred njega.
22 ২২ মূহীৰ মাজত ৰূপ গলাৰ দৰে তাৰ মাজত তোমালোক গলিবা; গতিকে মই যিহোৱায়েই যে তোমালোকৰ ওপৰত মোৰ ক্ৰোধ বৰষালোঁ, তাক তোমালোকে জানিবা’!”
Kako se topi srebro u peæi, tako æete se vi istopiti u njemu, i poznaæete da sam ja Gospod izlio gnjev svoj na vas.
23 ২৩ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Opet mi doðe rijeè Gospodnja govoreæi:
24 ২৪ “হে মনুষ্য সন্তান, তুমি যিহূদাক কোৱা, ‘তুমি হাবি নকটা, বা ক্ৰোধৰ দিনা বৰষুণ নিদিয়া দেশ!
Sine èovjeèji, kaži joj: ti si zemlja koja se nijesi oèistila; neæe pasti na te dažd u dan gnjeva.
25 ২৫ তাৰ মাজত তাৰ ভাববাদীসকলে চক্ৰান্ত কৰিছে, তেওঁলোকে চিকাৰ ধৰোঁতে গৰ্জ্জন কৰোঁতা সিংহৰ নিচিনা; তেওঁলোকে মনুষ্যক গ্ৰাস কৰে! তেওঁলোকে ধন-সম্পত্তি আৰু বহুমূল্য বস্তু নিয়ে; তেওঁলোকে তাৰ মাজত তাৰ বিধৱাৰ সংখ্যা বঢ়ালে।
Proroci njezini složiše se u njoj, kao lav su, koji rièe i grabi plijen, žderu duše, otimaju blago i dragocjene stvari, umnožavaju udovice usred nje.
26 ২৬ তাৰ পুৰোহিতবোৰে মোৰ ব্যৱস্থাৰ বিপৰীতে অত্যাচাৰ কৰে; তেওঁলোকে পবিত্ৰ আৰু সাধাৰণৰ মাজত প্ৰভেদ নাৰাখে, বা শুচি আৰু অশুচিৰ মাজত বিভিন্ন কৰিবলৈ মানুহক নিশিকাই; তেওঁলোকে মোৰ বিশ্ৰাম-দিনবোৰৰ পৰা তেওঁলোকৰ চকু ঢাকে আৰু মই তেওঁলোকৰ মাজত অপবিত্ৰীকৃত হ’লো।
Sveštenici njezini prestupaju zakon moj i skvrne moje svete stvari, ne razlikuju sveto od oskvrnjenoga, i neèisto od èistoga ne raspoznaju, kriju oèi svoje od subota mojih, i bivam oskvrnjen meðu njima.
27 ২৭ অন্যায় লাভ কৰিবৰ কাৰণে ৰক্তপাত কৰিবলৈ আৰু মনুষ্যক বিনষ্ট কৰিবলৈ তাৰ মাজত থকা তাৰ মুখ্যসকল চিকাৰ ধৰোঁতা ৰাংকুকুৰস্বৰূপ।
Knezovi su njezini usred nje kao vuci, koji grabe plijen, proljevajuæi krv, gubeæi duše sramotnoga dobitka radi.
28 ২৮ যিহোৱাই নোকোৱাকৈয়ে প্ৰভু যিহোৱাই এইদৰে কৈছে বুলি তাৰ ভাববাদীসকলে কৈ, অনৰ্থক দৰ্শন দেখি আৰু তেওঁলোকৰ পক্ষে মিছা মঙ্গল চাই, তেওঁলোকৰ বাবে চূণেৰে লিপে।
I proroci njezini mažu je nevaljalijem kreèem, viðaju taštinu i gataju im laž govoreæi: tako reèe Gospod Gospod; a Gospod ne reèe.
29 ২৯ দেশৰ প্ৰজাসকলে উপদ্ৰৱ কৰে, বলেৰে লয়, এনে কি, দুখী-দৰিদ্ৰক দুখ দিয়ে আৰু বিদেশীক অন্যায়কৈ অত্যাচাৰ কৰে।
Narod zemaljski vara i otima, i siromahu i ubogome èini nasilje, i došljaku èini krivo.
30 ৩০ আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।
I tražih meðu njima koji bi opravio ogradu i stao na prolomu preda me za tu zemlju, da je ne zatrem; ali ne naðoh nikoga.
31 ৩১ এই হেতুকে মই তেওঁলোকৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নিয়ে তেওঁলোকক সংহাৰ কৰিম! মই তেওঁলোকৰ নিজৰ নিজৰ আচাৰ-ব্যৱহাৰৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।’ এইদৰে প্ৰভু যিহোৱাই কৈছে।”
Zato æu izliti na njih gnjev svoj, ognjem jarosti svoje istrijebiæu ih, put njihov obratiæu im na glavu, govori Gospod Gospod.