< এজেকিয়েল 21 >
1 ১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Et factus est sermo Domini ad me, dicens:
2 ২ “হে মনুষ্য সন্তান, তুমি যিৰূচালেমৰ ফাললৈ তোমাৰ মুখ কৰি, পবিত্ৰ স্থানবোৰৰ ফাললৈ বাক্য বৰষোৱা; ইস্ৰায়েল দেশৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
[Fili hominis, pone faciem tuam ad Jerusalem, et stilla ad sanctuaria, et propheta contra humum Israël.
3 ৩ তুমি ইস্ৰায়েল দেশক কোৱা, ‘যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিপক্ষ! মই মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা উলিয়াই তোমাৰ মাজৰ পৰা ধাৰ্মিক আৰু দুষ্ট দুয়োকো উচ্ছন্ন কৰিম!
Et dices terræ Israël: Hæc dicit Dominus Deus: Ecce ego ad te, et ejiciam gladium meum de vagina sua, et occidam in te justum et impium.
4 ৪ মই ধাৰ্মিক আৰু দুষ্ট দুয়োকো তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিম; সেইবাবে দক্ষিণৰ পৰা উত্তৰলৈকে সকলো মত্যৰ অহিতে মোৰ তৰোৱাল ইয়াৰ ফাকৰ পৰা ওলাব।
Pro eo autem quod occidi in te justum et impium, idcirco egredietur gladius meus de vagina sua ad omnem carnem, ab austro usque ad aquilonem:
5 ৫ আৰু মই যিহোৱায়েই যে ইয়াৰ ফাকৰ পৰা মোৰ তৰোৱাল উলিয়ালোঁ, ইয়াক সকলো মত্যই জানিব। ই পুনৰায় ঘূৰি নাযাব!’
ut sciat omnis caro quia ego Dominus, eduxi gladium meum de vagina sua irrevocabilem.
6 ৬ আৰু তুমি, হে মনুষ্য সন্তান, কঁকাল ভগাকৈ হুমুনিয়াহ পেলোৱা! আৰু মনৰ বেজাৰেৰে সৈতে তেওঁলোকৰ আগত হুমুনিয়াহ পেলোৱা!
Et tu, fili hominis, ingemisce in contritione lumborum, et in amaritudinibus ingemisce coram eis.
7 ৭ তেতিয়া ‘কিয় তুমি হুমুনিয়াহ পেলাইছা?’ এইবুলি যেতিয়া তেওঁলোকে তোমাক সুধিব, তেতিয়া তুমি ক’বা, বাৰ্ত্তাৰ কাৰণে; কিয়নো সেয়ে আহিছে আৰু প্ৰত্যেকৰ হৃদয় কোমল হ’ব, আটাইৰে হাত দুৰ্ব্বল হ’ব, প্ৰত্যেকৰ মন নিৰুৎসাহ হ’ব আৰু সকলোৰে আঁঠু পানীৰ নিচিনা অস্থিৰ হ’ব; চোৱা! প্ৰভু যিহোৱাই কৈছে, সেয়ে আহিছে আৰু সকলো সিদ্ধ হ’ব।”
Cumque dixerint ad te: Quare tu gemis? dices: Pro auditu: quia venit, et tabescet omne cor, et dissolventur universæ manus, et infirmabitur omnis spiritus, et per cuncta genua fluent aquæ: ecce venit, et fiet, ait Dominus Deus.]
8 ৮ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Et factus est sermo Domini ad me, dicens:
9 ৯ “হে মনুষ্য সন্তান, ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘যিহোৱাই এই কথা কৈছে: তুমি কোৱা, তৰোৱাল! তৰোৱাল! তোমাক ধাৰ দিয়া আৰু চিকুণ কৰা হ’ব।
Fili hominis, propheta, et dices: Hæc dicit Dominus Deus: loquere: [Gladius, gladius exacutus est, et limatus:
10 ১০ বধ কৰিবৰ বাবে তোমাক ধাৰ দিয়া হৈছে, বিজুলীৰ দৰে হ’বৰ বাবে তোমাক চিকুণ কৰা হৈছে! তেনেহলে আমি জানো আমোদ প্ৰমোদ কৰিম? মোৰ পুত্ৰৰ দণ্ডডালিয়ে আটাই কাঠকে তুচ্ছ কৰে!
ut cædat victimas, exacutus est: ut splendeat, limatus est: qui moves sceptrum filii mei, succidisti omne lignum.
11 ১১ তাক হাতত ল’বৰ বাবে, তেওঁ তাক চিকুণ কৰিবলৈ আজ্ঞা দিছে! বধ কৰোঁতাৰ হাতত দিবৰ বাবে তৰোৱালখন ধাৰ দিয়া হৈছে! এনে কি চিকুণ কৰাও হৈছে!
Et dedi eum ad levigandum, ut teneatur manu: iste exacutus est gladius, et iste limatus est, ut sit in manu interficientis.
12 ১২ হে মনুষ্য সন্তান, চিঞৰি ক্রন্দন কৰা আৰু বিলাপ কৰা; কিয়নো সেই তৰোৱাল মোৰ প্রজা আৰু ইস্ৰায়েলৰ আটাই বিষয়াসকলৰ ওপৰলৈ আহিল! তেওঁলোকক মোৰ প্ৰজাসকলে সৈতে তৰোৱালত শোধাই দিয়া হ’ল; এই হেতুকে তুমি নিজ কৰঙনত চপৰিওৱা।
Clama et ulula, fili hominis, quia hic factus est in populo meo, hic in cunctis ducibus Israël qui fugerant: gladio traditi sunt cum populo meo: idcirco plaude super femur,
13 ১৩ কিয়নো পৰীক্ষা কৰা হৈছে; তুচ্ছ কৰোঁতে দণ্ডডালিও যদি নাথাকে, তেন্তে কি হ’ব?’ এয়ে প্ৰভু যিহোৱাৰ বচন।
quia probatus est: et hoc, cum sceptrum subverterit, et non erit, dicit Dominus Deus.
14 ১৪ এই হেতুকে এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰা আৰু হাত তালি দিয়া; অনেক লোকক বধ কৰা তৰোৱালখনেই তৃতীয়বাৰ দুগুণ কোবেৰে কাটক! সেয়ে তেওঁলোকৰ ভিতৰ- কোঁঠালিত সোমোৱা, মহৎ লোক জনক সাংঘাতিকৰূপে আঘাত কৰা তৰোৱাল!
Tu ergo, fili hominis, propheta, et percute manu ad manum: et duplicetur gladius, ac triplicetur gladius interfectorum: hic est gladius occisionis magnæ, qui obstupescere eos facit
15 ১৫ তেওঁলোকৰ হৃদয় কোমল হ’বৰ বাবে আৰু তেওঁলোকৰ উজুটি খাই পৰা লোকৰ সংখ্যা সৰহ হ’বৰ কাৰণে এই তৰোৱালখনৰ আগটো তেওঁলোকৰ আটাই নগৰ দুৱাৰৰ অহিতে স্থাপন কৰিলোঁ! হায় হায়! তাক বিজুলী যেন কৰা হ’ল, বধ কৰিবৰ কাৰণে তাক ধাৰ দিয়া হ’ল।
et corde tabescere, et multiplicat ruinas. In omnibus portis eorum dedi conturbationem gladii acuti, et limati ad fulgendum, amicti ad cædem.
16 ১৬ হে তৰোৱাল, তোমাৰ সমূদায় বল সংগ্ৰহ কৰি সোঁফালে ঘূৰা! যুগুত হৈ বাওঁফালে ঘূৰা! যি ফালে তোমাৰ ধাৰ আছে তুমি সেই ফাললৈ গমন কৰা।
Exacuere, vade ad dexteram sive ad sinistram, quocumque faciei tuæ est appetitus.
17 ১৭ ময়ো হাত-তালি দিম আৰু মোৰ ক্ৰোধ মাৰ নিয়াম; মই যিহোৱাই ইয়াকে ক’লোঁ।
Quin et ego plaudam manu ad manum, et implebo indignationem meam: ego Dominus locutus sum.]
18 ১৮ পুনৰায় যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Et factus est sermo Domini ad me, dicens:
19 ১৯ “হে মনুষ্য সন্তান, বাবিলৰ ৰজাৰ তৰোৱালখন আহিবৰ কাৰণে তুমি দুটা পথ নির্ধাৰণ কৰা, সেই দুটা পথ একেখন দেশৰ পৰা ওলাই আহিব; আৰু তুমি হাতৰ আকৃতিৰ এক চিন কাটা, নগৰ কেইখনলৈ অহা বাটৰ মূৰত তাক কাটা।
Et tu, fili hominis, pone tibi duas vias, ut veniat gladius regis Babylonis: de terra una egredientur ambæ: et manu capiet conjecturam; in capite viæ civitatis conjiciet.
20 ২০ তৰোৱালখন অম্মোনৰ সন্তান সকলৰ ৰব্বা নগৰলৈ আহিবৰ কাৰণে এটা পথ আৰু যিহূদাৰ মাজত থকা গড়েৰে আবৃত, যিৰূচালেম নগৰলৈ আহিবৰ কাৰণে এটা পথ তুমি আঁকা।
Viam pones ut veniat gladius ad Rabbath filiorum Ammon, et ad Judam in Jerusalem munitissimam.
21 ২১ কিয়নো বাবিলৰ ৰজাই দুই বাটৰ জোৰাত, দুই বাটৰ মূৰত মঙ্গল চাবলৈ থিয় হ’ব। তেওঁ কাঁড় দুডাল ইফালে সিফালে জোকাৰিব, গৃহ-দেৱতাবোৰক সুধিব আৰু মেৰৰ আগমঙহ চাব।
Stetit enim rex Babylonis in bivio, in capite duarum viarum, divinationem quærens, commiscens sagittas: interrogavit idola, exta consuluit.
22 ২২ পাছে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হত্যাৰ বাবে হুকুম দিবলৈ, উচ্ছস্বৰে জয়ধ্বনি কৰিবলৈ, দুৱাৰবোৰৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিবলৈ, হাদাম বান্ধিবলৈ, কোঁঠ সাজিবলৈ তেওঁৰ সোঁ হাতত যিৰূচালেমৰ নাম উঠিল!
Ad dexteram ejus facta est divinatio super Jerusalem, ut ponat arietes, ut aperiat os in cæde, ut elevet vocem in ululatu, ut ponat arietes contra portas, ut comportet aggerem, ut ædificet munitiones.
23 ২৩ সেই মঙ্গলচোৱা কাৰ্যটো বৃথা হ’ব বুলি বাবিলনৰ ৰজাৰ আগত শপত খোৱা যিৰূচালেমৰ লোকসকলে ভাবিব! কিন্তু অৱৰোধ কৰিবলৈ যি চুক্তি তেওঁলোকে উলংঘন কৰাৰ বাবে ৰজাই তেওঁলোকক দোষাৰূপ কৰিব!
Eritque quasi consulens frustra oraculum in oculis eorum, et sabbatorum otium imitans: ipse autem recordabitur iniquitatis ad capiendum.
24 ২৪ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তেওঁলোক ধৰা পৰিবৰ কাৰণে তেওঁ অপৰাধবোৰ সোঁৱৰণ কৰাব, তোমালোকৰ আটাই কাৰ্যৰ দ্বাৰাই, তোমালোকৰ পাপবোৰ ওলাই পৰাকৈ তোমালোকৰ অপৰাধবোৰ প্ৰকাশিত হ’ব! এইদৰে তোমালোকে নিজৰ দুষ্কৰ্ম সোঁৱৰণ কৰালা আৰু তোমালোকলৈ মোৰ মনত পৰিব; এতেকে তোমালোক শত্রুৰ হাতত ধৰা পৰিবা।
Idcirco hæc dicit Dominus Deus: Pro eo quod recordati estis iniquitatis vestræ, et revelastis prævaricationes vestras, et apparuerunt peccata vestra in omnibus cogitationibus vestris, pro eo, inquam, quod recordati estis, manu capiemini.
25 ২৫ আৰু তুমি, হে অশুচি আৰু দুষ্ট ইস্ৰায়েলৰ অধিপতি, যিজনৰ শাস্তিৰ কাল উপস্থিত হ’ল, হত হ’বলগীয়া অন্তজনক অপৰাধৰ কাল উপস্থিত হোৱা দিন উকলিল,
Tu autem, profane, impie dux Israël, cujus venit dies in tempore iniquitatis præfinita:
26 ২৬ প্ৰভু যিহোৱাই এই কথা কৈছে: পাগুৰি গুচুউৱা আৰু ৰাজমুকুট দূৰ কৰা! এইবোৰ আৰু একেই হৈ নাথাকিব! চাপৰক ওখ কৰা হ’ব আৰু ওখক চাপৰ কৰা হ’ব।
hæc dicit Dominus Deus: Aufer cidarim, tolle coronam: nonne hæc est quæ humilem sublevavit, et sublimem humiliavit?
27 ২৭ মই সকলো নষ্ট কৰিম! নষ্ট কৰিম! নষ্ট কৰিম! স্বত্ব থকা জনা নহালৈকে নিশ্চয়ে এই ৰাজমুকুট আৰু নাথাকিব; আৰু তেতিয়া মই এইবোৰ সেই জনাকহে দিম।
Iniquitatem, iniquitatem, iniquitatem ponam eam: et hoc non factum est, donec veniret cujus est judicium, et tradam ei.
28 ২৮ হে মনুষ্য সন্তান, তুমি ভাববাণী প্ৰচাৰ কৰি কোৱা, ‘প্ৰভু যিহোৱাই এইদৰে কৈছে যে, অম্মোনৰ সন্তান সকলৰ আৰু তেওঁলোকে দিয়া অপমানৰ বিষয়ে এই কথা কৈছে: এখন তৰোৱাল, ফাকৰ পৰা এখন তৰোৱাল উলিওৱা হৈছে; গ্ৰাস কৰিবলৈ, বিজুলীস্বৰূপ হ’বলৈ হত্যাৰ কাৰণে তাক সজা হৈছে!
Et tu, fili hominis, propheta, et dic: Hæc dicit Dominus Deus ad filios Ammon, et ad opprobrium eorum: et dices: [Mucro, mucro, evaginate ad occidendum: limate ut interficias et fulgeas:
29 ২৯ তেওঁলোকে তোমাৰ পক্ষে অনৰ্থক দৰ্শন পোৱাত আৰু তোমাৰ পক্ষে মিছা মঙ্গল চোৱাত, হত হ’বলগীয়া সেই দুষ্টবোৰৰ ডিঙিত তোমাক পেলাবলৈ সেই অন্তজনক অপৰাধৰ সময়ৰ দিন উপস্থিত হ’ব।
cum tibi viderentur vana, et divinarentur mendacia, ut dareris super colla vulneratorum impiorum, quorum venit dies in tempore iniquitatis præfinita.
30 ৩০ তুমি তাক ফাকত পুনৰ সুমুউৱা। তোমাক সৃষ্টি কৰা ঠাইত, তোমাৰ জন্মদেশত মই তোমাক দণ্ড দিম!
Revertere ad vaginam tuam, in loco in quo creatus es: in terra nativitatis tuæ judicabo te.
31 ৩১ আৰু মই তোমাৰ ওপৰত মোৰ ক্ৰোধ বৰষাম, মোৰ ক্ৰোধাগ্নি তোমাৰ ওপৰত ফুঁৱাম আৰু বিনষ্ট কৰিবলৈ নিপুণ পশুতুল্য লোকসকলৰ হাতত তোমাক শোধাই দিম!
Et effundam super te indignationem meam; in igne furoris mei sufflabo in te: daboque te in manus hominum insipientium, et fabricantium interitum.
32 ৩২ তুমি জুইৰ খৰিস্বৰূপ হ’বা! দেশৰ মাজত তোমাৰ ৰক্তপাত হ’ব। তোমাক আৰু সোঁৱৰণ কৰা নাযাব, কিয়নো মই যিহোৱাই ইয়াক কলোঁ’।”
Igni eris cibus; sanguis tuus erit in medio terræ; oblivioni traderis: quia ego Dominus locutus sum.]