< এজেকিয়েল 15 >
1 ১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Maganar Ubangiji ta zo mini cewa,
2 ২ “হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
“Ɗan mutum, da me itacen kuringa ya fi reshen waɗansu itatuwa kyau a cikin kurmi?
3 ৩ কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব?
An taɓa ɗaukan itacensa an yi wani abu mai amfani? Akan yi maratayi da ita da za a rataya wani abu a kai?
4 ৪ চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?
Bayan kuma a jefa ta cikin wuta, wuta kuma ta cinye kowane gefe ta kuma babbaka tsakiyarta, tana da amfani don yin wani abu kuma?
5 ৫ চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
In ba ta da amfanin wani abu sa’ad da take cikakkiya, balle bayan da wuta ta babbake ta, za a iya yin amfani da ita?
6 ৬ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।
“Saboda haka ga abin da Ubangiji Mai Iko Duka yana cewa kamar yadda na ba da itacen kuringa a cikin itatuwan kurmi ya zama itacen wuta, haka zan sa mazaunan Urushalima su zama.
7 ৭ কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Zan yi gāba da su. Ko da yake sun fito daga wuta, wuta za tă cinye su. Kuma sa’ad da na yi gāba da su, za ku san cewa ni ne Ubangiji.
8 ৮ আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।
Zan mai da ƙasar kufai domin sun yi rashin aminci, in ji Ubangiji Mai Iko Duka.”