< এজেকিয়েল 2 >
1 ১ তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, এতিয়া নিজৰ ভৰিত থিয় দিয়া; মই তোমাৰ সৈতে কথা পাতিম।”
Akati kwandiri, “Mwanakomana womunhu, simuka netsoka dzako nditaure newe.”
2 ২ যেতিয়া তেওঁ মোৰে সৈতে কথা পাতি আছিল, তেতিয়া সেই আত্মাই মোৰ অন্তৰত উদগাই মোক নিজ ভৰিত থিয় কৰোৱালে আৰু তেওঁ কোৱা বাক্য মই শুনিলোঁ।
Akati achitaura, Mweya wakapinda mandiri ukandisimudza netsoka dzangu, ndikamunzwa achitaura neni.
3 ৩ তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, যি জাতি বিদ্ৰোহী আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে এই দিনলৈকে মোৰ বিৰুদ্ধে পাপ কৰি আহিছে, সেই ইস্ৰায়েলৰ সন্তান সকলৰ ওচৰলৈ মই তোমাক পঠিয়াম।
Akati, “Mwanakomana womunhu, ndiri kukutuma kuvaIsraeri, kurudzi runomukira irwo rwakandimukira; ivo namadzibaba avo vanga vachingondipandukira kusvikira zuva ranhasi.
4 ৪ তেওঁলোক আঁকোৰগোজ মুখমণ্ডলৰ আৰু কঠিন হৃদয়ৰ বংশধৰ। মই তোমাক সেই লোকসকলৰ ওচৰলৈ পঠিয়াম। তুমি তেওঁলোকক ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’:
Vanhu vandinokutuma kwavari, vakavangarara uye vakasindimara. Uti kwavari, ‘Zvanzi naIshe Jehovha.’
5 ৫ তেওঁলোকে শুনক বা নুশুনক; যিহেতু তেওঁলোক বিদ্ৰোহী বংশধৰ, তথাপিও তেওঁলোকৰ মাজত এজন ভাববাদী যে উপস্থিত হ’ব, সেই বিষয়ে তেওঁলোকে জানিব।
Uye kunyange vakanzwa kana kuti vakaramba kunzwa, nokuti ivo imba inomukira, vachaziva kuti muprofita akanga ari pakati pavo.
6 ৬ আৰু তুমি, হে মনুষ্য- সন্তান, তুমি তেওঁলোকলৈ বা তেওঁলোকৰ কথালৈ ভয় নকৰিবা। যদিও তুমি কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি আৰু কেঁকোৰাবিছাবোৰৰ মাজত থকাৰ দৰে বাস কৰি আছা, তথাপিও তেওঁলোকৰ কথালৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Uye iwe, mwanakomana womunhu, usavatya kana mashoko avo. Usatya, kunyange wakakombwa neminzwa norukato uye ugere pakati pezvinyavada. Usatya zvavanotaura kana kuvhundutswa navo, kunyange vari imba inomukira.
7 ৭ যদিও তেওঁলোকে সেই বিষয়ে শুনক বা নুশুনক, কিন্তু তুমি হ’লে মোৰ বাক্য তেওঁলোকক ক’বা, কিয়নো তেওঁলোক অত্যন্ত বিদ্ৰোহী।
Unofanira kutaura mashoko angu kwavari kunyange vakateerera kana kuti vakaramba kuteerera, nokuti ivo vanondimukira.
8 ৮ কিন্তু হে মনুষ্য-সন্তান, তুমি হ’লে মই কোৱা কথা শুনা। সেই বিদ্ৰোহী বংশৰ নিচিনা তুমি বিদ্ৰোহী নহ’বা; তুমি নিজ মুখ মেলা আৰু মই তোমাক যি দিম তাক খোৱা’।”
Asi iwe, mwanakomana womunhu, teerera zvandinokuudza. Usandimukira sezvinoita imba iyo inondimukira; shama muromo wako udye zvandinokupa.”
9 ৯ তেতিয়া মই চাই দেখিলোঁ যে, মোলৈ এখন হাত মেলা হ’ল; আৰু তাত এখন নুৰিওৱা পুথি আছিল।
Ipapo ndakatarira, ndikaona ruoko rwakatambanudzirwa kwandiri. Marwuri makanga mune gwaro,
10 ১০ তেওঁ সেই নুৰিওৱা পুথিখন মোৰ আগত মেলি দিলে; সেই পুথিখনৰ আগফালে আৰু পাছফালে দুয়ো পিঠিত লিখা আছিল; তাত বিলাপ, শোক আৰু সন্তাপৰ বিষয়ে লিখা আছিল।
rakapetenurwa pamberi pangu. Rakanga rakanyorwa kumativi aro ose mashoko okuchema nokuungudza nenhamo.