< এজেকিয়েল 12 >

1 পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
І було мені слово Господнє таке:
2 “হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
„Сину лю́дський, ти живеш серед дому ворохо́бного, — вони мають очі, щоб бачити, та не бачать, мають ву́ха, щоб слухати, та не чують, бо вони дім ворохо́бний.
3 এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।
А ти, сину лю́дський, пороби́ собі речі для мандрі́вки, і йди на вигна́ння вдень на їхніх оча́х, і пі́деш на вигна́ння з свого місця до іншого місця на їхніх оча́х, може побачать вони, що вони дім ворохо́бности.
4 তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।
І повино́сиш свої речі, як речі для мандрівки, удень на їхніх оча́х, а ти ви́йдеш увечорі на їхніх оча́х, як виходять вигна́нці.
5 তুমি তেওঁলোকৰ চকুৰ আগত নগৰৰ দেৱালখন বিন্ধা কৰি তাৰ মাজেদি সামগ্ৰী উলিয়াবা।
На їхніх оча́х пробий собі дірку в стіні, і повино́сиш нею.
6 তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”
На їхніх оча́х на раме́ні повино́сиш, винесеш поте́мки, закриєш обличчя своє, і не побачиш землі, бо Я поставив тебе зна́ком для Ізраїлевого дому“.
7 গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।
І зробив я так, як наказано мені: речі свої я повино́сив удень, а ввечорі пробив собі рукою дірку в стіні, по́темки повиносив, — на рамені носив на їхніх оча́х.
8 পাছত ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
А ра́нком було мені слово Господнє таке:
9 “হে মনুষ্য সন্তান, ‘তুমি কি কৰিছা?’ এই বুলি বিদ্ৰোহী বংশই ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই?
„Сину лю́дський, чи ж не сказав до тебе дім Ізраїлів, дім ворохо́бности: Що ти робиш?
10 ১০ তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: এই ভাৱে যিৰূচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।
Скажи до них: Так сказав Господь Бог: Це пророцтво про начальника Єрусалиму та ввесь Ізраїлів дім, що в ньому вони.
11 ১১ তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
Скажи: Я ваш знак. Як зробив Я, так буде зро́блено їм, — пі́дуть на вигна́ння в поло́н!
12 ১২ আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খানিব। তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব।’
А той начальник, що серед них, на рамені буде не́сти по́темки й ви́йде; у стіні проб'ють дірку, щоб вивести його; обличчя своє він закриє, щоб не бачити землі очи́ма.
13 ১৩ মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।
І розтягну́ на нього сітку Свою, і він буде схо́плений в па́стку Мою, і відведу́ його до Вавилону, до халдейського кра́ю, та його він не побачить, і там помре.
14 ১৪ আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
А все, що навко́ло нього, його помічники та всі ві́йська його, розпоро́шу на всі вітри́, і витягну за ними меча.
15 ১৫ যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁলোকে জানিব।
I пізнають вони, що Я — Госпо́дь, коли розві́ю їх поміж наро́дами та розпоро́шу їх по країнах!
16 ১৬ কিন্তু তেওঁলোক যি জাতিবোৰৰ মাজলৈ যাব, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজৰ ঘিণলগীয়া কাৰ্য প্ৰকাশ কৰিবৰ কাৰণে, তৰোৱালৰ পৰা, আকালৰ পৰা আৰু মহামাৰীৰ পৰা তেওঁলোকৰ কেতবোৰ লোকক মই অৱশিষ্ট ৰাখিম, তাতে, মইযে যিহোৱা তাক তেওঁলোকে জানিব!”
А нечисле́нних з них людей збережу́ від меча, від голоду та від зарази, щоб вони оповіда́ли про свої гидо́ти серед народів, куди поприхо́дять. І вони пізнають, що Я — Госпо́дь!“
17 ১৭ পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
І було мені слово Господнє таке:
18 ১৮ “হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা।
„Сину лю́дський, їж свій хліб у дрижа́нні, а воду свою пий у тремті́нні та в журбі́.
19 ১৯ আৰু তুমি দেশৰ লোকসকলক কোৱা, ‘ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছে: তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ’বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব।
І скажеш до народу цього Кра́ю: Так говорить Господь Бог на ме́шканців Єрусалиму, на Ізраїлеву землю: Вони хліб свій в журбі будуть їсти, а воду свою будуть пити в остовпі́нні, бо спустоші́в їхній край від своєї по́вні за наси́лля всіх, що ме́шкають у ньому.
20 ২০ আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!”
І поруйнуються насе́лені міста́, а край стане спусто́шенням, і пізнаєте ви, що Я — Госпо́дь!
21 ২১ আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
І було мені слово Господнє таке:
22 ২২ “হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’
„Сину лю́дський, що це в вас за припові́стка така в Ізраїлевій землі: „Продо́вжаться дні, — і зникне всіляке виді́ння“?
23 ২৩ এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”
Тому́ скажи їм: Так говорить Госпо́дь Бог: Припиню́ Я цю припові́стку, і більше не будуть її припові́сткувати в Ізраїлі, але говори їм: „Набли́зилися оті дні й слово всякого виді́ння“.
24 ২৪ কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।
Бо не буде вже жодного марно́го видіння та підле́сливого чарува́ння в Ізраїлевім домі.
25 ২৫ কাৰণ ময়েই যিহোৱা! মই ক’ম আৰু মই কোৱা বাক্য সিদ্ধ হ’ব। তাক আৰু আগলৈ থোৱা নহ’ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম আৰু তাক সিদ্ধও কৰিম।
Бо Я, Господь, буду говорити, а яке слово говоритиму, то буде воно зді́йснене, не відтя́гнеться вже, бо за ваших днів, доме ворохо́бности, буду говорити слово, і його виконаю, говорить Господь Бог“.
26 ২৬ আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
І було мені слово Господнє таке:
27 ২৭ “হে মনুষ্য সন্তান, চোৱা! ইস্ৰায়েল-বংশই কয়, ‘তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।’
„Сину лю́дський, ось говорить Ізраїлів дім: Те виді́ння, яке він бачить, воно про далекі дні, і про далекі часи́ він пророкує.
28 ২৮ এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব।’ এয়ে প্ৰভু যিহোৱাৰ বচন!”
Тому їм скажи: Так говорить Господь Бог: Не відтя́гнуться вже всі слова́ Мої, — яке слово говоритиму, те буде ви́конане, говорить Господь Бог!“

< এজেকিয়েল 12 >