< এজেকিয়েল 10 >
1 ১ তেতিয়া মই কৰূব কেইজনৰ মূৰৰ ওপৰত থকা চন্দ্ৰতাপ যেন বস্তুটো গম্বুজৰ ফালে চাই দেখিলোঁ; তেওঁলোকৰ ওপৰত এটি নীলকান্ত মণিৰ নিচিনা, এখন সিংহাসনৰ মূৰ্ত্তিৰ নিচিনা এক পদাৰ্থই দেখা দিছিল।
Ja minä näin, ja katso, taivaassa oli Kerubimin päällä niinkuin saphir, ja niiden päällä niinkuin istuin.
2 ২ আৰু যিহোৱাই শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক কৈছিল, “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজলৈ, কৰূব কেইজনৰ তললৈ গৈ তেওঁলোকৰ মাজৰ পৰা অঞ্জলী ভৰাই জুইৰ আঙঠা লৈ নগৰখনত সেইবোৰ সিচঁৰিত কৰি পেলোৱা।” তেতিয়া সেই পুৰুষজন মই লক্ষ্য কৰি থাকোতেই তাত সোমাল।
Ja hän sanoi sille miehelle, joka oli liinavaatteeissa: mene sisälle ratasten välille Kerubimin aalle, ja ota kätes täyteen tulisia hiiliä, jotka Kerubimin välillä ovat, ja hajoita ne kaupungin päälle; ja hän meni sisälle minun silmäini edessä.
3 ৩ সেই পুৰুষজন সোমোৱা সময়ত, কৰূব কেইজন গৃহৰ সোঁফালে থিয় হৈ আছিল আৰু ভিতৰ চোতালখন মেঘেৰে পৰিপূৰ্ণ হৈ আছিল।
Mutta Kerubimit seisoivat oikialla puolella huoneessa, kuin mies sisälle meni, ja sumu täytti sisällisen kartanon.
4 ৪ তেতিয়া যিহোৱাৰ গৌৰৱ কৰূব কেইজনৰ পৰা উঠি গৈ গৃহৰ দুৱাৰ ডলিৰ ওপৰত আছিল; আৰু গৃহটি মেঘেৰে আৰু চোতালখন যিহোৱাৰ গৌৰৱৰ দীপ্তিৰে পৰিপূৰ্ণ হৈছিল।
Ja Herran kunnia nousi Kerubimin päältä huoneen kynnykseen asti, ja huone täytettiin sumulla ja kartano Herran kunnian kirkkaudella.
5 ৫ আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে কথা কোৱা সময়ৰ শব্দৰ দৰে কৰূব কেইজনৰ ডেউকাৰ শব্দ বাহিৰ-চোতাললৈকে শুনা গৈছিল।
Ja Kerubimin siipein humaus kuului hamaan ulkonaiseen kartanoon asti, niinkuin kaikkivaltiaan Jumalan ääni kuin hän puhuu.
6 ৬ “তুমি ঘূৰি থকা চক্ৰবোৰৰ মাজৰ পৰা কৰূব কেইজনৰ মাজ ঠাইৰ পৰা জুই লোৱা” এইবুলি তেওঁ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনক আজ্ঞা দিয়াত, তেওঁ সোমাই গৈ এটা চক্ৰৰ কাষত থিয় হ’ল।
Ja kuin hän oli käskenyt miestä, joka oli liinavaatteissa, ja sanonut: ota tulta ratasten keskeltä Kerubimin alta; niin hän meni sinne sisälle, ja astui rattaan tykö.
7 ৭ তেতিয়া কৰূবজনে কৰূব কেইজনৰ মাজৰ পৰা তেওঁলোকৰ মাজত থকা জুইলৈ হাত মেলি তাৰ কিছু লৈ শণ সূতাৰ বস্ত্ৰ পিন্ধা পুৰুষজনৰ হাতত দিলে। তেওঁ সেইখিনি লৈ ওলাই আহিল।
Ja Kerubim ojensi kätensä keskellä Kerubimeja, tuleen päin, joka oli Kerubimin välillä, otti siitä ja antoi sen miehen käsiin, joka oli liinavaatteissa; ja hän otti sen ja meni ulos.
8 ৮ আৰু কৰূব কেইজনৰ গাত, তেওঁলোকৰ নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ নিচিনা এক বস্তু দেখা গ’ল।
Ja näkyi Kerubimeissa, niikuin ihmisen käsi heidän siipeinsä alla.
9 ৯ পাছত মই চাই দেখিলোঁ, আৰু চোৱা! এজন কৰূবৰ কাষত এটা চক্ৰ আৰু আন কৰূবৰ কাষত আন চক্ৰ, এইদৰে চাৰিজন কৰূবৰ কাষত চাৰিটা চক্ৰ আছিল; আৰু সেই চক্ৰ কেইটাৰ আভা বৈদূৰ্য্য মণিৰ নিচিনা।
Ja minä näin, ja katso, neljät rattaat seisoivat Kerubimein tykönä, jokaisen Kerubimin tykönä yhdet rattaat, ja rattaat olivat näköänsä niinkuin turkos.
10 ১০ আৰু সেইবোৰৰ আকৃতি হ’লে, চাৰিওটা একে আকৃতিৰ, এনে লাগে যেন চক্ৰৰ মাজতহে চক্ৰ আছে।
Ja olivat kaikki ne neljä yksi niinkuin toinenkin, niinkuin yhdet rattaat olisivat olleet toisten sisällä.
11 ১১ যোৱা সময়ত সেইবোৰ চাৰিকাষে যায়; যোৱা সময়ত সেইবোৰ কোনো ফালে নুঘূৰে, কিন্তু যি ঠাই মূৰটোৰ সন্মূখ, সেইবোৰ সেই ঠাইৰ ফালে পাছে পাছে যায়, যোৱা সময়ত কোনো ফালে নুঘূৰে।
Kuin yksi heistä meni, niin menivät kaikki neljä, ja ei erinneet toinen toisestansa kulkeissansa; mutta kuhunka ensimmäinen meni, sinne menivät ne jälissä, ja ei erinneet toinen toisestansa.
12 ১২ আৰু তেওঁলোকৰ গোটেই গা আৰু তেওঁলোকৰ পিঠি, হাত, ডেউকা আৰু চক্ৰ চাৰিওফালে চকুৰে ভৰা, তেওঁলোক চাৰিওজনৰেই চক্ৰ চকুৰে ভৰা।
Ja heidän koko ruumiinsa, selkänsä, kätensä ja siipensä, niin myös rattaat olivat täynnä silmiä kaikki ympärinsä, ne neljät rattaat.
13 ১৩ সেই চক্ৰকেইটাৰ বিষয়ে হ’লে, মই সেইবোৰক ঘূৰি থকা চক্ৰ বুলি মতা শুনিলোঁ।
Ja rattaille sanottiin: pyörikäät, niin että minä sen kuulin.
14 ১৪ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।
Niin oli myös jokaisella eläimellä neljät kasvot: yhdet kasvot olivat ihmisen kasvot, toiset kasvot olivat ihmisen kasvot, kolmannet jalopeuran kasvot, ja neljännet kotkan kasvot.
15 ১৫ পাছত কৰূব কেইজন ওপৰলৈ উঠি গ’ল। কবাৰ নদীৰ পাৰত মই দেখা প্ৰাণী এইবোৰ।
Ja Kerubimit korotettiin. Tämä on se eläin, jonka minä näin Kebarin virran tykönä.
16 ১৬ কৰূব কেইজন যোৱা সময়ত চক্ৰকেইটাও তেওঁলোকৰ কাষে কাষে যায়; আৰু কৰূব কেইজনে পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ডেউকা দঙা সময়ত, চক্ৰকেইটায়ো তেওঁলোকৰ কাষ নেৰে।
Kuin Kerubimit kävivät, niin kulkivat myös rattaat heitä myöten; ja kuin Kerubimit nostivat siipiänsä, maasta nousemaan, niin ei myös rattaat heistä erinneet.
17 ১৭ তেওঁলোক ৰ’লে, সেইবোৰো ৰয় আৰু তেওঁলোক ওপৰলৈ উঠা সময়ত সেইবিলাকো তেওঁলোকৰ লগত উঠে; কিয়নো প্ৰাণী কেইজনৰ আত্মা সেইবোৰত আছিল।
Kuin he seisoivat, niin seisoivat nämät myös, kuin he nousivat, niin nousivat myös nämät; sillä elävä henki oli heissä.
18 ১৮ পাছত যিহোৱাৰ গৌৰৱ দুৱাৰডলিৰ ওপৰৰ পৰা প্ৰস্থান কৰি কৰূব কেইজনৰ ওপৰত ৰ’ল।
Ja Herran kunnia meni taas huoneen kynnykseltä, ja istui Kerubimein päälle.
19 ১৯ কৰূব কেইজনে প্ৰস্থান কৰোঁতে, ডেউকা দাঙি মোৰ সন্মুখেৰে পৃথিৱীৰ পৰা ওপৰলৈ উঠি গ’ল আৰু তেওঁলোকৰ কাষে কাষে চক্ৰকেইটাও গ’ল। তেওঁলোক যিহোৱাৰ গৃহৰ পূব দিশৰ বাট-চৰাৰ দুৱাৰমুখত থিয় হ’ল আৰু ইস্ৰায়েলৰ ঈশ্বৰৰ মহিমা তেওঁলোকৰ ওপৰত আছিল।
Niin ylentelivät Kerubimit siipiänsä, ja nousivat maasta ylös, minun silmäini edessä; ja kuin he menivät ulos, menivät rattaat heitä myöten; ja he astuivat idän puoleiselle ovelle Herran huonetta, ja Israelin kunnia oli heidän päällänsä.
20 ২০ তেতিয়া মই ইস্ৰায়েলৰ ঈশ্বৰৰ তলত থকা কবাৰ নদীত দেখা দৰ্শনৰ পশুবোৰৰ কথা স্মৰণ কৰিলোঁ; আৰু বুজিব পাতিলোঁ যে, সেইবোৰ কৰূব আছিল।
Tämä on se eläin, jonka minä näin Israelin Jumalan alla Kebarin virran tykönä; ja minä tunsin ne olevan Kerubimit.
21 ২১ প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ আৰু চাৰিখন চাৰিখন ডেউকা আৰু নিজ নিজ ডেউকাৰ তলত মানুহৰ হাতৰ দৰে হাত আছিল।
Jokaisella olivat neljät kasvot ja neljä siipeä, ja siipein alla niinkuin ihmisen kädet.
22 ২২ তেওঁলোকৰ মুখৰ আকৃতিৰ বিষয়ে হ’লে, মই কবাৰ নদীৰ ওচৰত দেখা মুখেই মুখ আৰু একে আকৃতি, একে বস্তু; তেওঁলোক প্ৰতিজনে পোনে পোনে যায়।
Heidän kasvonsa olivat niinkuin minä ne näin Kebarin virran tykönä; ja ne kukin kävivät kohdastansa eteensä päin.