< এজেকিয়েল 17 >

1 যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
The LORD’s word came to me, saying,
2 “হে মনুষ্য সন্তান, তুমি ইস্ৰায়েল বংশৰ আগত এটা সাঁথৰ বাক্য প্ৰকাশ কৰা আৰু এটা দৃষ্টান্ত কোৱা।
“Son of man, tell a riddle, and speak a parable to the house of Israel;
3 তুমি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: “ডাঙৰ ডেউকা থকা আৰু ডেউকাত দীঘল পাখি থকা এটা ডাঙৰ ঈগল পক্ষীয়ে, আৰু যি নানা বৰণৰ পাখিৰে ভৰা, সি লিবানোনলৈ আহি এৰচ গছজোপাৰ ওপৰত আহি বহিল।
and say, ‘The Lord GOD says: “A great eagle with great wings and long feathers, full of feathers which had various colors, came to Lebanon and took the top of the cedar.
4 সি সেই গছৰ আটাইতকৈ ওপৰত থকা আগডালদোখৰ ছিঙি বাণিজ্য দেশলৈ লৈ গ’ল। সি বেপাৰীসকলৰ নগৰত তাক ৰুই হ’ল।
He cropped off the topmost of its young twigs, and carried it to a land of traffic. He planted it in a city of merchants.
5 সি সেই দেশৰ মাজৰ গুটিবোৰৰ পৰা এটি গুটি লৈ উৰ্ব্বৰা মাটিত ৰুলে। সি বিজল সমূহৰ কাষত তাক থলে; সি বাইশী গছৰ দৰে তাক ৰুলে।
“‘“He also took some of the seed of the land and planted it in fruitful soil. He placed it beside many waters. He set it as a willow tree.
6 তেতিয়া সেয়ে গজি বাঢ়ি, মাটিৰ তললৈ ব্যাপি যোৱা এক দ্ৰাক্ষালতা হ’ল। তাৰ ডালবোৰে সেই ঈগল পক্ষীৰ ফালে মুখ কৰিছিল আৰু শিপাবোৰ তাৰ তলত গজিছিল। সেয়ে এইদৰে দ্ৰাক্ষালতা হৈ ডালবোৰ উৎপন্ন হ’ল আৰু পোখাবোৰ মেলিলে।
It grew and became a spreading vine of low stature, whose branches turned toward him, and its roots were under him. So it became a vine, produced branches, and shot out sprigs.
7 কিন্তু বহুত পাখি আৰু ডাঙৰ ডেউকা থকা আন এটা ঈগল পক্ষী আছিল। আৰু চোৱা! এই দ্ৰাক্ষালতাৰ শিপাবোৰে নিজকে সেই ঈগল পক্ষীটোৰ ফালে শিপা মেলিলে, আৰু যি ভেটিটোত ৰোৱা হৈছিল, সেই ঠাইৰ পৰা সি পানী দিবৰ বাবে তাৰ ফালে ডালবোৰ বিয়পি গ’ল।
“‘“There was also another great eagle with great wings and many feathers. Behold, this vine bent its roots toward him, and shot out its branches toward him, from the ground where it was planted, that he might water it.
8 সেয়ে বহু জল সমূহৰ কাষত আৰু উৰ্ব্বৰা মাটিত তাক ৰোৱা হৈছিল। যাতে সেয়ে ডাল মেলিব আৰু ফল উৎপন্ন কৰি এখন উত্তম দ্ৰাক্ষালতা হ’ব’!”
It was planted in a good soil by many waters, that it might produce branches and that it might bear fruit, that it might be a good vine.”’
9 তুমি লোকসকলক কোৱা: ‘প্ৰভু যিহোৱাই এই কথা কৈছে: সেয়ে উন্নতি লাভ কৰিব নে? তেওঁ জানো তাৰ শিপাবোৰ উঘালি নল’ব নে বা তাৰ ফলবোৰ ছিঙি নল’ব নে যাতে তাৰ নতুনকৈ ওলোৱা আটাই পাতবোৰ শুকাই লেৰেলা হৈ পৰে? তাৰ শিপা উঘালিবলৈ অধিক বল কি আনকি অনেক মানুহ নালাগিব।
“Say, ‘The Lord GOD says: “Will it prosper? Won’t he pull up its roots and cut off its fruit, that it may wither, that all its fresh springing leaves may wither? It can’t be raised from its roots by a strong arm or many people.
10 ১০ সেই কাৰণে চোৱা! সেয়ে আকৌ ৰোৱাৰ পাছত তাৰ উন্নতি হ’ব নে? পূৱৰ বতাহ তাত লগা মাত্ৰে সেয়ে একেবাৰে শুকাই নাজাব নে? সেয়ে তাৰ গজা ভেটিতে সম্পূৰ্ণৰূপে শুকাই যাব’।”
Yes, behold, being planted, will it prosper? Won’t it utterly wither when the east wind touches it? It will wither in the ground where it grew.”’”
11 ১১ তাৰ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Moreover the LORD’s word came to me, saying,
12 ১২ “তুমি সেই বিদ্ৰোহী বংশক কোৱা: ‘এইবোৰৰ অৰ্থ কি, সেই বিষয়ে তোমালোকে নাজানা নে? চোৱা! বাবিলৰ ৰজাই যিৰূচালেমলৈ আহি তাৰ ৰজাৰ সৈতে তাৰ বিষয়াসকলক ধৰি বাবিললৈ নিজৰ ঠাইলৈ লৈ আনিলে।
“Say now to the rebellious house, ‘Don’t you know what these things mean?’ Tell them, ‘Behold, the king of Babylon came to Jerusalem, and took its king, and its princes, and brought them to him to Babylon.
13 ১৩ তাৰ পাছত তেওঁ ৰাজবংশীয় এজনক ল’লে আৰু তেওঁৰ লগত এটি নিয়ম স্থাপন কৰিলে।
He took one of the royal offspring, and made a covenant with him. He also brought him under an oath, and took away the mighty of the land,
14 ১৪ ৰাজ্যখন যেন সামান্য হয় আৰু নিজকে যেন বৰ বুলি নামানে আৰু তেওঁৰ নিয়মটি পালন কৰিলে হে দেশখন স্থিৰেৰে থাকিব পাৰিব, সেই কাৰণে তেওঁ দেশৰ বীৰ সকলক আঁটৰাই লৈ গ’ল।
that the kingdom might be brought low, that it might not lift itself up, but that by keeping his covenant it might stand.
15 ১৫ কিন্তু যিৰূচালেমৰ ৰজাই মিচৰীয়াসকলৰ পৰা ঘোঁৰা আৰু অনেক মানুহ পাবৰ কাৰণে মিচৰলৈ নিজ দূতবোৰক পঠিয়াই দিলে আৰু তেওঁৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁ উন্নতি লাভ কৰিব নে? এনে কৰ্ম কৰা জনে জানো ৰক্ষা পাব? তেওঁ যদি এই নিয়মটি ভাঙে, তেওঁ ৰক্ষা পাব নে?
But he rebelled against him in sending his ambassadors into Egypt, that they might give him horses and many people. Will he prosper? Will he who does such things escape? Will he break the covenant, and still escape?
16 ১৬ ‘মোৰ জীৱনৰ শপত, প্ৰভু যিহোৱাই কৈছে - যি ৰজাই তেওঁ নিজ থকা ঠাইত তেওঁক ৰজা পাতিলে, যাৰ শপত তেওঁ তুচ্ছ কৰিলে আৰু যাৰ নিয়মটি তেওঁ ভাঙিলে, বাবিলৰ মাজত তেওঁৰ তাতেই মৃত্যু হ’ব।
“‘As I live,’ says the Lord GOD, ‘surely in the place where the king dwells who made him king, whose oath he despised, and whose covenant he broke, even with him in the middle of Babylon he will die.
17 ১৭ অনেক লোকক বধ কৰিবলৈ হাদাম বান্ধা আৰু কোঁঠ সজা সময়ত, ফৰৌণেও তেওঁৰ পৰাক্ৰমী সৈন্য-সামন্ত আৰু মহাদলৰ সৈতে ৰণত তেওঁক ৰক্ষা কৰিবলৈ নোৱাৰিব।
Pharaoh with his mighty army and great company won’t help him in the war, when they cast up mounds and build forts to cut off many persons.
18 ১৮ কিয়নো ৰজাই নিয়মটি ভাঙি শপতটো তুচ্ছ কৰিলে; চোৱা, তেওঁ হাতযোৰ কৰি শপত লোৱাৰ পাছতো, এই আটাই কাৰ্য কৰিলে; তেওঁ ৰক্ষা নাপাব।
For he has despised the oath by breaking the covenant; and behold, he had given his hand, and yet has done all these things. He won’t escape.
19 ১৯ এই কাৰণে ‘প্ৰভু যিহোৱাই এই কথা কৈছে - ‘মোৰ জীৱনৰ শপত, মোৰ শপত আৰু তেওঁ ভঙা মোৰ নিয়মটিৰ তুচ্ছ কৰা নাছিল নে? এই কাৰণে তেওঁ পাবলগীয়া শাস্তি মই তেওঁৰ ওপৰত ফলিওৱাম।
“Therefore the Lord GOD says: ‘As I live, I will surely bring on his own head my oath that he has despised and my covenant that he has broken.
20 ২০ মই তেওঁৰ ওপৰত মোৰ জাল মেলিম আৰু তেওঁ মোৰ ফান্দত ধৰা পৰিব। তেতিয়া মই তেওঁক বাবিললৈ নি তেওঁ মোৰ অহিতে কৰা তেওঁৰ অপৰাধৰ কাৰণে সেই ঠাইত তেওঁৰ ওপৰত গোচৰ কৰিম।
I will spread my net on him, and he will be taken in my snare. I will bring him to Babylon, and will enter into judgment with him there for his trespass that he has trespassed against me.
21 ২১ তেতিয়া তেওঁৰ সকলো দলৰ আটাই আশ্রয়প্রাৰ্থী সকল তৰোৱালত মৰা পৰিব আৰু অৱশিষ্ট থকা সকলোকে চাৰিওফালে বায়ুত উড়ুৱাই নিয়া হ’ব; তেতিয়া মই যিহোৱায়েই যে এই কথা ক’লোঁ, সেই বিষয়ে তোমালোকে জানিবা।”
All his fugitives in all his bands will fall by the sword, and those who remain will be scattered toward every wind. Then you will know that I, the LORD, have spoken it.’
22 ২২ প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম!
“The Lord GOD says: ‘I will also take some of the lofty top of the cedar, and will plant it. I will crop off from the topmost of its young twigs a tender one, and I will plant it on a high and lofty mountain.
23 ২৩ ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।
I will plant it in the mountain of the height of Israel; and it will produce boughs, and bear fruit, and be a good cedar. Birds of every kind will dwell in the shade of its branches.
24 ২৪ তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”
All the trees of the field will know that I, the LORD, have brought down the high tree, have exalted the low tree, have dried up the green tree, and have made the dry tree flourish. “‘I, the LORD, have spoken and have done it.’”

< এজেকিয়েল 17 >