< এজেকিয়েল 14 >
1 ১ ইস্ৰায়েলৰ পৰিচাৰকসকলৰ কেইজনমান মোৰ ওচৰলৈ আহি মোৰ আগত বহিল।
Потом дођоше к мени неки од старешина Израиљевих и седоше преда ме.
2 ২ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
И дође ми реч Господња говорећи:
3 ৩ “হে মনুষ্য সন্তান, এই লোকসকলে তেওঁলোকৰ প্রতিমাবোৰক নিজ নিজ হৃদয়ত ঠাই দিছে আৰু নিজৰ সন্মুখত নিজৰ নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিছে। সেই বিষয়ে মই জানো তেওঁলোকক পৰামৰ্শ দিম?
Сине човечји, ови су људи ставили у срца своја гадне богове своје, и метнули су преда се о шта се спотичу на безакоње своје; траже ли ме доиста?
4 ৪ সেইবাবে তুমি তেওঁলোকক এই কথা কৈ ঘোষণা কৰা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ইস্ৰায়েল-বংশৰ যি কোনো লোকে নিজ প্রতিমাবোৰক হৃদয়ত ঠাই দিব বা নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু কোনো এজন লোকে যেতিয়া ভাববাদী এজনৰ ওচৰলৈ আহিব - সেই অহা লোকজনৰ বাহুল্য প্রতিমাবোৰৰ অনুসাৰে, মই যিহোৱাই, নিজেই তেওঁক উত্তৰ দিম।
Зато говори им и реци им: Овако вели Господ Господ: Ко је год од дома Израиљевог ставио у срце своје гадне богове своје и метнуо преда се о шта се спотиче на безакоње своје, па дође к пророку, ја Господ одговорићу му кад дође за мноштво гадних богова његових,
5 ৫ মই এইদৰে কৰিম যাতে ইস্ৰায়েলৰ গোটেই বংশ তেওঁলোকৰ হৃদয় মোলৈ পুনৰায় ঘূৰাই আনিব পাৰিম, কিয়নো তেওঁলোকৰ প্রতিমাবোৰে তেওঁলোকক মোৰ পৰা আঁতৰ কৰি ৰাখিছে!’
Да ухватим дом Израиљев за срце њихово што су се одвратили од мене сви за гадним боговима својим.
6 ৬ এই হেতুকে তুমি ইস্ৰায়েল বংশক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে মন পালটোৱা আৰু তোমালোকৰ প্রতিমাবোৰৰ পৰা ঘূৰি আহাঁ! আৰু তোমালোকৰ আটাই ঘিণলগীয়া কাৰ্যবোৰলৈ পিঠি দিয়া!
Зато реци дому Израиљевом: Овако вели Господ Господ: Обратите се и одступите од гадних богова својих, одвратите лице своје од свих гадова својих.
7 ৭ কিয়নো ইস্ৰায়েল বংশৰ মাজত আৰু ইস্ৰায়েলত প্ৰবাস কৰা বিদেশীবোৰৰ মাজত যি কোনোৱে মোৰ পৰা নিজকে পৃথকে ৰাখিব, যিজনে নিজৰ প্রতিমাবোৰক হৃদয়ত ঠাই দিব আৰু নিজৰ সন্মুখত নিজৰ অপৰাধ জন্মাওঁতা বিঘিনি ৰাখিব আৰু যিজনে মোক বিচাৰি ভাববাদী এজনৰ ওচৰলৈ আহিব - মই যিহোৱাই নিজেই তেওঁক উত্তৰ দিম!
Јер ко би год од дома Израиљевог или од иностранаца који живе у Израиљу одступио од мене, и ставио у срце своје гадне богове своје, и метнуо преда се о шта ће се спотицати на безакоње своје, па би дошао к пророку да ме упита преко њега, њему ћу одговорити ја сам Господ собом.
8 ৮ তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
И окренућу лице своје према том човеку, и учинићу од њега знак и причу, и истребићу га из народа свог, те ћете познати да сам ја Господ.
9 ৯ যদি কোনো ভাববাদীয়ে ভ্ৰান্ত হৈ আৰু কোনো বাক্য কয়, তেতিয়া মই, যিহোৱাই, সেই ভাববাদীজনক ভ্ৰান্ত কৰিম; আৰু মই তেওঁৰ বিৰুদ্ধে হাত মেলি, মোৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ মাজৰ পৰা তেওঁক বিনষ্ট কৰিম।
И ако би се пророк преварио, те рекао што, ја Господ преварих оног пророка, и дигнућу руку своју на њ, и истребићу га из народа свог Израиља.
10 ১০ এইদৰে তেওঁলোকে নিজ নিজ অপৰাধৰ দণ্ড ভুগিব। সেই ভাববাদীজনৰ ওচৰলৈ পৰামৰ্শ ল’বলৈ যোৱা লোকজনৰ অপৰাধ দুয়োৰে সমান হ’ব।
И понеће обојица своје безакоње: како је безакоње оног који пита тако ће бити и пророково безакоње,
11 ১১ ইয়াৰ অভিপ্ৰায় এই, যেন ইস্ৰায়েল-বংশই মোৰ পৰা বিপথে নাযায়; আৰু তেওঁলোকৰ অপৰাধবোৰৰ কোনো অপৰাধেৰে নিজক আৰু অশুচি নকৰে, কিন্তু তেওঁলোক যেন মোৰ প্ৰজা হয় আৰু মই তেওঁলোকৰ ঈশ্বৰ হওঁ, ইয়াক প্ৰভু যিহোৱাই কৈছে।
Да више дом Израиљев не одступа од мене и да се више не скврне свакојаким преступима својим, него да ми буду народ, и ја да им будем Бог, говори Господ Господ.
12 ১২ তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Опет ми дође реч Господња говорећи:
13 ১৩ “হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;
Сине човечји, ако ми која земља згреши учинивши неверу, и ја дигнем руку своју на њу и сломим јој потпору у хлебу, и пустим на њу глад и истребим у њој људе и стоку,
14 ১৪ তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।
Ако би у њој била ова три човека: Ноје, Данило и Јов, они ће правдом својом избавити душе своје, говори Господ Господ.
15 ১৫ বা যদি সেই দেশৰ সকলো ফালে হিংস্র জন্তু পঠিয়াই দিওঁ আৰু সেইবোৰে তাক সন্তানহীন কৰে আৰু সেই জন্তুবোৰৰ কাৰণে কোনো মানুহ তাৰ মাজেদি যাব নোৱাৰাকৈ উচ্ছন্ন হয়,
Ако пустим љуте звери у земљу, те поморе људе, и она опусти да нико не може пролазити од зверја;
16 ১৬ তেন্তে সেই একে তিনিজনলোক তাত থাকিলেও, মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব, কিন্তু দেশ হ’লে উচ্ছন্ন হ’ব।
Ако би у њој била та три човека, тако ја жив био, говори Господ Господ, неће избавити синове ни кћери, него ће се сами избавити, а земља ће опустети.
17 ১৭ বা যদি মই সেই দেশৰ বিৰুদ্ধে এখন তৰোৱাল আনো আৰু কওঁ ‘হে তৰোৱাল, দেশৰ মাজেদি যা আৰু তাৰ পৰা লোক সমূহ আৰু পশু সকলোকে উচ্ছন্ন কৰ’ -
Или ако мач пустим на ту земљу, и кажем: Мачу, прођи ту земљу, да истребим у њој људе и стоку;
18 ১৮ তেতিয়া সেই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে পো বা জীহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কেৱল তেওঁলোকেহে ৰক্ষা পাব।
Ако би та три човека била у њој, тако ја био жив, говори Господ Господ, неће избавити синове ни кћери, него ће се сами избавити.
19 ১৯ বা যদি মই সেই দেশৰ বিৰুদ্ধে এক মহামাৰী পঠিয়াওঁ আৰু তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিবলৈ তাৰ ওপৰত মোৰ ক্ৰোধ বৰষাই তেজ বোৱাওঁ,
Или ако пустим помор на земљу и излијем гнев свој на њу да би крв текла да истребим у њој људе и стоку;
20 ২০ তেতিয়া যদিওবা নোহ, দানিয়েল আৰু ইয়োব সেই ঠাইত থাকিলে হয় - মোৰ জীৱনৰ শপত, “প্ৰভু যিহোৱাই কৈছে, “তেওঁলোকে নিজৰ পো’সকলক বা আনকি নিজৰ জী’সকলক উদ্ধাৰ কৰিব নোৱাৰিব; কেৱল তেওঁলোকৰ নিজ প্ৰাণহে ধাৰ্মিকতাৰ দ্বাৰাই ৰক্ষা পাব।”
Ако би Ноје, Данило и Јов били у њој, тако ја жив био, говори Господ Господ, неће избавити сина ни кћери, него ће своје душе избавити правдом својом.
21 ২১ কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “মই নিশ্চয়কৈ নিকৃষ্টৰভাৱে মানুহ আৰু পশুক যিৰূচালেমৰ বিৰুদ্ধে সকলোকে উচ্ছন্ন কৰিবলৈ মোৰ এই চাৰিওটা মহা-আপদ অর্থাৎ তৰোৱাল, আকাল, হিংস্র জন্তু আৰু মহামাৰী পঠিয়াম।
Јер овако вели Господ Господ: А камо ли кад пустим четири љута зла своја, мач и глад и зле звери и помор на Јерусалим, да истребим у њему људе и стоку.
22 ২২ তথাপি চোৱা! তাৰ মাজত ৰক্ষা পোৱা লোকসকল তেওঁলোকৰ পুত্রসকল আৰু জীয়েকসকলৰ লগত বাহিৰলৈ ওলাই যাব। চোৱা! তেওঁলোক তোমালোকৰ ওচৰলৈ ওলাই আহিব আৰু তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁলোকৰ কাৰ্য দেখিবলৈ পাবা; তেতিয়া যিৰূচালেমলৈ মই ঘটোৱা অমঙ্গলৰ বিষয়ে আৰু তাৰ বিৰুদ্ধে মই ঘটোৱা সকলোৰে বিষয়ে তোমালোকে শান্তনা পাবা।
И опет, гле, неколико ће их остати у њему који ће се избавити, синови или кћери, они ће изаћи к вама, и видећете пут њихов и дела њихова, и утешићете се за зло које ћу пустити на Јерусалим, за све што ћу пустити на њ.
23 ২৩ তোমালোকে তেওঁলোকৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্য দেখিলে, তেওঁলোকে তোমালোকক শান্তনা দিব; তেতিয়া তোমালোকে জানিবা যে, মই তাৰ বিৰুদ্ধে কৰা একোকে বিনা কাৰণে কৰা নাই!” এয়ে প্ৰভু যিহোৱাৰ বাক্য।
И они ће вас утешити кад видите пут њихов и дела њихова; и познаћете да нисам без узрока учинио шта сам год учинио у њему, говори Господ Господ.