< এজেকিয়েল 15 >
1 ১ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Tedy stalo se slovo Hospodinovo ke mně, řkoucí:
2 ২ “হে মনুষ্য সন্তান, দ্ৰাক্ষালতাৰ কাঠ, কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাৰ ডাল আন সকলো গছৰ কাঠতকৈ কিহত শ্ৰেষ্ঠ?
Synu člověčí, co jest dřevo révové proti všelijakému dřevu, aneb proti ratolestem dříví lesního?
3 ৩ কোনো কাৰ্য কৰিবলৈ মানুহে জানো দ্ৰাক্ষালতাৰ কাঠৰ পৰা কাঠ ল’ব? বা কোনো পাত্ৰ আঁৰি থবলৈ জানো তাৰ পৰা এটি খুটি আনিব?
Zdaliž vzato bude z něho dřevo k udělání něčeho? Zdaliž udělají z něho hřebík k zavěšování na něm všelijaké nádoby?
4 ৪ চোৱা! ইন্ধন যোগবলৈ যদি তাক পুৰিবলৈ জুইত পেলাই দিয়া হয় আৰু যদি জুয়ে তাৰ দুই মূৰ ভস্ম কৰিলে আৰু তাৰ মাজ ভাগ পোৰা গ’লে সেয়ে জানো কোনো কাৰ্যৰ যোগ্য হ’ব?
Aj, na oheň dává se k sežrání. Když oba konce jeho sežere oheň, a prostředek jeho obhoří, zdaž se k čemu hoditi může?
5 ৫ চোৱা! যেতিয়া সেয়ে সম্পূৰ্ণ হলেও কোনো কাৰ্যৰ উপযুক্ত নহয়; তেন্তে জুয়ে তাক ভস্ম কৰিলে আৰু সেয়ে পোৰা গ’লেও কোনো কামৰ বাবে সেয়ে আৰু কিমান কম উপযুক্ত হ’ব?
Aj, když byl celý, nic nemohlo býti z něho uděláno, ovšem když jej oheň sežral, a shořel, k ničemu se více hoditi nebude.
6 ৬ এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: কাঠনিৰ গছবোৰৰ মাজৰ দ্ৰাক্ষালতাক যেনেকৈ লোকে পুৰিবলৈ জুইত দিয়ে, তেনেকৈ মই যিৰূচালেম নিবাসীসকলৰ প্রতিও তেনে কৰিম।
Protož takto praví Panovník Hospodin: Jakož jest dřevo révové mezi dřívím lesním, kteréž jsem oddal ohni k sežrání, tak jsem oddal obyvatele Jeruzalémské.
7 ৭ কাৰণ মই তেওঁলোকৰ বিৰুদ্ধে মুখ ঘুৰাম। যদিওবা তেওঁলোক জুইৰ পৰা ওলাই যাব, কিন্তু আন জুইয়ে তেওঁলোকক ভস্ম কৰিব; আৰু যেতিয়া মই তেওঁলোকৰ বিৰুদ্ধে মুখ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
Nebo postavím tvář svou hněvivou proti nim. Z ohně jednoho vyjdou, a oheň druhý zžíře je. I zvíte, že já jsem Hospodin, když obrátím tvář svou hněvivou proti nim.
8 ৮ আৰু তেওঁলোকে সত্য লঙ্ঘন কৰাৰ বাবে, মই দেশ উচ্ছন্ন কৰিম।” ইয়াক যিহোৱাই কৈছে।
A obrátím zemi tuto v poušť, proto že se přestoupení dopouštěli, praví Panovník Hospodin.