< এজেকিয়েল 12 >
1 ১ পাছত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Un Tā Kunga vārds notika uz mani sacīdams:
2 ২ “হে মনুষ্য সন্তান, তুমি বিদ্ৰোহী বংশৰ মাজত বাস কৰিছা; দেখিবলৈ চকু থকাতো তেওঁলোকে নেদেখে, শুনিবলৈ কাণ থকাতো তেওঁলোকে নুশুনে, কিয়নো তেওঁলোক বিদ্ৰোহী বংশ।
Cilvēka bērns, tu dzīvo atkāpēju sugā, kam acis ir redzēt, bet tie neredz, kam ausis ir dzirdēt, bet tie nedzird, jo tie ir atkāpēju suga.
3 ৩ এই হেতুকে হে মনুষ্য সন্তান, তুমি নিজৰ বাবে দেশান্তৰৰ সামগ্ৰী যুগুত কৰা আৰু দিনতে তেওঁলোকৰ চকুৰ আগতে নিজ দেশান্তৰলৈ প্ৰস্থান কৰা। তুমি তেওঁলোকৰ চকুৰ আগতে নিজ ঠাইৰ পৰা আন ঠাইলৈ যোৱা। তেওঁলোক বিদ্ৰোহী বংশ হ’লেও কিজানি বিবেচনা কৰিব।
Bet tu, cilvēka bērns, taisi sev ceļa rīkus un izej pašā dienas laikā priekš viņu acīm un aizej no savas vietas uz citu vietu priekš viņu acīm, vai tie varbūt samanīs, ka tie ir atkāpēju suga.
4 ৪ তুমি দিনতে তেওঁলোকৰ চকুৰ আগতে দেশান্তৰৰ সামগ্ৰীৰ দৰে তোমাৰ সামগ্ৰী বাহিৰ কৰি নিবা আৰু দেশান্তৰলৈ ওলোৱা লোকৰ নিচিনাকৈ তুমি তেওঁলোকৰ চকুৰ আগতে গধূলি নিজে ওলাবা।
Tāpēc iznes savus rīkus, kā ceļa rīkus pašā dienas laikā priekš viņu acīm, un tad izej vakarā priekš viņu acīm, kā tie iziet, kas uz ceļu dodās.
5 ৫ তুমি তেওঁলোকৰ চকুৰ আগত নগৰৰ দেৱালখন বিন্ধা কৰি তাৰ মাজেদি সামগ্ৰী উলিয়াবা।
Lauzies caur sienu priekš viņu acīm un iznes tur (savus rīkus).
6 ৬ তেওঁলোকৰ চকুৰ আগত তুমি তাক কান্ধত তুলি আন্ধাৰত বাহিৰলৈ লৈ যাবা; তুমি দেশখন নেদেখিবলৈ তোমাৰ মুখ ঢাকিবা, কিয়নো মই ইস্ৰায়েল বংশৰ কাৰণে এক চিনস্বৰূপে তোমাক প্ৰস্থান কৰিলোঁ।”
Priekš viņu acīm tev tos būs nest uz pleciem, tumsā tev tos būs iznest, savu vaigu tev būs apsegt, ka neredzi zemi. Jo Es tevi esmu licis par brīnuma zīmi Israēla namam.
7 ৭ গতিকে মই আজ্ঞামতে কাম কৰিলোঁ; মই দিনতে দেশান্তৰৰ সামগ্ৰীৰ নিচিনাকৈ মোৰ সামগ্ৰী উলিয়াই নিলোঁ আৰু গধূলি মোৰ হাতেৰেই দেৱালখন খানিলোঁ; মই আন্ধাৰত তাক উলিয়াই তেওঁলোকৰ চকুৰ আগত কান্ধত তুলি লৈ গ’লো।
Un es darīju, kā man bija pavēlēts; es iznesu savus rīkus dienas laikā, kā ceļa rīkus, un vakarā es caur sienu izlauzos ar roku; es tos iznesu tumsā, un tos nesu uz pleciem priekš viņu acīm.
8 ৮ পাছত ৰাতিপুৱাতে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Un no rīta Tā Kunga vārds uz mani notika sacīdams:
9 ৯ “হে মনুষ্য সন্তান, ‘তুমি কি কৰিছা?’ এই বুলি বিদ্ৰোহী বংশই ইস্ৰায়েল বংশই তোমাক জানো কোৱা নাই?
Cilvēka bērns! Vai Israēla nams, tā atkāpēju suga, uz tevi nav sacījis: ko tu dari!
10 ১০ তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: এই ভাৱে যিৰূচালেমত থকা অধিপতিজনক আৰু তাৰ মাজত থকা ইস্ৰায়েলৰ আটাই বংশক বুজায়।
Saki uz tiem: tā saka Tas Kungs Dievs: šī nasta ir Jeruzālemes valdnieks un viss Israēla nams, kas tur iekšā.
11 ১১ তুমি কোৱা, মই তোমালোকৰ পক্ষে চিনস্বৰূপ; মই কৰা নিচিনাকৈ তেওঁলোকলৈ কৰা হ’ব; তেওঁলোক দেশান্তৰলৈ বন্দী-অৱস্থালৈ যাব।
Saki: es esmu jūsu brīnuma zīme; kā es esmu darījis, tā viņiem darīs, tie aizies un taps vesti cietumā.
12 ১২ আৰু তেওঁলোকৰ মাজত থকা অধিপতিজনে নিজ কান্ধত বোজা লৈ আন্ধাৰত ওলাই যাব; তেওঁলোকে সামগ্ৰী উলিয়াবৰ কাৰণে দেৱাল খানিব। তেওঁ নিজৰ মুখ ঢাকিব, কাৰণ তেওঁ চকুৰে দেশখন নেদেখিব।’
Un tas valdnieks, kas viņu vidū, nesīs uz pleciem tumsā un aizies; tie lauzīsies caur sienu, viņu tur izvest, viņa vaigs taps apsegts, tādēļ ka viņam ar acīm zemi nebūs redzēt.
13 ১৩ মোৰ জালখন মই তেওঁৰ ওপৰত মেলিম দিম আৰু তেওঁ মোৰ ফান্দত পৰিব; আৰু মই তেওঁক কলদীয়াসকলৰ দেশলৈ অৰ্থাৎ বাবিললৈ লৈ যাম, তথাপি তেওঁ তাক নেদেখিব। অথচ তেওঁ তাতেই মৰিব।
Un Es izplētīšu savu tīklu pār viņu, ka viņš top gūstīts manos valgos, un Es viņu vedīšu uz Bābeli Kaldeju zemē, viņš to neredzēs, bet tur mirs.
14 ১৪ আৰু তেওঁৰ চাৰিওফালে থকা তেওঁৰ আটাই সহায়কাৰীক আৰু তেওঁৰ সকলো সৈন্যক মই আটাই বায়ুত উড়ুৱাই দিম; আৰু মই ফাকৰ পৰা তৰোৱাল উলিয়াই তেওঁলোকৰ পাছে পাছে খেদি যাম।
Un visus, kas ap viņu, viņa palīgus, un visus viņa pulkus Es izkaisīšu visos vējos un izvilkšu zobenu viņiem pakaļ
15 ১৫ যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজত ছিন্ন-ভিন্ন কৰিম আৰু দেশবোৰৰ মাজত তেওঁলোকক গোট গোট কৰিম, তেতিয়া মই যে যিহোৱা তাক তেওঁলোকে জানিব।
Tā tie samanīs, ka Es esmu Tas Kungs, kad Es tos izklīdināšu pa tautām un tos izkaisīšu pa valstīm.
16 ১৬ কিন্তু তেওঁলোক যি জাতিবোৰৰ মাজলৈ যাব, সেই জাতিবোৰৰ মাজত তেওঁলোকে নিজৰ ঘিণলগীয়া কাৰ্য প্ৰকাশ কৰিবৰ কাৰণে, তৰোৱালৰ পৰা, আকালৰ পৰা আৰু মহামাৰীৰ পৰা তেওঁলোকৰ কেতবোৰ লোকক মই অৱশিষ্ট ৰাখিম, তাতে, মইযে যিহোৱা তাক তেওঁলোকে জানিব!”
Tomēr kādu mazu pulciņu no tiem Es atlicināšu no zobena, no bada un no mēra, lai tie viņu negantības stāsta tautu vidū, kurp tie nāks, un lai samana, ka Es esmu Tas Kungs.
17 ১৭ পাছে যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Un Tā Kunga vārds uz mani notika sacīdams:
18 ১৮ “হে মনুষ্য সন্তান, তুমি কঁপি কঁপি নিজৰ আহাৰ ভোজন কৰা, কম্পন আৰু সাৱধানেৰে নিজৰ জল পান কৰা।
Cilvēka bērns, tev savu maizi būs ēst ar drebēšanu un savu ūdeni dzert ar trīcēšanu un bēdām.
19 ১৯ আৰু তুমি দেশৰ লোকসকলক কোৱা, ‘ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছে: তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ’বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব।
Un tev būs sacīt uz tās zemes ļaudīm: tā saka Tas Kungs Dievs par Jeruzālemes iedzīvotājiem Israēla zemē: tie ēdīs savu maizi ar bēdām un dzers savu ūdeni ar sirdēstiem, tādēļ ka viņu zeme taps tukša no savas pilnības, visu savu iedzīvotāju varas darbu dēļ.
20 ২০ আৰু বাস কৰা নগৰবোৰ উচ্ছন্ন কৰা হ’ব আৰু দেশ ধ্বংসস্থান হ’ব; তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!”
Un tās pilsētas, kas iedzīvotāju pilnas, kļūs postītas, un tā zeme būs par tuksnesi, un jūs samanīsiet, ka Es esmu Tas Kungs.
21 ২১ আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Un Tā Kunga vārds uz mani notika sacīdams:
22 ২২ “হে মনুষ্য সন্তান, দিন পলম হৈছে, প্ৰত্যেক দৰ্শন বিফল হৈছে”, ‘ইস্ৰায়েল দেশত প্ৰচলিত হোৱা তোমালোকৰ এইটো কি কথা?’
Cilvēka bērns, kas tas jums par sakāmu vārdu Israēla zemē, ka jūs sakāt: laiks ilgi velkās, un visa parādīšana būs nieki!
23 ২৩ এই হেতুকে তেওঁলোকক কোৱা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘মই এই প্ৰচলিত কথা লুপ্ত কৰিম আৰু এইটো ইস্ৰায়েলৰ মাজত আৰু নচলিব’।” কিন্তু তেওঁলোকক কোৱা, “দিন আৰু প্ৰত্যেক দৰ্শনৰ সফলতা ওচৰ!”
Tādēļ saki uz tiem: tā saka Tas Kungs Dievs: Es šim sakāmam vārdam likšu zust, ka to par sakāmu vārdu vairs nelietos iekš Israēla. Bet runā uz tiem: tās dienas nākušas tuvu līdz ar ikvienu parādīšanas vārdu.
24 ২৪ কিয়নো ইস্ৰায়েল বংশৰ ভিতৰত অনৰ্থক দৰ্শন বা মানুহে ভাল পোৱা মঙ্গল চোৱা কথা আৰু নহ’ব।
Jo vairs nebūs veltīgas parādīšanas un viltīgas sludināšanas iekš Israēla nama.
25 ২৫ কাৰণ ময়েই যিহোৱা! মই ক’ম আৰু মই কোৱা বাক্য সিদ্ধ হ’ব। তাক আৰু আগলৈ থোৱা নহ’ব। কিয়নো হে বিদ্ৰোহী বংশ, প্ৰভু যিহোৱাই কৈছে, তোমালোকৰ দিনতেই মই বাক্য ক’ম আৰু তাক সিদ্ধও কৰিম।
Jo Es, Tas Kungs, Es runāju; tas vārds, ko Es runāju, notiks un vairs nevilcināsies; jo jūsu dienās, atkāpēju suga, Es runāšu vienu vārdu, un tam likšu notikt, saka Tas Kungs Dievs.
26 ২৬ আকৌ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Un Tā Kunga vārds uz mani notika sacīdams:
27 ২৭ “হে মনুষ্য সন্তান, চোৱা! ইস্ৰায়েল-বংশই কয়, ‘তেওঁ পোৱা দৰ্শনৰ কথা ঘটিবলৈ বহুদিন আছে, তেওঁ অতি দীৰ্ঘকালৰ বিষয়ে ভাববাণী প্ৰচাৰ কৰে।’
Cilvēka bērns, redzi, Israēla nams saka: tā parādīšana, ko šis redz, velkas uz ilgu laiku, un šis sludina par laikiem, kas ir tālu.
28 ২৮ এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মোৰ বাক্য কোনোটোৱেই ফলিয়াবলৈ পলম নহ’ব; কিন্তু মই যি বাক্য ক’ম, সেয়ে সিদ্ধ হ’ব।’ এয়ে প্ৰভু যিহোৱাৰ বচন!”
Tāpēc saki uz tiem: tā saka Tas Kungs Dievs, neviens no Maniem vārdiem vairs nevilcināsies; tas vārds, ko Es runāšu, notiks, saka Tas Kungs Dievs.