< এজেকিয়েল 15 >

1 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
और ख़ुदावन्द का कलाम मुझ पर नाज़िल हुआ:
2 “হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
कि 'ऐ आदमज़ाद, क्या ताक की लकड़ी और दरख़्तों की लकड़ी से, या'नी शाख़ — ए — अंगूर जंगल के दरख़्तों से कुछ बेहतर है?
3 কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব?
क्या उसकी लकड़ी कोई लेता है कि उससे कुछ बनाए, या लोग उसकी खूंटियाँ बना लेते हैं कि उन पर बर्तन लटकाएँ?
4 চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?
देख, वह आग में ईन्धन के लिए डाली जाती है, जब आग उसके दोनों सिरों को खा गई और बीच के हिस्से को भसम कर चुकी, तो क्या वह किसी काम की है?
5 চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
देख, जब वह सही थी तो किसी काम की न थी, और जब आग से जल गई तो किस काम की है?
6 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।
फिर ख़ुदावन्द ख़ुदा यूँ फ़रमाता है: जिस तरह मैंने जंगल के दरख़्तों में से अंगूर के दरख़्त को आग का ईन्धन बनाया, उसी तरह येरूशलेम के बाशिन्दों को बनाऊँगा।
7 কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
और मेरा चेहरा उनके ख़िलाफ़ होगा, वह आग से निकल भागेंगे पर आग उनको भसम करेगी; और जब मेरा चेहरा उनके ख़िलाफ़ होगा, तो तुम जानोगे कि ख़ुदावन्द मैं हूँ।
8 আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।
और मैं मुल्क को उजाड़ डालूँगा, इसलिए कि उन्होंने बड़ी बेवफ़ाई की है, ख़ुदावन्द ख़ुदा फ़रमाता है।

< এজেকিয়েল 15 >