< এজেকিয়েল 11 >

1 তেতিয়া সেই আত্মাই মোক ওপৰলৈ তুলি নিলে, আৰু যিহোৱাৰ গৃহৰ পূব দিশত পূবমুৱাকৈ থকা প্রৱেশ পথৰ ওচৰলৈ আনিলে। আৰু চোৱা! সেই প্রৱেশ পথৰ দুৱাৰমুখত পঁচিশজন পুৰুষ আছিল। তেতিয়া মই লোকসকলৰ চলাওঁতা অজ্জুৰৰ পুত্ৰ যাজনিয়া আৰু বনায়াৰ পুত্ৰ পেলাটিয়াক তেওঁলোকৰ মাজত, এই দুজনক তেওঁলোকৰ মাজত দেখিলোঁ।
Then the Spirit lifted me up and brought me to the gate of the house of the LORD that faces east. And there at the entrance of the gate were twenty-five men. Among them I saw Jaazaniah son of Azzur and Pelatiah son of Benaiah, who were leaders of the people.
2 ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা।
And the LORD said to me, “Son of man, these are the men who plot evil and give wicked counsel in this city.
3 তেওঁলোকে কৈ থাকে যে, ‘ঘৰবোৰ সাজিবৰ সময় ওচৰ চপা নাই; এই নগৰখন কেৰাহী আৰু আমি মাংস-স্বৰূপ।’
They are saying, ‘Is not the time near to build houses? The city is the cooking pot, and we are the meat.’
4 এই হেতুকে হে মনুষ্য সন্তান, তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!”
Therefore prophesy against them; prophesy, O son of man!”
5 তেতিয়া যিহোৱাৰ আত্মা মোৰ ওপৰত স্থিতি হ’ল আৰু তেওঁ মোক ক’লে, “তুমি কোৱা, ‘যিহোৱাই এই কথা কৈছে: হে ইস্ৰায়েল-বংশ, তোমালোকে যিবোৰ কথা কৈ আছা, তোমালোকৰ মনত উদয় হোৱা সেই কথাবোৰৰ বিষয়ে মই জানো।
And the Spirit of the LORD fell upon me and told me to declare that this is what the LORD says: “That is what you are thinking, O house of Israel; and I know the thoughts that arise in your minds.
6 তোমালোকে এই নগৰত হত হোৱা লোকসকলৰ সংখ্যা বৃদ্ধি কৰিলা আৰু ইয়াৰ বাট-পথবোৰ তেওঁলোকেৰে পৰিপূৰ্ণ কৰিলা।
You have multiplied those you killed in this city and filled its streets with the dead.
7 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: তোমালোকে যি সকলক বধ কৰিলা আৰু যিৰূচালেমৰ মাজত যিসকলৰ মৃতদেহবোৰ পেলাই থ’লা, তেওঁলোকক মাংস আৰু নগৰ খনক কেৰাহী যেন কৰিলা; কিন্তু তোমালোকক এই নগৰখনৰ মাজৰ পৰা বাহিৰ কৰি দিয়া হ’ব।
Therefore this is what the Lord GOD says: The slain you have laid within this city are the meat, and the city is the pot; but I will remove you from it.
8 তোমালোকে তৰোৱাললৈ ভয় কৰিছা, এই কাৰণে মই তোমালোকৰ ওপৰলৈ তৰোৱালকেই আনিম’।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
You fear the sword, so I will bring the sword against you, declares the Lord GOD.
9 “মই তোমালোকক নগৰৰ মাজৰ পৰা উলিয়াই আনিম আৰু বিদেশীসকলৰ হাতত সমৰ্পণ কৰিম, কিয়নো মই তোমালোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা সিদ্ধ কৰিম।
I will bring you out of the city and deliver you into the hands of foreigners, and I will execute judgments against you.
10 ১০ তোমালোক তৰোৱালত পতিত হ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম, তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
You will fall by the sword, and I will judge you even to the borders of Israel. Then you will know that I am the LORD.
11 ১১ এই নগৰখন তোমালোকৰ কেৰাহীস্বৰূপ নহ’ব, বা তোমালোক তাৰ মাজত থকা মাংসস্বৰূপ নহ’বা। মই ইস্ৰায়েলৰ সীমাৰ ভিতৰতেই তোমালোকৰ বিচাৰ কৰিম।
The city will not be a pot for you, nor will you be the meat within it. I will judge you even to the borders of Israel.
12 ১২ তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”
Then you will know that I am the LORD. For you have neither followed My statutes nor practiced My ordinances, but you have conformed to the ordinances of the nations around you.”
13 ১৩ আৰু এইদৰে মই ভাববাণী প্ৰচাৰ কৰি থকাৰ সময়ত, বনায়াৰ পুত্র পেলাটিয়াৰ মৃত্যু হ’ল। মই মূৰ দোৱাই উবুৰি পৰি চিঞৰি বৰ মাতেৰে কলোঁ, “হায় হায়, প্ৰভু যিহোৱা! আপুনি ইস্ৰায়েলৰ অৱশিষ্ট থকা সকলকো সম্পূৰ্ণৰূপে বিনষ্ট কৰিব নে?”
Now as I was prophesying, Pelatiah son of Benaiah died. Then I fell facedown and cried out in a loud voice, “Oh, Lord GOD, will You bring the remnant of Israel to a complete end?”
14 ১৪ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰায় আহি মোক ক’লে,
Then the word of the LORD came to me, saying,
15 ১৫ “হে মনুষ্য সন্তান, তোমাৰ ভাইসকল! তোমাৰ পৰিয়াল, তোমাৰ বংশৰ লোকসকল আৰু ইস্ৰায়েলৰ গোটেই বংশ! তোমালোকৰ এই সকলোকে যিৰূচালেমত থকা সকলো নিবাসীসকলে কয়, ‘তেওঁলোক যিহোৱাৰ পৰা বহু আঁতৰত আছে! অধিকাৰস্বৰূপে এই দেশ আমাকহে দিয়া হৈছিল!’
“Son of man, your brothers—your relatives, your fellow exiles, and the whole house of Israel—are those of whom the people of Jerusalem have said, ‘They are far away from the LORD; this land has been given to us as a possession.’
16 ১৬ এই হেতুকে তুমি ক’বা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: যদিও মই তেওঁলোকক জাতি সমূহৰ মাজৰ পৰা দূৰ কৰিলোঁ আৰু যদিও মই দেশবোৰৰ মাজত তেওঁলোকক ছিন্ন-ভিন্ন কৰিলোঁ, তথাপি তেওঁলোক যি যি দেশলৈ গৈছিল, সেই ঠাইবোৰত মই অলপকাল তেওঁলোকৰ ধৰ্মধাম হৈ আছিলোঁ।’
Therefore declare that this is what the Lord GOD says: ‘Although I sent them far away among the nations and scattered them among the countries, yet for a little while I have been a sanctuary for them in the countries to which they have gone.’
17 ১৭ এই হেতুকে কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: মই জাতি সমূহৰ মাজৰ পৰা তোমালোকক সংগ্রহ কৰিম আৰু ছিন্ন-ভিন্ন হোৱা দেশবোৰৰ পৰা তোমালোকক গোটাই আনিম আৰু মই তোমালোকক ইস্ৰায়েলৰ দেশখন দিম।
Therefore declare that this is what the Lord GOD says: ‘I will gather you from the peoples and assemble you from the countries to which you have been scattered, and I will give back to you the land of Israel.’
18 ১৮ তেতিয়া তেওঁলোকে সেই ঠাইলৈ যাব আৰু তাৰ পৰা আটাই জঘন্য আৰু ঘৃণনীয় বস্তুবোৰ দূৰ কৰিব।
When they return to it, they will remove all its detestable things and all its abominations.
19 ১৯ যেতিয়া তেওঁলোক মোৰ ওচৰ চাপিব, তেওঁলোকক মই এখন নতুন অন্তৰ দিম আৰু তেওঁলোকত এক নতুন আত্মা স্থিতি কৰিম; মই তেওঁলোকৰ অন্তৰ আৰু তেওঁলোকৰ শৰীৰৰ পৰা শিলৰূপ হৃদয় গুচাই তেওঁলোকক মাংসৰূপ হৃদয় দিম,
And I will give them singleness of heart and put a new spirit within them; I will remove their heart of stone and give them a heart of flesh,
20 ২০ তেওঁলোকে মোৰ বিধিত চলিব আৰু মোৰ শাসন-প্ৰণালীবোৰ পালন কৰি সেই অনুসাৰে কাৰ্য কৰিব। তেতিয়া তেওঁলোক মোৰ প্ৰজা হ’ব আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।
so that they may follow My statutes, keep My ordinances, and practice them. Then they will be My people, and I will be their God.
21 ২১ কিন্তু তেওঁলোকৰ যিসকলে গৰ্হিত আৰু ঘিণলগীয়া বস্তুবোৰৰ পাছত চ’লে, মই তেওঁলোকৰ নিজ নিজ মূৰত তেওঁলোকৰ সেই কাৰ্যৰ প্রতিফল আনিম। এয়ে প্ৰভু যিহোৱাৰ ঘোষণা।”
But as for those whose hearts pursue detestable things and abominations, I will bring their conduct down upon their own heads, declares the Lord GOD.”
22 ২২ তেতিয়া কৰূব কেইজনে তেওঁলোকৰ নিজ নিজ ডেউকাবোৰ দাঙি তুলিলে আৰু তেওঁলোকৰ সৈতে কাষে কাষে চক্ৰকেইটাও আছিল আৰু তেওঁলোকৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল।
Then the cherubim, with the wheels beside them, spread their wings, and the glory of the God of Israel was above them.
23 ২৩ আৰু যিহোৱাৰ গৌৰৱ নগৰৰ মাজৰ পৰা ওপৰলৈ উঠি গ’ল আৰু নগৰৰ পূৱফালে থকা পৰ্ব্বতখনৰ ওপৰত ৰ’ল।
And the glory of the LORD rose up from within the city and stood over the mountain east of the city.
24 ২৪ আৰু সেই আত্মাই মোক তুলিলৈ দৰ্শনক্ৰমে ঈশ্বৰৰ আত্মাৰ দ্ৱাৰাই কলদীয়া দেশলৈ দেশান্তৰিত লোকসকলৰ ওচৰলৈ লৈ আহিল। তেতিয়া মই দেখা সেই দৰ্শন মোৰ পৰা ওপৰলৈ উঠি গ’ল।
And the Spirit lifted me up and carried me back to Chaldea, to the exiles in the vision given by the Spirit of God. After the vision had gone up from me,
25 ২৫ তেতিয়া যিহোৱাই মোক দেখুউৱা সকলোৰে বিষয় মই দেশান্তৰিত লোকসকলক কলোঁ।
I told the exiles everything the LORD had shown me.

< এজেকিয়েল 11 >